জীৱন প্ৰক্ৰিয়াসমূহ , বিজ্ঞান,Class 10
পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 98 উদ্ভিদে প্ৰ’টিন আৰু অন্যান্য কিছুমান যৌগ সংশ্লেষণ কৰিবলৈ অতি প্ৰয়োজন হোৱা মৌলবিধৰ নাম কি? ইয়াক কি হিচাপে আৰু ক’ৰ পৰা আহৰণ কৰে? উঃ নাইট্ৰ’জেন৷ ইয়াক নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে মাটিৰ পৰা আহৰণ কৰে৷ অৱশ্যে বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰ পৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰ পৰাও উদ্ভিদে এইবিলাক আহৰণ কৰিব পাৰে৷ উদ্ভিদে নাইট্ৰ’জেন ক’ৰ পৰা পায়? উঃ উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা পানীৰ লগতে অজৈৱ নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে নাইট্ৰ’জেন আহৰণ কৰি লয়৷ কেতিয়াবা কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰপৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰপৰাও উদ্ভিদে এই নাইট্ৰ’জেন আহৰণ কৰি লয়৷ দেহৰ বাহিৰত পচন হোৱাৰ পাছত সৰল অৱস্থাত দেহৰ ভিতৰলৈ আহাৰ শোষণ কৰা দুবিধ জীৱৰ নাম লিখাঁ৷ উঃ ইষ্ট আৰু কাঠফুলা৷ পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম লিখাঁ৷ উঃ পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম হ’ল, - আমৰলে, চিকৰা, ওকনি, জোক আৰু ফিতাপেলু৷ পেৰামেচিয়ামৰ খাদ্যগ্ৰহণ প্ৰক্ৰিয়াটো লিখাঁ৷ উঃ ...