Posts

Showing posts with the label Assamese Literature

কৰতল কমল , মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কবিতাৰ অসমীয়া অনুবাদ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্বৰবৰ্ণৰ ব্যৱহাৰ নৌশিকোঁতেই ৰচনা কৰা "কৰতল কমল" পদ্যৰ ভাঙনি -_* (বিষ্ণু আৰু বিষ্ণুৰ অৱতাৰ শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ বৰ্ণনা) * কৰতল কমল * *কৰতল কমল* _হাতৰ তলুৱা পদুমৰ দৰে ৰঙচুৱা_ *কমলদল নয়ন* _পদুমৰ পাহীৰ দৰে চকু_ *ভৱদৱদহন* _সংসাৰৰ দুখ নাশ কৰোঁতা_ *গহন বন শয়ন* _গভীৰ জলত শয়ন কৰোঁতা_ *নপৰ নপৰ পৰ* _মাটিত ভৰি পৰা নপৰাকৈ  শ্ৰেষ্ঠজন_ *সতৰত গময়* _সততে গমন কৰা_ *সভয়মভয় ভয়* _ভয়ৰ পৰা অভয় দান কৰোঁতা_ *মমহৰ সততয়* _সদায় অহঙ্কাৰ হৰণ কৰা_ *খৰতৰ বৰশৰ* _ক্ষিপ্ৰভাবে শৰ বৰ্ষণ কৰা_ *হতদশ বদন* _ৰাৱন বধ কৰোঁতা_ *খগচৰ নগধৰ* _গড়ুৰত উঠাজন আৰু গোৱৰ্দ্ধন ধাৰণ কৰাজন_ *ফণধৰ শয়ন* _সাপৰ ওপৰত শয়ন কৰাজন_ *জগদঘ মপহৰ* _জগতৰ পাপ মোচন কৰা_ *ভৱভয় তৰণ* _সংসাৰৰ ভয়ৰ পৰা ত্ৰাণ কৰা_ *পৰপদলয় কৰ* _শ্ৰেষ্ঠজনৰ পদত লয় হোৱা_ *কমলজ নয়ন* _পদুমৰ দৰে চকু_