Posts

Showing posts with the label অসমীয়া ব্যাকৰণ

ণত্ব বিধি আৰু ষত্ব বিধি

Image
1. ণত্ব বিধি কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - যি বিধি বা নিয়ম অনুসৰি কোনো শব্দৰ দন্ত্য 'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়, সেই বিধি বা নিয়মকে ণত্ব বিধি বোলে।     যেনে - একেটা পদতে থকা ঋ, ৰ আৰু ষ বৰ্ণৰ পিছত থকা  'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়। (যথা - ঋণ, তৃণ, বৰষুণ আদি) 2. ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়াঁ। উত্তৰ -  ণত্ব বিধিৰ দুটা নিয়ম হ'ল -     (ক)  একেটা পদতে থকা ঋ, ৰ আৰু ষ বৰ্ণৰ পিছত থকা  'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়।                    যেনে - ঋণ, কৰ্ণ, কৃষ্ণ     (খ)  ট-বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে  'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়।                 যেনে - ঘণ্টা, কণ্ঠ, পিণ্ড, সণ্ঢালনি আদি। 3. ষত্ব বিধি কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - যি বিধি বা নিয়ম অনুসৰি কোনো শব্দৰ দন্ত্য 'স' ৰ ঠাইত মূৰ্দ্ধন্য 'ষ' হয়, সেই বিধি বা নিয়মকে ণত্ব বিধি বোলে।     যেনে - ট-বৰ্গৰ লগত যুক্ত হ'লে দন্ত্য 'স'ৰ  ঠাইত মূৰ্দ্ধন্য 'ষ' হয়। ...

অনুৰূপ শব্দ কাক বোলে?

Image
1. অনুৰূপ শব্দ কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - কোনো শব্দৰ অৰ্থ জোৰ দি বুজাবলৈ তাৰ আগত বা পিছত একে নিচিনা অথচ অৰ্থশূন্য যি শব্দ ব্যহাৰাৰ কৰা হয়, তাক অনুৰূপ শবেদ বোলে।          যেনে - মাছ তাছ, জা-জলপান, ৰূপ-বান আদি। 2. অনুৰূপ শব্দ কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ সহ লিখাঁ। উত্তৰ - অনুৰূপ শব্দবোৰ তিনি প্ৰকাৰ।               (ক) অনুকাৰ অনুৰূপ শব্দ। যেনে - ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ আদি।                (খ) দ্বিৰুক্ত বা একেশেষ অনুৰূপ। যেনে - বা-বাতৰি, পা-পইচা, ডা-ডাঙৰীয়া আদি।               (গ) যুৰীয়া বা অনিয়মিত অনুৰূপ। যেনে - তেল-কুৰ, ৰূপ-বান আদি। 3. বিভিন্ন প্ৰকাৰৰ  অনুৰূপ শব্দৰ সংজ্ঞা লিখি উদাহৰণ দিয়াঁ। উত্তৰ -অনুৰূপ শব্দবোৰ তিনি প্ৰকাৰ।             (ক) অনুকাৰ অনুৰূপ শব্দ।              (খ) দ্বিৰুক্ত বা একেশেষ অনুৰূপ।       ...