Posts

Showing posts from March, 2022

নিয়ন্ত্ৰণ আৰু সমন্বয় , বিজ্ঞান, দশম শ্ৰেণী

Image
1. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন৷ ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?   TP.17, 18 উঃ আমাৰ দেহত গ্ৰাহক অংগৰ কাম হ’ল পৰিৱৰ্তিত পৰিৱেশৰ বিভিন্ন তথ্যসমূহ, যেনে - উত্তাপ, পোহৰ আদিৰ হ্ৰাস-বৃদ্ধি, শৰীৰত হোৱা কোনো আঘাত, কোনো বস্তুৰ গোন্ধ আদিৰ উদ্দীপনা গ্ৰহণ কৰি স্নায়ুকোষলৈ প্ৰেৰণ কৰা৷ গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে পৰিৱৰ্তিত পৰিৱেশৰ উদ্দীপনা বা বাৰ্তা স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ নহ’ব৷ ফলত উপযুক্ত সঁহাৰিৰ অভাৱত আমাৰ শৰীৰৰ আংশিক বা সম্পূৰ্ণ ক্ষতি হ’ব৷ উদাহৰণস্বৰূপে গৰম বস্তুত হাত-ভৰি লাগিলে তাৰ উদ্দীপনা যদি স্নায়ুতন্ত্ৰলৈ নাযায়, তেন্তে স্নায়ুৰ ক্ৰিয়াত পেশীকোষ সক্ৰিয় হৈ গৰম বস্তুৰ পৰা হাত-ভৰি আঁতৰাই অনাত সহায় নকৰিব৷ ফলত, আমাৰ শৰীৰ আংশিকভাৱে বা সম্পূৰ্ণকৈ জ্বলি যাব৷ একেই কাৰণত অতি উজ্জ্বল পোহৰ বেছি সময়ৰ বাবে চকুত সোমাই চকুৰ পেশীসমূহ বিকল কৰি পেলাব, - আমি নেদেখা হ’ম৷ মহ এটাই বহু পৰ কামুৰি থাকি আমাৰ দেহলৈ বেমাৰ বিয়পাব৷ আমাৰ মৃতু্য হ’ব পাৰে, আদি৷ 2. স্নায়ুকোষ বা নিউৰণ কি? TP.15, 16, 17, 18 উঃ স্নায়ুকোষ বা নিউৰণ হ’ল স্নায়ুতন্ত্ৰ গঠনৰ সূক্ষ্

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ , বিজ্ঞান , দশম শ্ৰেণী ।

Image
  ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ 1.  বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কি? উদাহৰণ সহ বুজাই লিখাঁ৷ উঃ ৰাসায়নিক বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন ঘটা পদাৰ্থক বিক্ৰিয়ক পদাৰ্থ, আৰু বিক্ৰিয়াটোত গঠন হোৱা নতুন পদাৰ্থক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়৷ উদাহৰণস্বৰূপে, মেগনেছিয়াম (Mg) ফিটা এডাল অক্সিজেন (O 2 ) ত জ্বলালে মেগনেছিয়াম অক্সাইড (Mg O ) লৈ পৰিৱৰ্তিত হয়৷ ইয়াত মেগনেছিয়াম আৰু অক্সিজেনৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিছে৷ গতিকে ইহঁত বিক্ৰিয়ক পদাৰ্থ, আৰু বিক্ৰিয়াটোৰ ফলত মেগনেছিয়াম অক্সাইড নতুনকৈ গঠন হৈছে৷ সেয়েহে ই বিক্ৰিয়াজাত পদাৰ্থ৷ 2. ৰাসায়নিক  বিক্ৰিয়া কাক বোলে? উঃ এক বা একাধিক বিক্ৰিয়ক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক বা একাধিক বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি কৰা প্ৰক্ৰিয়াকে ৰাসায়নিক বিক্ৰিয়া বোলে।  3.   ৰাসায়নিক সমীকৰণ কাক বোলে? উঃ ৰাসায়নিক বিক্ৰিয়া এটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ ৰাসায়নিক সংকেতৰ দ্বাৰা উপস্থাপন কৰিলে, তাকে ৰাসায়নিক সমীকৰণ বোলে৷ 4. কেলছিয়াম অক্সাইডৰ অন্য নাম কি? উঃ পোৰা চূণ৷ 5.  কেলছিয়াম অক্সাইড তথা পোৰা চূণৰ সংকেত লিখাঁ৷ উঃ CaO 6. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উ

কৰতল কমল , মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কবিতাৰ অসমীয়া অনুবাদ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্বৰবৰ্ণৰ ব্যৱহাৰ নৌশিকোঁতেই ৰচনা কৰা "কৰতল কমল" পদ্যৰ ভাঙনি -_* (বিষ্ণু আৰু বিষ্ণুৰ অৱতাৰ শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ বৰ্ণনা) * কৰতল কমল * *কৰতল কমল* _হাতৰ তলুৱা পদুমৰ দৰে ৰঙচুৱা_ *কমলদল নয়ন* _পদুমৰ পাহীৰ দৰে চকু_ *ভৱদৱদহন* _সংসাৰৰ দুখ নাশ কৰোঁতা_ *গহন বন শয়ন* _গভীৰ জলত শয়ন কৰোঁতা_ *নপৰ নপৰ পৰ* _মাটিত ভৰি পৰা নপৰাকৈ  শ্ৰেষ্ঠজন_ *সতৰত গময়* _সততে গমন কৰা_ *সভয়মভয় ভয়* _ভয়ৰ পৰা অভয় দান কৰোঁতা_ *মমহৰ সততয়* _সদায় অহঙ্কাৰ হৰণ কৰা_ *খৰতৰ বৰশৰ* _ক্ষিপ্ৰভাবে শৰ বৰ্ষণ কৰা_ *হতদশ বদন* _ৰাৱন বধ কৰোঁতা_ *খগচৰ নগধৰ* _গড়ুৰত উঠাজন আৰু গোৱৰ্দ্ধন ধাৰণ কৰাজন_ *ফণধৰ শয়ন* _সাপৰ ওপৰত শয়ন কৰাজন_ *জগদঘ মপহৰ* _জগতৰ পাপ মোচন কৰা_ *ভৱভয় তৰণ* _সংসাৰৰ ভয়ৰ পৰা ত্ৰাণ কৰা_ *পৰপদলয় কৰ* _শ্ৰেষ্ঠজনৰ পদত লয় হোৱা_ *কমলজ নয়ন* _পদুমৰ দৰে চকু_