Posts

Showing posts from September, 2019

শব্দ, বিজ্ঞান, নবম শ্ৰেণী

Image
1. শব্দ কি? ইয়াক কেনেকৈ উ ৎপ ন্ন কৰা হয়? উত্তৰ - শব্দ এবিধ শক্তি। বায়ু বা আন মাধ্যমৰ মাজেৰে শ্ৰৱণযোগ্য যান্ত্ৰিক তৰংগ হিচাপে সঞ্চালন হোৱা কম্পনকে শব্দ বোলে। ই আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়।          কম্পনশীল বস্তুৰ পৰা শব্দৰ  উ ৎপ ন্ন হয়। কম্পনশীল বস্তুৱে ইয়াৰ সংস্পৰ্শত থকা চাৰিওফালৰ বায়ু, পানী আদি মাধ্যমৰ কণাবোৰক কঁপাই তোলে, আৰু এই কঁপিনেয়ই পাছত আমাক শব্দ শ্ৰৱণৰ অনুভূতি দিয়ে। 2. শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা  হয়? উত্তৰ -  অনুদৈৰ্ঘ্য তৰংগৰ ক্ষেত্ৰত  তৰংগটোৰ গতিৰ দিশৰ সমান্তৰালভাৱে  তৰংগটো সঞ্চালিত হোৱা মাধ্যমৰ কণিকাবোৰৰ  কম্পন ঘটে। শব্দ তৰংগ সঞ্চালিত হোৱা বায়ু, পানী আদি মাধ্যমৰ কণিকাবোৰৰ ক্ষেত্ৰতো এনে ঘটে। সেয়েহে  শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়। 3. বিজুলী আৰু ঢেৰেকণি দুয়োটাৰে একেলগে সৃষ্টি হয়। কিন্তু, বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায় কিয় ? উত্তৰ -  বায়ুমণ্ডলত পোহৰৰ দ্ৰুতি 3 × 10 8  মিঃ/ছেঃ। অৰ্থাৎ পোহৰে বায়ুমণ্ডলত প্ৰতি চেকেণ্ডত  3 × 10 8  মিটাৰ বেগেৰে গতি কৰিব পাৰে। কিন্তু, পোহৰৰ তুলনাত  শব্দৰ এই দ্ৰুতি অতি কম।  330  মিটাৰ প্ৰতি চেকে

The Felling of the Banyan Tree, A poem by Dilip Chitre from Class VII English textbook of SSNs of Assam

Some word meanings : Paragraph.1 ................. tell (ক) - told (কৈছিল) - told leave (এৰ্) - left (এৰিছিল) - left Tenants - A person who pays rent for the use of a room, building, land to the person who owns it. (ভেৰোণীয়াকৈ ঘৰ, মাটি লোৱা লোক।) My father told - মোৰ দেউতাই কৈছিল, the tenants - ভেৰোণীয়াকৈ ঘৰ, মাটি লোৱা লোকসকলক, to leave - এৰিবলৈ, who lived - যি বাস কৰিছিল, in the houses - ঘৰবিলাকত, surrounding our house - আমাৰ ঘৰটোক আগুৰি থকা, on the hill - পাহাৰৰ ওপৰত।      one by one - এটা এটাকৈ, the structures were demolished - ঘৰবিলাক ধ্বসং কৰা হৈছিল। only our own house remained - কেৱল আমাৰ ঘৰটো বাচিছিল, and the trees -  আৰু গছবিলাক।

অৰণ্য আমাৰ জীৱন ৰেখা, বিজ্ঞান, সপ্তম শ্ৰেণী।

1. খালী ঠাই পূৰ কৰা। (ক) ______ পানী বিশুদ্ধিকৰণ তন্ত্ৰ হিচাপে কাম কৰে। উত্তৰ - অৰণ্যই (খ) ______ হৈছে প্ৰকৃতিৰ সেউজীয়া হাওঁফাওঁ। উত্তৰ - অৰণ্য। 2. গভীৰ অৰণ্যত বাস কৰা কেইবিধমান প্ৰাণীৰ নাম লিখা। উত্তৰ - গভীৰ অৰণ্যত বাস কৰা কেইবিধমান প্ৰাণীৰ নাম হ'ল - বন-গাহৰি, ফেউৰা, কেটেলাপহু, হাতী আদি। 3. অৰণ্যত থকা কেইবিধমান ডাঙৰ গছৰ উদাহৰণ দিয়া। উত্তৰ - অৰণ্যত থকা কেইবিধমান ডাঙৰ গছৰ উদাহৰণ হ'ল - শাল, চেগুন, গমাৰি, শিমলু, পলাশ, বট, আঁহত, আম, অৰ্জুন আদি। 4. অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা। উত্তৰ - অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম হ'ল - কাঠ, আঠা, ধূনা, ঔষধ‌ আৰু ৰবৰ। 5. চন্দ্ৰতাপসদৃশ গছ বা কেন'পি (canopy) কি? উত্তৰ ‌- যিবোৰ ডাঙৰ গছৰ ডালবোৰে আন উদ্ভিদবোৰৰ ওপৰত ছালৰ দৰে আৱৰি থাকে, তেনেবোৰ উদ্ভিদকে চন্দ্ৰতাপসদৃশ গছ বা কেন'পি (canopy) বোলে। 6. চন্দ্ৰতাপসদৃশ গছ বা কেন'পি (canopy) ক'ত পোৱা যায়? উত্তৰ - চন্দ্ৰতাপসদৃশ গছ বা কেন'পি (canopy) সাধাৰণতে গভীৰ অৰণ্যত পোৱা যায়। 7. খালী ঠাই পূৰ কৰা। (ক) অৰণ্যৰ ______ আৰু _____ গছবোৰে

পানীৰ চাপ, বিজ্ঞান, পঞ্চম শ্ৰেণী,

1. পানীয়ে ________ দিশত‌ চাপ বা হেঁচা দিয়ে। উত্তৰ - সকলো 2. পানীৰ নিম্নচাপ‌ কাক‌ বোলে? উত্তৰ - পানীয়ে‌ তললৈ দিয়া হেঁচাক পানীৰ নিম্নচাপ বোলে। 3. পানীয়ে তললৈ হেঁচা দিয়ে বুলি এটা পৰীক্ষাৰ দ্বাৰা দেখুওৱা। উত্তৰ - পৰীক্ষা - ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে‌ এটা প্লাষ্টিকৰ বটলৰ তলিখন কাটি লৈ বেলুন বা পাতল ৰবৰৰ কোনো টুকুৰাৰে বটলটোৰ খোলা তলি অংশত ৰবৰৰ বেণ্ডেৰে টানকৈ বান্ধি লোৱা হ'ল, যাতে পানী ভৰালে ওলাই যাব নোৱাৰে।       এতিয়া কোনো পাত্ৰৰ সহায়ত  লাহে লাহে বটলটোৰ ভিতৰত পানী ঢালিলে বটলটোৰ তলিৰ ৰবৰৰ টুকুৰাটো তললৈ দো খাই‌ দেখা যোৱা দেখা যাব।‌      পানীখিনি উলিয়াই দিলে দেখা যাব যে ৰবৰ টুকুৰা পুনৰ আগৰ দৰে তলিৰ লগত সমান হৈ গ'ল। ইয়াৰ পৰা বুজা যায় যে পানীয়ে তললৈ হেঁচা দিয়ে। 4. পানীৰ পাৰ্শ্বচাপ কাক বোলে? উত্তৰ - পানীয়ে কাষলৈ দিয়া হেঁচাক পানীৰ পাৰ্শ্বচাপ বোলে। 5. এটা পৰীক্ষাৰ সহায়ত দেখুওৱা যে পানীৰ পাৰ্শ্বচাপ আছে। উত্তৰ - চিত্ৰত দেখুওৱাৰ দৰে এটা বটলৰ  ওপৰৰ পৰা তললৈ A, B আৰু C তিনিটা স্থানত তিনিটা ফুটা কৰি লোৱা হ'ল। এতিয়া বটলত পানী ঢালিলে ফুটা তিনটাৰে বটলৰ ভিতৰৰ পানী

পোহৰ, সপ্তম শ্ৰেণী

1. আমি _______ ৰ সহায়ত _______ ৰে দেখা পাওঁ। উত্তৰ - পোহৰ; চকু। 2. পোহৰ কি? উত্তৰ - পোহৰ এবিধ বিদ্যুৎ চুম্বকীয় তৰংগ। ই এনে এক উদ্দীপনা, যি আমাৰ চকুত দৃষ্টিৰ অনুভূতি ‌জগায়। 3. দীপ্তিমান (Luminous) বস্তু কাক বোলে? উদাহৰণ দিয়া। উত্তৰ - যিবোৰ বস্তুৱে‌ নিজে পোহৰ সৃষ্টি কৰে, আৰু সেইবোৰৰ পৰা অহা পোহৰ আমি প্ৰত্যক্ষভাৱে লাভ কৰিব পাৰোঁ, তেনেবোৰ বস্তুকে দীপ্তিমান (Luminous) বস্তু বোলে।      উদাহৰণস্বৰূপে - সূৰ্য নক্ষত্ৰ, বিজুলী চাকি আদি। 4. দীপ্তিহীন (Luminous) বস্তু কাক বোলে? উদাহৰণ দিয়া। উত্তৰ - যিবোৰ বস্তুৱে‌ নিজে পোহৰ সৃষ্টি কৰিব, তেনেবোৰ বস্তুকে দীপ্তিহীন (Non-luminous) বস্তু বোলে।      উদাহৰণস্বৰূপে - চন্দ্ৰ, গ্ৰহ, কিতাপ , কলম, আদি। 5. আমি কোনো বস্তু কেতিয়া দেখা পাওঁ? উত্তৰ - কোনো বস্তুত প্ৰতিফলিত হৈ অহা পোহৰ আমাৰ চকুত সোমালে আমি বস্তুটো দেখা পাওঁ। 6. পোহৰে _______ ৰেখাত গতি কৰে। উত্তৰ- সৰল 7. পোহৰৰ সৰলৰৈখিক গতি বুলিলে কি বুজি উত্তৰ - পোহৰে সৰলৰেখাত গতি কৰে। ইয়াকে পোহৰৰ সৰলৰৈখিক গতি বুলি কোৱা হয়। 8. স্বচ্ছ, অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তুৰ দুটাকৈ উদাহৰণ দিয়া। উত্তৰ -

Triangles, from NCERT Textbook, Class 10

    Two figures are said to be congruent, if they have the same shape and the same size.     .......     Two polygons of the same number of sides are similar if (i) their corresponding angles are equal and (ii) their corresponding sides are in the same ratio (or proportion).

জীৱৰ শ্বাস-প্ৰশ্বাস, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী।

1. জীৱৰ শ্বাস-প্ৰশ্বাস বুলিলে কি বুজা? উত্তৰ - সাধাৰণ অৱস্থাত বুকুৰ ভিতৰলৈ বায়ু সোমোৱা কাৰ্যক শ্বাস বা উশাহ আৰু বাহিৰলৈ ওলাই যোৱা কাৰ্যক প্ৰশ্বাস বা নিশাহ বোলে। 2. প্লিউৰা কাক বোলে? উত্তৰ - আমাৰ হাঁওফাঁও দুটা আৱৰি থকা পাতল অথচ টান আৱৰণীখনকে প্লিউৰা বোলে। 3. মধ্যচ্ছদা কাক  বোলে? উত্তৰ - বক্ষগহ্বৰৰ তলফালে থকা পেশীযুক্ত আৰু ডাঙৰ পৰ্দাখনকে মধ্যচ্ছদা বোলে। 4. মানুহৰ উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়াটোৰ চমু বৰ্ণনা দিয়াঁ। উত্তৰ - (গৃহকাৰ্য হিচাবে নিজে কৰিবাঁ) 5. বায়ৱীয় বা সবাত শ্বসন কাক বোলে? উত্তৰ - অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন কাৰ্যক বায়ৱীয় বা সবাত শ্বসন বোলে। 6. অবায়ৱীয় বা অবাত শ্বসন কাক বোলে? উত্তৰ - অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন কাৰ্যক অবায়ৱীয় বা অসবাত শ্বসন বোলে। 7.  মানুহৰ দৰে হাঁওফাঁও থাকা  কেইবিধমান প্ৰাণীৰ নাম লিখাঁ। উত্তৰ -   মানুহৰ দৰে হাঁওফাঁও নাথাকা  কেইবিধমান প্ৰাণীৰ নাম হ ’ ল  মাছ ,  বিভিন্ন এককোষী প্ৰাণী ,  বিভিন্ন পতংগ ,   কেঁচু  আদি। 8. এমিবা কি ? উত্তৰ -  এমিবা এবিধ পানীত থকা  সৰল   এককোষী প্ৰাণী। 9. এমিবাই ______ ৰ দ্বাৰা শ্বাস-প্ৰশ্বাস লয়। উত্তৰ - কোষাৱৰণ

উদ্ভিদৰ প্ৰজনন, সপ্তম শ্ৰেণীৰ পাঠ্যপুথি, শংকৰদেৱ শিশু নিকেতন, অসম।

          পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা -  116 1. প্ৰজনন কাক বোলে ? উত্তৰ -   যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই নিজৰ দৰে নতুন জীৱৰ সৃষ্টি কৰে ,  তাকে প্ৰজনন বোলে। বা  যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই নিজ দেহাংশৰ পৰা অনুৰূপ নতুন প্ৰজন্মৰ সৃষ্টি কৰি বংশৰ অস্তিত্ব বৰ্তাই ৰাখে, সেই প্ৰক্ৰিয়াকে প্ৰজনন বোলে। 2.   প্ৰজনন কেই প্ৰকাৰৰ আৰু কি কি ? উত্তৰ -   প্ৰজনন তিনি প্ৰকাৰৰ। ( ক) অংগজ প্ৰজনন ( খ) অযৌন প্ৰজনন আৰু ( গ) যৌন প্ৰজনন 3.  সপুষ্পক উদ্ভিদ কাক বোলে ?  উদাহৰণ দিয়া। উত্তৰ -   যিবিলাক উদ্ভিদৰ ফুল ফুলে ,  তেনেবোৰ উদ্ভিদকে সপুষ্পক উদ্ভিদ বোলে ?             যেনে - আম ,  কঠাল ,  শিলিখা আদি। পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা -  118 4.   উদ্ভিদৰ অংগজ প্ৰজননৰ তিনিটা সুবিধা লিখা। উত্তৰ -   উদ্ভিদৰ অংগজ প্ৰজননৰ তিনিটা সুবিধা তলত দিয়া ধৰণৰ -           ( ক) অংগজ প্ৰজননৰ দ্বাৰা জন্ম হোৱা উদ্ভিদে অতি সোনকালে ফল-ফুল ধাৰণ কৰে।           ( খ) অংগজ প্ৰজননৰ দ্বাৰা জন্ম হোৱা উদ্ভিদৰ ফল-ফুলৰ চৰিত্ৰ সাইলাখ মাতৃ গছজোপাৰ দৰেই হয়।           ( গ) কলৰ দৰে গুটি থাকিও গুটিৰ পৰা বংশ বৃদ্ধি নোহোৱা কিছুমান উ

Some special facts of English grammar

*Wh-words e.g. who, which, how etc.  can be determiners, adverbs, or pronouns.        Ex. "Who" is a pronoun.               "Which" is an adjective. *An adverb can qualify aaverb,  adjectiv or an another adverb. *There 9 classes Noun - , pronoun - who Verb, Adjective - which, Adverb, Preposition - , Ceterminer, Conjunction, Interjection