আমাৰ চাৰিওকাষৰ বস্তুবোৰ, বিজ্ঞান, নবম শ্ৰেণী।



পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 1

1. বস্তুবোৰ কিহেৰে গঠিত?

উত্তৰ - পদাৰ্থৰে৷

2. পদাৰ্থৰ কেইটামান উদাহৰণ দিয়াঁ৷

উত্তৰ - পদাৰ্থৰ কেইটামান উদাহৰণ হ’ল - বায়ু, পানী, খাদ্য, আকাশৰ মেঘ, তৰা, প্ৰতিজোপা গছ আদি৷

3. পদাৰ্থ কাক বোলে? উদাহৰণ দিয়াঁ।

উত্তৰ - বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন বস্তুবোৰ যাৰ দ্বাৰা গঠিত, তাকে পদাৰ্থ বোলে।

বা যাৰ ভৰ আৰু আয়তন আছে, তাকে পদাৰ্থ বোলে।

   যেনে - বায়ু, খাদ্য, মেঘ, তৰা, উদ্ভিদ, শিলগুটি, বালি, পানীৰ কণিকা আদি।

4. পদাৰ্থৰ দুটা ধৰ্ম লিখাঁ৷

উত্তৰ - পদাৰ্থৰ দুটা ধৰ্ম হ’ল -

    (i) পদাৰ্থৰ ভৰ আছে৷ আৰু

    (ii) পদাৰ্থই ঠাই আগুৰে অথাৰ্ৎ সকলো পদাৰ্থৰে আয়তন আছে৷

5. তলৰ কোনবোৰ পদাৰ্থ?

চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস৷

উত্তৰ - যাৰ ভৰ আৰু আয়তন আছে তাকে পদাৰ্থ বুলি কোৱা হয়৷ পদাৰ্থবোৰ তিনিটা অৱস্থাত পোৱা যায় - কঠিন, জুলীয়া আৰু গেছীয়৷

চকী আৰু বাদাম হ’ল কঠিন অৱস্থাত থকা পদাৰ্থ৷

ঠাণ্ডা-পানীয় তৰল পদাৰ্থ৷ আৰু

গোন্ধ আৰু বায়ু গেছীয় পদাৰ্থ৷

উল্লেখনীয় যে গোন্ধ তথা গোন্ধযুক্ত দ্ৰৱ্য পদাৰ্থ যদিও গোন্ধৰ অনুভূতি (যেনে - সুগন্ধি দ্ৰৱ্যৰ সুবাস) পদাৰ্থ নহয়৷

6. ভৰৰ SI একক কি?

উত্তৰ - কিলোগ্ৰাম (kg)

7. আয়তনৰ SI একক কি?

উত্তৰ - ঘন মিটাৰ বা কিউবিক মিটাৰ (m3বা মি3

7. আয়তনৰ সচৰাচৰ ব্যৱহৃত এককটো কি?

উত্তৰ - লিটাৰ (1L = 1dm3)৷ 

8. এক লিটাৰক ডেচি মিটাৰ আৰু মিলি লিটাৰ এককত প্ৰকাশ কৰাঁ৷

উত্তৰ - 1 লিটাৰ = 1dmআৰু লিটাৰ = 1000 mL

9. মিলি লিটাৰ আৰু ছেন্টিমিটাৰৰ সম্পৰ্ক কি?

বা 1 ml ক ছেন্টিমিটাৰত প্ৰকাশ কৰাঁ৷

উত্তৰ - 1 ml = 1cm3

10. ভাৰতীয় প্ৰাচীন দাৰ্শনিকসকলৰ মতে পদাৰ্থবিলাক গঠিত হোৱা মৌলিক কণিকা পাঁচটা কি কি?

উত্তৰ - বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানী৷

11. পঞ্চতত্ব কি?

উত্তৰ - ভাৰতীয় প্ৰাচীন দাৰ্শনিকসকলৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ জীৱ আৰু জড. পদাৰ্থই  বায়ু, পৃথিৱী, জুই, পানী আৰু আকাশ - এই পাঁচবিধ উপাদানেৰে গঠিত৷ ইহঁতক একেলগে পঞ্চতত্ব বুলি কোৱা হয়৷

12. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি আধুনিক যুগৰ বিজ্ঞানীসকলে পদাৰ্থবোৰক কেইটা আৰু কি কি ভাগত ভাগ কৰিছে?

উত্তৰ - দুটা ভাগত ভাগ কৰা কৰিছে৷ ভাগকেইটা হ’ল -

(i) ধাতু আৰু

(ii) অধাতু

13. পৰীক্ষাৰে সাব্যস্ত কৰা - ‘‘পদাৰ্থবোৰ কণিকাৰে গঠিত৷’’

বা পদাৰ্থবোৰ যে ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত তাক এটা পৰীক্ষাৰ সহায়ত বুজাই লিখাঁ৷

উত্তৰ - এটা 100 ml আয়তনৰ বিকাৰত আধা অংশলৈকে পানী ভৰাই পনীপৃষ্ঠৰ সমানকৈ এটা চিন দিয়া হ’ল৷


চিত্ৰ - পানীত নিমখ মিহলি কৰি লৰাই দিয়া হৈছে।

এতিয়া এচামুচ চেনি বা নিমখ দি পানীখিনি কাঁচৰ মাৰি এডালেৰে লৰালে দেখা যাব যে বিকাৰৰ ভিতৰৰ পানীখিনিৰ উচ্চতাৰ কোনো পৰিৱৰ্তন হোৱা নাই৷ ইয়াৰ পৰা প্ৰমাণিত হয় যে চেনী, নিমখ আদি পদাৰ্থবোৰ সৰু সৰু কণিকাৰে গঠিত যিবোৰ পানীৰ কণিকাবোৰৰ মাজত বিয়পি যোৱাৰ বাবে পানীখিনিৰ উচ্ছতাৰ কোনো পৰিৱৰ্তন হোৱা নাই৷ ই পদাৰ্থবোৰ কণিকাৰে গঠিত বুলি সাব্যস্ত কৰে৷

প্ৰশ্ন - বাষ্পীভৱনৰ পিছত বাষ্পীভূত হোৱা ঠাইৰ ওচৰ-পাজৰ কিয় ঠাণ্ডা হয়?

উঃ জুলীয়া পদাৰ্থৰ পৃষ্ঠভাগত থকা কণিকাবোৰে বাষ্পীভৱনৰ সময়ত আন কণিকাবোৰৰ পৰা শক্তি শোষণ কৰে৷ এনেদৰে কমি যোৱা শক্তি পূৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে৷ ফলত, বাষ্পীভৱনৰ পিছত বাষ্পীভূত হোৱা ঠাইৰ ওচৰ-পাজৰ ঠাণ্ডা হয়৷

প্ৰশ্ন - হাতৰ তলুৱাত এচিট’ন ঢালিলে ঠাণ্ডা অনুভৱ হয় কিয়?

উঃ হাতৰ তলুৱাত এচিট’ন ঢালিলে এচিট’নৰ কণিকাবোৰে হাতৰ তলুৱাৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত হয়৷ সেয়েহে, এনে অৱস্থাত  হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয়৷

প্ৰশ্ন - গৰমকালি প্ৰচণ্ড ৰ’দৰ দিনত মানুহে ঘৰৰ চাদত বা খোলা পথাৰত পানী ছটিয়াই কিয়?

উঃ পানীৰ বাষ্পীভৱনৰ লীন তাপৰ মাত্ৰা যথেষ্ট বেছি অথাৰ্ৎ পানীয়ে তৰল অৱস্থাৰ পৰা গেছীয় অৱস্থা পাবলৈ যথেষ্ট পৰিমাণৰ তাপ শক্তি শোষণ কৰে, সেয়েহে গৰমকালি প্ৰচণ্ড ৰ’দৰ দিনত মানুহে ঘৰৰ চাদত বা খোলা পথাৰত পানী চটিয়াই, যাতে চাদ বা পথাৰখনৰ পৃষ্ঠ চেঁচা হৈ থাকে৷

প্ৰশ্ন - গৰমকালি আমাৰ দেহৰ পৰা ঘাম ওলায় কিয়?

উঃ পৰিৱতিৰ্ত পৰিৱেশৰ লগত খাপ খুৱাই ৰাখিবৰ বাবে প্ৰতে্যক জীৱৰ দেহতে কিছুমান ব্যৱস্থা থাকে৷ গৰমকালি আমাৰ দেহৰ উত্তাপ বাঢ়ে আৰু অধিক ঘাম ওলায়৷ ঘামে শৰীৰৰ উত্তাপ শোষণ কৰি বষ্পীভূত হয় আৰু শৰীৰটো শীতল হৈ থকাত সহায় কৰে৷

প্ৰশ্ন - গৰমকালি দেহৰ পৰা ঘাম ওলালে আমাৰ দেহটো শীতল হয় কিয়?

উঃ দেহৰ পৰা ওলোৱা ঘামে আমাৰ দেহপৃষ্ঠৰ পৰা উত্তাপ শোষণ কৰি বাষ্পীভূত হয়৷ ফলত গৰমকালি দেহৰ পৰা ঘাম ওলালে আমাৰ দেহটো শীতল হয়৷

প্ৰশ্ন - গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয়?

উঃ গৰমকালি আমাৰ দেহৰ পৰা অধিক ঘাম ওলায়, আৰু এনে ঘামে শৰীৰৰ উত্তাপ শোষণ কৰি বষ্পীভূত হয় বাবে আমাৰ শৰীৰটো শীতল হৈ থাকে৷ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডলৈ বাষ্পীভূত হোৱাত সহায় কৰে৷ সেয়েহে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত৷

প্ৰশ্ন - বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয়?

উঃ বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠখন সাধাৰণতে শীতল৷ এনে শীতল পৃষ্ঠৰ সংস্পৰ্শলৈ অহা বায়ুত থকা জলীয় বাষ্পই ঠাণ্ডা গিলাচটোৰ পৃষ্ঠত শক্তিৰ বিনিময় কৰে৷ গিলাচ পৃষ্ঠভাগৰ মাধ্যমেদি জলীয় বাষ্পৰ পৰা পোৱা তাপ শোষণ কৰি গিলাচৰ ভিতৰৰ পানীৰ উষ্ণতা বাঢে., ইফালে জলীয় বাষ্পই তাপ বিকিৰণ কৰি শীতল হোৱাৰ ফলত ঘণীভূত হয় আৰু গিলাচৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল হিচাবে বিৰিঙি থাকে৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 5

প্ৰশ্ন - ব্যাপন কাক বোলে?

উঃ একোবিধ পদাৰ্থৰ কণিকাবোৰৰ মাজত থকা খালী ঠাই বা ব্যৱধানবোৰত আন পদাৰ্থৰ কণিকাবোৰ সোমাই পৰস্পৰ মিহলি হোৱা প্ৰক্ৰিয়াকে ব্যাপন বোলে

প্ৰশ্ন - গোটা পদাৰ্থতকৈ জুলীয়া পদাৰ্থৰ ব্যাপন বেগ বেছি কিয়?

উঃ জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলতকৈ কম, আৰু ইহঁতে কঠিন পদাৰ্থৰ কণিকাবোৰৰ তুলনাত অধিক অনায়াসে গতি কৰিব পাৰে৷ সেয়েহে গোটা পদাৰ্থতকৈ জুলীয়া পদাৰ্থৰ ব্যাপন বেগ বেছি৷

প্ৰশ্ন - কোনো পদাৰ্থ গৰম কৰিলে ব্যাপনৰ মাত্ৰা বাঢে. কিয়?

উঃ গৰম কৰিলে বিভিন্ন পদাৰ্থৰ বিভিন্ন কণিকাবোৰৰ গতিশক্তি আৰু সিহঁতবোৰৰ মাজৰ ব্যৱধান বাঢ়ে৷ ফলত এনে অৱস্থাত  এবিধ পদাৰ্থৰ কণিকাবোৰৰ মাজত থকা খালী ঠাই বা ব্যৱধানবোৰৰ মাজত আন পদাৰ্থৰ কণিকাবোৰ অধিক বেগত আৰু অনায়াসে সোমাই পৰে৷ সেয়েহে কোনো পদাৰ্থ গৰম কৰিলে ব্যাপনৰ মাত্ৰা বাঢ়ে৷

প্ৰশ্ন - তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দশোৰ্ৱা - উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়৷ কিন্ত ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে৷

উঃ উষ্ণতা বাঢি.লে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢে.৷ উত্তপ্ত অৱস্থাত থকা বস্তুৰ কণিকাৰ সহজে বায়ুত ব্যাপন ঘটে বাবে এনে অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়৷ কিন্ত ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে৷

প্ৰশ্ন - পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি?

বা পদাৰ্থৰ কণিকাবোৰৰ তিনিটা বৈশিষ্ট্য লিখাঁ৷

উঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্টবিলাক হ’ল -

(i) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে৷

(ii) পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে৷ আৰু

(iii) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে৷

প্ৰশ্ন - স্পঞ্জ এডোখৰ কিয় সংকুচিত কৰিব পাৰি?

উঃ স্পঞ্জৰ মাজত সৰু সৰু ৰন্ধ্ৰ থাকে৷ ৰন্ধ্ৰৰ মাজত বায়ু সোমাই থাকে৷ চাপ বা হেঁচা দিলে ৰন্ধ্ৰৰ মাজৰ বায়ু ওলাই যায়, আৰু সেই কাৰণে স্পঞ্জডোখৰ সংকুচিত কৰিব পাৰি৷

প্ৰশ্ন - আমি গোন্ধ কেনেকৈ পাওঁ?

উঃ যিকোনো বস্তুৰ গোন্ধযুক্ত পদাৰ্থৰ কণিকাবোৰ বায়ুৰ কণিকাৰ লগত মিহলি হৈ আমাৰ নাকত লাগিলে আমি গোন্ধ পাওঁ৷

প্ৰশ্ন - গেছৰ চাপ কাক বোলে?

উঃ গেছীয় পদাৰ্থই ধাৰক পাত্ৰৰ বেৰত প্ৰতি একক ক্ষেত্ৰফলত দিয়া চাপকেই গেছৰ চাপ বোলে৷






Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী