Posts

Showing posts with the label Class V

বিভিন্ন পৰিৱেশৰ প্ৰাণী, পঞ্চম শ্ৰেণী

বিভিন্ন পৰিৱেশৰ প্ৰাণী সপ্তম অধ্যায়, পঞ্চম শ্ৰেণী পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 71 প্ৰ.1 পৰিৱেশ কাক বোলে? উঃ উদ্ভিদ আৰু প্ৰাণীৰ থকা ঠাই আৰু ইহঁতৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বোলে। প্ৰ.2 মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য _______ থাকে। উঃ  কাঁইট প্ৰ.3 মৰুভূমিৰ এবিধ প্ৰাণীৰ উদাহৰণ দিয়াঁ। উ: উট প্ৰ.4 মৰুভূমিৰ প্ৰাণী উটৰ পিঠিত থকা কুঁজটোৱে ইয়াক কেনেদৰে সহায় কৰে? উঃ  মৰুভূমিৰ প্ৰাণী উটৰ পিঠিৰ কুঁজটোত ইহঁতে বহু পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখিব পাৰে। ফলত মৰুভূমিত বহুদিনলৈ খাদ্য আৰু পানীৰ অভাৱ হলেও ইহঁতে শৰীৰৰত জমা হৈ থকা চৰ্বী আৰু পানীৰে বহুদিনলৈ চলিব পাৰে। পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 72 প্ৰ.4 উটৰ খুৰাবোৰ ফঁটা হোৱাৰ এটাৰ সুবিধা লিখা। উঃ  উটৰ খুড়াবোৰ ফঁটা হোৱা বাবে ইহঁতে গৰম বালিত খোজ কাঢ়িবলৈ সুবিধা হয়। ইহঁতে খোজ কাঢ়োঁতে খুড়াৰ ফাঁটেৰে বালিবোৰ সহজতে ওলাই যায়। প্ৰ.5 মৰুভূমিৰ প্ৰাণীয়ে গৰম কিদৰে সহ্য কৰিব পাৰে লিখাঁ। উঃ  মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল নোমাল আৰু ডাঠ হোৱা বাবে বাহিৰৰ গৰম সহজতে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে আৰু শৰীৰৰ পৰা গৰমত পানীও সহজতে বাহিৰলৈ ওলাব নোৱাৰে।  প্ৰ.6 অভিযোজ...