DMIT Report কি?
শিশুটিক শিকোৱাৰ
আগতে, শিশুটিৰ পৰা
কিবা-কিবি আশা কৰাৰ আগতে শিশুটিক জানি লওক। (Know Your Child Before You
Teach, Know Your Child Before You Lead)
হয়, শিশু মানে ইয়াত সৰুৰ পৰা ডাঙৰলৈ যিকোনো লোকৰে কথা কোৱা হৈছে। শিকাৰু (Learner) হিচাপে সকলোকে এই লিখনিত শিশু বুলিয়ে ক’ম। শিশুক কিবা এটা শিকোৱাৰ আগতে তথা শিশু এটিৰ পৰা কিবা-কিবি আশা কৰাৰ আগতে শিশুটিৰ বিষয়ে বহুতো কথা জানি ল’ব লগীয়া থাকে। নিজে কিবা এটা শিকিবলৈ লৈও নিজৰ সামৰ্থ্য-সীমাবদ্ধতা, স্বকীয় প্ৰতিভা আদি বিষয়ক কথাবোৰ জানি ল’ব লাগে। ইয়াৰে কিছু মূল মূল কথা তলত দিয়া ধৰণৰ -
শিকাৰ ধৰণ : আমি প্ৰায়ে ভাবি নাচাওঁ যে শিকাৰ ধৰণটো সকলোৰে একে নহয়, আৰু যাৰ যি শিকাৰ ধৰণৰ সেইটো জন্মগত। পৰিৱেশে শিশুৰ জন্মগত শিকাৰ ধৰণৰ পৃথক শিকন পৰিৱেশ দিলে শিশুটিয়ে ক’ব নোৱাৰাকৈয়ে তাৰ লগত অভ্যস্ত হ’বলৈ যথেষ্ট অসুবিধা পায় আৰু শিকাৰ সময়ত অকল্পনীয় প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগীয়া হয়। এইদৰে শিশুটিৰ ফলাফল আশানুৰূপ হোৱাত বাধা আহে, আৰু সকলোৰে মাজত দুঃশ্চিন্তাই ঠাই পায়। কি এই শিকাৰ ধৰণ? কৈছোঁ ৰ’ব। ইয়াৰো আকৌ বহুকেইটা প্ৰকাৰ। আমি প্ৰথমে ভাবি চাওঁচোন আমিনো কি শিকোঁ? চমু উত্তৰ – আমাৰ ইন্দ্ৰীয়বোৰ (চকু, কাণ, নাক, জিভা আৰু চাল) এ আমাৰ মগজুক যি যি তথ্য দিয়ে, সেয়ে শিকোঁ; - নহয়জানো? ব’ৰ্ডত ছাৰে কিবা লিখি আছে। দেখাত মই ব’ৰ্ডখনলৈ মই চাই আছোঁ সঁচা, কিন্তু মনলৈ কিবা এটা ভাৱ আহি গ’ল। কল্পনাই মোক ক’ৰবালৈ লৈ গ’ল আৰু তাৰ ফলত চকুৱে ব’ৰ্ডখনৰ কথাবোৰ মগজুক দিব নোৱাৰিলে। - মই ছাৰে ব’ৰ্ডত লিখাখিনি নিশিকিলোঁ।
হয়, আমি দেখি শিকোঁ, শুনি শিকোঁ বা হাতে কামে কৰি চাই শিকোঁ। পিছে কেতিয়াবা ভাবি চাইছেনে কোনোবা শিশু এটিয়ে এই তিনিওটা পদ্ধতিৰে সমানে শিকিব নোৱাৰিবও পাৰে। অৰ্থাত্ মই ক’ব খুজিছোঁ যে কোনো শিশু এটিৰ শিকাৰ সামৰ্থ্যক 100% বুলি ধৰিলে আৰু দেখি, শুনি আৰু হাতে কামে কৰি শিকাৰ সামৰ্থ্য গড়ে 33.33% কৈ হ’ব লাগে, যিটো বাস্তৱত ইমান সমানে থকা দেখা নাযায়। আমি খবৰ নাৰাখোঁ যে এই সামৰ্থ্যবোৰ জন্মগতভাৱে প্ৰায়েই বেলেগ বেলেগ মাত্ৰাতহে থাকে। মানে কোনোবা এজনে যদি শুনি শুনি শিকিলে আটাইতকৈ বেছি শিকিব পাৰে, আন এজনে আক’ দেখি দেখিহে বেছিকৈ শিকে। আন কোনোবাই আক’ হাতে-কামে তথা ক্ৰিয়াকলাপৰ মাধ্যমেৰে শিকে। ভাবি চাওক যি শিশুৱে দেখি শিকে, তেওঁক ঘৰে-পৰে লেকচাৰ মেথদত শিকাই থাকিলে সুফল পাবনে? তেওঁক বিভিন্ন প্লেকাৰ্ড, মেপ, গ্ৰাফ, চাৰ্ট-পেপাৰ, মডেল আদি দেখুৱাব লাগিব। সেইদৰে যি শিশুৱে শুনি শুনি শিকি ভাল পায়, তেওঁক অধিক মাত্ৰাত শুনাবহে লাগিব। প্ৰয়োজনত কথাবোৰ ৰেক’ৰ্ড কৰি হেডফোন লগাই শুনিবলৈ দিব লাগিব (ৰেকৰ্ডিং শুনাৰ নামত মোবাইলৰ বেয়া ব্যৱহাৰ নিজৰ বিচাৰ্য বিষয়।) হাতে-কামে লাগি শিকা ছাত্ৰই আক’ বিভিন্ন প্ৰশ্নোত্তৰ বাৰে বাৰে লিখি চালেহে মনত ৰোৱা যেন অনুভৱ কৰে। এতিয়ালৈকে যিখিনি ক’লোঁ শিশুৰ শিকাৰ ধৰণৰ সামান্য আলোকপাতহে মাথোঁ। ইমান লিখিলে পঢ়াৰ ধৰ্য কাৰ কাৰ থাকে নাজানো। শিকাৰুৰু আন এটা এটা গুৰুত্বপূৰ্ণ ধৰণৰ বিষয়ে কোৱা উচিত হ’ব বুলি ভাবিছোঁ। এই ধৰণ মতে শিকাৰুসকল (Learners) চাৰি প্ৰকাৰৰ –
1. Cognitive Learner – এওঁলোক যথেষ্ট পৰিশ্ৰমী, কিতাপ চিলেবাছ আদি গোটাই নিজে কষ্ট কৰি আত্মপ্ৰেৰণাৰেই এওঁলোকে যথেষ্ট শিকিব পাৰে। হয়, এই সামৰ্থ্যও জন্মগত। ইয়াৰ বিকাশ হ’ব, নষ্ট হৈ নাযায়। যাৰ জন্মত এই দক্ষতাৰ শতাংশ (চাৰিটা প্ৰকাৰত ন্যূনতম গড়ে 25% কৈ পৰে) কমকৈ আছে, তেওঁক পঢ় পঢ় বুলি কিতাপ বহী এসোপা যোগাৰ কৰি দিলেই ভাল ফল পাব জানো?
2. Afective Learner – এওঁলোকে নিজে কষ্ট কৰি শিকাতকৈ আনৰ প্ৰভাৱত শিকে। এওঁলোকে একপ্ৰকাৰে আনক imitate (অনুকৰণ) কৰিব পাৰে। যদি কোনো শিশু বা মানুহৰ এই ধৰণ 70-80% হয়, তেওঁক যে ভাল মা-দেউতা বা ঘৰুৱা শিক্ষকেহে পঢ়াব পাৰিব সেইটো খাটাং। এতিয়া ভাবি চাওক ধৰি লওক শিশু এজন জন্মগত ভাৱে বেছিকৈ শুনি শুনি শিকা প্ৰকৃতিৰ আৰু তেওঁ affective Learner। আপুনিয়েই কওকচোন, কেৱল প্ৰশ্নোত্তৰকেইটা কৰি দিয়া ভালকৈ বুজাই নিদিয়া শিক্ষক এজনে তেওঁৰ কিবা উন্নতি কৰিব পাৰিবনে? এজন affective learnerক যদি সোধা যায়, “ছাৰজন ভালনে?” – তেওঁৰ উত্তৰ হ’ব “ভাল”। তেওঁৰ বাবে সকলো ছাৰেই ভাল। কাৰণ তেওঁৰ বাবে তথ্য পালেই হ’ল, নিজেই প্ৰচেচ কৰিব। পিছে affective Learner এজনে কোৱা শুনা পাব “অমুক ছাৰে ভালকৈ বুজাই দিয়ে, তমুক ছাৰে ভালকৈ নুবুজায়” আদি। Affective Learner সকল বেয়া নেকি? মুঠেও নহয। উপযুক্ত শিক্ষক পালে এজন affective Learnerএ এজন Cognitive Learnerতকৈ বহুত কিবা-কিবি বিশিষ্ট কাম কৰিব পাৰিব। Affective Learner হিচাপে জন্ম হৈ উপযুক্ত পৰিৱেশ (কিতাপ-পত্ৰ-ৰাস্তা) আদি নাপালে বহুত কিবা এটা চমৎকাৰ হৈ যাব বুলি আশা কৰিব পাৰিনে? সকলোৰে সুবিধা অসুবিধা আছে। ফেচবুকত দীঘল প’ষ্ট লিখি কাকো আমনি কৰাৰ মন নাই। গতিকে পিছৰ দুটা ভাগ Reverse Learner আৰু Reflective Learner ৰ বিষয়ে পিছত (কাৰোবাৰ আগ্ৰহ দেখিলে) লিখিম।
ঠিকেই এই চিন্তা মনলৈ অহাটো স্বাভাৱিক যে এইবোৰ কি আগতীয়াকৈ জানিব পাৰি নেকি? পাৰি। এই লৈ বহুতো আমোদজনক কথা আছে। সেইবোৰ সময় সুবিধা বুজি অলপ-অলপকৈ লিখি থাকিম। এই ধৰক বহু দিনৰ মূৰত ফোন কৰোঁতে কথা পাতি ফোনটো ৰাখিবৰ পৰত কোনোবাই আপোনাক কৈছে – “বৰ ভাল পালোঁ দেই, বহুত দিনৰ মূৰত মাতটো শুনা পালোঁ” ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰে যে ব্যক্তিজন শুনি শিকা প্ৰকৃতিৰ। যদি ক’লেহেঁতেন – “কলটো কৰা দেখি ভাল লাগিল দেই। এদিন আহিবিচোন, কিমান দিন যে হ’ল নেদেখা”, তেতিয়া আপুনি বুজিব যে ব্যক্তিজন দেখি শিকা প্ৰকৃতিৰ। হাতে-কামে তথা ক্ৰিয়াকলাপেৰে শিকি ভাল পোৱা ছাত্ৰ এজনক দেখিব তেওঁ পঢ়া-শুনা কৰাৰ সময়ত পঢ়িও আছে ছাবি এটাৰে, কলমেৰে, স্কেলপাতেৰে বা তেনে কিবাৰে খেলি আছে। পঢ়াৰ মাজতে আক’ ছুইং গাম, চকলেট, বুটমাহ আদি চোবাই আছে। মুঠতে তেওঁৰ শিকাৰ ধৰণটোৱে শৰীৰ সক্ৰিয়তা বিচাৰে।
পিছে এইবোৰ কোনো নিখুঁত পদ্ধতি নহয়। মোৰ শেহতীয়া অভিজ্ঞতাৰ পৰা শিশুৰ বিভিন্ন জন্মগত সামৰ্থ্যৰ বিষয়ে তথ্য দিব পৰা আটাইতকৈ ভাল আৰু বিজ্ঞানসন্মত পদ্ধতিবোৰৰ ভিতৰত DMIT Report আটাইকৈ বেছি শুদ্ধ (95% নিৰ্ভৰযোগ্য) বুলি বিশ্বাস হৈছে। নিজে এই পদ্ধতিৰে নিজৰ সামৰ্থ্যখিনি পৰীক্ষা কৰিছোঁ। মই 100% সন্তুষ্ট। আচৰিত নহৈ নোৱাৰিলোঁ যে মই ভাষা শিকি ভাল পাওঁ (সম্প্ৰতি অসমীয়া-ইংৰাজী-হিন্দী-সংস্কৃত-বড়ো আৰু অলপ অচৰপ বাংলা আৰু জাৰ্মান ভাষা ক’ব পাৰোঁ), মোৰ DMIT Reportত তাকেই ওলাল। বিভিন্ন খেলৰ ভিতৰত ডবা খেলিয়েই ভাল পাওঁ (যোৱাবছৰ বিএড কলেজ লংকেশ্বৰৰ চেমপিয়ন)। সৰুৰে পৰা কোনোবাই সুধিলে আটাইতকৈ প্ৰিয় খেল ডবা বুলিয়েই কওঁ। মোৰ Reportত তাকেই আহিল। গান গাবলৈ খুব মন যায়, কেতিয়াও শিকা নহল। গান লিখিবলৈ স্বভাৱজাত আগ্ৰহ আছে। সা ৰে গা মা নজনাকৈয়ে, গানত স্থায়ী আৰু অন্তৰা থাকে বুলি নজনা সময়তে এটা গান লিখিছিলোঁ। মোৰ সুৰতে মাধৱ জ্যোতি ৰাজখোৱাৰ কণ্ঠত ৰিলিজ দিয়া হল, যি শুনিলে সেয়ে ভাল পালে। মোৰ ৰিপৰ্টত গানৰ দিশত মোৰ যথেষ্ট দক্ষতা থকা বুলি আহিল। বাকীবোৰত মোৰ দক্ষতা 10% ৰ কম। মই বিশ্বাস কৰোঁ। ইতিমধ্যো কোৱা তিনিটাই মোৰ আটাইতকৈ প্ৰিয় আৰু মোৰ মন মগজুত সেইবোৰ চলি থাকে। মোৰ ৰিপৰ্টৰ 77টা পৃষ্ঠাৰ এটা এই প’ষ্টৰ লগত গাঁঠি দিছোঁ। চাব পাৰিব।
অঁ ঠিকেই DMIT Report কি মই কোৱাই নাই। এই বিষয়ে পিছত ভালকৈ লিখিব লাগিব। সদ্যহতে ইয়াকে কওঁ যে DMIT ৰ সম্পূৰ্ণ ৰূপ হ’ল Dermatoglyphics Multiple Intelligence Test। ইয়াত Derma মানে Skin অৰ্থাৎ glyphics মানে pattern অৰ্থাৎ আৰ্হি। Dermatoglyphics Multiple Intelligence Test পদ্ধতিত দুবছৰ বা তাৰ ওপৰৰ যিকোনো লোকৰ দুই হাতৰ centre, left আৰু right sideৰ পৰা তিনিটাকৈ মুঠ দহটা আঙুলিৰ 30টা আঙুলিৰ চাপ (fingerprint) লৈ চফ্টৱেৰৰ সহায়ত Report জেনেৰেট কৰা হয় (সৰ্বাধিক 77 পৃষ্ঠা, মই নিজে জনা হিচাপে)। এই ৰিপৰ্টত কি কি থাকে, কি কি জনা যায় আদিবোৰ কথা এটা YouTube ভিডিঅ’ যোগে জনোৱাৰ কথা ভাবিছোঁ। অধিক জানিব বিচাৰিলে 9859577331 নম্বৰত কল কৰিব পাৰে। ধন্যবাদ।
(বি. দ্ৰ. - এই কথাখিনি মোৰ এটা ফেচবুক প'ষ্টৰ পৰা তুলি দিয়া হৈছে।)
#DMIT
#ডি এম আই টি
# ডিএমআইটি
#DMIT Report
#ডি এম আই টি ৰিপ'ৰ্ট কি?
Comments
Post a Comment
Thanks for your response.