আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ, বিজ্ঞান, পঞ্চম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, বেলতলা, গুৱাহাটী।


                        আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ

 পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা – 59

1. _____ এ আমাৰ শৰীৰৰ আকৃতি দিয়ে।

উঃ - হাড়ে

2.  অংগ তন্ত্ৰ কাক বোলে?

উঃ - আমাৰ শৰীৰৰ একোটা বিশেষ কাৰ্য সম্পাদন কৰা অংগৰ গোটক অংগ তন্ত্ৰ বোলে।

3.  পাচনতন্ত্ৰ কাক বোলে?

উঃ - জীৱৰ দেহত খাদ্যৰ পাচন প্ৰক্ৰিয়াৰ লগত জড়িত অংগসমূহক একেলগে পাচন তন্ত্ৰ বোলে।

4.  শ্বসনতন্ত্ৰ কাক বোলে?

উঃ - জীৱদেহৰ শ্বসন কাৰ্যৰ লগত জড়িত অংগবোৰক একেলগে শ্বসন তন্ত্ৰ বোলে।

5.   ৰেচনতন্ত্ৰ কাক বোলে?

উঃ - জীৱদেহৰ অপ্ৰয়োজনীয় পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰা অংগবোৰক একেলগে ৰেচনতন্ত্ৰ তন্ত্ৰ বোলে।

6.  ৰক্ত পৰিবহন তন্ত্ৰ কাক বোলে?

উঃ – শৰীৰৰ বিভিন্ন অংশলৈ তেজ চলাচল কৰাত সহায় কৰা অংগতন্ত্ৰক একেলগে ৰক্ত পৰিবহ তন্ত্ৰ বোলে।

 

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 60 

7. পাচন তন্ত্ৰৰ সৈতে জড়িত অংগ সমূহ কি কি?

উঃ - পাচন তন্ত্ৰৰ সৈতে জড়িত অংগ সমূহ হৈছে - মুখ, খাদ্যনলী (ইছ'ফেগাছ), পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত্ৰ, আৰু গুহ্যদ্বাৰ

8. দাঁতৰ প্ৰধান কাম কি

উঃ - দাঁতৰ প্ৰধান কাম হ'ল খাদ্যবস্তু সৰু সৰু টুকুৰা কৰাত সহায় কৰা।

9.  এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মুখত কিমান দাঁত থাকে?

উঃ - এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মুখত 32 টা দাঁত থাকে।

10. আমাৰ মুখত কিমান  প্ৰকাৰৰ দাঁত থাকে?

উঃ - আমাৰ মুখত 4 প্ৰকাৰৰ দাঁত থাকে।

 যেনে-

     ক) আগদাঁত বা কৃন্তক(8 টা)

     খ) কুকুৰ দাঁত বা জোঙা দাঁত(4 টা)

     গ) গ্ৰজামুদাঁত(8 টা)

     ঘ) জামুদাঁত(12 টা)

11.  জিভাৰ কাম কি?

উঃ - জিভাই খাদ্যবস্তুত লালটি মিহলোৱাৰ লগতে চোবাই গিলাত সহায় কৰে। ইয়াৰ উপৰিও জিভাৰ দ্বাৰা আমি খাদ্যবস্ত্তুৰ তিতামিঠাজলাটেঙা আদি সোৱাদ অনুভৱ কৰিব পাৰোঁ।

 

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা – 61 

12.   খাদ্যনলী কি?

উঃ খাদ্যনলী হ'ল মুখৰ পৰা পাকস্থলীলৈ থকা এডাল নলী।

13. পাকস্থলীৰ কাম কি ?

উঃ  পাকস্থলীটো এখন মোনাৰ দৰে অংগ। আমি  খোৱা খাদ্যবোৰ মুখৰ পৰা গৈ পাকস্থলীত সোমায়। পিছত ই নিৰ্গত কৰা পাচকৰসে খাদ্য হজম কৰে।

14. পাকস্থলীৰ পৰা আমি খোৱা আহাৰ ______ লৈ য়ায়।

উঃ  ক্ষুদ্ৰান্ত

15. ক্ষুদ্ৰান্তত কোন কোন গ্ৰন্থীৰ পৰা অহা ৰস মিহলি হয়?

উঃ  ক্ষুদ্ৰান্তত যকৃত আৰু অগ্নাশয় গ্ৰন্থীৰ পৰা অহা ৰস মিহলি হয়।

16. খাদ্যনলীৰ কোন অংশত হজম হোৱা খাদ্যৰ বেছিভাগ শোষণ হয়?

উঃ  খাদ্যনলীৰ ক্ষুদ্ৰান্ত অংশত হজম হোৱা খাদ্যৰ বেছিভাগ শোষণ হয়।

17. বৃহদান্ত্ৰই খাদ্যৰ হজম নোহোৱা অংশৰ পৰা ______ অংশ শোষণ কৰি লয়। ?

উঃ  পানী অংশ

18. পাচন তন্ত্ৰৰ কাৰ্য সঠিকভাৱে সম্পাদন হ'বলৈ কৰিব লগীয়া কেইটামান অভ্যাস লিখাঁ।

উঃ  পাচন তন্ত্ৰ কাৰ্য সঠিকভাৱে সম্পাদন হ'বলৈ কৰিব লগীয়া কেইটামান অভ্যাস হ'ল -

        (ক) সদায় সঠিক আৰু নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰিব লাগে।

        (খ) খাদ্য সৰু সৰু টুকুৰা কৰি খাব লাগে।

        (গ) খাদ্য ভালদৰে চোবাই খাব লাগে।

        (ঘ) যথেষ্ট পৰিমাণে পানী খাব লাগে।

19. সকলো জীৱৰ ক্ষেত্ৰতে উশাহ-নিশাহ _______ ই সম্পাদন কৰে। ?

উঃ  শ্বাসতন্ত্ৰ

                            পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা – 62 

20. শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া _____ ৰ পৰাই আৰম্ভ হয়।

উঃ  নাক

21. শ্লেষ্মা কি?

উঃ  শ্লেষ্মা হৈছে নাকত হোৱা এবিধ আঠা জাতীয় পদাৰ্থ।

22. শ্বাসতন্ত্ৰৰ কাৰ্যৰ বিষয়ে চমুকৈ লিখাঁ।

উঃ  (নিজে লিখাবাঁ। পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 62 ৰ 2 আৰু 3 অংশ।)

23. কৈশিক সিৰা কাক বোলে?

উঃ  জীৱদেহৰ অতি পাতল ৰক্তবাহী নলীবোৰক কৈশিক সিৰা বোলে।

24. এজন মানুহে এক মিনিটত কিমান বাৰলৈ শ্বাস-প্ৰশ্বাস ল'ব পাৰে?

উঃ  এজন মানুহে প্ৰতি মিনিটত 12 ৰ পৰা 14 বাৰলৈ শ্বাস-প্ৰশ্বাস ল'ব পাৰে।

                            পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা – 62 

(আগলৈ ....)


Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী