Posts

Showing posts with the label Science

প্ৰাকৃতিক দুৰ্যোগ , বিজ্ঞান , পঞ্চম শ্ৰেণী

Image
বায়ুৰ ধৰ্ম পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা -    49/50 1. প্ৰাকৃতিক দুযোৰ্গ কাক বোলে? উদাহৰণ দিযাঁ৷  উত্তৰ - হঠাতে প্ৰাকৃতিকভাৱে ঘটা মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰা ঘটনাবোৰকে প্ৰাকৃতিক দুযোৰ্গ বোলে৷  যেনে - বানপানী, ধুমুহা, ভূমিকম্প, খৰাং আদি৷  বানপানী কি?  উত্তৰ - চাৰিওদিশে ঠাইবোৰ পানীৰে বুৰাই পেলোৱাকে বানপানী বুলি কোৱা হয়৷  2.   বানপানীৰ কেইটামান কাৰণ লিখাঁ৷  উত্তৰ - বানপানীৰ কেইটামান কাৰণ তলত দিয়া ধৰণৰ -      (i) অত্যধিক বৰষুণৰ বাবে নদীৰ পানী ওপৰলৈ উঠি অহাৰ ফলত বানপানী হ’ব পাৰে৷       (ii) কেতিয়াবা নদীৰ কোনো অংশ বাম হ’লে সেই ঠাইৰ পানী উপচি কাষৰ ঠাইবোৰত বানপানী হয়৷      (iii)  অত্যধিক উষ্ণতা বৃদ্ধিৰ ফলত পবৰ্তৰ বৰফ গলি বানপানীৰ সৃষ্টি হয়৷       (iv)  কেতিয়াবা নদীৰ বান্ধ ভাগিও বানপানীৰ সৃষ্টি হয়৷  4. বানপানীৰ কেইটামান কুফল লিখাঁ৷   উত্তৰ - বানপানীৰ কেইটামান কুফল তলত দিয়া হ’ল -      (i)  বানপানীৰ ফলত জন-জীৱন বিপৰ্যস্ত হয়৷    ...

মাটি , সপ্তম শ্ৰেণী

Image
মাটি , সপ্তম শ্ৰেণী  1. মাটি কি?  উঃ মাটি হ’ল জীৱনৰ আধাৰ, উৎস আৰু আশ্ৰয়স্থল৷ ই হ’ল শিল ভাগি সৃষ্টি হোৱা সৰু সৰু কণিকা আৰু হিউমাছৰ মিশ্ৰণ৷ 2. মাটি কিহেৰে গঠিত?  উঃ মাটি বিভিন্ন প্ৰকাৰৰ জৈৱ পদাৰ্থ [সজীৱ আৰু মৃত জীৱ], খনিজ লৱণ আৰু পোষক দ্ৰব্যৰ সমন্বয়ত গঠিত৷  3. খালী ঠাই পূৰ কৰা - (ক) আমাৰ ________ গভীৰভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল৷  উঃ জীৱন (খ) মাটি বহুতো জীৱৰ  ________ ৷  উঃ আবাসস্থল (গ) উদ্ভিদৰ বৃদ্ধি  ________  ৰ সহায়ত হয়৷  উঃ মাটি (ঘ) কৃষিৰ বাবে  ________  ৰ আৱশ্যক৷  উঃ মাটি 4. কৃষিয়ে আমাক কেনেদৰে সুবিধা প্ৰদান কৰে?  উঃ কৃষিয়ে আমাক অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে৷  5. মাটিক কিয় আমাৰ জীৱনৰ অবিচ্চেদ্য অংগ বুলি কোৱা হৈছে?  উঃ কৃষিয়ে আমাক সকলোকে অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে৷ পিছে এই কৃষি কৰিবলৈ আমাক মাটিৰ আৱশ্যক৷ সেয়েহে, মাটিক আমাৰ জীৱনৰ অবিচ্চেদ্য অংগ বুলি কোৱা হৈছে৷  6. হিউমাছ কি?  উঃ মাটিত থকা মৃত বিয়োজিত পদাৰ্থকে হিউমাছ বুলি কোৱা হয়৷  7. ...

গতি, নবম শ্ৰেণী

Image
1. সৰণ কাক বোলে? উঃ গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম স্থানৰ মাজৰ নিম্নতম দূৰত্বকে সৰণ (Displacement) বোলে৷ 2. গাড়ী এখনে 10 ছেকেণ্ডত 200 মিটাৰ দূৰত্ব আতিক্ৰম কৰিলে ইয়াৰ দ্ৰুতি নিৰ্ণয় কৰাঁ৷  সমাধান -  এই প্ৰশ্নৰ সমাধানৰ বাবে তলৰ লিংকটোত ক্লিক কৰাঁ।https://drive.google.com/file/d/1n5AOXDmmelmxBkKtsSuFRzXS0pZFgOHg/view?usp=sharing 5.  সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখডালৰ প্ৰকৃতি কি হ'ব? উঃ সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখডাল এডাল সৰলৰেখা হ'ব। 4. বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয়? উঃ বস্তুৰ সুষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখডাল এডাল সৰল ৰেখা, আনহাতে বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব-সময় লেখডাল এডাল বক্ৰৰেখা৷

আমাৰ চাৰিওকাষৰ বস্তুবোৰ, বিজ্ঞান, নবম শ্ৰেণী।

Image
পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 1 1. বস্তুবোৰ কিহেৰে গঠিত? উত্তৰ -  পদাৰ্থৰে৷ 2. পদাৰ্থৰ কেইটামান উদাহৰণ দিয়াঁ৷ উত্তৰ -  পদাৰ্থৰ কেইটামান উদাহৰণ হ’ল - বায়ু, পানী, খাদ্য, আকাশৰ মেঘ, তৰা, প্ৰতিজোপা গছ আদি৷ 3. পদাৰ্থ কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন বস্তুবোৰ যাৰ দ্বাৰা গঠিত, তাকে পদাৰ্থ বোলে। বা যাৰ ভৰ আৰু আয়তন আছে, তাকে পদাৰ্থ বোলে।    যেনে - বায়ু, খাদ্য, মেঘ, তৰা, উদ্ভিদ, শিলগুটি, বালি, পানীৰ কণিকা আদি। 4. পদাৰ্থৰ দুটা ধৰ্ম লিখাঁ৷ উত্তৰ -  পদাৰ্থৰ দুটা ধৰ্ম হ’ল -      (i) পদাৰ্থৰ ভৰ আছে৷ আৰু      (ii) পদাৰ্থই ঠাই আগুৰে অথাৰ্ৎ সকলো পদাৰ্থৰে আয়তন আছে৷ 5. তলৰ কোনবোৰ পদাৰ্থ? চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস৷ উত্তৰ -  যাৰ ভৰ আৰু আয়তন আছে তাকে পদাৰ্থ বুলি কোৱা হয়৷ পদাৰ্থবোৰ তিনিটা অৱস্থাত পোৱা যায় - কঠিন, জুলীয়া আৰু গেছীয়৷ চকী আৰু বাদাম হ’ল কঠিন অৱস্থাত থকা পদাৰ্থ৷ ঠাণ্ডা-পানীয় তৰল পদাৰ্থ৷ আৰু গোন্ধ আৰু বায়ু গেছীয় পদাৰ্থ৷ উল্লেখনীয় যে গো...

জীৱন প্ৰক্ৰিয়াসমূহ , বিজ্ঞান,Class 10

Image
  পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 98 উদ্ভিদে প্ৰ’টিন আৰু অন্যান্য কিছুমান যৌগ সংশ্লেষণ কৰিবলৈ অতি প্ৰয়োজন হোৱা মৌলবিধৰ নাম কি? ইয়াক কি হিচাপে আৰু ক’ৰ পৰা আহৰণ কৰে?  উঃ নাইট্ৰ’জেন৷ ইয়াক নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে মাটিৰ পৰা আহৰণ কৰে৷ অৱশ্যে বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰ পৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰ পৰাও উদ্ভিদে এইবিলাক আহৰণ কৰিব পাৰে৷  উদ্ভিদে নাইট্ৰ’জেন ক’ৰ পৰা পায়?  উঃ উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা পানীৰ লগতে অজৈৱ নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে নাইট্ৰ’জেন আহৰণ কৰি লয়৷ কেতিয়াবা কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰপৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰপৰাও উদ্ভিদে এই নাইট্ৰ’জেন আহৰণ কৰি লয়৷  দেহৰ বাহিৰত পচন হোৱাৰ পাছত সৰল অৱস্থাত দেহৰ ভিতৰলৈ আহাৰ শোষণ কৰা দুবিধ জীৱৰ নাম লিখাঁ৷  উঃ ইষ্ট আৰু কাঠফুলা৷  পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম লিখাঁ৷  উঃ পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম হ’ল, - আমৰলে, চিকৰা, ওকনি, জোক আৰু ফিতাপেলু৷  পেৰামেচিয়ামৰ খাদ্যগ্ৰহণ প্ৰক্ৰিয়াটো লিখাঁ৷  উঃ ...

নিয়ন্ত্ৰণ আৰু সমন্বয় , বিজ্ঞান, দশম শ্ৰেণী

Image
1. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন৷ ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?   TP.17, 18 উঃ আমাৰ দেহত গ্ৰাহক অংগৰ কাম হ’ল পৰিৱৰ্তিত পৰিৱেশৰ বিভিন্ন তথ্যসমূহ, যেনে - উত্তাপ, পোহৰ আদিৰ হ্ৰাস-বৃদ্ধি, শৰীৰত হোৱা কোনো আঘাত, কোনো বস্তুৰ গোন্ধ আদিৰ উদ্দীপনা গ্ৰহণ কৰি স্নায়ুকোষলৈ প্ৰেৰণ কৰা৷ গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে পৰিৱৰ্তিত পৰিৱেশৰ উদ্দীপনা বা বাৰ্তা স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ নহ’ব৷ ফলত উপযুক্ত সঁহাৰিৰ অভাৱত আমাৰ শৰীৰৰ আংশিক বা সম্পূৰ্ণ ক্ষতি হ’ব৷ উদাহৰণস্বৰূপে গৰম বস্তুত হাত-ভৰি লাগিলে তাৰ উদ্দীপনা যদি স্নায়ুতন্ত্ৰলৈ নাযায়, তেন্তে স্নায়ুৰ ক্ৰিয়াত পেশীকোষ সক্ৰিয় হৈ গৰম বস্তুৰ পৰা হাত-ভৰি আঁতৰাই অনাত সহায় নকৰিব৷ ফলত, আমাৰ শৰীৰ আংশিকভাৱে বা সম্পূৰ্ণকৈ জ্বলি যাব৷ একেই কাৰণত অতি উজ্জ্বল পোহৰ বেছি সময়ৰ বাবে চকুত সোমাই চকুৰ পেশীসমূহ বিকল কৰি পেলাব, - আমি নেদেখা হ’ম৷ মহ এটাই বহু পৰ কামুৰি থাকি আমাৰ দেহলৈ বেমাৰ বিয়পাব৷ আমাৰ মৃতু্য হ’ব পাৰে, আদি৷ 2. স্নায়ুকোষ বা নিউৰণ কি? TP.15, 16, 17, 18 উঃ স্নায়ুকোষ বা নিউৰণ হ’ল স্নায়ুতন্ত্ৰ গঠ...

বিভিন্ন পৰিৱেশৰ প্ৰাণী, পঞ্চম শ্ৰেণী

বিভিন্ন পৰিৱেশৰ প্ৰাণী সপ্তম অধ্যায়, পঞ্চম শ্ৰেণী পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 71 প্ৰ.1 পৰিৱেশ কাক বোলে? উঃ উদ্ভিদ আৰু প্ৰাণীৰ থকা ঠাই আৰু ইহঁতৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বোলে। প্ৰ.2 মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য _______ থাকে। উঃ  কাঁইট প্ৰ.3 মৰুভূমিৰ এবিধ প্ৰাণীৰ উদাহৰণ দিয়াঁ। উ: উট প্ৰ.4 মৰুভূমিৰ প্ৰাণী উটৰ পিঠিত থকা কুঁজটোৱে ইয়াক কেনেদৰে সহায় কৰে? উঃ  মৰুভূমিৰ প্ৰাণী উটৰ পিঠিৰ কুঁজটোত ইহঁতে বহু পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখিব পাৰে। ফলত মৰুভূমিত বহুদিনলৈ খাদ্য আৰু পানীৰ অভাৱ হলেও ইহঁতে শৰীৰৰত জমা হৈ থকা চৰ্বী আৰু পানীৰে বহুদিনলৈ চলিব পাৰে। পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 72 প্ৰ.4 উটৰ খুৰাবোৰ ফঁটা হোৱাৰ এটাৰ সুবিধা লিখা। উঃ  উটৰ খুড়াবোৰ ফঁটা হোৱা বাবে ইহঁতে গৰম বালিত খোজ কাঢ়িবলৈ সুবিধা হয়। ইহঁতে খোজ কাঢ়োঁতে খুড়াৰ ফাঁটেৰে বালিবোৰ সহজতে ওলাই যায়। প্ৰ.5 মৰুভূমিৰ প্ৰাণীয়ে গৰম কিদৰে সহ্য কৰিব পাৰে লিখাঁ। উঃ  মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল নোমাল আৰু ডাঠ হোৱা বাবে বাহিৰৰ গৰম সহজতে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে আৰু শৰীৰৰ পৰা গৰমত পানীও সহজতে বাহিৰলৈ ওলাব নোৱাৰে।  প্ৰ.6 অভিযোজ...

What is oxidation reaction? Give an example with equation.

Image
Q . What is oxidation reaction? Give an example with equation. Ans. A reaction in which oxygen is added to a substance is called an oxidation reaction. As for example, When copper is heated in air it reacts with oxygen and forms a black coating over it. Remember i. A reaction in which hydrogen is removed from a substance is also called an oxidation reaction. ii. A reaction in which a substance loses electron (s), is too called an oxidation reaction. 

Acids, Bases and Salts, Science, Chapter 2, Part-17, Class 10, NCERT solutions

Image
Acids, Bases and Salts Page Number of the Textbook -17 1. If someone, in the family is suffering from a problem of acidity, after overeating, which of the following would you suggest as a remedy? (a) lemon juice           (b) vinegar (c) baking soda solution (d) salt solution Ans. (c) baking soda solution 2. Fill in the blanks. (a) Sour and bitter tastes of food are due to ______ and _______ respectively, present in them. Ans. acids; bases (b) Acids and bases _______ each other's effect. Ans. nullify (c) Acids taste _______. Ans. sour (d) Acids turn the colour of  ______ litmus ______. Ans. blue; red (e) Bases taste _______. Ans. bitter (f) Bases turn  the colour of  ______ litmus ______. Ans. red; blue (g ) Litmus is a natural _______. Ans. indicator (h) Blue litmus and turmeric are ________ indicator. Ans. natural (i) Soap is ______ in nature. Ans. basic (j) _____ and ______ examples opf artific...