Posts

Showing posts from October, 2021

Prepositions (Part - 1)

  Absent from   (অনুপস্থিত থকা) - I was absent from my class yesterday. কালি মই ক্লাছত অনুপস্থিত আছিলোঁ। Absorbed in   (নিমগ্ন হোৱা) - He was absorbed in reading the news paper. তেওঁ বাতৰি কাকতখন পঢ়াত নিমগ্ন হৈ আছিল।     She was absorbed in deep thought. তাই গভীৰ ভাৱণাত নিমগ্ন হৈ আছিল। Accompanied by   (সঙ্গ লোৱা) - He was accompanied by his brother. তেওঁৰ লগত তেওঁৰ ভায়েক আহিছিল। According to (অনুসাৰে) Please do the work according to my advice. অনুগ্ৰহ কৰি মোৰ পৰামৰ্শ অনুসাৰে কামটো কৰাঁ। Angry with   (কাৰোবাৰ ওপৰত/কোনো person ৰ ওপৰত খং উঠা বুলি বুজাবলৈ  Angry with ব্যৱহাৰ কৰা হয়। )      I am angry with you. মোৰ তোমাৰ ওপৰত খং উঠিছে।      I am angry with him. মোৰ তাৰ ওপৰত খং উঠিছে।      My teacher is angry with me. মোৰ ভাইটীৰ মোৰ ওপৰত খং উঠিছে।     The teacher is angry with the students. শিক্ষকজনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত খং উঠিছে।      My father is angry with my younger brother. মোৰ দেউতাৰ মোৰ সৰু ভাইটীৰ ওপৰত খং উঠিছে।           They are angry with my uncle. সিহঁতৰ মোৰ খুড়াৰ ওপৰত খং উঠি