পানীৰ চাপ, বিজ্ঞান, পঞ্চম শ্ৰেণী,

1. পানীয়ে ________ দিশত‌ চাপ বা হেঁচা দিয়ে।
উত্তৰ - সকলো
2. পানীৰ নিম্নচাপ‌ কাক‌ বোলে?
উত্তৰ - পানীয়ে‌ তললৈ দিয়া হেঁচাক পানীৰ নিম্নচাপ বোলে।
3. পানীয়ে তললৈ হেঁচা দিয়ে বুলি এটা পৰীক্ষাৰ দ্বাৰা দেখুওৱা।
উত্তৰ -
পৰীক্ষা - ওপৰৰ চিত্ৰত দেখুওৱাৰ দৰে‌ এটা প্লাষ্টিকৰ বটলৰ তলিখন কাটি লৈ বেলুন বা পাতল ৰবৰৰ কোনো টুকুৰাৰে বটলটোৰ খোলা তলি অংশত ৰবৰৰ বেণ্ডেৰে টানকৈ বান্ধি লোৱা হ'ল, যাতে পানী ভৰালে ওলাই যাব নোৱাৰে।
      এতিয়া কোনো পাত্ৰৰ সহায়ত  লাহে লাহে বটলটোৰ ভিতৰত পানী ঢালিলে বটলটোৰ তলিৰ ৰবৰৰ টুকুৰাটো তললৈ দো খাই‌ দেখা যোৱা দেখা যাব।‌
     পানীখিনি উলিয়াই দিলে দেখা যাব যে ৰবৰ টুকুৰা পুনৰ আগৰ দৰে তলিৰ লগত সমান হৈ গ'ল। ইয়াৰ পৰা বুজা যায় যে পানীয়ে তললৈ হেঁচা দিয়ে।
4. পানীৰ পাৰ্শ্বচাপ কাক বোলে?
উত্তৰ - পানীয়ে কাষলৈ দিয়া হেঁচাক পানীৰ পাৰ্শ্বচাপ বোলে।
5. এটা পৰীক্ষাৰ সহায়ত দেখুওৱা যে পানীৰ পাৰ্শ্বচাপ আছে।
উত্তৰ - চিত্ৰত দেখুওৱাৰ দৰে এটা বটলৰ  ওপৰৰ পৰা তললৈ A, B আৰু C তিনিটা স্থানত তিনিটা ফুটা কৰি লোৱা হ'ল। এতিয়া বটলত পানী ঢালিলে ফুটা তিনটাৰে বটলৰ ভিতৰৰ পানী বাহিৰলৈ ওলাই আহা দেখা যায়। ইয়াৰ পৰা বুজা যায় যে পানীৰ পাৰ্শ্বচাপ আছে।
6. এটা পৰীক্ষাৰ সহায়ত দেখুওৱা যে অধিক গভীৰতাত পানীৰ চাপ বেছি হয়।
উত্তৰ - চিত্ৰত দেখুওৱাৰ দৰে এটা বটলৰ  ওপৰৰ পৰা তললৈ A, B আৰু C তিনিটা স্থানত তিনিটা ফুটা কৰি লোৱা হ'ল। এতিয়া বটলত পানী ঢালিলে ফুটা তিনটাৰে বটলৰ ভিতৰৰ পানী বাহিৰলৈ ওলাই আহিব। দেখা যায় যে A তকৈ B আৰু B তকৈ C ফুটাৰে ওলোৱা পানী বটলৰ পৰা বেছি দূৰত পৰিছে। ইয়াৰ পৰা বুজা যায় যে অধিক গভীৰতাত পানীৰ চাপ বেছি হয়।
7. পানীৰ ______ পাৰ্শ্বচাপত প্ৰভাৱ পেলায়।
উত্তৰ - গভীৰতাই
8. উৰ্দ্ধচাপ কাক বোলে?
উত্তৰ - পানীয়ে ওপৰলৈ দিয়া হেঁচাক উৰ্দ্ধচাপ বোলে।
9. নদী বান্ধৰ তলৰ ফালে অধিক  শক্তিশালীকৈ বন্ধা হয় কিয়?
উত্তৰ - গভীৰতা বাঢ়িলে পানীৰ চাপ বাঢ়ে। সেয়েহে, নদী বান্ধৰ তলৰ ফালে অধিক  শক্তিশালীকৈ বন্ধা হয়, যাতে ই অধিক চাপ সহ্য কৰিব পাৰে।
10.
11.
12.
13.
14.
15.
16.
17.
18.
19.
20.

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী