Posts

Showing posts from January, 2022

সমগণীয় শ্ৰেণী কাক বোলে? উদাহৰণ সহ ব্যাখ্যা কৰাঁ৷

Image
প্ৰশ্নঃ সমগণীয় শ্ৰেণীৰ চাৰিটা বৈশিষ্ট্য লিখাঁ৷ প্ৰশ্নঃ কাৰ্যকৰী মূলক বুলিলে কি বুজা?              Test Paper. 14, 15, 16, 17, 18 #বিজ্ঞান বিবিধ প্ৰশ্নোত্তৰ। #দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ।

Assamese to Sanskrit Translation, (Part - 3) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

  Part -2 1. প্ৰণৱৰ লগত মানস বিদ্যালয়লৈ গৈছে। उत्तरम् - प्रणवेण सह मानसः विद्यालयं गच्छति। ইংগিত -   *  কাৰোবাৰ "লগত"  বুলি বুজাবলৈ সংস্কৃততত  "सह"  পদটো ব্যৱহাৰ কৰা হয়।  "सह योगे तृतीया"  (অৰ্থ - सह থকা পদত তৃতীয়া বিভক্তি হ'ব) সূত্ৰৰ দ্বাৰা  "প্ৰণৱ"  শব্দৰ তৃতীয়া একবচনৰ ৰূপ  "प्रणवेन"  হ'ব। ( প্ৰণৱৰ লগত = प्रणवेन सह ) । * ইয়াত  যোৱা কামটোৰ মূল কৰ্তা মানস। ই প্ৰথমা একবচনৰ হোৱা বাবে ৰূপটো मानसः হ'ব। * " मानसः"  পদটো প্ৰথমা একবচনৰ হোৱা বাবে যোৱা ক্ৰিয়াটোৰ ৰূপ প্ৰথম পুৰুষৰ একবচনৰ "गच्छति" হ'ব। * "বিদ্যালয়" পদটো ইয়াত কৰ্মপদ। ই দ্বিতীয়া একবচনৰ হোৱা বাবে ইয়াৰ ৰূপ  " विद्यालयम्"  হ'ব। * গতিকে " প্ৰণৱৰ লগত মানস বিদ্যালয়লৈ গৈছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ " प्रणवेण सह मानसः विद्यालयं गच्छति " । 2.  শিক্ষকৰ লগত ছাত্ৰ দুজন বিদ্যালয়লৈ গৈছে। उत्तरम् - शिक्षकेन सह छात्रौ विद्यालयं गच्छतः। ইংগিত -   *  কাৰোবাৰ  "লগত"  বুলি বুজাবলৈ সংস্কৃততত  "

Assamese to Sanskrit Translation, (Part - 2) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

Part -2 1. ল'ৰাজনে শিক্ষজনক মাতিছে। उत्तरम् - बालकः शिक्षकम् आह्वयति। ইংগিত -   * "ল'ৰাজনে" পদটো প্ৰথমা একবচনৰ কৰ্তাপদ  "बालकः" । গতিকে ক্ৰিয়াপদটো প্ৰথম পুৰুষৰ একবচনৰ  "आह्वयति"  হ'ব।  * "শিক্ষকজনক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত একবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া একবচনৰ ৰূপ  "शिक्षकम्" পোৱা যাব। * গতিকে "ল'ৰাজনে শিক্ষজনক মাতিছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "बालकः शिक्षकम् आह्वयति" । 2. ল'ৰাজনে শিক্ষকদুজনক মাতিছে। उत्तरम् - बालकः शिक्षकौ आह्वयति। ইংগিত -   * ইয়াতো "ল'ৰাজনে" পদটো প্ৰথমা একবচনৰ কৰ্তাপদ  "बालकः" ।  গতিকে  ক্ৰিয়াপদটোও প্ৰথমা একবচনৰ  "आह्वयति"  হ'ব। * ইয়াত "শিক্ষকদুজনক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত দ্বিবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া দ্বিবচনৰ ৰূপ  "श

Assamese to Sanskrit Translation, (Part - 1) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

Part - 1 1. ল'ৰাজনে মাতিছে। उत्तरम् - बालकः आह्वयति। ইংগিত -   * "ল'ৰাজনে" পদটোত "ল'ৰাজন" শব্দৰ লগত "এ" বিভক্তি যোগ হৈছে (ল'ৰাজন + এ = ল'ৰাজনে)। * "ই" আৰু "এ" প্ৰথমা বিভক্তিৰ চিন ( প্ৰথমা - ই, এ)। * "ল'ৰাজন" একবচনৰ শব্দ। * গতিকে "ল'ৰাজনে" বুজাবলৈ "बालक" শব্দৰ প্ৰথমা একবচনৰ "बालकः" ৰূপটোৰ ব্যৱহাৰ কৰা হৈছে। * "बालकः" প্ৰথমা একবচনৰ হোৱা বাবে  ति - तः - अन्तिৰ পৰা প্ৰথমা  একবচনৰ  "ति"যুক্ত ক্ৰিয়াপদ "आह्वयति"ৰ ব্যৱহাৰ কৰা হৈছে। 2.  ল'ৰাদুজনে মাতিছে। उत्तरम्  - बालकौ आह्वयतः। ইংগিত -   * "ল'ৰাদুজন" দ্বিবচনৰ শব্দ। * গতিকে "ল'ৰাদুজনে" বুজাবলৈ "बालक" শব্দৰ দ্বিবচনৰ "बालकौ" ৰূপটো ব্যৱহাৰ কৰা হৈছে। * "बालकौ" প্ৰথমা দ্বিবচনৰ হোৱা বাবে  ति - तः - अन्तिৰ পৰা দ্বিবচনৰ  "तः"যুক্ত ক্ৰিয়াপদ "आह्वयतः"ৰ ব্যৱহাৰ কৰা হৈছে। 3.  ল'ৰাসকলে মাতিছে। বা ল'ৰাবোৰে মাতিছে। उत्तरम्