Posts

Showing posts from September, 2023

DMIT Report কি?

Image
  শিশুটিক শিকোৱাৰ আগতে , শিশুটিৰ পৰা কিবা-কিবি আশা কৰাৰ আগতে শিশুটিক জানি লওক। (Know Your Child Before You Teach, Know Your Child Before You Lead) হয়, শিশু মানে ইয়াত সৰুৰ পৰা ডাঙৰলৈ যিকোনো লোকৰে কথা কোৱা হৈছে। শিকাৰু (Learner) হিচাপে সকলোকে এই লিখনিত শিশু বুলিয়ে ক ’ ম। শিশুক কিবা এটা শিকোৱাৰ আগতে তথা শিশু এটিৰ পৰা কিবা-কিবি আশা কৰাৰ আগতে শিশুটিৰ বিষয়ে বহুতো কথা জানি ল ’ ব লগীয়া থাকে। নিজে কিবা এটা শিকিবলৈ লৈও নিজৰ সামৰ্থ্য - সীমাবদ্ধতা, স্বকীয় প্ৰতিভা আদি বিষয়ক কথাবোৰ জানি ল ’ ব লাগে। ইয়াৰে কিছু মূল মূল কথা তলত দিয়া ধৰণৰ -      শিকাৰ ধৰণ :   আমি প্ৰায়ে ভাবি নাচাওঁ যে শিকাৰ ধৰণটো সকলোৰে একে নহয়, আৰু যাৰ যি শিকাৰ ধৰণৰ সেইটো জন্মগত। পৰিৱেশে শিশুৰ জন্মগত শিকাৰ ধৰণৰ পৃথক শিকন পৰিৱেশ দিলে শিশুটিয়ে ক ’ ব নোৱাৰাকৈয়ে তাৰ লগত অভ্যস্ত হ ’ বলৈ যথেষ্ট অসুবিধা পায় আৰু শিকাৰ সময়ত অকল্পনীয় প্ৰত্যাহ্বানৰ সন্মুখীন হ ’ ব লগীয়া হয়। এইদৰে শিশুটিৰ ফলাফল আশানুৰূপ হোৱাত বাধা আহে, আৰু সকলোৰে মাজত দুঃশ্চিন্তাই ঠাই পায়। কি এই শিকাৰ ধৰণ ? কৈছোঁ ৰ ’ ব। ইয়াৰো আকৌ বহুকেইটা প্ৰকাৰ। আমি প্ৰথমে ভাবি চাওঁচোন আম