জীৱন প্ৰক্ৰিয়াসমূহ , বিজ্ঞান,Class 10


 

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 98

উদ্ভিদে প্ৰ’টিন আৰু অন্যান্য কিছুমান যৌগ সংশ্লেষণ কৰিবলৈ অতি প্ৰয়োজন হোৱা মৌলবিধৰ নাম কি? ইয়াক কি হিচাপে আৰু ক’ৰ পৰা আহৰণ কৰে? 

উঃ নাইট্ৰ’জেন৷ ইয়াক নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে মাটিৰ পৰা আহৰণ কৰে৷ অৱশ্যে বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰ পৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰ পৰাও উদ্ভিদে এইবিলাক আহৰণ কৰিব পাৰে৷ 

উদ্ভিদে নাইট্ৰ’জেন ক’ৰ পৰা পায়? 


উঃ উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা পানীৰ লগতে অজৈৱ নাইট্ৰেট আৰু নাইট্ৰাইট হিচাপে নাইট্ৰ’জেন আহৰণ কৰি লয়৷ কেতিয়াবা কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰ’জেনৰপৰা তৈয়াৰ কৰা কিছুমান জৈৱ যৌগৰপৰাও উদ্ভিদে এই নাইট্ৰ’জেন আহৰণ কৰি লয়৷ 

দেহৰ বাহিৰত পচন হোৱাৰ পাছত সৰল অৱস্থাত দেহৰ ভিতৰলৈ আহাৰ শোষণ কৰা দুবিধ জীৱৰ নাম লিখাঁ৷ 

উঃ ইষ্ট আৰু কাঠফুলা৷ 

পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম লিখাঁ৷ 

উঃ পোষক জীৱক নমৰাকৈ সেইবোৰৰ পৰা পুষ্টি আহৰণ কৰা কেইবিধমান জীৱৰ নাম হ’ল, - আমৰলে, চিকৰা, ওকনি, জোক আৰু ফিতাপেলু৷ 

পেৰামেচিয়ামৰ খাদ্যগ্ৰহণ প্ৰক্ৰিয়াটো লিখাঁ৷ 

উঃ পেৰামেচিয়াম এবিধ এককোষী জীৱ৷ ইয়াৰ দেহৰ সুনিৰ্দিষ্ট আকৃতি আছে আৰু কোষটোৰ নিৰ্দিষ্ট স্থানত খাদ্যবস্তু সংগৃহীত হয়৷ ই দেহাবৰণ আগুৰি থকা চিলিয়াবোৰৰ চলনৰ সহায়ত খাদ্যবস্তু শৰীৰৰ এটা নিৰ্দিষ্ট অংশলৈ কঢি.য়াই নিয়ে৷ 

এমিবাৰ খাদ্য গ্ৰহণ আৰু বৰ্জ পদাৰ্থ ত্যাগ কৰা প্ৰক্ৰিয়াটো চিত্ৰ সহ লিখাঁ৷ 

এককোষী জীৱ এমিবাই দেহৰ কোষাবৰণৰ দ্বাৰা সৃষ্টি হোৱা আঙুলি সদৃশ এবিধ কূটপদৰ সহায়ত খাদ্য গ্ৰহণ কৰি খাদ্য ৰিক্তিকা ৰ সৃষ্টি কৰে৷ খাদ্য ৰিক্তিকাৰ ভিতৰত জটিল খাদ্যবস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন হয়৷ পাছত সৰল খাদ্যভাগ কোষপ্ৰৰসত বিলিন হৈ পৰে৷ অপাচিত খাদ্যবস্তু তথা বৰ্জ্য পদাৰ্থসমূহ কোষৰ প্ৰান্তীয় স্থানলৈ গতি কৰে আৰু শেষত কোষৰপৰা নিৰ্গত হয়৷ 

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 99

লালটিত থকা এবিধ উৎসেচকৰ নাম লিখাঁ৷

উঃ লালটিত থকা এবিধ উৎসেচকৰ নাম হ’ল- লালটি এমাইলেজ৷ 

লালটিত থকা এবিধ উৎসেচকৰ নাম আৰু কাম লিখাঁ৷ 

উঃ লালটি এমাইলেজ৷ 

ইয়াৰ সহায়ত খাদ্যৰ শ্বেতসাৰ অংশ ভাগি সৰল চেনিলৈ পৰিৱৰ্তন হয়৷ 

মানুহৰ খাদ্য পাচন প্ৰক্ৰিয়া আৰম্ভ হয় -

পাকস্থলীত মুখগহ৩১ত

খাদ্য নলীত ক্ষুদ্ৰান্তত

উঃ মুখগহ্বৰত

মানুহৰ পাচন তন্ত্ৰৰ এটা নিকা চিহ্নিত চিত্ৰ আঁকাঁ৷ 

বা মানুহৰ পাচন নলীৰ এটা পৰিষ্কাৰ চিত্ৰ আঁকাঁ৷ 

উঃ

মানুহৰ পাচন তন্ত্ৰ

1. মুখগহ্বৰত খাদ্যৰ পাচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰাঁ৷

উঃ মুখগহ্বৰত খাদ্যৰ পাচন প্ৰক্ৰিয়া - মুখগহ্বৰ খাদ্য পাচনৰ প্ৰথম ঢাপ৷ খাদ্য গ্ৰহণ কৰাৰ পিছত মুখগহ্বৰত সেইবোৰ দাঁতেৰে চোবাই গুড়ি কৰি সৰু সৰু কণালৈ পৰিৱৰ্তন কৰাৰ লগতে জিভাৰ সঞ্চালনৰ দ্বাৰা লালটিৰ লগত মিহলাই পিছল কৰা হয়৷ ফলত সেইবোৰ খাদ্যনলীৰ পশ্চাৎ অংশলৈ অনায়াসে গতি কৰিব পাৰে৷ ইতিমধ্যে মুখগহ্বৰৰ লালটিত থকা উৎসেচকে খাদ্যৰ সৰল অণুবোৰৰ ওপৰত ক্ৰিয়া কৰি সেইবোৰ পাচিত কৰে৷ লালটিত থকা তেনে এবিধ উৎসেচক হ’ল লালটি এমাইলেজ৷ ই খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে৷

অপাচিত খাদ্যখিনি পাচন নলীৰ লয়যুক্ত সংকোচনৰ দ্বাৰা খাদ্যনলীৰ পশ্চাৎ অংশলৈ গতি কৰে৷

2. পাচন প্ৰক্ৰিয়াত লালটিৰ ভূমিকা কি? 

উঃ মুখগহ্বৰত লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটি খাদ্যৰ লগত মিহলি হৈ খাদ্যখিনি পিছল কৰি তোলে যাতে সেইবোৰ অনায়াসে খাদ্যনলীৰ পশ্চাৎ অংশলৈ গৈ পাচন হয়৷ 

লালটিত থকা উৎসেচকে খাদ্যৰ সৰল অণুবোৰৰ ওপৰত ক্ৰিয়া কৰি সেইবোৰ পাচিত কৰে৷ লালটিত থকা তেনে এবিধ উৎসেচক হ’ল লালটি এমাইলেজ৷ ই খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে৷ 

3. লালটিৰ দুটা কাৰ্য উল্লেখ কৰাঁ৷

উঃ লালটিৰ দুটা কাৰ্য তলত উল্লেখ কৰা হ’ল -

মুখগহ্বৰত খাদ্যৰ লগত লালটি মিহলি হৈ খাদ্যখিনি পিছল কৰি তোলে, যাতে অনায়াসে সেইবোৰ খাদ্যনলীৰ পশ্চাৎ অংশলৈ গৈ পাচন হ’ব পাৰে৷ আৰু

লালটিত থকা উৎসেচকে খাদ্যৰ সৰল অণুবোৰৰ ওপৰত ক্ৰিয়া কৰি সেইবোৰ পাচিত কৰে৷ লালটিত থকা তেনে এবিধ উৎসেচক হ’ল লালটি এমাইলেজ যি খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে৷ 

4. কি বিশেষ গতিৰে মুখগহ্বৰত অপাচিত খাদ্য খাদ্যনলীৰ পশ্চাৎ দিশলৈ গতি কৰে? 

উঃ পেৰিচ্‌টেল্‌টিক নামৰ বিশেষ গতিৰে মুখগহ্বৰত অপাচিত খাদ্য খাদ্যনলীৰ পশ্চাৎ দিশলৈ গতি কৰে৷ 

5. ইচ’ফেগাচ বা গ্ৰাসনলী কি? 

উঃ খাদ্যনলীৰ মুখগহ্বৰ আৰু পাকস্থলীৰ মাজৰ অংশকে ইচ’ফেগাচ বা গ্ৰাসনলী বুলি কোৱা হয়৷

6. পাকগ্ৰন্থি বা পাকস্থলী গ্ৰন্থি কাক বোলে? 

উঃ পাকস্থলীত পাচক ৰস নিঃসৰণ কৰা গ্ৰন্থিবোৰকে পাকগ্ৰন্থি বা পাকস্থলী গ্ৰন্থি বোলে৷ 

7. পাকগ্ৰন্থি বা পাকস্থলী গ্ৰন্থিৰ পাচক ৰসত থকা প্ৰধান উপাদানবোৰ কি কি? 

উঃ পাকগ্ৰন্থি বা পাকস্থলী গ্ৰন্থিৰ পাচক ৰসত থকা প্ৰধান উপাদানবোৰ হ’ল, - হাইড্ৰ’ক্ল’ৰিক এছিড আৰু প্ৰ’টিন বিশ্লেষিত উৎসেচক যেনে - পেপচিন আৰু শ্লেষ্মা আদি৷ 

মন দিবা -

পাকগ্ৰন্থি বা পাকস্থলী গ্ৰন্থি একেই৷ দশম শ্ৰেণীৰ পুৰণি পাঠ্যপুথিত পাকস্থলী গ্ৰন্থি আৰু নতুন পাঠ্যপুথিবোৰত পাকগ্ৰন্থি বুলি কোৱা হৈছে৷ পৰীক্ষাত লিখিব লগীয়া হ’লে প্ৰশ্নত উল্লিখিত ধৰণে লিখিবাঁ৷

পাকগ্ৰন্থিয়ে ক্ষৰণ কৰা উৎসেচকবিধ হ’ল -

ত্ৰিপচিন্‌ পেপচিন্‌ 

লাইচিন এমাইলেজ

উঃ পেপচিন্‌

পাচক উৎসেচকৰ কাম কি? 

বা পাচন এনজাইমৰ কাম কি? 

বা খাদ্যৰ পাচনত উৎসেচকে কিদৰে সহায় কৰে? 

উঃ এমাইলেজ, লাইপেজ, ত্ৰিপচিন্‌ আদি বিভিন্ন ধৰণৰ পাচন উৎসেচকে খাদ্যৰ জটিল অণুবিলাকক ভাঙি সৰল অৱস্থালৈ পৰিণত কৰাত সহায় কৰে৷ এনে সৰল অণুবিলাক পিছত তেজে অনায়াসে শোষণ কৰি লয়, আৰু দেহৰ বিভিন্ন কোষলৈ কঢি.য়াই নিয়ে৷  [নম্বৰৰ বাবে] 

বা

  আমাৰ খাদ্য নলীৰ প্ৰধান তিনিটা অংশ মুখগহ৩১, পাকস্থলী আৰু অন্ত্ৰত বিভিন্ন উৎসেচকে খাদ্যৰ জটিল অণুবিলাকক ভাঙি সৰল অৱস্থালৈ পৰিণত কৰাত সহায় কৰে৷ এনে সৰল অণুবিলাক পিছত তেজে অনায়াসে শোষণ কৰি লয়, আৰু দেহৰ বিভিন্ন কোষলৈ কঢি.য়াই নিয়ে৷ 

উদাহৰণস্বৰূপে, মুখগহ৩১ত লালটিত থকা উৎসেচক লালটি এমাইলেজে খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে৷ 

পাকস্থলীত পেপচিন নামৰ উৎসেচকে হাইড্ৰ’ক্ল’ৰিক এছিড ৰ উপস্থিতিত প্ৰ’টিনৰ জটিল অণুবোৰ ভাঙি সৰল অৱস্থালৈ পৰিণত কৰাত সহায় কৰে৷ 

ক্ষুদ্ৰান্তত বিশেষকৈ প্ৰ’টিন বিশ্লেষী উৎসেচক ট্ৰিপচিন আৰু সৰলীকৃত চবীৰ্বিশ্লেষী উৎসেচক লাইপেজ থাকে৷ ইয়াৰ বেৰত থকা সৰু গ্ৰন্থিবোৰে আন্ত্ৰিক ৰস নিঃসৰণ কৰে৷ ইয়াত থকা উৎসেচকে ইতিমধ্যে পাচন হ’বলৈ বাকী ৰোৱা প্ৰ’টিন অংশক সৰল এমিন’ এছিডলৈ, শৰ্কৰাসমূহক গ্লুক’জলৈ আৰু চবীৰ্সমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়৷ 

[ নম্বৰৰ বাবে] 

পাকস্থলী ৰসত থকা হাইড্ৰ’ক্ল’ৰিক এছিড ৰ গুৰুত্ব কি? 

উঃ আমাৰ পাকস্থলী ৰসত থকা পেপচিনে প্ৰ’টিন পাচনত সহায় কৰে৷ হাইড্ৰ’ক্ল’ৰিক এছিড ৰ উপস্থিতিতহে পেপচিনৰ কাৰ্য তীব্ৰ হয়৷ 

পাকস্থলীত থকা ৰ কাৰ্য কি? 

উঃ আমাৰ পাকস্থলী ৰসত থকা পেপচিনে প্ৰ’টিন পাচনত সহায় কৰে৷ হাইড্ৰ’ক্ল’ৰিক এছিড ৰ কাম হ’ল পেপচিনৰ কাৰ্য তীব্ৰ হোৱাত সহায় কৰা৷ 

আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?

বা আমাৰ পাকস্থলীত এছিডৰ কাম কি? 

উঃ আমাৰ পাকস্থলী ৰসত থকা এছিডবিধৰ নাম হ’ল হাইড্ৰ’ক্ল’ৰিক এছিড৷ পাকস্থলী ৰসত থকা পেপচিনে প্ৰ’টিন পাচনত সহায় কৰে৷ হাইড্ৰ’ক্ল’ৰিক এছিড ৰ উপস্থিতিতহে পেপচিনৰ কাৰ্য তীব্ৰ হয়৷ 

পাকস্থলী ৰস আম্লিক হোৱাৰ কাৰণ তাত থকা-পেপচিন

উঃ

পাকস্থলী ৰসবিধ হ’ল -

আম্লিক ক্ষাৰকীয় 

প্ৰশম ওপৰৰ এটাও নহয় 

উঃ আম্লিক

পাকস্থলী ৰসত থকা উৎসেচকবিধ হ’ল -

ত্ৰিপচিন্‌ পেপচিন্‌

লাইচিন এমাইলেজ

উঃ পেপচিন্‌

7. পাকস্থলীত হোৱা খাদ্যৰ পাচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰাঁ৷ 

উঃ পাকস্থলীত হোৱা খাদ্যৰ পাচন প্ৰক্ৰিয়া : মুখগহ্বৰত অৰ্ধপাচিত খাদ্য পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে পাকস্থলীৰ সংকোচন প্ৰসাৰণৰ দ্বাৰা খাদ্যখিনি পাকস্থলী ৰসৰ লগত মিহলি হয়৷ পাকস্থলী ৰসত হাইড্ৰ’ক্ল’ৰিক এছিড আৰু প্ৰ’টিন বিশ্লেষিত উৎসেচক, যেনে - পেপচিন, ৰেণিন, শ্লেষ্মা আদি থাকে৷ পেপচিনে খাদ্যৰ প্ৰ’টিন অংশৰ আংশিক পাচন ঘটাই পেপট’ন আৰু প্ৰটিওজলৈ ৰূপান্তৰ কৰে৷ পাকস্থলী ৰসত থকা হাইড্ৰ’ক্ল’ৰিক এছিড ৰ উপস্থিতিতহে পেপচিনৰ কাৰ্য তীব্ৰ হয়৷ 

প্ৰ’টিন + পেপচিন ---> পেপট’ন + প্ৰটিওজ

শ্লেষ্মাই পাকস্থলী বেৰখনৰ অন্তঃ আৱৰণখনক সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে৷ মানুহৰ কেঁচুৱা অৱস্থাত অৰ্থাৎ মাকৰ গাখীৰ খাই থকা অৱস্থাত পাকস্থলী ৰসত থকা ৰেণিনে কেচুঁৱাৰ বিশেষ খাদ্য গাখীৰত থকা কেজিন নামৰ প্ৰ’টিনক কেলছিয়াম পেৰাকেজিন (দৈ) লৈ ৰূপান্তৰ ঘটায়৷ পিছত পেপ্‌চিনে পেৰাকেজিনক ভাঙি পেপট’ন আৰু প্ৰটিওজ উৎপন্ন কৰে৷ 

পাকস্থলীৰ পৰা অৰ্ধপাচিত খাদ্য স্ফিনক্টাৰ পেশীৰ সংকোচনৰ দ্বাৰা পাচক নলীৰ পিছৰ অংশ ক্ষুদ্ৰান্তলৈ গতি কৰে৷ 

8. গাখীৰত থকা দ্বিশৰ্কৰাবিধৰ নাম কি? 

উঃ লেক্ট’জ

9. পাকস্থলী ৰসত থকা শ্লেষ্মাৰ কাম কি? 

উঃ পাকস্থলী ৰসত থকা শ্লেষ্মাৰ কাম হ’ল পাকস্থলী বেৰখনৰ অন্তঃ আৱৰণখনক সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়া৷

মানুহৰ খাদ্যনলীৰ ক্ষুদ্ৰান্তত হোৱা খাদ্যৰ পাচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰা৷    TP.১৫, ১৬, ১৭, ১৮

বা খাদ্যৰ পাচনত ক্ষুদ্ৰান্তৰ ভূমিকাৰ বিষয়ে লিখা৷  TP.18

উঃ ক্ষুদ্ৰান্তত হোৱা খাদ্যৰ পাচন প্ৰক্ৰিয়া - ক্ষুদ্ৰান্তত পাকস্থলীৰ পৰা অহা অৰ্ধপাচিত খাদ্যৰ শৰ্কৰা, প্ৰ’টিন আৰু চবীৰ্সমূহৰ সম্পূৰ্ণকৈ পাচন হয়৷ ইয়াত যকৃত গ্ৰন্থিয়ে নিঃসৰণ কৰা পিত্তৰস আৰু অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসৰ লগত খাদ্যখিনি মিহলি হয়৷

পিত্তৰস অত্যন্ত ক্ষাৰধমীৰ্৷ ইয়াত কোনো পাচক উৎসেচক নাই যদিও ইয়াত থকা পিত্তলৱণে খাদ্যৰ স্নেহদ্ৰব্য বা চবীৰ্ৰ বৃহৎ কণাবোৰক ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ কণালৈ ৰূপান্তৰিত কৰে৷ এনে অৱস্থাত অগ্নাশয় ৰসত থকা চবীৰ্বিশ্লেষী উৎসেচকবোৰে ইহঁতৰ ওপৰত সহজে ক্ৰিয়া কৰিব পাৰে৷

অগ্নাশয় ৰসত প্ৰ’টিন বিশ্লেষী উৎসেচক ট্ৰিপচিন আৰু সৰলীকৃত চবীৰ্বিশ্লেষী উৎসেচক লাইপেজ থাকে৷ ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু গ্ৰন্থিবোৰে আন্ত্ৰিক ৰস (Intestinal Juice) নিঃসৰণ কৰে৷ ইয়াত থকা উৎসেচকে ইতিমধ্যে পাচন হ’বলৈ বাকী ৰোৱা প্ৰ’টিন অংশক সৰল এমিন’ এছিডলৈ, শৰ্কৰাসমূহক গ্লুক’জলৈ আৰু চবীৰ্সমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়৷

148. নাসাৰন্ধ্ৰত বায়ু কিদৰে পৰিষ্কাৰ হয়?

উঃ নাকৰ বিন্ধা তথা নাসাৰন্ধ্ৰত কিছুমান নোম থাকে৷ এই নোমবোৰে নাসাৰন্ধ্ৰইদি সোমোৱা বায়ু ছেকী পৰিষ্কাৰ কৰে৷ এই কামত নাসাৰন্ধ্ৰৰ বেৰত থকা শ্লেষ্মাবোৰে বিশেষভাবে সহায় কৰে৷

149. বায়ুকোষ বা বায়ুকূপ কি? ইয়াৰ কাম কি? 

উঃ হাওঁফাওঁৰ ভিতৰত বায়ু নলীকাডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি কৰে৷ এইবোৰকে বায়ুকোষ বা বায়ুকূপ বুলি কোৱা হয়৷ 

বায়ুকূপবোৰৰ প্ৰধান কাম হ’ল শ্বাস-প্ৰশ্বাসৰ সময়ত জীৱদেহ আৰু পৰিৱেশৰ মাজত গেছ বিনিময়ৰ বাবে এক পৃষ্ঠৰ যোগান ধৰা৷ উশাহ লোৱাৰ সময় হাঁফাঁও বায়ুৰে পূৰ্ণ হ’লে বায়ুকূপবোৰক আগুৰি থকা ৰক্তজালিকাৰ পৰা বৰ্জনীয় কাবৰ্ন ডাই-অক্সাইড বায়ুকূপবোৰলৈ সোমাই আহে আৰু এনে সময়ত ৰক্তজালিকাবোৰে বায়ুকূপবোৰৰ পৰা অক্সিজেন শোষণ কৰি লয়৷

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী