প্ৰাকৃতিক দুৰ্যোগ , বিজ্ঞান , পঞ্চম শ্ৰেণী

বায়ুৰ ধৰ্ম

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা -  49/50



1. প্ৰাকৃতিক দুযোৰ্গ কাক বোলে? উদাহৰণ দিযাঁ৷ 

উত্তৰ - হঠাতে প্ৰাকৃতিকভাৱে ঘটা মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰা ঘটনাবোৰকে প্ৰাকৃতিক দুযোৰ্গ বোলে৷ 

যেনে - বানপানী, ধুমুহা, ভূমিকম্প, খৰাং আদি৷ 

বানপানী কি? 

উত্তৰ - চাৰিওদিশে ঠাইবোৰ পানীৰে বুৰাই পেলোৱাকে বানপানী বুলি কোৱা হয়৷ 

2. বানপানীৰ কেইটামান কাৰণ লিখাঁ৷ 

উত্তৰ - বানপানীৰ কেইটামান কাৰণ তলত দিয়া ধৰণৰ -

    (i) অত্যধিক বৰষুণৰ বাবে নদীৰ পানী ওপৰলৈ উঠি অহাৰ ফলত বানপানী হ’ব পাৰে৷ 

    (ii) কেতিয়াবা নদীৰ কোনো অংশ বাম হ’লে সেই ঠাইৰ পানী উপচি কাষৰ ঠাইবোৰত বানপানী হয়৷ 

    (iii) অত্যধিক উষ্ণতা বৃদ্ধিৰ ফলত পবৰ্তৰ বৰফ গলি বানপানীৰ সৃষ্টি হয়৷ 

    (iv) কেতিয়াবা নদীৰ বান্ধ ভাগিও বানপানীৰ সৃষ্টি হয়৷ 

4. বানপানীৰ কেইটামান কুফল লিখাঁ৷  

উত্তৰ - বানপানীৰ কেইটামান কুফল তলত দিয়া হ’ল -

    (i) বানপানীৰ ফলত জন-জীৱন বিপৰ্যস্ত হয়৷ 

    (ii) বানপানীৰ কবলত বহু লোকৰ মৃত্যু হয়৷ 

    (iii) বানপানীৰ ফলত সা-সম্পত্তি বিনস্ত হয়, খেতি-শস্য বিনষ্ট হয়৷ 

    (iv) বানপানীৰ সময়ত বহুদিনলৈ পানী জমা হৈ পৰিৱেশ দুৰ্গন্ধময় হয়, আৰু তাত বেমাৰৰ বীজাণু উৎপন্ন হোৱাৰ ফলত মানুহবোৰ কলেৰা, মেলেৰিয়া, ডেংগি আদি ৰোগত আক্ৰান্ত হয়৷ 

    (v) বানপানীৰ ফলত প্ৰিত বছৰে বহু জীৱ-জন্তুৰ মৃত্যু হয়।

5. বানপানীৰ এটা সুফল লিখাঁ৷ 

উত্তৰ - বানপানীৰ এটা সুফল হ’ল যে ই পাহাৰীয়া ঠাইৰ মাটি সমতল ঠাইলৈ উটুৱাই আনি ভৈয়ামৰ অঞ্চলবোৰ সাৰুৱা কৰাত সহায় কৰে৷ 

6. বানপানী নিয়ন্ত্ৰণৰ দুটা উপায় লিখাঁ৷ 

উত্তৰ - বানপানী নিয়ন্ত্ৰণৰ দুটা উপায় হ’ল -

(i) গছ-ঘছনি ৰোপণ কৰি বানপানী নিয়ন্ত্ৰণ কৰিব পাৰি৷ 

(ii) মাথাউৰি বান্ধিলেও বানপানী নিয়ন্ত্ৰণ হয়৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 52

8. যথেষ্ট খৰাং হোৱা ভাৰতবৰ্ষৰ কেইখনমান ঠাইৰ নাম লিখাঁ৷ 

উত্তৰ - যথেষ্ট খৰাং হোৱা ভাৰতবৰ্ষৰ কেইখনমান ঠাইৰ নাম হ’ল ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ আদি৷

9. খৰাং হোৱাৰ এটা কাৰণ লিখাঁ৷ 

উত্তৰ - হাবি, জংঘল, গছ-গছনি কাটি নোহোৱা কৰা ঠাইবোৰত বৰষুণৰ পৰিমাণ খৰাং হয়৷ 

10. খৰাং হোৱাৰ ফলত আমাৰ কি কি ক্ষতি হয়?

উত্তৰ - খৰাং হোৱাৰ ফলত হোৱা ক্ষতিবোৰ হ’ল -

(ক) খেতিয়কসকল খেতি কৰাৰ পৰা বঞ্চিত হয় আৰু ফলত খাদ্য শস্য, শাক-পাচলি, ফল-মূল আদিৰ নাটনি হয়৷

(খ) জনসাধাৰণ পানীৰ অভাৱত ভোগে৷

(গ) পানীৰ অভাৱত জীৱ-জন্তু, গছ-গছনিৰ অপমৃত্যু হয়৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 53

11. ভূমিকম্পৰ মাত্ৰা জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰ - চিছ্ম'গ্ৰাফ

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 54

12. ভূমিকম্পৰ জোঁকাৰণিৰ তীব্ৰতা কিহৰ সহায়ত জোখা হয়?

উত্তৰ - ৰিখ্টাৰ স্কেল


Comments

  1. ধন্যবাদ আচাৰ্য্য

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

তাপৰ ধাৰণা, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বেলতলা, গুৱাহাটী (পৰিকল্পনা, প্ৰস্তুতি আৰু ডিটিপি সত্যজিৎ শইকীয়া)।