জীৱৰ শ্বাস-প্ৰশ্বাস, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী।

1. জীৱৰ শ্বাস-প্ৰশ্বাস বুলিলে কি বুজা?
উত্তৰ - সাধাৰণ অৱস্থাত বুকুৰ ভিতৰলৈ বায়ু সোমোৱা কাৰ্যক শ্বাস বা উশাহ আৰু বাহিৰলৈ ওলাই যোৱা কাৰ্যক প্ৰশ্বাস বা নিশাহ বোলে।
2. প্লিউৰা কাক বোলে?
উত্তৰ - আমাৰ হাঁওফাঁও দুটা আৱৰি থকা পাতল অথচ টান আৱৰণীখনকে প্লিউৰা বোলে।
3. মধ্যচ্ছদা কাক  বোলে?
উত্তৰ - বক্ষগহ্বৰৰ তলফালে থকা পেশীযুক্ত আৰু ডাঙৰ পৰ্দাখনকে মধ্যচ্ছদা বোলে।
4. মানুহৰ উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়াটোৰ চমু বৰ্ণনা দিয়াঁ।
উত্তৰ - (গৃহকাৰ্য হিচাবে নিজে কৰিবাঁ)
5. বায়ৱীয় বা সবাত শ্বসন কাক বোলে?
উত্তৰ - অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন কাৰ্যক বায়ৱীয় বা সবাত শ্বসন বোলে।
6. অবায়ৱীয় বা অবাত শ্বসন কাক বোলে?
উত্তৰ - অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন কাৰ্যক অবায়ৱীয় বা অসবাত শ্বসন বোলে।

7. মানুহৰ দৰে হাঁওফাঁও থাকা কেইবিধমান প্ৰাণীৰ নাম লিখাঁ।

উত্তৰ - মানুহৰ দৰে হাঁওফাঁও নাথাকা কেইবিধমান প্ৰাণীৰ নাম হল মাছবিভিন্ন এককোষী প্ৰাণীবিভিন্ন পতংগ, কেঁচু আদি।

8.এমিবা কি?

উত্তৰ - এমিবা এবিধ পানীত থকা সৰল এককোষী প্ৰাণী।
9. এমিবাই ______ ৰ দ্বাৰা শ্বাস-প্ৰশ্বাস লয়।
উত্তৰ - কোষাৱৰণ
10. এমিবাই কিদৰে শ্বাস-প্ৰশ্বাস লয়?
উত্তৰ - এককোষী প্ৰাণী এমিবাৰ দেহ অতিকে সৰল। ই ইয়াৰ কোষাৱৰণৰ দ্বাৰাই শ্বাস-প্ৰশ্বাস লয়। ইয়াৰ কোষাৱৰণৰ মাজেৰে পৰিৱেশৰ পৰা অক্সিজেন কোষটোৰ ভিতৰলৈ সোমাই আহে, আৰু কোষাৱৰণখনৰ মাজেৰেই কোষত উত্পন্ন হোৱা কাৰ্বন ডাই-অক্সাইড বাহিৰলৈ ওলাই যায়।
11. বায়ুছিদ্ৰ বা স্পিৰাকল কাক বোলে?

উত্তৰ - পঁইতাচোৰাৰ লগতে সকলো পতংগৰে শৰীৰটোৰ দুয়ো কাষে কিছুমান সৰু সৰু ছিদ্ৰ থাকে। এই ছিদ্ৰবোৰক বায়ুছিদ্ৰ বা স্পিৰাকল বোলে।

12. পতংগই কিহৰ সহায়ত শ্বাস-প্ৰশ্বাস লয়?
উত্তৰ - পতংগই বায়ুনলী আৰু বায়ুছিদ্ৰৰ সহায়ত শ্বাস-প্ৰশ্বাস লয়।
13. পতংগৰ শ্বাস-তন্ত্ৰ সম্পৰ্কে ব্যাখ্যা কৰাঁ।
উত্তৰ - পতংগবোৰে বায়ুনলী আৰু বায়ুছিদ্ৰৰ সহায়ত শ্বাস-প্ৰশ্বাস লয়। ইহঁতৰ শৰীৰটোৰ দুয়োকাষে থকা সৰু সৰু ছিদ্ৰবোৰেই বায়ুছিদ্ৰ বা স্পিৰাক'ল। এইবোৰৰ পৰা ওলোৱা সৰু সৰু নলিকাবোৰ দেহৰ ভিতৰত লগ লাগি এখন জালিকাৰ সৃষ্টি কৰে। এইবোৰক বায়ুনলী বা শ্বাস-নলিকা বোলে। বায়ুমণ্ডলৰ পৰা অক্সিজেন সমৃদ্ধ বায়ু বায়ুছিদ্ৰইদি প্ৰথমে বায়ুনলিকাবোৰত সোমায় আৰু তাৰ পৰাই দেহৰ বিভিন্ন কোষলৈ যায়। এইদৰে কোষত উত্পন্ন বৰ্জনীয় কাৰ্বন ডাই-অক্সাইড প্ৰথমে বায়ুনলিকাবোৰত আহি পায়, আৰু তাৰ পৰাই বায়ুছিদ্ৰইদি বাহিৰলৈ ওলাই যায়। 
14. বায়ুনলী বা শ্বাস-নলিকা কাক বোলে?
উত্তৰ - পতংগসমূহে বায়ুছিদ্ৰ বা 
স্পিৰাক'লবোৰৰ মাজেৰে বাহিৰৰ পৰা গ্ৰহণ কৰা অক্সিজেন সমৃদ্ধ বায়ু যি নলিকাৰে দেহৰ ভিতৰলৈ সোমায়, বা কোষত উত্পন্ন হোৱা বৰ্জনীয় কাৰ্বন ডাই-অক্সাইড যিবোৰ নলিকাৰে বাহিৰলৈ ওলাই যায়, তাকে বায়ুনলিকা বা শ্বাস-নলিকা বোলে।
15. মাছৰ শ্বাস অংগবিধৰ নাম কি?
উত্তৰ - 
মাছৰ শ্বাস অংগবিধৰ নাম জলক্লোম বা ফুল বা গিল।
16. গিল (Gill) কি?
উত্তৰ - 
গিল (Gill) মাছৰ শ্বাস অংগ। ইয়াক অসমীয়াত জলক্লোম বা ফুল বোলে।
17. মাছে কিদৰে শ্বাস-প্ৰশ্বাস কাৰ্য সম্পন্ন কৰে?
উত্তৰ - 
(গৃহকাৰ্য হিচাপে নিজে কৰিবাঁ)
18. কেঁচুৱে কিহৰ সহায়ত উশাহ-নিশাহ লয়?
উত্তৰ - 
কেঁচুৱে ছালৰ সহায়ত উশাহ-নিশাহ লয়।
19. ভেকুলীয়ে কিহৰ সহায়ত উশাহ-নিশাহ লয়?
উত্তৰ - 
ভেকুলীয়ে হাঁওফাঁও আৰু ছালৰ সহায়ত উশাহ-নিশাহ লয়।
20. মাছৰ অতিৰিক্ত শ্বাস অংগবিধৰ নাম কি?
উত্তৰ - 
মাছৰ অতিৰিক্ত শ্বাস অংগবিধৰ নাম বায়ুমোনা (air bladder)।

Comments

  1. . বায়ৱীয় বা সবাত শ্বসন কাক বোলে?
    উত্তৰ - অক্সিজেনৰ উপস্থিতিত হোৱা শ্বসন কাৰ্যক বায়ৱীয় বা সবাত শ্বসন বোলে? ইয়াত উত্তৰ টোত (?) চিন আছে

    ReplyDelete
  2. . মানুহৰ দৰে হাঁওফাঁও নাথাকা কেইবিধমান প্ৰাণীৰ নাম লিখাঁ।
    উত্তৰ - মানুহৰ দৰে হাঁওফাঁও নাথাকা কেইবিধমান প্ৰাণীৰ নাম হ’ল মাছ, বিভিন্ন এককোষী প্ৰাণী, বিভিন্ন পতংগ, কেঁচু আদি। ইয়াত প্ৰশ্নটোত আৰু উত্তৰ টোত নাথাকা আছে নথকা হ'ব লাগে ৭. নম্বৰ প্ৰশ্নটো

    ReplyDelete
  3. শ্বাস-প্ৰশ্বাসৰ বাবে মাছৰ এক বিশেষ শ্বাস - অংগ থাকে। ইয়াক অসমীয়াত জলক্লোম বা ফুল আৰু ইংৰাজীত গিল(Gill) বুলি কোৱা হয়। মাছৰ মূৰটোৰ শেষৰফালে দুয়োফালে দুযোৰকৈ গিল থাকে। গিলবোৰত যথেষ্ট পৰিমাণে তেজ চলাচল কৰি থাকে। ইয়াৰ সহায়ত মাছে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰে আৰু তেজৰ পৰা কাৰ্বন- ডাই- অক্সাইড গেছ পানীত এৰি দিয়ে। আৰু এনেদৰেই মাছে
    শ্বাস-প্ৰশ্বাস কাৰ্য সম্পন্ন কৰে। ১৭ নম্বৰ প্ৰশ্নটোৰ উত্তৰ -
    নাম- ঊষা ৰাণী ডেকা
    শ্ৰেণী- ৭(ক)

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী