Tense ৰ ধাৰণা (Part 1)

Tense ৰ ধাৰণা

Module - 1

নিৰ্দেশনাঃ 

    ইয়াত তুমি Tense ৰ অসমীয়া অৰ্থ, সংজ্ঞা আৰু প্ৰধান ভাগবোৰৰ বিষয়ে জানিব পাৰিবা। Module-1 সম্পূৰ্ণকৈ নুবুজাকৈ বা মনত নৰখাকৈ Module-2 লৈ নাযাবা। গ'লেও ভালকৈ বুজি নাপাবা

* ইংৰাজীৰ "Tense" শব্দৰ অসমীয়া অৰ্থ "কাল"। চমুকৈ ক'বলৈ গ'লে "ক্ৰিয়াৰ সময়কে কাল বোলে"। অৰ্থাত্ কোনো কাম বা ক্ৰিয়া কেতিয়া সম্পন্ন হৈছিল, হৈছে বা হ'ব, সেইটোয়েই কাল।

        পিছে ক্ৰিয়াটো কেতিয়া সম্পন্ন হৈছিল বা হৈছে বা হ'ব, সেই কথা আমি ক্ৰিয়াপদটো দেখিহে গম পাওঁ। ক্ৰিয়াপদৰ ৰূপটো (verb-form)ত কোনো কাম সম্পন্ন হোৱাৰ সময়টো বন্ধা থাকে। সেয়েহে ব্যাকৰণৰ ভাষাত কাল হ'ল ক্ৰিয়াৰ ৰূপ যি ক্ৰিয়াটো সম্পন্ন হোৱাৰ সময় বুজাত সহায় কৰে।

        উদাহৰণস্বৰূপে "মই ভাত খাইছিলোঁ / I ate rice", "মই ভাত খাওঁ / I eat rice" আৰু "মই ভাত খাম / I shall eat rice" এই বাক্য তিনিটাত খোৱা কামটো কৰাৰ কথা কোৱা হৈছে। পিছে "খাইছিলোঁ/ate" বুলি কওঁতে অতীত সময়ত খোৱা, "খাওঁ/eat" বুলি কওঁতে বৰ্তমান সময়ত খোৱা আৰু "খাম/shall eat" বুলি কওঁতে ভৱিষ্যতে খোৱা হ'ব বুলি বুজাইছে। সেয়েহে ইহঁতৰ কাল ক্ৰমে অতীত, বৰ্তমান আৰু ভৱিষ্যত।

* এই Tense তিনি প্ৰকাৰৰ। 

            (i)   Present tense (বৰ্তমান কাল)

            (ii)  Past tense (অতীত কাল)

            (iii) Future tense (ভৱিষ্যত কাল)

* এই তিনি প্ৰকাৰৰ কালক আকৌ চাৰিটাকৈ উপ বিভাগত ভাগ কৰা হৈছে। সেইসমূহ তলত দিয়া ধৰণৰ -

            (i)   Present tense (বৰ্তমান কাল)

                   (a) Simple present tense বা Present indefinite tense

                   (b) Present continuous tense

                   (c) Present perfect tense

                   (d) Present perfect continuous tense

            (ii)  Past tense (অতীত কাল)

                   (a) Simple past tense বা Past indefinite tense

                   (b) Past continuous tense

                   (c) Past perfect tense

                   (d) Past perfect continuous tense

            (iii) Future tense (ভৱিষ্যত কাল)

                   (a) Simple future tense বা Future indefinite tense

                   (b) Future continuous tense

                   (c) Future perfect tense

                   (d) Future perfect continuous tense 

কিমান বুজিলা জানিবৰ বাবে এই লিংকটোত ক্লিক কৰি তাত থকা প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। Submit কৰাৰ পিছত View Score দেখা পাবা। তাত touch কৰিলে পোৱা নম্বৰ জনা যাব। ধন্যবাদ।

(আগলৈ ...)


Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী