Posts

Showing posts from April, 2022

আমাৰ চাৰিওকাষৰ বস্তুবোৰ, বিজ্ঞান, নবম শ্ৰেণী।

Image
পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 1 1. বস্তুবোৰ কিহেৰে গঠিত? উত্তৰ -  পদাৰ্থৰে৷ 2. পদাৰ্থৰ কেইটামান উদাহৰণ দিয়াঁ৷ উত্তৰ -  পদাৰ্থৰ কেইটামান উদাহৰণ হ’ল - বায়ু, পানী, খাদ্য, আকাশৰ মেঘ, তৰা, প্ৰতিজোপা গছ আদি৷ 3. পদাৰ্থ কাক বোলে? উদাহৰণ দিয়াঁ। উত্তৰ - বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন বস্তুবোৰ যাৰ দ্বাৰা গঠিত, তাকে পদাৰ্থ বোলে। বা যাৰ ভৰ আৰু আয়তন আছে, তাকে পদাৰ্থ বোলে।    যেনে - বায়ু, খাদ্য, মেঘ, তৰা, উদ্ভিদ, শিলগুটি, বালি, পানীৰ কণিকা আদি। 4. পদাৰ্থৰ দুটা ধৰ্ম লিখাঁ৷ উত্তৰ -  পদাৰ্থৰ দুটা ধৰ্ম হ’ল -      (i) পদাৰ্থৰ ভৰ আছে৷ আৰু      (ii) পদাৰ্থই ঠাই আগুৰে অথাৰ্ৎ সকলো পদাৰ্থৰে আয়তন আছে৷ 5. তলৰ কোনবোৰ পদাৰ্থ? চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস৷ উত্তৰ -  যাৰ ভৰ আৰু আয়তন আছে তাকে পদাৰ্থ বুলি কোৱা হয়৷ পদাৰ্থবোৰ তিনিটা অৱস্থাত পোৱা যায় - কঠিন, জুলীয়া আৰু গেছীয়৷ চকী আৰু বাদাম হ’ল কঠিন অৱস্থাত থকা পদাৰ্থ৷ ঠাণ্ডা-পানীয় তৰল পদাৰ্থ৷ আৰু গোন্ধ আৰু বায়ু গেছীয় পদাৰ্থ৷ উল্লেখনীয় যে গোন্ধ তথা গোন্ধযুক্ত দ্ৰৱ্য পদাৰ্থ যদিও গোন্ধৰ অনুভূতি (যেনে - সুগ

জীৱন প্ৰক্ৰিয়াসমূহ , বিজ্ঞান,Class 10

Image
  পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 98 উদ্ভিদে প্ৰ’টিন আৰু অন্যান্য কিছুমান যৌগ সংশ্লেষণ কৰিবলৈ অতি প্ৰয়োজন হোৱা মৌলবিধৰ নাম কি? ইয়াক কি হিচাপে আৰু ক’ৰ পৰা আহৰণ কৰে?  উঃ নাইট্ৰ’জেন৷ ইয়াক নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে মাটিৰ পৰা আহৰণ কৰে৷ অৱশ্যে বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰ পৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰ পৰাও উদ্ভিদে এইবিলাক আহৰণ কৰিব পাৰে৷  উদ্ভিদে নাইট্ৰ’জেন ক’ৰ পৰা পায়?  উঃ উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা পানীৰ লগতে অজৈৱ নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে নাইট্ৰ’জেন আহৰণ কৰি লয়৷ কেতিয়াবা কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰপৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰপৰাও উদ্ভিদে এই নাইট্ৰ’জেন আহৰণ কৰি লয়৷  দেহৰ বাহিৰত পচন হোৱাৰ পাছত সৰল অৱস্থাত দেহৰ ভিতৰলৈ আহাৰ শোষণ কৰা দুবিধ জীৱৰ নাম লিখাঁ৷  উঃ ইষ্ট আৰু কাঠফুলা৷  পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম লিখাঁ৷  উঃ পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম হ’ল, - আমৰলে, চিকৰা, ওকনি, জোক আৰু ফিতাপেলু৷  পেৰামেচিয়ামৰ খাদ্যগ্ৰহণ প্ৰক্ৰিয়াটো লিখাঁ৷  উঃ পেৰামেচিয়াম এবিধ এককোষী জীৱ৷ ইয়াৰ দেহৰ সুনিৰ্দিষ্