Posts

Showing posts from August, 2022

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Image
 1. দেশৰ চাৰি ধামৰ নাম কি কি? উত্তৰ - দেশৰ চাৰিধামৰ নাম হ'ল - বদ্ৰীনাথ, জগন্নাথ, ৰামেশ্বৰম আৰু দ্বাৰকা। 2. সাতখন পুৰীৰ নাম কি কি? উত্তৰ - সাতখন পুৰীৰ নাম হ'ল - অযোধ্যা, মথুৰা, মায়া, কাশী, কাঁঞ্চী, অৱন্তিকা, দ্বাৰকা। 3. 'সত্যমেৱ জয়তে' ইয়াৰ অৰ্থ কি? উত্তৰ - 'সত্যমেৱ জয়তে' ইয়াৰ অৰ্থ হ'ল  - সত্যৰেই জয় হয়। 4. 'সত্যমেৱ জয়তে' এই মহাবাণী ক'ৰ পৰা লোৱা হৈছে? উত্তৰ - 'মুণ্ডক উপনিষদ'ৰ পৰা লোৱা হৈছে। 5. শিশু শিক্ষা সমিতি, অসমৰ সম্পাদক গৰাকীৰ নাম কি? উত্তৰ - কুলেন্দ্ৰ কুমাৰ ভাগৱতী। 6. শিশু শিক্ষা সমিতি, অসমৰ সভাপতি গৰাকীৰ নাম কি? উত্তৰ - ড০ দিব্যজ্যোতি মহন্ত। 7. শিশু শিক্ষা সমিতি, অসমৰ গুৱাহাটী সংকুলৰ মুঠ নিকেতনৰ সংখ্যা কিমান? উত্তৰ - 15 খন

প্ৰাকৃতিক দুৰ্যোগ , বিজ্ঞান , পঞ্চম শ্ৰেণী

Image
বায়ুৰ ধৰ্ম পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা -    49/50 1. প্ৰাকৃতিক দুযোৰ্গ কাক বোলে? উদাহৰণ দিযাঁ৷  উত্তৰ - হঠাতে প্ৰাকৃতিকভাৱে ঘটা মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰা ঘটনাবোৰকে প্ৰাকৃতিক দুযোৰ্গ বোলে৷  যেনে - বানপানী, ধুমুহা, ভূমিকম্প, খৰাং আদি৷  বানপানী কি?  উত্তৰ - চাৰিওদিশে ঠাইবোৰ পানীৰে বুৰাই পেলোৱাকে বানপানী বুলি কোৱা হয়৷  2.   বানপানীৰ কেইটামান কাৰণ লিখাঁ৷  উত্তৰ - বানপানীৰ কেইটামান কাৰণ তলত দিয়া ধৰণৰ -      (i) অত্যধিক বৰষুণৰ বাবে নদীৰ পানী ওপৰলৈ উঠি অহাৰ ফলত বানপানী হ’ব পাৰে৷       (ii) কেতিয়াবা নদীৰ কোনো অংশ বাম হ’লে সেই ঠাইৰ পানী উপচি কাষৰ ঠাইবোৰত বানপানী হয়৷      (iii)  অত্যধিক উষ্ণতা বৃদ্ধিৰ ফলত পবৰ্তৰ বৰফ গলি বানপানীৰ সৃষ্টি হয়৷       (iv)  কেতিয়াবা নদীৰ বান্ধ ভাগিও বানপানীৰ সৃষ্টি হয়৷  4. বানপানীৰ কেইটামান কুফল লিখাঁ৷   উত্তৰ - বানপানীৰ কেইটামান কুফল তলত দিয়া হ’ল -      (i)  বানপানীৰ ফলত জন-জীৱন বিপৰ্যস্ত হয়৷       ( i i)  বানপানীৰ কবলত বহু লোকৰ মৃত্যু হয়৷       ( i i i)  বানপানীৰ ফলত সা-সম্পত্তি বিনস্ত হয়, খেতি-শস্য বিনষ্ট হয়৷      (iv)  বানপানীৰ সময়ত বহুদিনলৈ পানী জমা হৈ পৰিৱেশ দ

মাটি , সপ্তম শ্ৰেণী

Image
মাটি , সপ্তম শ্ৰেণী  1. মাটি কি?  উঃ মাটি হ’ল জীৱনৰ আধাৰ, উৎস আৰু আশ্ৰয়স্থল৷ ই হ’ল শিল ভাগি সৃষ্টি হোৱা সৰু সৰু কণিকা আৰু হিউমাছৰ মিশ্ৰণ৷ 2. মাটি কিহেৰে গঠিত?  উঃ মাটি বিভিন্ন প্ৰকাৰৰ জৈৱ পদাৰ্থ [সজীৱ আৰু মৃত জীৱ], খনিজ লৱণ আৰু পোষক দ্ৰব্যৰ সমন্বয়ত গঠিত৷  3. খালী ঠাই পূৰ কৰা - (ক) আমাৰ ________ গভীৰভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল৷  উঃ জীৱন (খ) মাটি বহুতো জীৱৰ  ________ ৷  উঃ আবাসস্থল (গ) উদ্ভিদৰ বৃদ্ধি  ________  ৰ সহায়ত হয়৷  উঃ মাটি (ঘ) কৃষিৰ বাবে  ________  ৰ আৱশ্যক৷  উঃ মাটি 4. কৃষিয়ে আমাক কেনেদৰে সুবিধা প্ৰদান কৰে?  উঃ কৃষিয়ে আমাক অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে৷  5. মাটিক কিয় আমাৰ জীৱনৰ অবিচ্চেদ্য অংগ বুলি কোৱা হৈছে?  উঃ কৃষিয়ে আমাক সকলোকে অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে৷ পিছে এই কৃষি কৰিবলৈ আমাক মাটিৰ আৱশ্যক৷ সেয়েহে, মাটিক আমাৰ জীৱনৰ অবিচ্চেদ্য অংগ বুলি কোৱা হৈছে৷  6. হিউমাছ কি?  উঃ মাটিত থকা মৃত বিয়োজিত পদাৰ্থকে হিউমাছ বুলি কোৱা হয়৷  7. বিচূৰ্ণভৱন বা বিচূৰ্ণীভৱন কাক বোলে?  উঃ বতাহ, পানী আৰু জলবায়ুৰ প্ৰভাৱত বিভিন্ন প্ৰকাৰৰ শিল চূৰ্ণ হৈ