বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শি. বি.নি., বেলতলা, গুৱাহাটী (সত্যজিত্ শইকীয়া)।

বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া।
1. খালী ঠাই পূৰ কৰাঁ। 
    কোনো পৰিবাহীত ________  ৰ একমুখী গতিৰ বাবেই বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়।  
উত্তৰ - আধানযুক্ত কণিকা
2. কোষ কি?
উত্তৰ - কোষ হৈছে ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ পৰিণত কৰা সৰঞ্জাম।
3. বৰ্তনী চিত্ৰ (Circuit Diagram) কি?
উত্তৰ - কোনো বৰ্তনীৰ পৰিবাহী তাঁৰ আৰু ইয়াৰ লগত সংলগ্ন বিভিন্ন সৰঞ্জামবোৰৰ সংযোগ চিহ্নৰ দ্বাৰা প্ৰদৰ্শন কৰা চিত্ৰকে বৰ্তনী চিত্ৰ বুলি কোৱা হয়।
4. বেটাৰী কাক বোলে?
উত্তৰ - অধিক পৰিমাণৰ বিদ্যুৎ পাবলৈ একাধিক বিদ্যুৎকোষ সংলগ্ন কৰি পোৱা ব্যৱস্থাকে বেটাৰী বোলে।
5. বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া কি?
উত্তৰ - কোনো পৰিবাহীৰ মাজেৰে বিদ্যুত্ প্ৰবাহিত হলে ই পৰিবাহীডালত তাপৰো উৎপন্ন কৰে। ইয়াকে বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়।
6. বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া কি?
উত্তৰ - কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে পৰিবাহীডালৰ চাৰিওফালে এক চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়, যি আন চুম্বক বা চুম্বকীয় পদাৰ্থৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে। ইয়াকে বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বুলি কোৱা হয়।
7. বিদ্যুৎ চুম্বক কি?
উত্তৰ - কোনো পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰি পদাৰ্থবিধক চুম্বকলৈ পৰিণত কৰিলে তাকে বিদ্যুৎ চুম্বক বুলি কোৱা হয়।
8. বিদ্যুৎ প্রবাহ চালিত পৰিবাহীয়ে চুম্বকৰ দৰে আচৰণ কৰে বুলি দেখুৱাবলৈ এটা পৰীক্ষা কৰাঁ।
উত্তৰ - আমাক লাগিব - এডাল লোৰ টুকুৰা বা গজাল এটা, অন্তৰিত তাঁৰ এডাল, চেল' টেপ, এটা বিদ্যুৎ কোষ আৰু সৰু আলপিন বা  পেপাৰ ক্লিপ কেইটামান। 

(চিত্ৰ)
      পদ্ধতি - অন্তৰিত তাঁৰডাল গজালটোৰ চাৰিওফালে কুণ্ডলীৰ দৰে মেৰিয়াই তাঁৰডালৰ মূৰ দুটা বিদ্যুৎ কোষটোৰ মূৰ দুটাৰ লগত সংযোজিত হৈ থকাকৈ টেপেৰে চেপি দিয়াঁ হ'ল। পেপাৰ ক্লিপকেইটা গজালটোৰ মূৰটোৰ ফালে আগুৱাই নিয়াঁত দেখা গ'ল যে গজালটোৱে পেপাৰ ক্লিপকেইটা আকৰ্ষণ কৰিছে। ইয়াৰ পৰা বুজা যায় যে বিদ্যুৎ প্রবাহ চালিত পৰিবাহীয়ে চুম্বকৰ দৰে আচৰণ কৰে।
9. বিদ্যুৎ প্ৰবাহৰ দুটা ফল লিখাঁঁ।
উত্তৰ - বিদ্যুত্ প্ৰবাহৰ দুটা ফল হ'ল যে -
          (ক)  কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে ই পৰিবাহীডালত তাপৰো উৎপন্ন কৰে। আৰু
          (খ) কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে পৰিবাহীডালৰ চাৰিওফালে এক চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়, যি আন চুম্বক বা চুম্বকীয় পদাৰ্থৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে।
10. এটা কম্পাছৰ ওচৰত পৰিবাহী তাঁৰেৰে বিদ্যুৎ সংযোগ কৰিলে চুম্বক কাঁটাৰ বিক্ষেপণ হয় কিয়?
উত্তৰ - কোনো পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে পৰিবাহীডালৰ চাৰিওফালে এক চুম্বকক্ষেত্ৰৰ সৃষ্টি হয়, যি আন চুম্বক বা চুম্বকীয় পদাৰ্থৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰে।
       যিহেতু কম্পাছৰ কাঁটাডাল হৈছে এডাল দণ্ড চুম্বক, সেয়েহে এটা কম্পাছৰ ওচৰত পৰিবাহী তাঁৰেৰে বিদ্যুৎ সংযোগ কৰিলে সৃষ্টি হোৱা চুম্বকক্ষেত্ৰৰ প্ৰভাৱত কম্পাছৰ  চুম্বক কাঁটাৰ বিক্ষেপণ হয়।
11. বিদ্যুৎ প্ৰবাহৰ দ্বাৰা তাপ উৎপন্ন কৰি ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখাঁ।
উত্তৰ - বিদ্যুৎ প্ৰবাহৰ দ্বাৰা তাপ উৎপন্ন কৰি ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হ'ল - বৈদ্যুতিক ইস্ত্ৰী আৰু হিটাৰ।
12. বিদ্যুৎ চুম্বকৰ ক্ৰিয়াফলৰ ওপৰত ভিত্তি কৰি সঁজা দুবিধ সঁজুলিৰ নাম লিখঁ।
উত্তৰ - বিদ্যুৎ চুম্বকৰ ক্ৰিয়াফলৰ ওপৰত ভিত্তি কৰি সঁজা দুবিধ সঁজুলিৰ নাম হ'ল - বৈদ্যুতিক ঘন্টা, বৈদ্যুতিক মটৰ।
12. ফিউজ কি? যিকোনো তাঁৰকেই ফিউজ হিচাপে ব্যৱহাৰ কৰিব পাৰি নে?
উত্তৰ - ফিউজ হ'ল যথোপযুক্ত গলনাংকৰ কোনো ধাতুৰ তাঁৰ। ই বৈদ্যুতিক বৰ্তনীত উচ্চ প্ৰবাহ বন্ধ কৰি বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰি ৰখাত সহায় কৰে।
        যিকোনো তাঁৰকেই ফিউজ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি।
13. বিদ্যুত্ কোষ এটাত থকা তিনিটা প্ৰধান বস্তু কি কি
উত্তৰ - বিদ্যুৎ কোষ এটাত থকা তিনিটা প্ৰধান বস্তু হ'ল -
     (ক) এটা ধনাত্মক মেৰু (কেথ'ড)।
     (খ) এটা ঋণাত্মক মেৰু (এন'ড)।
     (গ) এটা বিদ্যুৎ বিশ্লেষ্য।
14. বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা তাঁৰডাল অতি মিহি কিয়?
উত্তৰ - মিহি তাঁৰ অধিক মাত্ৰাত গৰম হয় বাবে, ই সোনকালে আৰু বেছি পৰিমাণে পোহৰ দিব পাৰে। সেয়েহে বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা তাঁৰডাল অতি মিহি লোৱা হয়।
15. খালী ঠাই পূৰ কৰাঁ -
ক। তিনিটা কোষ ________  সংযোগ কৰিলে মুঠ বিভৱ ভেদ একেই থাকে।
উত্তৰ - শ্ৰেণীবদ্ধ সজ্জাত।
খ। একে সমান পৰিমাণৰ বিদ্যুৎ প্ৰবাহ চালিত হ'লে মিহি তাঁৰ এডালত মোটা তাঁৰ এডালতকৈ _______ তাপ সৃষ্টি হয়।
উত্তৰ - বেছি।
গ। বিদ্যুৎ প্ৰবাহে পৰিবাহীত ______ উৎপন্ন কৰে।
উত্তৰ - তাপ।
ঘ। ঘৰৰ বৈদ্যুতিক বৰ্তনীত এটা ______ থাকে।
উত্তৰ - ফিউজ।
ঙ। তিতা হাতেৰে কেতিয়াও _______ অন-অফ কৰিব নালাগে।
উত্তৰ - চুইছ।

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী