উদ্ভিদৰ পৰিপুষ্টি, সপ্তম শ্ৰেণী, পৰিকল্পনা আৰু প্ৰস্তুতি - সত্যজিত শইকীয়া, বেলতলা, গুৱাহাটী, অসম





 1. পৰিপুষ্টি শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছে?

উত্তৰ - "পৰিপুষ্টি" শব্দটো "পুষ্টিকাৰক দ্ৰব্য" বা "পৰিপোষক" শব্দৰ পৰা  আহিছে।


2. খাদ্যৰ বিভিন্ন উপাদানবোৰ কি কি?

উত্তৰ- খাদ্যৰ বিভিন্ন উপাদানবোৰ হ'ল - কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বী, ভিটামিন, খনিজ লৱন আৰু পানী।

3. পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক (Nutrients) কাক বোলে?
উত্তৰ- আমাৰ শৰীৰৰ বাবে আৱশ্যকীয় খাদ্যৰ বিভিন্ন উপাদানবোৰ হ'ল - কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বী, ভিটামিন, খনিজ লৱন আৰু পানী। এইবোৰকে পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক বুলি কোৱা হয়। 


4. উদ্ভিদ আৰু প্ৰাণীৰ মূল খাদ্য কি কি?
উত্তৰ- উদ্ভিদ আৰু প্ৰাণীৰ মূল খাদ্য হৈছে - কাৰ্বহাইড্ৰেট, চৰ্বী, প্ৰ'টিন আৰু খনিজ দ্ৰব্য।


5. শৰীৰত পুষ্টিকাৰক দ্ৰব্যৰ তিনিটা কাম লিখাঁ।

উত্তৰ-শৰীৰত পুষ্টিকাৰক দ্ৰব্যৰ তিনিটা কাম হ'ল -
   (ক) শৰীৰত শক্তিৰ যোগান ধৰা।

   (খ) দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰা। আৰু

   (গ) শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰা।


6. পৰিপুষ্টি কাক বোলে?
উত্তৰ- জীৱসমূহে খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটোকে পৰিপুষ্টি (Nutrition) বোলে।


7. স্বপোষণ বা স্বপোষী পৰিপুষ্টি কাক বোলে?
উত্তৰ - কিছুমান জীৱই কিছুমান সৰল পদাৰ্থৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পৰাকে স্বপোষণ বা স্বপোষী পৰিপুষ্টি বোলে।


8. স্বপোষী উদ্ভিদ কাক বোলে?
উত্তৰ- যিবোৰ উদ্ভিদে কিছুমান সৰল পদাৰ্থৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে, তেনেবোৰ উদ্ভিদকে স্বপোষী উদ্ভিদ বোলে।


9. পৰপোষী বা পৰপুষ্ট জীৱ কাক বোলে?
উত্তৰ- যিবোৰ জীৱই উদ্ভিদে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে, তেনেবোৰ জীৱক পৰপোষী বা পৰপুষ্ট জীৱ বুলি কোৱা হয়।


10. পৰপোষণ বুলিলে কি বুজা?
উত্তৰ - কিছুমান জীৱই উদ্ভিদে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে। এনে জীৱক পৰপোষী বা পৰপুষ্ট জীৱ আৰু এই ব্যৱস্থাটোক পৰপোষণ বুলি কোৱা হয়।


11. উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণৰ কাৰাখানা কি?
উত্তৰ- পাত।


12. উদ্ভিদৰ খাদ্য সংশ্লেষণ _____ত হয়।

উত্তৰ- সেউজীয়া পাত।


13. উদ্ভিদৰ শিপাই কিহৰ দ্বাৰা মাটিৰ পৰা পানী আৰু খনিজ লৱন পাতলৈ পৰিবহণ কৰে?
উত্তৰ- জাইলেম নলীকাৰ দ্বাৰা।


14. পত্ৰৰন্ধ্ৰ কাক বোলে?
উত্তৰ_ পাতত থকা সৰু সৰু ছিদ্ৰবোৰকে পত্ৰৰন্ধ্ৰ বোলে।


15. পত্ৰৰন্ধ্ৰৰ ছিদ্ৰবোৰ কিহে আৱৰি ৰাখে?

উত্তৰ- ৰক্ষীকোষে।

16. উদ্ভিদে খাদ্য প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা সৰল অজৈৱ দ্ৰব্যকেইবিধ কি কি?
উত্তৰ- উদ্ভিদে খাদ্য প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা সৰল অজৈৱ দ্ৰব্যকেইবিধ হ'ল - পানী, খনিজ লৱন আৰু কাৰ্বন ডাই-অক্সাইড।


17. পাদপসদৃশ ভোজী বা হ''ফাইটিক কাক বোলে?
উত্তৰ- যি পোষণ পদ্ধতিত সেউজীয়া উদ্ভিদে পানী, খনিজ লৱন আৰু কাৰ্বন ডাই-অক্সাইডৰ দৰে সৰল অজৈৱ দ্ৰব্যৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়, তেনেধৰণৰ পোষণক পাদপসদৃশ ভোজী বা হ''ফাইটিক বোলে।


18. উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্য কি নলীকাৰে উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ যায়?
উত্তৰ- ফ্ল'ৱেম নলীকাৰে।


19. পত্ৰহৰিৎ কাক বোলে?
উত্তৰ- পাতত থকা সেউজীয়া ৰঞ্জক কণিকাকে পত্ৰহৰিৎ বোলে।


20. সালোক সংশ্লেষণত পৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক _______ বোলা হয়।

উত্তৰ- পত্ৰহৰিৎ।


21. সালোক সংশ্লেষণ কাক বোলে?
উত্তৰ - সেউজীয়া উদ্ভিদে পত্ৰহৰিতৰ সহায়ত সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন ডাই-অক্সাইডৰ মাজত বিক্ৰিয়া ঘটাই নিজৰ খাদ্য নিজে সংশ্লেষণ কৰা প্ৰক্ৰিয়াকে সালোক সংশ্লেষণ বোলে।


22. সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি কি প্ৰয়োজন?
উত্তৰ - সালোক সংশ্লেষণৰ প্ৰয়োজনীয়তাখিনি হ'ল -
(ক) পত্ৰহৰিৎ

(খ) সূৰ্যৰ পোহৰ

(গ) পানী আৰু

(ঘ) কাৰ্বন ডাই-অক্সাইড।


23. পৃথিৱীৰ সকলো শক্তিৰ মূল উৎস কি?
উত্তৰ - সূৰ্য।


24. জীৱৰ শৰীৰ ____ ৰে গঠিত।

উত্তৰ - কোষ।


25. কোষ কাক বোলে?
উত্তৰ - জীৱদেহ গঠন কৰা সৰু সৰু এককবোৰকে কোষ বোলে।


26. কেইবিধমান এককোষী জীৱৰ নাম লিখা।

উত্তৰ - কেইবিধমান এককোষী জীৱৰ নাম হ'ল - এমিবা, ইউগ্লিনা আৰু পেৰামেছিয়াম।


27. কোষবেৰ কাক বোলে?
উত্তৰ - উদ্ভিদ দেহৰ কোষবোৰ আবৃত হৈ থকা আৱৰণকে কোষবেৰ বোলে।


28. প্ৰাণীকোষৰ কোষবেৰ ________

উত্তৰ - নাথাকে।


29. কোষকেন্দ্ৰ (Nucleus) কাক বোলে?
উত্তৰ - কোষৰ ভিতৰত থকা গোলাকাৰ গঠনটোকে কোষকেন্দ্ৰ (Nucleus) বোলে।


30. কোষপ্ৰৰস (Cytoplasm)  কাক বোলে?
উত্তৰ - জীৱৰ কোষকেন্দ্ৰক আৱৰি থকা জেলসদৃশ পদাৰ্থখিনিক কোষপ্ৰৰস বোলে।


31. সালোক সংশ্লেষণৰ গুৰুত্ব কি?
উত্তৰ - সালোক সংশ্লেষণৰ গুৰুত্ব এয়ে যে -
        (ক) সালোক সংশ্লেষণৰ দ্বাৰা সেউজীয়া উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়।

        (খ) পৃথিৱীৰ প্ৰায় সকলো জীৱই খাদ্যৰ বাবে সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণৰ দ্বাৰা উৎপন্ন কৰা                 খাদ্যৰ ওপৰতেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰে।

        (গ) জীৱসমূহৰ বাবে প্ৰয়োজনীয় অম্লজান বা অক্সিজেন সালোক সংশ্লেষণৰ সময়তেই সৃষ্টি হয়।


32. খালী ঠাই পূৰ কৰা।

(ক) উদ্ভিদৰ দেহত কাৰ্বহাইড্ৰেট ________ লৈ পৰিৱৰ্তিত হয়।

উত্তৰ- শ্বেতসাৰ।
(খ) শ্বেতসাৰ একপ্ৰকাৰৰ _____

উত্তৰ- কাৰ্বহাইড্ৰেট।


33. সালোক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা।

উত্তৰ -


34. কাৰ্বন ডাই-অক্সাইড, পানী আৰু গ্লুক'জৰ ৰাসায়নিক সংকেত লিখা।

উত্তৰ- কাৰ্বন ডাই-অক্সাইড, পানী আৰু গ্লুক'জৰ ৰাসায়নিক সংকেত হ'ল ক্ৰমে - CO2, H2O C6H12O6


35. মৰুভূমিৰ উদ্ভিদবোৰৰ পাতবোৰ কাঁইটলৈ ৰূপান্তৰ ঘটে কিয়?
উত্তৰ - মৰুভূমিত পানীৰ পৰিমাণ অতি কম। সেয়েহে প্ৰস্বেদনৰ দ্বাৰা কম পৰিমাণৰ পানীহে যাতে গছজোপাৰ পৰা ওলাই যাব পাৰে তাৰ বাবে মৰুভূমিৰ উদ্ভিদবোৰৰ পাতবোৰ কাঁইটলৈ ৰূপান্তৰ ঘটে।


36. পাতৰ ৰং সেউজীয়া হয় কিয়?
উত্তৰ - পত্ৰহৰিৎ নামৰ ৰঞ্জক পদাৰ্থৰ উপস্থিতিৰ বাবে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয়।


37. কাৰ্বহাইড্ৰেট কিহৰ দ্বাৰা গঠিত?
উত্তৰ - কাৰ্বহাইড্ৰেট কাৰ্বন, হাইড্ৰ'জেন আৰু অক্সিজেনৰ দ্বাৰা গঠিত।


38. প্ৰ'টিনবোৰ _____ জাতীয় পদাৰ্থ।

উত্তৰ - নাইট্ৰ'জেন


39. নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰা উদ্ভিদে কি ধৰণেৰে পুষ্টি আহৰণ কৰে?
উত্তৰ - নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰা উদ্ভিদে আন কিছুমান খাদ্য প্ৰস্তুত কৰিব পৰা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। এই ধৰণৰ পুষ্টিক পৰপুষ্টি বুলি কোৱা হয়।


40. এবিধ সম্পূৰ্ণ পৰজীৱী উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰ - এবিধ সম্পূৰ্ণ পৰজীৱী উদ্ভিদৰ উদাহৰণ হ'ল অমৰলতা।


41. এবিধ আংশিক পৰজীৱী উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰ - এবিধ আংশিক পৰজীৱী উদ্ভিদৰ উদাহৰণ হ'ল ৰঘুমলা।


42. পতংগভোজী উদ্ভিদে কিদৰে পোক-পতংগক আকৰ্ষণ কৰে?
উত্তৰ - পতংগভোজী উদ্ভিদে তাৰ বৰণ, গোন্ধ আৰু মৌৰ দ্বাৰা পোক-পতংগক আকৰ্ষণ কৰে।


43. পতংগভোজী উদ্ভিদ কাক বোলে?
উত্তৰ - যিবোৰ উদ্ভিদে পোক-পতংগৰ পৰা নইট্ৰ'জেন জাতীয় খাদ্য আহৰণ কৰে, তেনে উদ্ভিদকে পতংগভোজী উদ্ভিদ বোলে।
যেনে - কলচী উদ্ভিদ, সূৰ্য মুকুতা বা ৰ'দ মুকুতা, ব্লাডাৰওৱৰ্ট, ভেনাচ-ফ্লাই ট্ৰেপ আদি।


44. টোডচটুল কি?
উত্তৰ - বিষাক্ত বেংছতাবোৰক টোডচটুল বুলি কোৱা হয়।


45. মৃতজীৱীয় পৰিপুষ্টি কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ - যি পৰিপুষ্টি প্ৰক্ৰিয়াত  জীৱই মৃত অথবা গেলি-পচি যোৱা বস্তুৰ পৰা দ্ৰৱণ হিচাপে পৰিপোষক শোষণ কৰে, তাকে মৃতজীৱীয় পৰিপুষ্টি বোলে।
যেনে - ভেঁকুৰ, বেক্টেৰিয়া আদি।


46. এবিধ উপকাৰী ভেঁকুৰৰ উদাহৰণ দিয়া।

উত্তৰ - ইষ্ট


47. সহজীৱী সম্বন্ধ কি?
উত্তৰ - একাধিক জীৱ একেলগে আৰু একে ঠাইত বাস কৰি পৰিপোষক আৰু আশ্ৰয়ৰ ভাগ একেলগে গ্ৰহণ কৰিলে, ইয়াকে সহজীৱী সম্বন্ধ বুলি কোৱা হয়।


48. লাইকেন কি?
উত্তৰ - লাইকেন হ'ল ভেঁকুৰ আৰু পত্ৰহৰিৎ থকা শেলাইৰ এক সহজীৱিতা।


49. চমুটোকা লিখা - সহজীৱী সম্বন্ধ।

উত্তৰ - সহজীৱী সম্বন্ধ - একাধিক জীৱ একেলগে আৰু একে ঠাইত বাস কৰি পৰিপোষক আৰু আশ্ৰয়ৰ ভাগ একেলগে গ্ৰহণ কৰিলে, ইয়াকে সহজীৱী সম্বন্ধ বুলি কোৱা হয়।


50. উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয় পৰিপোষক লৱণ তিনিবিধ কি কি?
উত্তৰ - উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয় পৰিপোষক লৱণ তিনিবিধ হ'ল - নাইট্ৰ'জেন, পটাছিয়াম আৰু ফছফৰাছ।


51. বায়ুমণ্ডলৰ পৰা নাইট্ৰ'জেন শোষণ কৰা বেক্টেৰিয়াবিধৰ নাম কি?
উত্তৰ - ৰাইজ'বিয়াম।


52. সকলোবোৰ প্ৰাণীক পৰপোষী জীৱৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে কিয়?
উত্তৰ - প্ৰাণীবোৰে খাদ্যৰ বাবে অন্য উদ্ভিদ বা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে বাবে সকলোবোৰ প্ৰাণীক পৰপোষী জীৱৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।
উদাহৰণস্বৰূপে, লাইকেন হ'ল ভেঁকুৰ আৰু পত্ৰহৰিৎ থকা শেলাইৰ এক সহজীৱিতা। ভেঁকুৰে শেলাইক আশ্ৰয়, পানী আৰু খনিজ লৱন যোগান ধৰে আৰু ইয়াৰ পৰিৱৰ্তে শেলাইয়ে সালোক সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য ভেঁকুৰক যোগান ধৰে।


53. আমাৰ খাদ্যত ভিটামিন, খনিজ লৱণ আৰু পানীৰ কিয় প্ৰয়োজ?

উত্তৰ – আমাৰ খাদ্যত ভিটামিন, খনিজ লৱণ আু পানীৰ প্ৰয়েজন। কিয়নো –

(ক) খাদ্যত থকা ভিটামিনে আমাৰ দেহত ৰোগ প্ৰতিৰোধ কৰে। উদাহৰণস্বৰূপে এ ভিটামিনৰ অভাৱত কুকুৰীকণা ৰোগ হয়। এনে ৰোগত আক্ৰান্ত লোকে কম পোহৰত বা ৰাতি নেদেখা হয়।

(খ)খনিজ লৱণবোৰে আমাৰ দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰাৰ লগতে স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। উদাহৰণস্বৰূপে আইৰণে আমাৰ তেজৰ হিম’গ্লবিন গঠনত ভাগ লয়। হিম’গ্লবিন কমি গ’লে মানুহ মৃত্যু মুখত পৰে।

(গ) পানীয়ে আমাৰ দেহত বশেষকৈ দ্ৰাৱক মাধ্যমৰ কাম কৰে। আমাৰ দেহৰ সত্তৰ শতাংশই পানী। পানীৰ মাধ্যমতে আহাৰৰ বিভিন্ন উপাদান, দেহৰ অলাগতীয়াল দ্ৰব্য আদিবোৰ এঠাইৰ পৰা আন ঠাইলৈ যায়।


Comments

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী