Posts

Showing posts from October, 2020

কম্পিউটাৰৰ পৰিচয়

1. কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ কি? উত্তৰ - 'পৰিকলন যন্ত্ৰ'। 2. 'কম্পিউটাৰ' শব্দটো ক'ৰ পৰা আহিছে? ইয়াৰ অৰ্থ কি? উত্তৰ - কম্পিউটাৰ শব্দটো লেটিন ভাষাৰ 'কম্পিউট' (compute) ৰ পৰা আহিছে। ইয়াৰ অৰ্থ 'গণনা কৰা'। 3. কম্পিউটাৰ কি? উত্তৰ - কম্পিউটাৰ হ'ল দ্ৰুত বেগত 100 শতাংশ শুদ্ধতাৰে গণনা কৰা এটা বৈদ্যুতিক যন্ত্ৰ। 4. কম্পিউটাৰৰ বিভিন্ন চৰিত্ৰ বা বৈশিষ্ট্যবোৰ কি কি? উত্তৰ - কম্পিউটাৰৰ বিভিন্ন চৰিত্ৰ বা বৈশিষ্ট্যবোৰ হ'ল -       a. গতি (Speed)       b. সংৰক্ষণ ক্ষমতা বা মনত ৰখাৰ শক্তি (Storage capacity or Memory)       c. বিশ্বাসযোগ্য আৰু শুদ্ধ (Reliable and accurate)       d. স্থিৰতা (Consistent)       e. সৰ্বদক্ষ (Versatile)