Posts

Showing posts with the label Sanskrit Grammar

Assamese to Sanskrit Translation, (Part - 1) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

Part - 1 1. ল'ৰাজনে মাতিছে। उत्तरम् - बालकः आह्वयति। ইংগিত -   * "ল'ৰাজনে" পদটোত "ল'ৰাজন" শব্দৰ লগত "এ" বিভক্তি যোগ হৈছে (ল'ৰাজন + এ = ল'ৰাজনে)। * "ই" আৰু "এ" প্ৰথমা বিভক্তিৰ চিন ( প্ৰথমা - ই, এ)। * "ল'ৰাজন" একবচনৰ শব্দ। * গতিকে "ল'ৰাজনে" বুজাবলৈ "बालक" শব্দৰ প্ৰথমা একবচনৰ "बालकः" ৰূপটোৰ ব্যৱহাৰ কৰা হৈছে। * "बालकः" প্ৰথমা একবচনৰ হোৱা বাবে  ति - तः - अन्तिৰ পৰা প্ৰথমা  একবচনৰ  "ति"যুক্ত ক্ৰিয়াপদ "आह्वयति"ৰ ব্যৱহাৰ কৰা হৈছে। 2.  ল'ৰাদুজনে মাতিছে। उत्तरम्  - बालकौ आह्वयतः। ইংগিত -   * "ল'ৰাদুজন" দ্বিবচনৰ শব্দ। * গতিকে "ল'ৰাদুজনে" বুজাবলৈ "बालक" শব্দৰ দ্বিবচনৰ "बालकौ" ৰূপটো ব্যৱহাৰ কৰা হৈছে। * "बालकौ" প্ৰথমা দ্বিবচনৰ হোৱা বাবে  ति - तः - अन्तिৰ পৰা দ্বিবচনৰ  "तः"যুক্ত ক্ৰিয়াপদ "आह्वयतः"ৰ ব্যৱহাৰ কৰা হৈছে। 3.  ল'ৰাসকলে মাতিছে। বা ল'ৰাবোৰে মাতিছে। उत्तरम्  ...