অৰণ্য আমাৰ জীৱন ৰেখা, বিজ্ঞান, সপ্তম শ্ৰেণী।

1. খালী ঠাই পূৰ কৰা।
(ক) ______ পানী বিশুদ্ধিকৰণ তন্ত্ৰ হিচাপে কাম কৰে।
উত্তৰ - অৰণ্যই
(খ) ______ হৈছে প্ৰকৃতিৰ সেউজীয়া হাওঁফাওঁ।
উত্তৰ - অৰণ্য।
2. গভীৰ অৰণ্যত বাস কৰা কেইবিধমান প্ৰাণীৰ নাম লিখা।
উত্তৰ - গভীৰ অৰণ্যত বাস কৰা কেইবিধমান প্ৰাণীৰ নাম হ'ল - বন-গাহৰি, ফেউৰা, কেটেলাপহু, হাতী আদি।
3. অৰণ্যত থকা কেইবিধমান ডাঙৰ গছৰ উদাহৰণ দিয়া।
উত্তৰ - অৰণ্যত থকা কেইবিধমান ডাঙৰ গছৰ উদাহৰণ হ'ল - শাল, চেগুন, গমাৰি, শিমলু, পলাশ, বট, আঁহত, আম, অৰ্জুন আদি।
4. অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা।
উত্তৰ - অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম হ'ল - কাঠ, আঠা, ধূনা, ঔষধ‌ আৰু ৰবৰ।
5. চন্দ্ৰতাপসদৃশ গছ বা কেন'পি (canopy) কি?
উত্তৰ ‌- যিবোৰ ডাঙৰ গছৰ ডালবোৰে আন উদ্ভিদবোৰৰ ওপৰত ছালৰ দৰে আৱৰি থাকে, তেনেবোৰ উদ্ভিদকে চন্দ্ৰতাপসদৃশ গছ বা কেন'পি (canopy) বোলে।
6. চন্দ্ৰতাপসদৃশ গছ বা কেন'পি (canopy) ক'ত পোৱা যায়?
উত্তৰ - চন্দ্ৰতাপসদৃশ গছ বা কেন'পি (canopy) সাধাৰণতে গভীৰ অৰণ্যত পোৱা যায়।
7. খালী ঠাই পূৰ কৰা।
(ক) অৰণ্যৰ ______ আৰু _____ গছবোৰে ওপৰৰ তৰপটো গঠন কৰে।
উত্তৰ - ওখ; প্ৰকাণ্ড।
(খ) অৰণ্যৰ ______ স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত।
উত্তৰ - নিম্ন
(গ) পৃথিৱীৰ বিভিন্ন ______ ৰ বাবে গছ আৰু আন উদ্ভিদৰ মাজত তাৰতম্য দেখা পোৱা যায়।
উত্তৰ - জলবায়ু
(ঘ) অসমত _______ গড় পোৱা যায়।
উত্তৰ - এশিঙীয়া।
(ঙ) স্বপোষী উদ্ভিদসমূহে ______ ৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে।
উত্তৰ - সালোক সংশ্লেষণ।
(চ) পৰপোষী জীৱবোৰ খাদ্যৰ বাবে ______ জীৱৰ ওপৰত নিৰ্ভৰশীল।
উত্তৰ - স্বপোষী।
8. খাদ্য শৃংখল কাক বোলে? এটা উদাহৰণ দিয়া।
উত্তৰ - বিভিন্ন জীৱবোৰক সিহঁতৰ এটাই আনটোক ভক্ষণ কৰাৰ ভিত্তিত সজালে যি শৃংখল পোৱা যায়, তাকে খাদ্য শৃংখল বুলি কোৱা হয়।
     উদাহৰণস্বৰূপে, পতঙ্গই ঘাঁহ খায়, পতঙ্গক ভেকুলীয়ে খায়, ভেকুলীক সাপে আৰু সাপক ঈগলে ভক্ষণ কৰে। এইদৰে ঘাঁহ, পতঙ্গ, ভেকুলী, সাপ আৰু ঈগলে এক খাদ্য শৃংখলৰ সৃষ্টি কৰে।
9. বিয়োজক কি?
উত্তৰ - যিবোৰ অণুজীৱই মৃত উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰে, সেইবোৰেই বিয়োজক।
10. অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা।
উত্তৰ - অৰণ্যত স্বপোষী, পৰপোষী, বিয়োজক আদি বিভিন্ন শ্ৰেণীৰ জীৱ থাকে।সাৰণতে স্বপোষী জীৱবোৰক পৰপোষী জীৱবোৰক খাদ্য হিচাপে গ্ৰহণ কৰে। ইহঁতৰ মৃত্যু হ'লে বিয়োজক (অণুজীৱ) বোৰে হিউমাছলৈ পৰিণত কৰে। মাটিৰ পৰা এই পোষক দ্ৰব্য উদ্ভিদে শিপাৰ সহায়ত শোষণ কৰি ব্যৱহাৰ কৰে। এইদৰে অৰণ্যত  সামগ্ৰীৰ অপচয় নহয়।
11.
12.
13.
14.
15.
16.
17.
18.
19.
20.

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী