কৰতল কমল , মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কবিতাৰ অসমীয়া অনুবাদ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্বৰবৰ্ণৰ ব্যৱহাৰ নৌশিকোঁতেই ৰচনা কৰা "কৰতল কমল" পদ্যৰ ভাঙনি -_*
(বিষ্ণু আৰু বিষ্ণুৰ অৱতাৰ শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ বৰ্ণনা)

*কৰতল কমল*

*কৰতল কমল*
_হাতৰ তলুৱা পদুমৰ দৰে ৰঙচুৱা_

*কমলদল নয়ন*
_পদুমৰ পাহীৰ দৰে চকু_

*ভৱদৱদহন*
_সংসাৰৰ দুখ নাশ কৰোঁতা_

*গহন বন শয়ন*
_গভীৰ জলত শয়ন কৰোঁতা_

*নপৰ নপৰ পৰ*
_মাটিত ভৰি পৰা নপৰাকৈ
 শ্ৰেষ্ঠজন_

*সতৰত গময়*
_সততে গমন কৰা_

*সভয়মভয় ভয়*
_ভয়ৰ পৰা অভয় দান কৰোঁতা_

*মমহৰ সততয়*
_সদায় অহঙ্কাৰ হৰণ কৰা_

*খৰতৰ বৰশৰ*
_ক্ষিপ্ৰভাবে শৰ বৰ্ষণ কৰা_

*হতদশ বদন*
_ৰাৱন বধ কৰোঁতা_

*খগচৰ নগধৰ*
_গড়ুৰত উঠাজন আৰু গোৱৰ্দ্ধন ধাৰণ কৰাজন_

*ফণধৰ শয়ন*
_সাপৰ ওপৰত শয়ন কৰাজন_

*জগদঘ মপহৰ*
_জগতৰ পাপ মোচন কৰা_

*ভৱভয় তৰণ*
_সংসাৰৰ ভয়ৰ পৰা ত্ৰাণ কৰা_

*পৰপদলয় কৰ*
_শ্ৰেষ্ঠজনৰ পদত লয় হোৱা_

*কমলজ নয়ন*
_পদুমৰ দৰে চকু_

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী