Assamese to Sanskrit Translation, (Part - 2) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

Part -2

1. ল'ৰাজনে শিক্ষজনক মাতিছে।

उत्तरम् - बालकः शिक्षकम् आह्वयति।

ইংগিত - 

* "ল'ৰাজনে" পদটো প্ৰথমা একবচনৰ কৰ্তাপদ "बालकः"। গতিকে ক্ৰিয়াপদটো প্ৰথম পুৰুষৰ একবচনৰ "आह्वयति" হ'ব। 

* "শিক্ষকজনক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত একবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া একবচনৰ ৰূপ "शिक्षकम्" পোৱা যাব।

* গতিকে "ল'ৰাজনে শিক্ষজনক মাতিছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "बालकः शिक्षकम् आह्वयति"

2. ল'ৰাজনে শিক্ষকদুজনক মাতিছে।

उत्तरम् - बालकः शिक्षकौ आह्वयति।

ইংগিত - 

* ইয়াতো "ল'ৰাজনে" পদটো প্ৰথমা একবচনৰ কৰ্তাপদ "बालकः" গতিকে ক্ৰিয়াপদটোও প্ৰথমা একবচনৰ "आह्वयति" হ'ব।

* ইয়াত "শিক্ষকদুজনক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত দ্বিবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া দ্বিবচনৰ ৰূপ "शिक्षकौ" পোৱা যাব।

* গতিকে "ল'ৰাজনে শিক্ষদুজনক মাতিছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "बालकः शिक्षकौ आह्वयति"

* যিহেতু বাক্যটোত কৰ্তা অনুযায়ীহে ক্ৰিয়াপদৰ ৰূপ হ'ব, গতিকে শিক্ষকদুজনক মাতিলেও ক্ৰিয়াপদটো একবচনৰ "आह्वयति" হে হ'ব। কিয়নো কৰ্মপদ "शिक्षकौ" দ্বিবচনৰ হ'লেও কৰ্তাপদটো একবচনৰ "बालकः" হে।

3. ল'ৰাজনে শিক্ষকসকলক মাতিছে।

उत्तरम् - बालकः शिक्षकान् आह्वयति।

ইংগিত - 

* ইয়াতো "ল'ৰাজনে" পদটো প্ৰথমা একবচনৰ কৰ্তাপদ "बालकः" গতিকে ক্ৰিয়াপদটোও প্ৰথমা একবচনৰ "आह्वयति" হ'ব।

* ইয়াত "শিক্ষকসকলক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত বহুবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া বহুবচনৰ ৰূপ "शिक्षकान्" পোৱা যাব।

* গতিকে "ল'ৰাজনে শিক্ষকসকলক মাতিছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "बालकः शिक्षकान् आह्वयति"

* যিহেতু বাক্যটোত কৰ্তা অনুযায়ীহে ক্ৰিয়াপদৰ ৰূপ হ'ব, গতিকে শিক্ষকসকলক মাতিলেও ক্ৰিয়াপদটো একবচনৰ "आह्वयति" হে হ'ব। কিয়নো কৰ্ম "शिक्षकान्" বহুবচনৰ হ'লেও কৰ্তাপদটো একবচনৰ "बालकः" হে।

4. ল'ৰাদুজনে শিক্ষজনক মাতিছে।

उत्तरम् - बालकौ शिक्षकम् आह्वयतः।

ইংগিত - 

"ল'ৰাদুজনে" পদটো প্ৰথমা দ্বিবচনৰ কৰ্তাপদ "बालकौ"। গতিকে ক্ৰিয়াপদটো প্ৰথম পুৰুষৰ দ্বিবচনৰ "आह्वयत:" হ'ব। 

"শিক্ষকজনক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত একবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া একবচনৰ ৰূপ "शिक्षकम्" পোৱা যাব।

* গতিকে "ল'ৰাদুজনে শিক্ষজনক মাতিছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "बालकौ शिक्षकम् आह्वयत:"

5. ল'ৰাদুজনে শিক্ষকদুজনক মাতিছে।

उत्तरम् - बालकौ शिक्षकौ आह्वयतः।

6. ল'ৰাদুজনে শিক্ষকসকলক মাতিছে।

उत्तरम् - बालकौ शिक्षकान् आह्वयतः।

7. ল'ৰাবিলাকে শিক্ষজনক মাতিছে।

उत्तरम् - बालकाः शिक्षकम् आह्वयन्ति।

8. ল'ৰাবিলাকে শিক্ষকদুজনক মাতিছে।

उत्तरम् - बालकाः शिक्षकौ आह्वयन्ति।

9. ল'ৰাবিলাকে শিক্ষকসকলক মাতিছে।

उत्तरम् - बालकाः शिक्षकान् आह्वयन्ति।

Part-1 ৰ বাবে ইয়াত click কৰাঁ।

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী