ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ , বিজ্ঞান , দশম শ্ৰেণী ।

 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

1. বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কি? উদাহৰণ সহ বুজাই লিখাঁ৷

উঃ ৰাসায়নিক বিক্ৰিয়াত ৰাসায়নিক পৰিৱৰ্তন ঘটা পদাৰ্থক বিক্ৰিয়ক পদাৰ্থ, আৰু বিক্ৰিয়াটোত গঠন হোৱা নতুন পদাৰ্থক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়৷

উদাহৰণস্বৰূপে, মেগনেছিয়াম (Mg) ফিটা এডাল অক্সিজেন (O2) ত জ্বলালে মেগনেছিয়াম অক্সাইড (MgO) লৈ পৰিৱৰ্তিত হয়৷ ইয়াত মেগনেছিয়াম আৰু অক্সিজেনৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিছে৷ গতিকে ইহঁত বিক্ৰিয়ক পদাৰ্থ, আৰু বিক্ৰিয়াটোৰ ফলত মেগনেছিয়াম অক্সাইড নতুনকৈ গঠন হৈছে৷ সেয়েহে ই বিক্ৰিয়াজাত পদাৰ্থ৷

2. ৰাসায়নিক বিক্ৰিয়া কাক বোলে?

উঃ এক বা একাধিক বিক্ৰিয়ক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক বা একাধিক বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি কৰা প্ৰক্ৰিয়াকে ৰাসায়নিক বিক্ৰিয়া বোলে। 

3. ৰাসায়নিক সমীকৰণ কাক বোলে?

উঃ ৰাসায়নিক বিক্ৰিয়া এটাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ ৰাসায়নিক সংকেতৰ দ্বাৰা উপস্থাপন কৰিলে, তাকে ৰাসায়নিক সমীকৰণ বোলে৷

4. কেলছিয়াম অক্সাইডৰ অন্য নাম কি?

উঃ পোৰা চূণ৷

5. কেলছিয়াম অক্সাইড তথা পোৰা চূণৰ সংকেত লিখাঁ৷

উঃ CaO

6. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে৷ যৌগটো পানীত দ্ৰৱণীয়৷ সম্ভৱপৰ মৌলটো হ’ল -

(a) কেলছিয়াম (b) কাৰ্বন

(c) ছিলিকন (d) আইৰণ

উঃ (a) কেলছিয়াম

7. কেলছিয়াম হাইড্ৰ’ক্সাইড তথা শিথিলিত চূণৰ সংকেত কি?

উঃ Ca(OH)2

8. তলৰ কোনটো শিথিলিত চূণৰ ৰাসায়নিক সংকেত?         TP.18

(a) CaO (b) Ca(OH)2

(c) CaCO3 (d) Na2CO3

উঃ (b) Ca(OH)2  

9. কেলছিয়াম অক্সাইড তথা পোৰা চূণৰ লগত পানী মিহলালে কি হয় ৰাসায়নিক সমীকৰণ সহ লিখাঁ৷

উঃ কেলছিয়াম অক্সাইড তথা পোৰা চূণৰ লগত পানী মিহলালে কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰে৷

10. এটা বিকাৰত কেলছিয়াম অক্সাইড তথা পোৰা চূণ লোৱা হ’ল আৰু বিকাৰটোত লাহে লাহে পানী যোগ কৰা হ’ল৷ এতিয়া তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া৷

     (i) উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব?

     (ii) ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখাঁ৷ TP.18

উঃ (i) উষ্ণতাৰ বৃদ্ধি হ’ব৷ বিকাৰটো চুই চালে গৰম অনুভৱ হ’ব৷      

11. সংযোজন বিক্ৰিয়া কাক বোলে? এটা উদাহৰণ দিয়াঁ৷

উঃ যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা তাতোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হয়, তেনেবোৰ বিক্ৰিয়াকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়৷

উদাহৰণস্বৰূপে, কেলছিয়াম অক্সাইড (CaO) আৰু পানী (H2O) ৰ মাজত বিক্ৰিয়া ঘটি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কেলছিয়াম হাইড্ৰ’ক্সাইড Ca(OH)2 উৎপন্ন হয়৷


12. তলৰ কোনটো সংযোজন বিক্ৰিয়াৰ উদাহৰণ?            TP.18







13. তলৰ কোনটো সংযোজন বিক্ৰিয়া নহয়?







14. কেলছিয়াম অক্সাইড তথা পোৰা চূণ আৰু পানীৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হোৱা শিথিলিত চূণ কেলছিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱক বেৰত ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় কিয়?

উঃ কেলছিয়াম অক্সাইড তথা পোৰা চূণ আৰু পানীৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হোৱা শিথিলিত চূণৰ দ্ৰৱক বেৰত ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়৷ কিয়নো, শিথিলিত চূণ কেলছিয়াম হাইড্ৰ’ক্সাইডে বায়ুৰ কাৰ্বন ডাই-অক্সাইডৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰি বেৰৰ গাত কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপৰ সৃষ্টি কৰে৷ শিথিলিত চূণ সনাৰ দুই তিনিদিনৰ পাছত এই কেলছিয়াম কাৰ্বনেটৰ প্ৰলেপটোৰ সৃষ্টি হয়, আৰু ই বেৰত চিকমিকনিৰ সৃষ্টি কৰে৷

15. কোনো বেৰত শিথিলিত চূণ কেলছিয়াম হাইড্ৰ’ক্সাইডৰ প্ৰলেপ দিয়াৰ লগে লগেই বগা ৰং দেখিবলৈ পোৱা নাযায় কিয়?  TP.18
উঃ কোনো বেৰত শিথিলিত চূণ তথা কেলছিয়াম হাইড্ৰ’ক্সাইডৰ প্ৰলেপ লগালে কেলছিয়াম হাইড্ৰ’ক্সাইডে বায়ুৰ কাৰ্বন ডাই-অক্সাইডৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট আৰু পানীৰ সৃষ্টি কৰে৷ পানী ভাগ বাষ্পীভূত হোৱাৰ বিপৰীতে কেলছিয়াম কাৰ্বনেটে বেৰৰ ওপৰত বগা ৰঙৰ প্ৰলেপৰ সৃষ্টি কৰে৷ এই গোটেই প্ৰক্ৰিয়াটো সংঘটিত হ’বৰ বাবে দুই তিনি দিন মান সময়ৰ প্ৰয়োজন হয়৷ সেয়েহে, কোনো বেৰত শিথিলিত চূণ কেলছিয়াম হাইড্ৰ’ক্সাইডৰ প্ৰলেপ দিয়াৰ লগে লগেই বগা ৰং দেখিবলৈ পোৱা নাযায়৷
16. বেৰত শিথিলিত চূণ কেলছিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ সানিলে দুই তিনি দিনৰ পাছত বেৰত চিকমিকনিৰ সৃষ্টি হয় কিয়?
উঃ কোনো বেৰত শিথিলিত চূণ তথা কেলছিয়াম হাইড্ৰ’ক্সাইডৰ প্ৰলেপ লগালে ই বায়ুৰ কাৰ্বন ডাই-অক্সাইডৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট আৰু পানীৰ সৃষ্টি কৰে৷ পানী ভাগ বাষ্পীভূত হোৱাৰ বিপৰীতে কেলছিয়াম কাৰ্বনেটে বেৰৰ ওপৰত বগা ৰঙৰ প্ৰলেপৰ সৃষ্টি কৰে, যি বেৰত চিকমিকনি তোলে৷ এই গোটেই প্ৰক্ৰিয়াটো সংঘটিত হ’বৰ বাবে দুই তিনিদিনৰ প্ৰয়োজন হয়৷ সেয়েহে, এই সময়ৰ ব্যৱধানত বেৰত চিকমিকনি দেখা যায়৷
17. সদ্যপ্ৰস্তুত কাবৰ্ন ডাই-অক্সাইডক চূণৰ পানীৰ মাজেৰে পঠালে এক অধঃক্ষেপৰ সৃষ্টি হয়৷ এই অধঃক্ষেপটো কি?  TP.18
        (a) CaCO3 (b) Ca(HCO3)2
(c) CaO (d) Ca(OH)2
উঃ (d) Ca(OH)2
18. কেলছিয়াম যুক্ত যিকোনো পাঁচবিধ যৌগৰ উদাহৰণ দিয়াঁ।
উঃ কেলছিয়াম যুক্ত যিকোনো পাঁচবিধ যৌগৰ উদাহৰণ হ'ল -
     কেলছিয়াম অক্সাইড বা শুকান চূণ - CaO
     কেলছিয়াম হাইড্ৰ’ক্সাইড বা শিথিলিত চূণ - Ca(OH )2
     কেলছিয়াম কাবৰ্নেট বা চূণশিল - CaCO3
     কেলছিয়াম নাইট্ৰেট - Ca(NO3)2
     কেলছিয়াম ক্ল’ৰাইড - CaCl2
19. তাপবৰ্জী বিক্ৰিয়া কাক বোলে? দুটা উদাহৰণ দিয়া৷ TP.17, 18
উঃ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, তেনেবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে৷
    উদাহৰণস্বৰূপে, 
        i. প্ৰাকৃতিক গেছৰ দহনত কাৰ্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ লগতে প্ৰচুৰ তাপশক্তি উৎপন্ন হয়৷

      ii. জীৱদেহৰ শ্বসন প্ৰক্ৰিয়াত কাৰ্বন ডাই-অক্সাইড আৰু পানী উৎপন্ন হোৱাৰ লগতে শক্তিৰ উৎপন্ন হয়৷
20. শ্বসনক কিয় এটা তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰাঁ। TP.17, 18
উঃ শ্বসন প্ৰক্ৰিয়াত গ্লুক’জ অণু (C6H12O6) জাৰিত হৈ কাৰ্বন ডাই-অক্সাইড আৰু পানী উৎপন্ন হোৱাৰ লগতে শক্তি উৎপন্ন হয়৷ সেয়েহে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়৷
21. শুদ্ধ নে অশুদ্ধ কোৱা - বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন এটা তাপবৰ্জী বিক্ৰিয়া৷
উঃ শুদ্ধ৷
22. ৰাসায়নিক সমীকৰণ সহ এটা তাপবজীৰ্ সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়াঁ।
উঃ 

23. বিযোজন বিক্ৰিয়া কাক বোলে? ৰাসায়নিক সমীকৰণ সহ এটা উদাহৰণ দিয়াঁ৷    TP.17, 18

উঃ যি ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাগি একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিৱৰ্তন হয়, তেনে বিক্ৰিয়াকে বিযোজন বিক্ৰিয়া বোলে৷

উদাহৰণস্বৰূপে, তাপ দিলে কেলছিয়াম কাৰ্বনেট (CaCO3) কেলছিয়াম অক্সাইড (CaO) আৰু কাৰ্বন ডাই অক্সাইড (CO2) লৈ বিযোজিত হয়৷

24. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখাঁ৷  TP.17, 18, 19
উঃ বিযোজন বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাগি একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিৱৰ্তন হয়৷
        যেনে -
    আনহাতে, সংযোজন বিক্ৰিয়াত দুটা বা তাতোধিক পদাৰ্থ (মৌল বা যৌগ) লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন হয়৷
        যেনে -

    সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয়৷
সন্তুলিত ৰাসায়নিক সমীকৰণেৰে প্ৰকাশ কৰা৷
25. তাপ দিলে ফেৰাছ ছালফেটৰ স্ফটিকে পানী হেৰুৱায়, আৰু ইয়াৰ ফলত স্ফটিকৰ ৰঙৰ পৰিৱৰ্তন ঘটে৷ পিছত  ই ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু  ছালফাৰ ট্ৰাই অক্সাইড লৈ বিযোজিত হয়৷
উঃ তাপ দিলে ফেৰাছ ছালফেটৰ স্ফটিক (FeSO4.7H2O) এ পানী হেৰুৱায় আৰু ইয়াৰ ফলত স্ফটিকৰ ৰঙৰ পৰিৱৰ্তন ঘটে৷ পিছত  ই ফেৰিক অক্সাইড (Fe2O3), ছালফাৰ ডাই অক্সাইড (SO2) আৰু  ছালফাৰ ট্ৰাই অক্সাইড (SO3) লৈ বিযোজিত হয়৷ ইয়াক সন্তুলিত ৰাসায়নিক সমীকৰণেৰে তলত দিয়াৰ দৰে প্ৰকাশ কৰিব পাৰি৷
26. পানীৰ বিদ্যুৎ বিশ্লেষণত তড়িৎদ্বাৰৰ ওপৰত উবুৰিয়াই ৰখা পৰীক্ষানল দুটাত সংগ্ৰহ কৰা গেছৰ পৰিমাণ এটা আনটোৰ দুগুন কিয়? গেছ দুবিধৰ নাম লিখাঁ৷
উঃ পানী (H2O) ৰ অণুত হাইড্ৰ’জেন আৰু অক্সিজেনৰ অনুপাত 2 : 1৷ অৰ্থাৎ এটা আনটোৰ দুগুণ৷ যিহেতু পানীৰ বিদ্যুৎ বিশ্লেষণত তড়িৎদ্বাৰৰ ওপৰত উবুৰিয়াই ৰখা পৰীক্ষানল দুটাত এই দুবিধ গেছ পৃথকে পৃথকে সংগ্ৰহ হয়, সেয়েহে গেছৰ দুবিধৰ পৰিমাণ এবিধ আনবিধৰ দুগুণ হয়৷
গেছ দুবিধ হাইড্ৰ’জেন (H2) আৰু অক্সিজেন (O2)৷
27. তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে? উদাহৰণ দিয়াঁ৷     TP.17,18  
উঃ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত শক্তি (তাপ, পোহৰ, বিদ্যুৎশক্তি আদি) শোষিত হয়, তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে৷
উদাহৰণস্বৰূপে, সূৰ্যৰ পোহৰত বগা ছিলভাৰ (AgCl) ক্ল’ৰাইড  ছিলভাৰ (Ag) আৰু ক্ল’ৰিন (Cl2) লৈ বিযোজিত হয়৷
27. ছিলভাৰ ক্ল’ৰাইডক ক’লা ৰঙৰ বটলত ৰখা হয় কিয়? TP.18
উঃ সূৰ্যৰ পোহৰত বগা ছিলভাৰ ক্ল’ৰাইড (AgCl) ছিলভাৰ (Ag) আৰু ক্ল’ৰিন (Cl2)  লৈ বিযোজিত হয়৷ সেয়েহে ছিলভাৰ ক্ল’ৰাইডক ক’লা ৰঙৰ বটলত ৰখা হয়, যাতে ই সূৰ্যৰ পোহৰৰ গতিপথত হেঙাৰৰ সৃষ্টি কৰি ছিলভাৰ ক্ল’ৰাইডৰ বিয়োজনত বাধা প্ৰদান কৰিব পাৰে৷

28. অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া কাক বোলে? এটা উদাহৰণ সহ বুজাই লিখাঁTP.14,15,16,17,18

উঃ যিবোৰ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তেনেবোৰ বিক্ৰিয়াক অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বুলি কোৱা  হয়৷

          উদাহৰণস্বৰূপে কপাৰ ছালফেটৰ দ্ৰৱ এটাত লোৰ গজাল এটা ডুবাই ৰাখিলে ঘটা বিক্ৰিয়া এক অপসৰণ বিক্ৰিয়া৷ লো কপাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে ই  কপাৰক কপাৰ ছালফেটৰ পৰা অপসাৰিত কৰি নিজে কপাৰৰ ঠাইত প্ৰতিষ্ঠাপিত হৈ আইৰণ ছালফেট উৎপন্ন কৰে৷ এই বিক্ৰিয়াত লাহে লাহে দ্ৰৱৰ নীলা বৰণটোও নোহোৱা হৈ ফিকা হয়৷

    ৰাসায়নিকভাৱে –

29. গৰম কৰিলে ফেৰাছ ছালফেটৰ স্ফটিক (FeSO4.7H2O) ৰ সেউজীয়া ৰংটো সলনি হয় কিয়?
উঃ তাপ দিলে ফেৰাছ ছালফেট (FeSO4.7H2O) ৰ স্ফটিকে পানী হেৰুৱায়৷ সেয়েহে, ইয়াৰ ৰঙৰ সলনি হয়৷
30. তাপীয় বিযোজন বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ সহ লিখাঁ।   TP.18
উঃ তাপ প্ৰয়োগ কৰি সংঘটিত কৰা বিযোজন বিক্ৰিয়াকে তাপীয় বিযোজন বিক্ৰিয়া বুলি কোৱা হয়৷
উদাহৰণস্বৰূপে, তাপ দিলে কেলছিয়াম কাৰ্বনেট (CaCO3) কেলছিয়াম অক্সাইড (CaO) আৰু কাৰ্বন ডাই অক্সাইড (CO2) লৈ বিযোজিত হয়৷
31. সন্তুলিত ৰাসায়নিক সমীকৰণেৰে লিখা - কেলছিয়াম কাবৰ্নেট প্ৰবলভাৱে উত্তপ্ত কৰিলে কেলছিয়াম অক্সাইড আৰু কাবৰ্ন ডাই-অক্সাইড উৎপন্ন হয়৷

32. এটা লোৰ গজাল যেতিয়া CuSO4 দ্ৰৱত ডুবাই দিয়া হয়, গজালৰ ৰং মটিয়া ৰং (মুগা) হ’বলৈ ধৰে আৰু CuSO4ৰ ৰং ফিকা হ’বলৈ ধৰে কিয়? TP.18
উঃ লো তামতকৈ অধিক সক্ৰিয়৷ সেয়েহে লো (Fe) ৰ গজাল এটা কপাৰ ছালফেট (CuSO4) ৰ নীলা দ্ৰৱত ডুবাই ৰাখিলে ই কপাৰ ছালফেটৰ দ্ৰৱটোৰ পৰা কপাৰ (Cu) ক অপসাৰিত কৰি মুক্ত কৰে আৰু ফেৰাছ ছালফেট (FeSO4) উৎপন্ন কৰে৷ গজালৰ ওপৰত কপাৰৰ চামনি পৰাৰ ফলত গজালৰ ৰং মটিয়া (মুগা) হ’বলৈ ধৰে আৰু কপাৰ ছালফেটৰ দ্ৰৱটোৰ পৰা কপাৰৰ অপসৰণ ঘটাৰ ফলত দ্ৰৱটোৰ ৰং ফিকা হয়৷
33. অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়াৰ তিনিটা উদাহৰণ দিয়া৷
বা অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া৷ TP.17
উঃ অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়াৰ তিনিটা উদাহৰণ তলত দিয়া হ’ল -
34. দ্বিঅপসৰণ বিক্ৰিয়া কাক বোলে? ৰাসায়নিক সমীকৰণ সহ এটা উদাহৰণ দিয়াঁ।        TP.18
উঃ যি বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থৰ পৰস্পৰৰ মাজত পৰমাণু বা পৰমাণুৰ থুপ (আয়ন) ৰ স্থানৰ বিনিময় ঘটে, তেনে বিক্ৰিয়াকে দ্বিঅপসৰণ বিক্ৰিয়া বোলে৷
উদাহৰণস্বৰূপে,  ছ’ডিয়াম ছালফেট (Na2SO4আৰু বেৰিয়াম ক্ল’ৰাইড (BaCl2) ৰ মাজত বিক্ৰিয়া ঘটিবলৈ দিলে  Na2SO4 আৰু BaCl2 ৰ ক্ৰমে SO42- আৰু Ba2+ ৰ মাজত বিক্ৰিয়া ঘটে আৰু  BaSO4  ৰ বগা অধঃক্ষেপ উৎপন্ন হয়৷

35. অধঃক্ষেপ আৰু অধঃক্ষেপণ বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়াঁ।
উঃ কোনো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থবোৰৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য পদাৰ্থ উৎপন্ন  হ’লে তেনে পদাৰ্থ অধঃক্ষিপ্ত হয়৷ এনে পদাৰ্থকে অধঃক্ষেপ বোলে৷ আৰু এনেদৰে অধঃক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াবোৰকে অধঃক্ষেপণ বিক্ৰিয়া বোলে৷
ছ’ডিয়াম ছালফেট (Na2SO4আৰু বেৰিয়াম ক্ল’ৰাইড (BaCl2) ৰ মাজত বিক্ৰিয়া ঘটিবলৈ দিলে  Na2SO4 আৰু BaCl2 ৰ ক্ৰমে SO42- আৰু Ba2+ ৰ মাজত বিক্ৰিয়া ঘটে আৰু  BaSO4  ৰ বগা অধঃক্ষেপ উৎপন্ন হয়৷

বুজোঁ আহাঁ ....
জাৰণঃ -  
জাৰণ মানে অক্সিজেন যোগ হোৱা।
জাৰণ মানে কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হোৱা।
জাৰণ মানে কোনো বিক্ৰিয়ক পদাৰ্থৰ লগত অক্সিজেন যোগ হোৱা।
    তলৰ বিক্ৰিয়াটোত কাৰ্বনৰ লগত অক্সিজেন যোগ হৈ কাৰ্বন ডাই-অক্সাইডৰ সৃষ্টি হৈছে।
        C + O= CO2
 ইয়াত আমি 
    কাৰ্বনৰ জাৰণ ঘটা বুলি ক'ম।
    কাৰ্বন জাৰিত হৈছে বুলি ক'ম।
    কাৰ্বন কাৰ্বন ডাই-অক্সাইডলৈ জাৰিত হৈছে বুলি ক'ম।
তলৰ বিক্ৰিয়াত কপাৰ উত্তপ্ত কৰাত কপাৰ অক্সাইড উত্পন্ন হোৱা দেখুওৱা হৈছে। বিক্ৰিয়াৰ ফলত মুগা বৰণৰ কপাৰখিনিৰ ওপৰত ক'লা ৰঙৰ চামনী পৰা দেখা যায়। এই চামনী কপাৰ অক্সাইডৰ।
        2Cu + O= 2CuO
   ইয়াত আমি
    কপাৰৰ জাৰণ ঘটা বুলি ক'ম।
    কপাৰ জাৰিত হৈছে বুলি ক'ম।
    কপাৰ মৌলটো CuO লৈ জাৰিত হৈছে বুলি ক'ম।
বিজাৰণঃ -  
বিজাৰণ মানে অক্সিজেন আঁতৰি যোৱা।
বিজাৰণ মানে কোনো পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি যোৱা।
বিজাৰণ মানে কোনো বিক্ৰিয়ক পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি যোৱা।
    তলৰ বিক্ৰিয়াটোত কাৰ্বনৰ লগত অক্সিজেন যোগ হৈ কাৰ্বন ডাই-অক্সাইডৰ সৃষ্টি হৈছে।
        CuO + H= Cu + H2O
 ইয়াত আমি 
(1)
    CuOৰ বিজাৰণ ঘটা বুলি ক'ম।
    CuO বিজাৰিত হৈছে বুলি ক'ম।
    CuO কপাৰলৈ বিজাৰিত হৈছে বুলি ক'ম।
 (2)
   Hৰ জাৰণ ঘটা বুলি ক'ম।
   Hজাৰিত হৈছে বুলি ক'ম।
   Hমৌল H2O লৈ জাৰিত হৈছে বুলি ক'ম।
    তলৰ বিক্ৰিয়াত উত্তপ্ত কপাৰ (II) অক্সাইডৰ ওপৰেদি হাইড্ৰ'জেন গেছ যাবলৈ দিয়াত কপাৰ (II) অক্সাইডৰ বিজাৰণ ঘটা আৰু হাইড্ৰ'জেনৰ জাৰণ ঘটা দেখুওৱা হৈছে।
        CuO +  H= Cu + H2O
     ইয়াত একেটা বিক্ৰায়াতে জাৰণ আৰু বিজাৰণ দুয়োটাই সংঘটিত হৈছে। এনে ধৰণৰ বিক্ৰিয়াক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে।
    ইয়াত কপাৰ (II) অক্সাইড কপাৰলৈ বিজাৰিত হোৱা আৰু হাইড্ৰ'জেন পানীলৈ জাৰিত হোৱা বুলি কোৱা হয়।
দ্বি-অপসাৰণ বিক্ৰিয়া -  
দ্বি মানে দুই। অপসাৰণ মানে আঁতৰি যোৱা। গতিকে দ্বি-অপসাৰণ মানে দুঠাইৰ পৰা আঁতৰি যোৱা।
35. লোত মামৰে ধৰা মানে কি?
উঃ উন্মুক্তকৈ থাকিলে লোৰ বস্তুবোৰ ইয়াৰ চৌপাশৰ জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় আৰু ফলস্বৰূপে এইবোৰৰ গাত ৰঙচুৱা মুগা বৰণৰ পাউদাৰৰ চামনি পৰে৷ ইয়াকে লোত মামৰে ধৰা বোলে৷
36. ধাতুৰ ক্ষয়ীভৱন কাক বোলে? দুটা উদাহৰণ দিয়াঁ৷
বা উদাহৰণেৰে ব্যাখ্যা কৰাঁ - ক্ষয়ীভৱন৷
বা ক্ষয়ীভৱন মানে কি লিখাঁ৷ TP.18
উঃ যেতিয়া ধাতু এটা তাৰ চৌপাশৰ জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াটোকে ধাতুৰ ক্ষয়ীভৱন বুলি কোৱা হয়৷
যেনে লো, ছিলভাৰ, কপাৰ আদিৰ ওপৰত ক্ৰমে মুগা, ক’লা আৰু সেউজীয়া চামনি পৰি সিহঁতৰ ক্ষয়ীভৱন ঘটে৷
37. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় কিয়? TP.18
উঃ উন্মুক্তকৈ থাকিলে লোৰ বস্তুবোৰৰ পৃষ্ঠভাগ জলীয় বাষ্প, এছিড আদিৰ সংস্পৰ্শলৈ আহি মামৰে ধৰে তথা ক্ষয় হয়৷ এনে হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয়৷
38. ৰেনচিদিতি বা দুৰ্গন্ধিতা কি? চিপচ উৎপাদকসকলে পেকেটত কিয় নাইট্ৰ’জেন গেছ ভৰাই ৰাখে?  TP.17, 18
উঃ বায়ুৰ সংস্পৰ্শলৈ আহি জাৰিত হ’লে তেল আৰু চবিৰ্ থকা খাদ্যবস্তু দুৰ্গন্ধী হোৱাৰ লগতে সেইবোৰৰ স্বাদ সলনি হয়৷ ইয়াকে ৰেনচিদিতি বা দুৰ্গন্ধিতা বুলি কোৱা হয়৷
জাৰণ নঘটিবৰ বাবে চিপচ উৎপাদকসকলে পেকেটত নাইট্ৰ’জেন গেছ ভৰাই ৰাখে৷
39. প্ৰতিজাৰক হিচাপে নাইট্ৰ’জেনৰ এটা ব্যৱহাৰ লিখাঁ৷
উঃ জাৰণ নঘটিবৰ বাবে চিপচৰ পেকেটবোৰৰ ভিতৰত প্ৰতিজাৰক হিচাপে নাইট্ৰ’জেন গেছ ভৰাই ৰখা হয়৷
40. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়? TP.18
উঃ বায়ুৰ সংস্পৰ্শলৈ আহি জাৰিত হ’লে তেল আৰু চৰ্বী থকা খাদ্যবস্তু দুৰ্গন্ধী হোৱাৰ লগতে সেইবোৰৰ স্বাদ সলনি হয়৷ সেয়েহে জাৰণ নঘটিবৰ বাবে এনে খাদ্যবস্তু বায়ুৰুদ্ধ পাত্ৰত ৰখা হয়, আৰু ভৰাওঁতে নাইট্ৰ’জেনৰ দৰে প্ৰতিজাৰকৰ পৰিৱেশত ভৰোৱা হয়৷
41. খাদ্যবস্তুৰ ৰেনচিদিতি বা দুৰ্গন্ধিতা প্ৰতিৰোধৰ এটা উপায় লিখাঁ৷ TP.18
উঃ খাদ্যবস্তু বায়ুৰুদ্ধ পাত্ৰত ৰাখিলে আৰু ভৰাওঁতে নাইট্ৰ’জেনৰ দৰে প্ৰতিজাৰকৰ পৰিৱেশত ভৰালে ৰেনচিদিতি বা দুৰ্গন্ধিতাৰ প্ৰতিৰোধৰ হয়৷







Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী