নিয়ন্ত্ৰণ আৰু সমন্বয় , বিজ্ঞান, দশম শ্ৰেণী



1. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন৷ ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?  TP.17, 18

উঃ আমাৰ দেহত গ্ৰাহক অংগৰ কাম হ’ল পৰিৱৰ্তিত পৰিৱেশৰ বিভিন্ন তথ্যসমূহ, যেনে - উত্তাপ, পোহৰ আদিৰ হ্ৰাস-বৃদ্ধি, শৰীৰত হোৱা কোনো আঘাত, কোনো বস্তুৰ গোন্ধ আদিৰ উদ্দীপনা গ্ৰহণ কৰি স্নায়ুকোষলৈ প্ৰেৰণ কৰা৷

গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে পৰিৱৰ্তিত পৰিৱেশৰ উদ্দীপনা বা বাৰ্তা স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ নহ’ব৷ ফলত উপযুক্ত সঁহাৰিৰ অভাৱত আমাৰ শৰীৰৰ আংশিক বা সম্পূৰ্ণ ক্ষতি হ’ব৷

উদাহৰণস্বৰূপে গৰম বস্তুত হাত-ভৰি লাগিলে তাৰ উদ্দীপনা যদি স্নায়ুতন্ত্ৰলৈ নাযায়, তেন্তে স্নায়ুৰ ক্ৰিয়াত পেশীকোষ সক্ৰিয় হৈ গৰম বস্তুৰ পৰা হাত-ভৰি আঁতৰাই অনাত সহায় নকৰিব৷ ফলত, আমাৰ শৰীৰ আংশিকভাৱে বা সম্পূৰ্ণকৈ জ্বলি যাব৷ একেই কাৰণত অতি উজ্জ্বল পোহৰ বেছি সময়ৰ বাবে চকুত সোমাই চকুৰ পেশীসমূহ বিকল কৰি পেলাব, - আমি নেদেখা হ’ম৷ মহ এটাই বহু পৰ কামুৰি থাকি আমাৰ দেহলৈ বেমাৰ বিয়পাব৷ আমাৰ মৃতু্য হ’ব পাৰে, আদি৷

2. স্নায়ুকোষ বা নিউৰণ কি? TP.15, 16, 17, 18

উঃ স্নায়ুকোষ বা নিউৰণ হ’ল স্নায়ুতন্ত্ৰ গঠনৰ সূক্ষ্মতম কাৰ্যকৰী একক৷ ই দেহকোষ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত৷

3. স্নায়ুকোষবোৰ কিহেৰে গঠিত? TP.15

উঃ স্নায়ুকোষবোৰ দেহকোষ (nerve cell) আৰু স্নায়ু প্ৰবৰ্ধ (nerve proces) ৰে গঠিত৷

4. এটা স্নায়ুকোষ বা নিউৰণৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা৷      TP.17,18

উঃ স্নায়ুকোষ বা নিউৰণ দেহকোষ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত৷ স্নায়ুকোষ বা নিউৰণৰ যি অংশত কোষকেন্দ্ৰটো অৱস্থিত, সেয়ে ¸দেহকোষ৷ স্নায়ু প্ৰবৰ্ধবোৰ হ’ল দেহকোষৰ পৰা ওলোৱা কিছুমান চুটি আৰু দীঘল শাখা৷ ইয়াৰে চুটি প্ৰবৰ্ধবোৰক ডেনড্ৰাইট, আৰু ডেনড্ৰাইটবোৰতকৈ দীঘল প্ৰবৰ্ধডালক এক্সন বুলি কোৱা হয়৷

একোটা স্নায়ুকোষৰ ডেনড্ৰাইটবোৰে নিকটবৰ্তী কোষৰ পৰা স্নায়ু বাতাৰ্ বা উদ্দীপনা লাভ কৰিলে বিশেষ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা বৈদু্যতিক প্ৰেৰণাৰ সৃষ্টি কৰে৷ এই প্ৰেৰণা ডেনড্ৰাইটৰ পৰা প্ৰথমে দেহকোষলৈ আৰু পিছত এক্সনৰ মাজেৰে ইয়াৰ প্ৰান্তলৈ যায়৷ এক্সনৰ প্ৰান্তত এই প্ৰেৰণাই কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত কৰে যি দুটা স্নায়ুকোষৰ মাজৰ খালী ঠাই ছাইনেপছ পাৰ হৈ আনটো স্নায়ুকোষৰ ডেনড্ৰাইটত একে ধৰণৰ উদ্দীপনাৰ সৃষ্টি কৰে৷ এইদৰেই স্নায়ুকোষসমূহে বৈদু্যতিক প্ৰেৰণা আৰু স্নায়বিক উদ্দীপনাৰ বাহক ৰূপে কাম কৰে৷

    

5. এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ পাৰ্থক্যসমূহ লিখা৷  TP.17

6. প্ৰতীপ বা স্বতুল্য ক্ৰিয়া কি? এটা উদাহৰণ দিয়াঁ৷ TP.15,16,17,18
উঃ আকস্মিকভাৱে পাৰিপাশ্বিৰ্কৰ পৰিৱৰ্তন ঘটিলে আমাৰ দেহে মুহূৰ্ততে সঁহাৰি জনাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়াস কৰে৷ ইয়াকে প্ৰতীপ বা স্বতুল্য ক্ৰিয়া বুলি কোৱা হয়৷    
উদাহৰণস্বৰূপে, অজানিতে কোনো গৰম বস্তুত আমাৰ হাত-ভৰি আদি লাগিলে আমি তৎক্ষণাৎ তেনে বস্তুৰ সংস্পৰ্শৰ পৰা হাত-ভৰি আঁতৰাই আনো৷
7. প্ৰতীপ ধনু কি বা প্ৰতীপ ধনু কাক বোলে? TP.17
উঃ আকস্মিকভাৱে পাৰিপাশ্বিৰ্কৰ পৰিৱৰ্তন ঘটিলে আমাৰ দেহে যাতে মুহূৰ্ততে সঁহাৰি জনাব পাৰে, তাৰ বাবে স্নায়ুৰজ্জুত সংবেদী স্নায়ুৰ লগত পেশী সঞ্চালন কৰা স্নায়ু সংযোজিত হৈ থাকে৷ প্ৰতীপ ক্ৰিয়া একোটা ক্ৰিয়াশীল হোৱা এনে ধৰণৰ সংযোগক প্ৰতীপ ধনু বুলি কোৱা হয়৷
8. প্ৰতীপ ধনুৰ গুৰুত্ব কি?
উঃ আকস্মিকভাৱে পাৰিপাশ্বিৰ্কৰ পৰিৱৰ্তন ঘটিলে চিন্তা উদ্ৰেককাৰী প্ৰক্ৰিয়াৰ অবিহনেই আমাৰ দেহে প্ৰতীপ ধনুৰ দ্বাৰা উদ্দীপনাৰ প্ৰতি মুহূৰ্ততে সঁহাৰি জনায়৷
9. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি?  TP.15,16,17,18
উঃ প্ৰতীপ ক্ৰিয়াত মগজুৱে কোনো ভূমিকা পালন নকৰে৷ কিয়নো, আকস্মিকভাৱে পাৰিপাশ্বিৰ্কৰ পৰিৱৰ্তন ঘটিলে আমাৰ দেহে মগজুৰ ভবা-চিন্তা প্ৰক্ৰিয়াৰ অবিহনে মুহূৰ্ততে সঁহাৰি জনাই পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ স্নায়ু১৭ুত সংবেদী স্নায়ুৰ লগত পেশী সঞ্চালন কৰা স্নায়ু সংযোজিত হৈ প্ৰতীপ ধনু গঠন কৰে৷ অৱশ্যে এই তথ্য মগজুত উপনীত হয়, য’ত এয়া ভৱিষ্যতৰ বাবে স্মৃতি হিচাবে সঞ্চিত হৈ থাকে৷
10. নিলাজী বনৰ পাতবোৰে স্পৰ্শ কৰিলে জঁই পৰি যায় কিয়? TP.15,16
উঃ নিলাজী বনৰ পাতবোৰ স্পৰ্শ কৰিলে জাপ খাই জঁই পৰি যায়৷ কিয়নো, ইহঁতৰ দেহত এনে ব্যৱস্থা আছে যে স্পৰ্শ কৰিলে কোনো বৈদু্যতিক ৰাসায়নিক প্ৰেৰণাৰ সৃষ্টি হয়৷ ইয়াৰ সঁহাৰি হিচাপে বিভিন্ন কোষত থকা পানীৰ তাৰতম্য ঘটি কোষবিলাক ¦£ীত বা শ্লথ হৈ পৰে আৰু ইয়াৰ ফলস্বৰূপে কোষবোৰৰ আকাৰ সলনি হৈ পাতবোৰে এইদৰে চলন বা গতি কৰে৷



Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী