প্ৰাকৃতিক দুৰ্যোগ , বিজ্ঞান , পঞ্চম শ্ৰেণী
বায়ুৰ ধৰ্ম পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 49/50 1. প্ৰাকৃতিক দুযোৰ্গ কাক বোলে? উদাহৰণ দিযাঁ৷ উত্তৰ - হঠাতে প্ৰাকৃতিকভাৱে ঘটা মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰা ঘটনাবোৰকে প্ৰাকৃতিক দুযোৰ্গ বোলে৷ যেনে - বানপানী, ধুমুহা, ভূমিকম্প, খৰাং আদি৷ বানপানী কি? উত্তৰ - চাৰিওদিশে ঠাইবোৰ পানীৰে বুৰাই পেলোৱাকে বানপানী বুলি কোৱা হয়৷ 2. বানপানীৰ কেইটামান কাৰণ লিখাঁ৷ উত্তৰ - বানপানীৰ কেইটামান কাৰণ তলত দিয়া ধৰণৰ - (i) অত্যধিক বৰষুণৰ বাবে নদীৰ পানী ওপৰলৈ উঠি অহাৰ ফলত বানপানী হ’ব পাৰে৷ (ii) কেতিয়াবা নদীৰ কোনো অংশ বাম হ’লে সেই ঠাইৰ পানী উপচি কাষৰ ঠাইবোৰত বানপানী হয়৷ (iii) অত্যধিক উষ্ণতা বৃদ্ধিৰ ফলত পবৰ্তৰ বৰফ গলি বানপানীৰ সৃষ্টি হয়৷ (iv) কেতিয়াবা নদীৰ বান্ধ ভাগিও বানপানীৰ সৃষ্টি হয়৷ 4. বানপানীৰ কেইটামান কুফল লিখাঁ৷ উত্তৰ - বানপানীৰ কেইটামান কুফল তলত দিয়া হ’ল - (i) বানপানীৰ ফলত জন-জীৱন বিপৰ্যস্ত হয়৷ ...