Assamese to Sanskrit Translation, (Part - 3) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

 Part -2

1. প্ৰণৱৰ লগত মানস বিদ্যালয়লৈ গৈছে।

उत्तरम् - प्रणवेण सह मानसः विद्यालयं गच्छति।

ইংগিত - 

কাৰোবাৰ "লগত" বুলি বুজাবলৈ সংস্কৃততত "सह" পদটো ব্যৱহাৰ কৰা হয়। "सह योगे तृतीया" (অৰ্থ - सह থকা পদত তৃতীয়া বিভক্তি হ'ব) সূত্ৰৰ দ্বাৰা "প্ৰণৱ" শব্দৰ তৃতীয়া একবচনৰ ৰূপ "प्रणवेन" হ'ব। (প্ৰণৱৰ লগত = प्रणवेन सह)

* ইয়াত  যোৱা কামটোৰ মূল কৰ্তা মানস। ই প্ৰথমা একবচনৰ হোৱা বাবে ৰূপটো मानसः হ'ব।

* "मानसः" পদটো প্ৰথমা একবচনৰ হোৱা বাবে যোৱা ক্ৰিয়াটোৰ ৰূপ প্ৰথম পুৰুষৰ একবচনৰ "गच्छति" হ'ব।

* "বিদ্যালয়" পদটো ইয়াত কৰ্মপদ। ই দ্বিতীয়া একবচনৰ হোৱা বাবে ইয়াৰ ৰূপ "विद्यालयम्" হ'ব।

* গতিকে "প্ৰণৱৰ লগত মানস বিদ্যালয়লৈ গৈছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "प्रणवेण सह मानसः विद्यालयं गच्छति"

2. শিক্ষকৰ লগত ছাত্ৰ দুজন বিদ্যালয়লৈ গৈছে।

उत्तरम् - शिक्षकेन सह छात्रौ विद्यालयं गच्छतः।

ইংগিত - 

কাৰোবাৰ "লগত" বুলি বুজাবলৈ সংস্কৃততত "सह" পদটো ব্যৱহাৰ কৰা হয়। "सह योगे तृतीया" (অৰ্থ - सह থকা পদত তৃতীয়া বিভক্তি হ'ব) সূত্ৰৰ দ্বাৰা "শিক্ষক" শব্দৰ তৃতীয়া একবচনৰ ৰূপ "शिक्षकेन" হ'ব। (শিক্ষকৰ লগত = शिक्षकेन सह)

* ইয়াত  যোৱা কামটোৰ মূল কৰ্তা "ছাত্ৰ দুজন"। ই প্ৰথমা দ্বিবচনৰ হোৱা বাবে ৰূপটো छात्रौ হ'ব।

"छात्रौ" পদটো প্ৰথমা দ্বিবচনৰ হোৱা বাবে যোৱা ক্ৰিয়াটোৰ ৰূপ প্ৰথম পুৰুষৰ দ্বিবচনৰ "गच्छतः" হ'ব।

* "বিদ্যালয়" পদটো ইয়াত কৰ্মপদ। ই দ্বিতীয়া একবচনৰ হোৱা বাবে ইয়াৰ ৰূপ "विद्यालयम्" হ'ব।

* গতিকে "শিক্ষকৰ লগত ছাত্ৰ দুজন বিদ্যালয়লৈ গৈছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "शिक्षकेन सह छात्राः विद्यालयं गच्छति"

3. শিক্ষকৰ লগত ছাত্ৰ-ছাত্ৰীসকল নগৰলৈ আিহছে।

उत्तरम् - शिक्षकेन सह छात्राः नगरम् आगच्छन्ति।

ইংগিত - 

* ইয়াতো "ল'ৰাজনে" পদটো প্ৰথমা একবচনৰ কৰ্তাপদ "बालकः" গতিকে ক্ৰিয়াপদটোও প্ৰথমা একবচনৰ "आह्वयति" হ'ব।

* ইয়াত "শিক্ষকসকলক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত বহুবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া বহুবচনৰ ৰূপ "शिक्षकान्" পোৱা যাব।

* গতিকে "ল'ৰাজনে শিক্ষকসকলক মাতিছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "बालकः शिक्षकान् आह्वयति"

* যিহেতু বাক্যটোত কৰ্তা অনুযায়ীহে ক্ৰিয়াপদৰ ৰূপ হ'ব, গতিকে শিক্ষকসকলক মাতিলেও ক্ৰিয়াপদটো একবচনৰ "आह्वयति" হে হ'ব। কিয়নো কৰ্ম "शिक्षकान्" বহুবচনৰ হ'লেও কৰ্তাপদটো একবচনৰ "बालकः" হে।

4. ল'ৰাদুজনে শিক্ষজনক মাতিছে।

उत्तरम् - बालकौ शिक्षकम् आह्वयतः।

ইংগিত - 

"ল'ৰাদুজনে" পদটো প্ৰথমা দ্বিবচনৰ কৰ্তাপদ "बालकौ"। গতিকে ক্ৰিয়াপদটো প্ৰথম পুৰুষৰ দ্বিবচনৰ "आह्वयत:" হ'ব। 

"শিক্ষকজনক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত একবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া একবচনৰ ৰূপ "शिक्षकम्" পোৱা যাব।

* গতিকে "ল'ৰাদুজনে শিক্ষজনক মাতিছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "बालकौ शिक्षकम् आह्वयत:"

5. ল'ৰাদুজনে শিক্ষকদুজনক মাতিছে।

उत्तरम् - बालकौ शिक्षकौ आह्वयतः।

6. ল'ৰাদুজনে শিক্ষকসকলক মাতিছে।

उत्तरम् - बालकौ शिक्षकान् आह्वयतः।

7. ল'ৰাবিলাকে শিক্ষজনক মাতিছে।

उत्तरम् - बालकाः शिक्षकम् आह्वयन्ति।

8. ল'ৰাবিলাকে শিক্ষকদুজনক মাতিছে।

उत्तरम् - बालकाः शिक्षकौ आह्वयन्ति।

9. ল'ৰাবিলাকে শিক্ষকসকলক মাতিছে।

उत्तरम् - बालकाः शिक्षकान् आह्वयन्ति।

Part-1 ৰ বাবে ইয়াত click কৰাঁ।

অভ্যাস কৰিবাঁহঁক -

1. মোৰ লগত মানস ঘৰলৈ আহিছে।

2. আমাৰ দুজনৰ লগত সি কিতাপ পঢ়িছে ।

3. আমাৰ লগত এওঁ সংস্কৃত কৈছে ।

उत्तराणि

1. मानसः मया सह गृहम् आगच्छति।

2. उत्तरम् - आवाभ्यां सह सः पुस्तकं पठति।

3. उत्तरम् - अस्माभि सह एषः संस्कृतं वदति।

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী