শব্দ, বিজ্ঞান, নবম শ্ৰেণী



1. শব্দ কি? ইয়াক কেনেকৈ উৎপন্ন কৰা হয়?

উত্তৰ - শব্দ এবিধ শক্তি। বায়ু বা আন মাধ্যমৰ মাজেৰে শ্ৰৱণযোগ্য যান্ত্ৰিক তৰংগ হিচাপে সঞ্চালন হোৱা কম্পনকে শব্দ বোলে। ই আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়।

        কম্পনশীল বস্তুৰ পৰা শব্দৰ ৎপন্ন হয়। কম্পনশীল বস্তুৱে ইয়াৰ সংস্পৰ্শত থকা চাৰিওফালৰ বায়ু, পানী আদি মাধ্যমৰ কণাবোৰক কঁপাই তোলে, আৰু এই কঁপিনেয়ই পাছত আমাক শব্দ শ্ৰৱণৰ অনুভূতি দিয়ে।

2. শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয়?

উত্তৰ - অনুদৈৰ্ঘ্য তৰংগৰ ক্ষেত্ৰত তৰংগটোৰ গতিৰ দিশৰ সমান্তৰালভাৱে তৰংগটো সঞ্চালিত হোৱা মাধ্যমৰ কণিকাবোৰৰ  কম্পন ঘটে। শব্দ তৰংগ সঞ্চালিত হোৱা বায়ু, পানী আদি মাধ্যমৰ কণিকাবোৰৰ ক্ষেত্ৰতো এনে ঘটে। সেয়েহে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয়।

3. বিজুলী আৰু ঢেৰেকণি দুয়োটাৰে একেলগে সৃষ্টি হয়। কিন্তু, বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায় কিয়?

উত্তৰ - বায়ুমণ্ডলত পোহৰৰ দ্ৰুতি 3 × 108 মিঃ/ছেঃ। অৰ্থাৎ পোহৰে বায়ুমণ্ডলত প্ৰতি চেকেণ্ডত 3 × 108 মিটাৰ বেগেৰে গতি কৰিব পাৰে। কিন্তু, পোহৰৰ তুলনাত শব্দৰ এই দ্ৰুতি অতি কম। 330 মিটাৰ প্ৰতি চেকেণ্ড মাত্ৰ।  সেয়েহে, বিজুলী আৰু ঢেৰেকণি দুয়োটাৰে একেলগে সৃষ্টি হয় যদিও বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায়। 

4. শক্তিৰ কেইটামান প্ৰকাৰৰ উদাহৰণ দিয়াঁ।
উত্তৰ - শক্তিৰ কেইটামান প্ৰকাৰ হ'ল - যান্ত্ৰিক শক্তি, তাপ শক্তি, পোহৰ শক্তি, নিউক্লীয় শক্তি আদি।
5. শক্তিৰ সংৰক্ষণৰ সূত্ৰটো লিখা।
উত্তৰ - শক্তিৰ সংৰক্ষণৰ সূত্ৰটো হ'ল যে শক্তিৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। আমি শক্তিক এটা প্ৰকাৰৰ পৰা আন এটা প্ৰকাৰলৈ ৰূপান্তৰহে কৰিব পাৰি।

6. শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা থকা পৰীক্ষা এটা উল্লেখ কৰাঁ৷

উত্তৰ -

    ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে বায়ুৰুদ্ধ বেলজাৰ এটাৰ ভিতৰত বৈদ্যুতিক ঘন্টা এটা ওলোমাই লোৱা হ’ল৷ বেলজাৰটো বায়ু নিষ্কাশন পাম্প এটাৰ লগত সংযোগ কৰি থোৱা হ’ল৷ চুইছ দিলে ঘন্টাটোৰ শব্দ শুনিবলৈ পোৱা যায়৷ এতিয়া পাম্পটো চলাই বেলজাৰটোৰ ভিতৰৰ বায়ু লাহে লাহে নিষ্কাশিত কৰিলে ঘন্টাৰ শব্দ ক্ৰমান্বয়ে সৰু হৈ আহিব আৰু কিছু সময়ৰ পিছত বেলজাৰৰ ভিতৰৰ বায়ুৰ পৰিমাণ অতিকে কমিলে  ঘন্টাটোৰ অতিশয় সৰু শব্দহে শুনা যাব৷ বেলজাৰৰ বায়ু সম্পূৰ্ণকৈ নিষ্কাশিত হ’লে ঘন্টাটো বাজি থাকিলেও বাহিৰৰ পৰা কোনো শব্দ শুনা নাযাব৷ 

    এই পৰীক্ষাটোৰ পৰা প্ৰমাণিত হয় যে শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন৷

7. শব্দৰ উৎস এটাৰ কম্পনাংক 100Hz। ই এক মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব?

সমাধানঃ 

        দিয়া আছে,

                        শব্দৰ উৎসটোৰ কম্পনাংক 100Hz।

        অৰ্থাৎ উৎসটোৰ শব্দই 1 চেকেণ্ডত সম্পূৰ্ণ কৰে = 100 টা কম্পন।

    গতিকে উৎসটোৰ শব্দই 1 মিনিট (=60 চেকেণ্ড)ত সম্পূৰ্ণ কৰে = 100 x 60

                                                                                   = 6000 টা কম্পন।

8. শব্দ এটা প্রতিধ্বনি 3 s পিছত শুনা গ'ল। প্রতিফলনক পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান? দিয়া আছে, শব্দৰ দ্ৰুতি 342 ms-1।

9. অনুৰণন কাক বোলে?
উত্তৰ - শব্দৰ নিৰ্বন্ধ ঘটোৱা পুন: পুন: প্ৰতিফলনক অনুৰণন বোলে।
10. প্ৰেক্ষাগৃহ বা ডাঙৰ হলঘৰৰ অনুৰণন কমাবৰ বাবে কি ব্যৱস্থা ল'ব পাৰি?

উত্তৰ - প্ৰেক্ষাগৃহ বা ডাঙৰ হলঘৰৰ অনুৰণন কমাবৰ বাবে ইয়াৰ বেৰ আৰু মূধচ শব্দ শোষণকাৰী পদাৰ্থ যেনে - আঁহযুক্ত প্ৰচাপিত ব'ৰ্ড, খহটা প্লাষ্টাৰ বা ডাঠ পদাৰ্থৰে আবৰি ৰাখিব লাগে। তদুপৰি শব্দ শোষণ কৰিব পৰা পদাৰ্থৰে বহা আসনবোৰ সজ্জিত কৰি ৰাখিব লাগে।
11. প্ৰেক্ষাগৃহ বা ডাঙৰ হলঘৰৰ বেৰ, মূধচ আদি আঁহযুক্ত প্ৰচাপিত ব'ৰ্ড, খহটা প্লাষ্টাৰ বা ডাঠ পদাৰ্থৰে আবৰি ৰখা হয় কিয়?

উত্তৰ  - শব্দৰ অনুৰণন কমাবৰ বাবে প্ৰেক্ষাগৃহ বা ডাঙৰ হলঘৰৰ বেৰ, মূধচ আদি আঁহযুক্ত প্ৰচাপিত ব'ৰ্ড, খহটা প্লাষ্টাৰ বা ডাঠ পদাৰ্থৰে আবৰি ৰখা হয়।

12. সংগীত সমলয়ৰ প্ৰেক্ষাগৃহ, সভা-সমিতিৰ প্ৰেক্ষাগৃহ আৰু চিনেমা হলৰ মূধচখন বক্ৰাকৃতিৰ কৰা হয় কিয়?

উত্তৰ - সংগীত সমলয়ৰ প্ৰেক্ষাগৃহ, সভা-সমিতিৰ প্ৰেক্ষাগৃহ আৰু চিনেমা হলৰ মূধচখন বক্ৰাকৃতিৰ কৰা হয়, যাতে শব্দ প্ৰেক্ষাগৃহ বা হলৰ প্ৰতিটো চুক কোণলৈ যাব পাৰে।
13. সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ কি?

উত্তৰ - সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ 20Hz ৰ পৰা 20kHz.
14. অৱশব্দ বা অৱশাব্দিক ধ্বনি কাক বোলে?

উত্তৰ - 20 Hzতকৈ কম কম্পনাংকৰ শব্দক অৱশব্দ বা অৱশাব্দিক ধ্বনি (infrasonic sound) বোলে।

15. অৱশব্দ উৎপন্ন কৰা দুবিধ প্ৰাণীৰ নাম লিখাঁ।

উত্তৰ - তিমিমাছ আৰু হাতী।
16. অতিশব্দ বা অতিশাব্দিক ধ্বনি কাক বোলে?

উত্তৰ - 20,000 Hzতকৈ বেছি কম্পনাংকৰ শব্দক অতিশব্দ (ultrasound) বা অতিশাব্দিক ধ্বনি (ultrasonic sound) বোলে।

বা 20 kHzতকৈ বেছি কম্পনাংকৰ শব্দক অতিশব্দ (ultrasound) বা অতিশাব্দিক ধ্বনি (ultrasonic sound) বোলে।

(টোকা - 1kHz = 1000 Hz)

17. অতিশব্দ সৃষ্টি কৰিব পৰা দুবিধ প্ৰাণীৰ নাম লিখাঁ।

উত্তৰ - অতিশব্দ সৃষ্টি কৰিব পৰা দুবিধ প্ৰাণীৰ নাম হ'ল - বাদুলি আৰু এন্দুৰ।

18. অতিশব্দৰ কেইটামান ব্যৱহাৰ লিখাঁ।

উত্তৰ - অতিশব্দৰ কেইটামান ব্যৱহাৰ তলত দিয়া ধৰণৰ -

       (ক) শঙ্খকুণ্ডলী আকৃতিৰ নলী, অদ্ভুত আকৃতিৰ যন্ত্রাংশ, ইলেকট্রনিক উপাদান আদিৰ সহজে ঢুকি নােপােৱা ঠাইবােৰ পৰিষ্কাৰ কৰিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়।

        (খ) ধাতুৰ টুকুৰাৰ ফাট আৰু চ্যুতি ধৰা পেলাবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়।

        (গ)  অতিশাব্দিক তৰংগক হৃদপিণ্ডৰ বিভিন্ন অংশৰ পৰা প্ৰতিফলিত কৰোৱাই হৃদপিণ্ডৰ প্ৰতিবিম্ব গঠন কৰা হয়।

        (ঘ) অতিশব্দ ক্ৰমাধক্ষক (ultrasound scanner) যন্ত্ৰৰ দ্বাৰা অতিশব্দ ব্যৱহাৰ কৰি মানব শৰীৰৰ অন্তৰ্ভাগৰ বিভিন্ন অংগৰ প্ৰতিবিম্ব গঠন কৰা হয়। ইয়াৰ দ্বাৰা িচিকত্সকে ৰুগীৰ দেহৰ বিভিন্ন বিসংগতি যেনে - পিত্তাশয় আৰু বৃক্কৰ পাথৰ, বিভিন্ন অংগৰ টেমুনা আদিৰ বিষয়ে অৱগত হ'ব পাৰে।

        (ঙ) বৃক্কত হোৱা বিভিন্ন পাথৰ ভাঙি গুৰি কৰিবৰ বাবেও অতিশব্দৰ ব্যৱহাৰ কৰা হয়। এই পাথৰৰ গুৰিবোৰ পিছত প্ৰস্ৰাবৰ লগত ওলাই আহে।   

19. প্ৰতিধ্বনি হৃদয়লেখ (echocardiography) কি?

উত্তৰ - অতিশাব্দিক তৰংগক হৃদপিণ্ডৰ বিভিন্ন অংশৰ পৰা প্ৰতিফলিত কৰোৱাই হৃদপিণ্ডৰ প্ৰতিবিম্ব গঠন কৰা প্ৰক্ৰিয়াকে প্ৰতিধ্বনি হৃদয়লেখ (echocardiography) বোলে।


Comments

  1. Replies
    1. Well come. কোন জিলাৰ? নাম কি তোমাৰ জনাবাচোন। আৰু কেনে ধৰণৰ প্ৰশ্নোত্তৰ বিচাৰা নিশ্চয় উল্লেখ কৰিবাঁ।

      Delete
  2. কামৰূপ জিলাৰ নাম-বিবেক দাস শংকৰদেৱ শিশু/বিদ্যা নিকেতন বেলতলাৰ নৱম শ্ৰেণীৰ ছাত্ৰ

    ReplyDelete
  3. Sir apuni 3answer diya nai please di diyok 🥺

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী