Posts

Showing posts from May, 2021

উদ্ভিদৰ পৰিপুষ্টি, সপ্তম শ্ৰেণী, পৰিকল্পনা আৰু প্ৰস্তুতি - সত্যজিত শইকীয়া, বেলতলা, গুৱাহাটী, অসম

Image
  1. পৰিপুষ্টি শব্দটো ক ' ৰ পৰা উদ্ভৱ হৈছে ? উত্তৰ - "পৰিপুষ্টি" শব্দটো "পুষ্টিকাৰক দ্ৰব্য" বা "পৰিপোষক" শব্দৰ পৰা   আহিছে। 2. খাদ্যৰ বিভিন্ন উপাদানবোৰ কি কি ? উত্তৰ- খাদ্যৰ বিভিন্ন উপাদানবোৰ হ ' ল - কাৰ্বহাইড্ৰেট , প্ৰ ' টিন , চৰ্বী , ভিটামিন , খনিজ লৱন আৰু পানী। 3. পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক (Nutrients) কাক বোলে ? উত্তৰ- আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় খাদ্যৰ বিভিন্ন উপাদানবোৰ হ ' ল - কাৰ্বহাইড্ৰেট , প্ৰ ' টিন , চৰ্বী , ভিটামিন , খনিজ লৱন আৰু পানী। এইবোৰকে পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক বুলি কোৱা হয়।  4. উদ্ভিদ আৰু প্ৰাণীৰ মূল খাদ্য কি কি ? উত্তৰ- উদ্ভিদ আৰু প্ৰাণীৰ মূল খাদ্য হৈছে - কাৰ্বহাইড্ৰেট , চৰ্বী , প্ৰ ' টিন আৰু খনিজ দ্ৰব্য। 5. শৰীৰত পুষ্টিকাৰক দ্ৰব্যৰ তিনিটা কাম লিখাঁ। উত্তৰ-শৰীৰত পুষ্টিকাৰক দ্ৰব্যৰ তিনিটা কাম হ ' ল -    ( ক) শৰীৰত শক্তিৰ যোগান ধৰা।    ( খ) দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰা। আৰু    ( গ) শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰা। 6. পৰিপুষ্টি কাক বোলে ? উত্তৰ- জীৱসমূহে খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰ