Posts

Showing posts with the label Class V Science SSN Notes

সংস্কৃতত অনুস্বাৰৰ উচ্চাৰণ

Image
সংস্কৃতত অনুস্বাৰৰ উচ্চাৰণ     অনুনাসিক উচ্চাৰণ নাসিকাৰ সহায়ত কৰা উচ্চাৰণ।এই উচ্চাৰণৰ সময়ত বায়ু নাকেৰে ওলাই যায়। অনুস্বাৰৰ উচ্চাৰণ প্ৰধানকৈ নিৰ্ভৰ কৰে তাৰ পিছত থকা বৰ্ণৰ ওপৰত। অনুস্বাৰৰ উচ্চাৰণৰ ক্ষেত্ৰত মানিব লগীয়া প্ৰধান নিয়মকেইটা তলত দিয়া ধৰণৰ -     *অনুস্বাৰৰ পিছত থকা শব্দৰ প্ৰথম আখৰটো কোনো বৰ্গীয় বৰ্ণ (যেনে - ক-বৰ্গ, চ-বৰ্গ, ট-বৰ্গ, ত-বৰ্গ বা প-বৰ্গৰ কোনো আখৰ) হ'লে সেই আখৰটো যি বৰ্গৰ সেই বৰ্গৰ পঞ্চম বৰ্ণৰ উচ্চাৰণ হয়।         যেনে - অহং গচ্ছামি।                     ইয়াত অহং শব্দটোৰ শেষত অনুস্বাৰ আছে। ইয়াৰ উচ্চাৰণ পিছৰ শব্দত থকা গচ্ছামি শব্দৰ প্ৰথম আখৰ গ-ৰ ওপৰত নিৰ্ভৰ কৰিব। গ-আখৰটো যিহেতু  ক-বৰ্গৰ গতিকে অনুস্বাৰটোৰ উচ্চাৰণ ক-বৰ্গৰ পঞ্চম বৰ্ণ ঙ্ (ঙ-হলন্ত)ৰ উচ্চৰণ হ'ব।    এটা শব্দতে অনুস্বাৰৰ পিছত য়, ৰ, ল, ৱ, শ, ষ, স আদি Semi-Vowel থাকিলে অনুস্বাৰৰ উচ্চাৰণ ৱ-ৰ অনুস্বাৰৰ উচ্চাৰণ (ৱঁ) ৰ দৰে হয়। যেনে -        1.  শব্দ -  মৃত্যুসংসাৰসাগৰ...

আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ, বিজ্ঞান, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী।

Image
                              আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ  পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা –   59 1. _____ এ আমাৰ শৰীৰৰ আকৃতি দিয়ে। উঃ - হাড়ে 2.   অংগ তন্ত্ৰ কাক বোলে ? উঃ - আমাৰ শৰীৰৰ একোটা বিশেষ কাৰ্য সম্পাদন কৰা অংগৰ গোটক অংগ তন্ত্ৰ বোলে। 3.   পাচনতন্ত্ৰ কাক বোলে ? উঃ - জীৱৰ দেহত খাদ্যৰ পাচন প্ৰক্ৰিয়াৰ লগত জড়িত অংগসমূহক একেলগে পাচন তন্ত্ৰ বোলে। 4.   শ্বসনতন্ত্ৰ কাক বোলে ? উঃ - জীৱদেহৰ শ্বসন কাৰ্যৰ লগত জড়িত অংগবোৰক একেলগে শ্বসন তন্ত্ৰ বোলে। 5.    ৰেচনতন্ত্ৰ কাক বোলে ? উঃ - জীৱদেহৰ অপ্ৰয়োজনীয় পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰা অংগবোৰক একেলগে ৰেচনতন্ত্ৰ তন্ত্ৰ বোলে। 6.   ৰক্ত পৰিবহন তন্ত্ৰ কাক বোলে ? উঃ – শৰীৰৰ বিভিন্ন অংশলৈ তেজ চলাচল কৰাত সহায় কৰা অংগতন্ত্ৰক একেলগে ৰক্ত পৰিবহ ণ তন্ত্ৰ বোলে।   পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 60   7. পাচন তন্ত্ৰৰ সৈতে জড়িত অংগ সমূহ কি কি ? উঃ   - পাচন তন্ত্ৰৰ সৈতে জড়িত অংগ সমূহ...