Assamese to Sanskrit Translation, (Part - 1) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

Part - 1

1. ল'ৰাজনে মাতিছে।

उत्तरम् - बालकः आह्वयति।

ইংগিত - 

* "ল'ৰাজনে" পদটোত "ল'ৰাজন" শব্দৰ লগত "এ" বিভক্তি যোগ হৈছে (ল'ৰাজন + এ = ল'ৰাজনে)।

* "ই" আৰু "এ" প্ৰথমা বিভক্তিৰ চিন ( প্ৰথমা - ই, এ)।

* "ল'ৰাজন" একবচনৰ শব্দ।

* গতিকে "ল'ৰাজনে" বুজাবলৈ "बालक" শব্দৰ প্ৰথমা একবচনৰ "बालकः" ৰূপটোৰ ব্যৱহাৰ কৰা হৈছে।

* "बालकः" প্ৰথমা একবচনৰ হোৱা বাবে ति - तः - अन्तिৰ পৰা প্ৰথমা একবচনৰ "ति"যুক্ত ক্ৰিয়াপদ "आह्वयति"ৰ ব্যৱহাৰ কৰা হৈছে।

2. ল'ৰাদুজনে মাতিছে।

उत्तरम् - बालकौ आह्वयतः।

ইংগিত - 

* "ল'ৰাদুজন" দ্বিবচনৰ শব্দ।

* গতিকে "ল'ৰাদুজনে" বুজাবলৈ "बालक" শব্দৰ দ্বিবচনৰ "बालकौ" ৰূপটো ব্যৱহাৰ কৰা হৈছে।

* "बालकौ" প্ৰথমা দ্বিবচনৰ হোৱা বাবে ति - तः - अन्तिৰ পৰা দ্বিবচনৰ "तः"যুক্ত ক্ৰিয়াপদ "आह्वयतः"ৰ ব্যৱহাৰ কৰা হৈছে।

3. ল'ৰাসকলে মাতিছে।

বা ল'ৰাবোৰে মাতিছে।

उत्तरम् - बालकाः आह्वयन्ति।

ইংগিত - 

* "ল'ৰাসকলে"/"ল'ৰাবোৰে" বহুবচনৰ শব্দ।

* গতিকে "ল'ৰাসকলে"/"ল'ৰাবোৰে" বুলি বুজাবলৈ "बालक" শব্দৰ বহুবচনৰ "बालकाः" ৰূপটোৰ ব্যৱহাৰ কৰা হৈছে।

* "बालकाः" প্ৰথমা বহুবচনৰ হোৱা বাবে ति - तः - अन्तिৰ পৰা প্ৰথমা বহু বচনৰ "अन्ति"যুক্ত ক্ৰিয়াপদ "आह्वयन्ति"ৰ ব্যৱহাৰ কৰা হৈছে।

(ইয়ালৈকে আমি बालकः - बालकौ - बालकाः ৰ অৰ্থ আৰু প্ৰয়োগৰ লগত "ति - तः - अन्ति"ৰ বচন অনুযায়ী সম্পৰ্ক জানিলোঁহঁক। बालकः ....ति। बालकौ ...तः। बालकाः ....अन्ति।)

 Part-2 ৰ বাবে ইয়াতে click কৰাঁ।

Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী