মাটি , সপ্তম শ্ৰেণী

মাটি , সপ্তম শ্ৰেণী 



1. মাটি কি? 

উঃ মাটি হ’ল জীৱনৰ আধাৰ, উৎস আৰু আশ্ৰয়স্থল৷ ই হ’ল শিল ভাগি সৃষ্টি হোৱা সৰু সৰু কণিকা আৰু হিউমাছৰ মিশ্ৰণ৷

2. মাটি কিহেৰে গঠিত? 

উঃ মাটি বিভিন্ন প্ৰকাৰৰ জৈৱ পদাৰ্থ [সজীৱ আৰু মৃত জীৱ], খনিজ লৱণ আৰু পোষক দ্ৰব্যৰ সমন্বয়ত গঠিত৷ 

3. খালী ঠাই পূৰ কৰা -

(ক) আমাৰ ________ গভীৰভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল৷ 

উঃ জীৱন

(খ) মাটি বহুতো জীৱৰ ________৷ 

উঃ আবাসস্থল

(গ) উদ্ভিদৰ বৃদ্ধি ________ ৰ সহায়ত হয়৷ 

উঃ মাটি

(ঘ) কৃষিৰ বাবে ________ ৰ আৱশ্যক৷ 

উঃ মাটি

4. কৃষিয়ে আমাক কেনেদৰে সুবিধা প্ৰদান কৰে? 

উঃ কৃষিয়ে আমাক অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে৷ 

5. মাটিক কিয় আমাৰ জীৱনৰ অবিচ্চেদ্য অংগ বুলি কোৱা হৈছে? 

উঃ কৃষিয়ে আমাক সকলোকে অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে৷ পিছে এই কৃষি কৰিবলৈ আমাক মাটিৰ আৱশ্যক৷ সেয়েহে, মাটিক আমাৰ জীৱনৰ অবিচ্চেদ্য অংগ বুলি কোৱা হৈছে৷ 

6. হিউমাছ কি? 

উঃ মাটিত থকা মৃত বিয়োজিত পদাৰ্থকে হিউমাছ বুলি কোৱা হয়৷ 

7. বিচূৰ্ণভৱন বা বিচূৰ্ণীভৱন কাক বোলে? 

উঃ বতাহ, পানী আৰু জলবায়ুৰ প্ৰভাৱত বিভিন্ন প্ৰকাৰৰ শিল চূৰ্ণ হৈ মাটি উৎপন্ন হোৱা প্ৰক্ৰিয়াকে বিৰ্চূভৱন বা বিচূৰ্ণীভৱন বোলে৷ 

8. মাটিৰ পাশ্বৰ্-চিত্ৰ কাক বোলে? 

উঃ মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা উলম্ব ছেদনকে মাটিৰ পাশ্বৰ্-চিত্ৰ বোলে৷ 

9. মাটিৰ স্তৰ কি? 

উঃ মাটিৰ পাশ্বৰ্চিত্ৰত দেখা পোৱা ভিন্ন মসৃণতা, বৰণ, গভীৰতা আৰু ৰাসায়নিক সংযুক্তিযুক্ত তৰপবোৰক মাটিৰ স্তৰ বোলে৷ 

10. শীৰ্ষ মৃত্তিকা কাক বোলে? 

উঃ মাটিৰ আটাইতকৈ ওপৰৰ হিউমাছ আৰু খনিজ পদাৰ্থ সমৃদ্ধ স্তৰকে শীৰ্ষ মৃত্তিকা বোলে৷ 

11. শৈল সংস্তৰ কাক বোলে? 

উঃ মাটিৰ একেবাৰে নিম্ন কঠিন স্তৰকে শৈল সংস্তৰ বোলে৷ 

12. মাটিৰ আদ্ৰৰ্তা বুলিলে কি বুজা? 

উঃ মাটিত থকা পানীৰ টোপালসমূহকে মাটিৰ আদ্ৰৰ্তা বুলি কোৱা হয়৷ 

13. অন্তঃস্ৰৱণ হাৰ কাক বোলে? 

উঃ অন্তঃস্ৰোত পানীৰ পৰিমাণ আৰু অন্তঃস্ৰৱণৰ বাবে প্ৰয়োজনীয় সময়ৰ অনুপাতকে অন্তঃস্ৰৱণ হাৰ বুলি কোৱা হয়৷ 

14. মাটিৰ অৱক্ষয় বা ক্ষয়ীভৱন কাক বোলে? 

উঃ পানী, বতাহ বা বৰফৰ দ্বাৰা মাটিৰ উপৰিভাগ ক্ষয় যোৱাকে মাটিৰ অৱক্ষয় বা ক্ষয়ীভৱন বুলি কোৱা হয়৷ 

15. পেডোজেনেছিছ কি? 

উঃ শিলাখণ্ডৰ বিচূণীৰ্ভৱন ঘটি মাটিৰ কণিকা উৎপন্ন হোৱা প্ৰক্ৰিয়াকে পেডোজেনেছিছ বুলি কোৱা হয়৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 78

16. জীৱৰ বাসস্থান বুলিলে কি বুজা? 

উঃ জীৱসমূহ থকাৰ উপযোগী স্থানকে জীৱসমূহৰ বাসস্থান বোলে।                                   পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 79

17. মাটিৰ প্ৰকৃতি কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? 

উঃ যিকোনো মাটিৰ প্ৰকৃতি উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে৷

18. মাটিৰ পাৰ্শ্বচিত্ৰ কাক বোলে?

উত্তৰ - মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ পাৰ্শ্বচিত্ৰ বোলে।

                            পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 79

17. মাটিৰ স্তৰ কাক বোলে?

উঃ  মাটিৰ পাৰ্শ্বচিত্ৰৰ বিভিন্ন তৰপবোৰৰ মসৃণতা (গাথনি), বৰণ, গভীৰতা, আৰু ৰাসায়নিক সংযুতি আদি বেলেগ বেলেগ হয়। এই তৰপবোৰকে মাটিৰ স্তৰ বোলে।

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 81

17. মাটি কেই প্ৰকাৰৰ আৰু কি কি? 

উঃ মাটি তিনি প্ৰকাৰৰ -

(ক) বালিচহীয়া মাটি৷ 

(খ)  আলতীয়া মাটি৷ আৰু

(গ)  দোমোজা মাটি৷ 

18. বালিচহীয়া মাটি কাক বোলে? 

উঃ প্ৰচুৰ পৰিমাণে বালিৰ কণিকা থকা মাটিক বালিচহীয়া মাটি বোলে৷ 

19. বালিচহীয়া মাটিৰ কেইটামান বৈশিষ্ট্য্য লিখাঁ৷ 

উঃ বালিচহীয়া মাটিৰ কেইটামান বৈশিষ্ট্য্য তলত দিয়া ধৰণৰ -

(ক) বালিচহীয়া মাটিত প্ৰচুৰ পৰিমাণে বালিৰ কণিকা থাকে৷ 

(খ)  বালিচহীয়া মাটিৰ বালিৰ কণিকাবোৰৰ আকাৰ ডাঙৰ৷ 

(গ)  বালিচহীয়া মাটিৰ কণিকাবোৰৰ মাজৰ খালী ঠাইৰ পৰিমাণ যথেষ্ট বেছি৷ 

(ঘ)  বালিচহীয়া মাটিৰ কণিকাবোৰৰ মাজেৰে সহজে পানী পাৰ হৈ যাব পাৰে৷ 

(ঙ)  বালিচহীয়া মাটিৰ কণিকাবোৰৰ মাজেৰে যথেষ্ট বায়ু সঞ্চাৰিত হৈ থাকে৷ 

(ঙ)  বালিচহীয়া মাটি পাতল আৰু শুকান৷ 

20. আলতীয়া মাটি কাক বোলে? 

উঃ যিবিলাক মাটিত তুলনামূলকভাৱে অধিক পৰিমাণে মিহি কণিক থাকে, তেনে মাটিকে আলতীয়া মাটি বোলে৷ 

21. আলতীয়া মাটিৰ কেইটামান বৈশিষ্ট্য্য লিখাঁ৷ 

উঃ আলতীয়া মাটিৰ কেইটামান বৈশিষ্ট্য্য তলত দিয়া ধৰণৰ -

() আলতীয়া মাটিত তুলনামূলকভাৱে অধিক পৰিমাণে বোকা মাটিৰ কণিকা থাকে৷ 

(খ) আলতীয়া মাটিৰ বোকাৰ কণিকাবোৰৰ আকাৰ সৰু৷ 

() আলতীয়া মাটিৰ কণিকাবোৰৰ মাজত খালী ঠাইৰ পৰিমাণ কম৷ 

() আলতীয়া মাটিৰ কণিকাবোৰৰ মাজেৰে সহজে পানী পাৰ হৈ যাব নোৱাৰে৷ 

() আলতীয়া মাটিৰ কণিকাবোৰৰ মাজত বায়ুৰ পৰিমাণ কমকৈ থাকে৷ 

(চ) বালিচহীয়া মাটিৰ তুললনাত আলতীয়া মাটিৰ কণিকাবোৰ বেছি গধুৰ৷ 

22. দোমোজা মাটি কাক বোলে? 

উঃ ডাঙৰ আৰু সৰু কণিকাৰ পৰিমাণ সমান থকা মাটিক দোমোজা মাটি বোলে৷ 

23. কোন প্ৰকাৰৰ মাটি উদ্ভিদৰ বৃদ্ধিৰ বাবে উত্তি উত্তম? 

উঃ দোমোজা মাটি৷ 

24.  দোমোজা মাটিৰ কেইটামান বৈশিষ্ট্য্য লিখাঁ৷ 

উঃ দোমোজা মাটিৰ কেইটামান বৈশিষ্ট্য্য তলত দিয়া ধৰণৰ -

(ক) এই মাটিত ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ সমানকৈ থাকে৷ 

(খ) এই মাটিত যথেষ্ট পৰিমাণে হিউমাছ থাকে৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 82

25. অন্তঃস্ৰৱণ কাক বোলে? 

উঃ মাটিৰ সৰু সৰু কণিকাবোৰৰ মাজেৰে হোৱা পানীৰ পৰিস্ৰৱণকে মাটিৰ অন্তঃস্ৰৱণ বোলে৷

মাটিৰ আৰ্দ্ৰতা - 83

26. আৰ্দ্ৰতা কাক বোলে?

উঃ -  মাটিয়ে পানী ধৰি ৰাখে। ইয়াকে আৰ্দ্ৰতা বোলে।

27. মাটি প্ৰভাৱিত হোৱা কেইটামান কাৰকৰ নাম লিখাঁ।

উঃ - মাটি প্ৰভাৱিত হোৱা কেইটামান কাৰকৰ নাম হ'ল - বতাহ, বৰষুণৰ পানী, উষ্ণতা, পোহৰ, আৰ্দ্ৰতা আদি।

28. ঘেঁহু আৰু বুটমাহজাতীয় শস্যৰ বাবে কেনে মাটি উপযোগী?

উঃ আলতীয়া মাটি আৰু দোমোজা মাটি৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা  - 85

29. ধানখেতিৰ বাবে কেনে ধৰণৰ মাটি উপযোগী?

উত্তৰ - ধানখেতিৰ বাবে জৈৱিক পদাৰ্থৰে সমৃদ্ধ বোকা আৰু অধিক পানী ধাৰণ ক্ষমতা থকা মাটি উপযোগী। 

30. মাটিৰ ক্ষয়ীভৱন কাক বোলে?

উঃ - পানী, বতাহ বা  বৰফৰ দ্বাৰা মাটিৰ উপৰিভাগ ক্ষয় যোৱাকে মাটিৰ ক্ষয়ীভৱন বোলে।

31. মাটিৰ ক্ষয়ীভৱনৰ কাৰণবোৰ লিখাঁ।

উঃ মাটিৰ ক্ষয়ীভৱনৰ কাৰণবোৰ হ'ল -

মাটিৰ ক্ষয়ীভৱনৰ কাৰণসমূহ তলত উল্লেখ কৰা ধৰণৰ—

    (ক) অত্যধিক পৰিমাণত বনাঞ্চল ধ্বংস কৰা।

    (খ) মাটি বৰষুণত উন্মুক্ত হৈ থকা।

    (গ) তীব্ৰবেগী বতাহে মাটি উৰুৱাই নিয়া।

    (ঘ) অধিক গৰু-ম'হ চৰোৱা। আৰু

    (ঙ) অনুন্নত কৃষিকাৰ্য।

32. মাটিৰ সংৰক্ষণ বুলিলে কি বুজা?

উঃ মাটিৰ ক্ষয়ীভৱন ৰোধ কৰা কাৰ্যকে মাটিৰ সংৰক্ষণ বুলি কোৱা হয়৷

33. মাটি সংৰক্ষণৰ কেইটামান পদ্ধতি উল্লেখ কৰাঁ।

উঃ মাটি সংৰক্ষণৰ কেইটামান পদ্ধতি হ'ল -

    (ক) বনানীকৰণ (Afforestation)।

    (খ) আশ্রয় বেষ্টনী (Shelter Belt) নিৰ্মাণ।

    (গ) মাটিৰ আৱৰণ (Soil Cover) ৰ ব্যৱস্থা কৰা।

    (ঘ) অত্যধিকভাৱে গৰু-ম'হ চৰোৱা বন্ধ কৰা। (Preventing Overgrazing)

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 86

34. মাটিৰ প্ৰদূষণ কাক বোলে? ইয়াৰ বিভিন্ন কাৰণসমূহ লিখাঁ।

উঃ মানুহৰ কাৰ্যকলাপ তথা ভিন ভিন প্ৰাকৃতিক কাৰণত মাটিৰ গুণাগুণ নষ্ট হোৱাকে মাটি প্ৰদূষণ বোলে। ইয়াৰ বিভিন্ন কাৰণসমূহ হ'ল - 

    (ক) কৃষিকাৰ্যত অত্যধিক হাৰত নানা ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক দৰব ব্যৱহাৰ কৰা।

    (খ) ঘৰৰ ৰেলনীয়া বস্তু আৰু উদ্যোগৰ আৱৰ্জনা আদি য'তে ত'তে পেলোৱা।

    (গ) বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণ হোৱা। আদি



Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী