Posts

Showing posts from October, 2019

বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শি. বি.নি., বেলতলা, গুৱাহাটী (সত্যজিত্ শইকীয়া)।

Image
বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া। 1. খালী ঠাই পূৰ কৰাঁ।      কোনো পৰিবাহীত ________  ৰ একমুখী গতিৰ বাবেই বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়।   উত্তৰ -  আধানযুক্ত কণিকা 2. কোষ কি? উত্তৰ -  কোষ হৈছে ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ পৰিণত কৰা সৰঞ্জাম। 3. বৰ্তনী চিত্ৰ (Circuit Diagram) কি? উত্তৰ -  কোনো বৰ্তনীৰ পৰিবাহী তাঁৰ আৰু ইয়াৰ লগত সংলগ্ন বিভিন্ন সৰঞ্জামবোৰৰ সংযোগ চিহ্নৰ দ্বাৰা প্ৰদৰ্শন কৰা চিত্ৰকে বৰ্তনী চিত্ৰ বুলি কোৱা হয়। 4. বেটাৰী কাক বোলে? উত্তৰ -  অধিক পৰিমাণৰ বিদ্যুৎ পাবলৈ একাধিক বিদ্যুৎকোষ সংলগ্ন কৰি পোৱা ব্যৱস্থাকে বেটাৰী বোলে। 5. বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া কি? উত্তৰ -  কোনো পৰিবাহীৰ মাজেৰে বিদ্যুত্ প্ৰবাহিত হলে ই পৰিবাহীডালত তাপৰো উৎপন্ন কৰে। ইয়াকে বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়। 6. বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া কি? উত্তৰ -  কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে পৰিবাহীডালৰ চাৰিওফালে এক চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়, যি আন চুম্বক বা চুম্বকীয় পদাৰ্থৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে। ইয়াকে বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বুলি কোৱা হয়। 7. বিদ্যুৎ চুম্বক কি?