উদ্ভিদৰ প্ৰজনন, সপ্তম শ্ৰেণীৰ পাঠ্যপুথি, শংকৰদেৱ শিশু নিকেতন, অসম।

         পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 116
উত্তৰ - যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই নিজৰ দৰে নতুন জীৱৰ সৃষ্টি কৰেতাকে প্ৰজনন বোলে।
বা যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই নিজ দেহাংশৰ পৰা অনুৰূপ নতুন প্ৰজন্মৰ সৃষ্টি কৰি বংশৰ অস্তিত্ব বৰ্তাই ৰাখে, সেই প্ৰক্ৰিয়াকে প্ৰজনন বোলে।
2. প্ৰজনন কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ - প্ৰজনন তিনি প্ৰকাৰৰ।
(ক) অংগজ প্ৰজনন
(খ) অযৌন প্ৰজনন আৰু
(গ) যৌন প্ৰজনন
3. সপুষ্পক উদ্ভিদ কাক বোলেউদাহৰণ দিয়া।
উত্তৰ - যিবিলাক উদ্ভিদৰ ফুল ফুলেতেনেবোৰ উদ্ভিদকে সপুষ্পক উদ্ভিদ বোলে?
           যেনে - আমকঠালশিলিখা আদি।
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 118
4. উদ্ভিদৰ অংগজ প্ৰজননৰ তিনিটা সুবিধা লিখা।
উত্তৰ - উদ্ভিদৰ অংগজ প্ৰজননৰ তিনিটা সুবিধা তলত দিয়া ধৰণৰ -
          (ক) অংগজ প্ৰজননৰ দ্বাৰা জন্ম হোৱা উদ্ভিদে অতি সোনকালে ফল-ফুল ধাৰণ কৰে।
          (খ) অংগজ প্ৰজননৰ দ্বাৰা জন্ম হোৱা উদ্ভিদৰ ফল-ফুলৰ চৰিত্ৰ সাইলাখ মাতৃ গছজোপাৰ দৰেই হয়।
          (গ) কলৰ দৰে গুটি থাকিও গুটিৰ পৰা বংশ বৃদ্ধি নোহোৱা কিছুমান উদ্ভিদৰ অংগজ প্ৰজননৰ দ্বাৰাহে বংশ বৃদ্ধি সম্ভৱ।
5. বেক্টেৰিয়াৰ অংগজ প্ৰজননৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ - বেক্টেৰিয়াৰ অংগজ প্ৰজনন প্ৰক্ৰিয়াত ইয়াৰ একোটা কোষ সমানে দুভাগ হৈ দুটা অপত্য কোষৰ সৃষ্টি কৰি বংশ বৃদ্ধি কৰে।
6. ইষ্টৰ অংগজ প্ৰজননটোৰ নাম কি?
উত্তৰ - মুকুলোদ্গম।
7. ৰেণু কাক বোলে?
উত্তৰ - কিছুমান নিম্নখাপৰ উদ্ভিদৰ দেহৰ এটা বিশেষ অংগ থলী বা মোনালৈ ৰূপান্তৰ হয় আৰু থলীটোৰ ভিতৰত কিছুমান এককৰ সৃষ্টি হয়। এই এককবিলাককে ৰেণু বোলে। 
8. ৰেণুস্থলী বা ৰেণুধানী কাক বোলে?
উত্তৰ - ৰেণুৰ দ্বাৰা বংশ বৃদ্ধি কৰা উদ্ভিদৰ ৰেণু ধাৰণ মোনা বা থলীকে ৰেণুধানী বা ৰেণুস্থলী বোলে।
9. অযৌন প্ৰজনন পদ্ধতিৰে বংশবৃদ্ধি কৰা তিনিবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰ - অযৌন প্ৰজনন পদ্ধতিৰে বংশবৃদ্ধি কৰা তিনিবিধ উদ্ভিদৰ নাম হ'ল - ঢেঁকীয়ালাইকোপোডিয়া আৰু মাটি শেলাই।
10. ফুল উদ্ভিদৰ কি অংগ
উত্তৰ - ফুল উদ্ভিদৰ প্ৰজনন অংগ।
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 118
11. পৰাগযোগ কাক বোলে?
উত্তৰ - পৰাগধানীৰ পৰা পৰাগ ৰেণু আহি গৰ্ভমুণ্ডত থিতাপি লোৱাকে পৰাগ যোগ বোলে।
12. স্বপৰাগযোগ কাক বোল?
উত্তৰ - একেপাহ ফুলৰ পৰাগ ৰেণু ফুলপাহৰ গৰ্ভমুণ্ডত পৰা প্ৰক্ৰিয়াকে স্বপৰাগযোগ বোলে।
13. ইতৰ পৰাগযোগ কাক বোলে?
উত্তৰ - নানা ধৰণৰ পতংগ প্ৰাণী আদিৰ মাধ্যমত এপাহ ফুলৰ পৰাগ ৰেণু আন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰা প্ৰিক্ৰয়াকে, ইতৰ পৰাগযোগ বুলি কোৱা হয়।
14. স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য লিখা।
উত্তৰ - স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ পাৰ্থক্য তলত দিয়া ধৰণৰ -
     i. স্বপৰাগযোগত একেপাহ ফুলৰ পৰাগ ৰেণু ফুলপাহৰ গৰ্ভমুণ্ডত পৰে। আনহাতে, ইতৰ পৰাগযোগত এপাহ ফুলৰ পৰাগ ৰেণু আন এজোপা উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে।
     ii. স্বপৰাগযোগৰ বাবে কোনো ধৰণৰ মাধ্যমৰ প্ৰয়োজন নহয়। আনহাতে ইতৰ পৰাগযোগৰ বাবে নানা ধৰণৰ পতংগ, পানী, বতাহ আদিৰ দৰে মাধ্যমৰ প্ৰয়োজন। 
15. বীজৰ বিস্তাৰ কিয় হ'ব লাগে তাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ - কোনো গছৰ সকলো পূৰঠ বীজ তল সৰি যদি একে ঠাইতে গজালি মেলে, তেন্তে পুলিবোৰ অলপ ডাঙৰ হোৱাৰ পিছত খাদ্য আৰু পানীৰ অভাৱত মৃত্যুমুখত পৰিব পাৰে। ফলত সিহঁতৰ বংশ লোপ পাব।
       সেয়েহে, উদ্ভিদৰ নিজৰ বংশ ৰক্ষাৰ বাবে বীজবোৰৰ বিস্তাৰণ হ'ব লাগে।
                                পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 124

11. পূনৰ্ণবাৰ বীজবোৰ আঠালেতীয়া কিয় হয়?
উত্তৰ - বিস্তাৰণৰ সুবিধাৰ বাবেই পুনৰ্ণবাৰ বীজবোৰ আঠালেতীয়া হয়। বীজবোৰ আঠালেতিয়া হোৱা বাবে ইহঁতে জীৱ-জন্তুৰ গাত লাগি ধৰি দূৰলৈ বিস্তাৰিত হ'ব পাৰে।
12. 
উত্তৰ - 
13. 
উত্তৰ - 
14. 
উত্তৰ - 

(বি.দ্ৰ. - উত্তৰবোৰ লিখি থকা হৈছে। আকৌ আহিব)

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী