Posts

Showing posts from September, 2021

Tense ৰ ধাৰণা (Part 1)

Tense ৰ ধাৰণা Module - 1 নিৰ্দেশনাঃ       ইয়াত তুমি Tense ৰ অসমীয়া অৰ্থ, সংজ্ঞা আৰু প্ৰধান ভাগবোৰৰ বিষয়ে জানিব পাৰিবা। Module-1 সম্পূৰ্ণকৈ নুবুজাকৈ বা মনত নৰখাকৈ Module-2 লৈ নাযাবা। গ'লেও ভালকৈ বুজি নাপাবা * ইংৰাজীৰ "Tense" শব্দৰ অসমীয়া অৰ্থ "কাল"। চমুকৈ ক'বলৈ গ'লে "ক্ৰিয়াৰ সময়কে কাল বোলে"। অৰ্থাত্ কোনো কাম বা ক্ৰিয়া কেতিয়া সম্পন্ন হৈছিল, হৈছে বা হ'ব, সেইটোয়েই কাল।           পিছে ক্ৰিয়াটো কেতিয়া সম্পন্ন হৈছিল বা হৈছে বা হ'ব, সেই কথা আমি ক্ৰিয়াপদটো দেখিহে গম পাওঁ। ক্ৰিয়াপদৰ ৰূপটো (verb-form)ত কোনো কাম সম্পন্ন হোৱাৰ সময়টো বন্ধা থাকে। সেয়েহে ব্যাকৰণৰ ভাষাত কাল হ'ল ক্ৰিয়াৰ ৰূপ যি ক্ৰিয়াটো সম্পন্ন হোৱাৰ সময় বুজাত সহায় কৰে।          উদাহৰণস্বৰূপে "মই ভাত খাইছিলোঁ / I ate rice", "মই ভাত খাওঁ / I eat rice" আৰু "মই ভাত খাম / I shall eat rice" এই বাক্য তিনিটাত খোৱা কামটো কৰাৰ কথা কোৱা হৈছে। পিছে "খাইছিলোঁ/ate" বুলি কওঁতে অতীত সময়ত খোৱা, "খাওঁ/eat" বুলি কওঁতে বৰ্তমান সময়ত খোৱা আৰু "খাম/sha

দশমিক সংখ্যাৰ পূৰণ।

1.  পূৰণ কৰাঁ। (a) 0.1 x 10 = ? (b) 0.2 x 10 = ? (c) 0.3 x 10 = ? (d) 0.4 x 10 = ? (e) 0.5 x 10 = ? (f) 0.6 x 10 = ? (g) 0.7 x 10 = ? (h) 0.8 x 10 = ? (i) 0.9 x 10 = ? 2.  পূৰণ কৰাঁ। (a) 0.11 x 10 = ? (b) 0.21 x 10 = ? (c) 0.36 x 10 = ? (d) 0.57 x 10 = ? (e) 0.95 x 10 = ? (f) 0.63 x 10 = ? (g) 0.97 x 10 = ? (h) 0.88 x 10 = ? (i) 0.91 x 10 = ? 3.  পূৰণ কৰাঁ। (a) 0.1165 x 10 = ? (b) 0.215 x 10 = ? (c) 0.3678 x 10 = ? (d) 0.571 x 10 = ? (e) 0.9 x 10 = ? (f) 0.6379 x 10 = ? (g) 0.973424 x 10 = ? (h) 0.8846 x 10 = ? (i) 0.9111111 x 10 = ? 4.  পূৰণ কৰাঁ। (a) 1.1165 x 10 = ? (b) 34.215 x 10 = ? (c) 567.3678 x 10 = ? (d) 98.571 x 10 = ? (e) 1212.9 x 10 = ? (f) 23.6379 x 10 = ? (g) 5.973424 x 10 = ? (h) 0.8846 x 10 = ? (i) 0.9111111 x 10 = ? 5.  পূৰণ কৰাঁ। (a) 0.1 x 100 = ? (b) 0.2 x 100 = ? (c) 0.3 x 100 = ? (d) 0.4 x 1000 = ? (e) 0.5 x 10 = ? (f) 0.6 x 1000 = ? (g) 0.7 x 1000000 = ? (h) 0.8 x 100 = ? (i) 0.9 x 10000 = ? 6.  পূৰণ কৰাঁ। (a) 0.11 x 10 = ? (b) 0.21 x 100 = ? (c) 0.36 x 1000 = ? (

ণত্ব বিধি আৰু ষত্ব বিধি

Image
1. ণত্ব বিধি কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - যি বিধি বা নিয়ম অনুসৰি কোনো শব্দৰ দন্ত্য 'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়, সেই বিধি বা নিয়মকে ণত্ব বিধি বোলে।     যেনে - একেটা পদতে থকা ঋ, ৰ আৰু ষ বৰ্ণৰ পিছত থকা  'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়। (যথা - ঋণ, তৃণ, বৰষুণ আদি) 2. ণত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়াঁ। উত্তৰ -  ণত্ব বিধিৰ দুটা নিয়ম হ'ল -     (ক)  একেটা পদতে থকা ঋ, ৰ আৰু ষ বৰ্ণৰ পিছত থকা  'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়।                    যেনে - ঋণ, কৰ্ণ, কৃষ্ণ     (খ)  ট-বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে  'ন' ৰ ঠাইত মূৰ্দ্ধন্য 'ণ' হয়।                 যেনে - ঘণ্টা, কণ্ঠ, পিণ্ড, সণ্ঢালনি আদি। 3. ষত্ব বিধি কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - যি বিধি বা নিয়ম অনুসৰি কোনো শব্দৰ দন্ত্য 'স' ৰ ঠাইত মূৰ্দ্ধন্য 'ষ' হয়, সেই বিধি বা নিয়মকে ণত্ব বিধি বোলে।     যেনে - ট-বৰ্গৰ লগত যুক্ত হ'লে দন্ত্য 'স'ৰ  ঠাইত মূৰ্দ্ধন্য 'ষ' হয়।    (যথা - কষ্ট, কাষ্ঠ) 2. ষত্ব বিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়াঁ। উত্তৰ -  ষ

কোনো দুটা দশমিক সংখ্যাৰ মাজৰ দশমিক সংখ্যা বিষয়ক প্ৰশ্নোত্তৰ

(1) 0.4 আৰু 0.5 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ। উত্তৰ -   0.4 আৰু 0.5 ৰ মাজত থকা 9 টা সংখ্যা হ'ল - 0.41,  0.42,  0.43,  0.44,  0.45,  0.46,  0.47,  0.48 আৰু  0.49 । (2) 0.41 আৰু 0.42 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ। উত্তৰ -   0.41 আৰু 0.42 ৰ মাজত থকা 9 টা সংখ্যা হ'ল  0.411,  0.412,  0.413,  0.414,  0.415,  0.416,  0.417,  0.418 আৰু  0.419। (3) 0.411 আৰু 0.412 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ। উত্তৰ -   0.411 আৰু 0.412 ৰ মাজত থকা 9 টা সংখ্যা হ'ল  0.4111,  0.4112,  0.4113,  0.4114,  0.4115,  0.4116,  0.4117,  0.4118 আৰু  0.4119। (3) 0.632 আৰু 0.633 ৰ মাজত থকা 9 টা সংখ্যা লিখাঁ। উত্তৰ -   0.632 আৰু 0.633 ৰ মাজত থকা 9 টা সংখ্যা হ'ল  0.6321 ,  0.632 2,  0.632 3,  0.632 4,  0.632 5,  0.632 6,  0.632 7,  0.632 8 আৰু  0.632 9। (3) 0.632 আৰু 0.633 ৰ মাজত থকা 30 টা সংখ্যা লিখাঁ। উত্তৰ -   0.632 আৰু 0.633 ৰ মাজত থকা  30  টা সংখ্যা হ'ল  0.6321 ,  0.632 2,  0.632 3,  0.632 4,  0.632 5,  0.632 6,  0.632 7,  0.632 8, ................... আৰু  0.632 9। (4) 0.4 আৰু 0.5 ৰ মাজত থকা 19 টা সংখ্যা

অনুৰূপ শব্দ কাক বোলে?

Image
1. অনুৰূপ শব্দ কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - কোনো শব্দৰ অৰ্থ জোৰ দি বুজাবলৈ তাৰ আগত বা পিছত একে নিচিনা অথচ অৰ্থশূন্য যি শব্দ ব্যহাৰাৰ কৰা হয়, তাক অনুৰূপ শবেদ বোলে।          যেনে - মাছ তাছ, জা-জলপান, ৰূপ-বান আদি। 2. অনুৰূপ শব্দ কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ সহ লিখাঁ। উত্তৰ - অনুৰূপ শব্দবোৰ তিনি প্ৰকাৰ।               (ক) অনুকাৰ অনুৰূপ শব্দ। যেনে - ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ আদি।                (খ) দ্বিৰুক্ত বা একেশেষ অনুৰূপ। যেনে - বা-বাতৰি, পা-পইচা, ডা-ডাঙৰীয়া আদি।               (গ) যুৰীয়া বা অনিয়মিত অনুৰূপ। যেনে - তেল-কুৰ, ৰূপ-বান আদি। 3. বিভিন্ন প্ৰকাৰৰ  অনুৰূপ শব্দৰ সংজ্ঞা লিখি উদাহৰণ দিয়াঁ। উত্তৰ -অনুৰূপ শব্দবোৰ তিনি প্ৰকাৰ।             (ক) অনুকাৰ অনুৰূপ শব্দ।              (খ) দ্বিৰুক্ত বা একেশেষ অনুৰূপ।              (গ) যুৰীয়া বা অনিয়মিত অনুৰূপ। অনুকাৰ অনুৰূপ শব্দ - মূল শব্দৰ পিছত একে নিচিনা অথচ অৰ্থশূন্য যি শব্দ যোগ কৰা হয়, তাক অনুকাৰ অনুৰূপ শব্দ বোলে। যিবোৰ অনুকাৰ শব্দ মূল শব্দৰ পিছত থাকে, সিহঁতবোৰ সাধাৰণতে 'চ' বা 'ট'ৰে আৰম্ভ হোৱা দেখা যায়।          যেনে -   ভ

Translation of Present Indefinite or Simple Present Tense

  1. ৰামে খোজ কাঢ়ে নে? Ans. Does Ram walk? 2. আনন্দ আৰু মলয়াই সদায় ইংৰাজী পঢ়ে, নহয় নে? Ans. Ananda and Malaya always read English, don't they? 3. তুমি কবিতা কিয় লিখা? Ans. Why do you write poems? 3. তুমি কবিতা কিয় নিলিখা? Ans. Why don't you write poems? 4. তুমি মোক অলপ সময় কিয় নিদিয়া? Ans.  Why don’t you give some time? 5. তুমি সংস্কৃত পঢ়ানে? Ans.  Do you read Sanskrit? 6.  তুমি ফুটবল খেলা। Ans.  You play football. 7.  তুমি কিতাপ পঢ়ানে? Ans.  Do you read books? 8.  তুমি কি খেলি ভাল পোৱা ? Ans.  What do you like to play? 9.  তুমি কিয় ভালকৈ নপঢ়া ? Ans.  Why don't you read well? 10.  তুমি বেডমিণ্টন খেলা । Ans.  You play badminton. 11.  তুমি ইংৰাজী পঢ়ানে ? Ans.  Do you read English? 12.  সীতাই ইংৰাজী নপঢ়ে। Ans.  Sita doesn't read English. 13.  তুমি ৰামপুৰলৈ কিয় নোযোৱা ? Ans.  Why don't you go to Rampur? 14. হয়, মই ঘৰলৈ যাওঁ। Ans. Yes, I go home. Note. – homeৰ আগত to ব্যৱহাৰ কৰা নহয়। অৰ্থাত্ I go to home বুলি কোৱাটো ভুল। অৱশ্যে I go to your home, I go to his home,

Main List No 4.5

Main List No 4.5 He is typing. সি টাইপ কৰি আছে। Is he typing? সি টাইপ কৰি আছেনে? Yes, he is. হয়, সি টাইপ কৰি আছে। No, he isn't. নহয়, সি টাইপ কৰি থকা নাই। He is typing the application. তেওঁ আৱেদনখন টাইপ কৰি আছে। Is he typing the application? তেওঁ আৱেদনখন টাইপ কৰি আছে নে? What is he typing? তেওঁ কি টাইপ কৰি আছে? He is typing the application. তেওঁ আৱেদনখন টাইপ কৰি আছে। He isn't typing the application. তেওঁ আৱেদনখন টাইপ কৰি থকা নাই। Isn't he typing the application? তেওঁ আৱেদনখন টাইপ কৰি থকা নাই নে? Why isn't he typing the application? তেওঁ কি টাইপ কৰি থকা নাই ? He is busy in an another work; so, he isn't typing the application. তেওঁ বেলেগ এটা কামত ব্যস্ত; সেয়েহে, তেওঁ আৱেদনখন টাইপ কৰি থকা নাই । He is typing the application, isn't he? তেওঁ আৱেদনখন টাইপ কৰি আছে, নহয় নে? He isn't typing the application, is he? তেওঁ আৱেদনখন টাইপ কৰি থকা নাই, হয় নে? Some more examples - d