বিভিন্ন পৰিৱেশৰ প্ৰাণী, পঞ্চম শ্ৰেণী

বিভিন্ন পৰিৱেশৰ প্ৰাণী
সপ্তম অধ্যায়, পঞ্চম শ্ৰেণী
পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 71
প্ৰ.1 পৰিৱেশ কাক বোলে?
উঃ উদ্ভিদ আৰু প্ৰাণীৰ থকা ঠাই আৰু ইহঁতৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বোলে।
প্ৰ.2 মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য _______ থাকে।
উঃ  কাঁইট
প্ৰ.3 মৰুভূমিৰ এবিধ প্ৰাণীৰ উদাহৰণ দিয়াঁ।
উ: উট
প্ৰ.4 মৰুভূমিৰ প্ৰাণী উটৰ পিঠিত থকা কুঁজটোৱে ইয়াক কেনেদৰে সহায় কৰে?
উঃ  মৰুভূমিৰ প্ৰাণী উটৰ পিঠিৰ কুঁজটোত ইহঁতে বহু পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখিব পাৰে। ফলত মৰুভূমিত বহুদিনলৈ খাদ্য আৰু পানীৰ অভাৱ হলেও ইহঁতে শৰীৰৰত জমা হৈ থকা চৰ্বী আৰু পানীৰে বহুদিনলৈ চলিব পাৰে।

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 72

প্ৰ.4 উটৰ খুৰাবোৰ ফঁটা হোৱাৰ এটাৰ সুবিধা লিখা।
উঃ  উটৰ খুড়াবোৰ ফঁটা হোৱা বাবে ইহঁতে গৰম বালিত খোজ কাঢ়িবলৈ সুবিধা হয়। ইহঁতে খোজ কাঢ়োঁতে খুড়াৰ ফাঁটেৰে বালিবোৰ সহজতে ওলাই যায়।
প্ৰ.5 মৰুভূমিৰ প্ৰাণীয়ে গৰম কিদৰে সহ্য কৰিব পাৰে লিখাঁ।
উঃ  মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল নোমাল আৰু ডাঠ হোৱা বাবে বাহিৰৰ গৰম সহজতে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে আৰু শৰীৰৰ পৰা গৰমত পানীও সহজতে বাহিৰলৈ ওলাব নোৱাৰে। 
প্ৰ.6 অভিযোজন কাক বোলে?
উঃ  জীৱবোৰে পৰিৱেশৰ লগত খাপ খাবলৈ যত্ন কৰা কৌশলকে অভিযোজন বোলে।
প্ৰ.7 মৰুভূমিত থকা উদ্ভিদৰ গাত কাঁইট থাকে কিয়?
উঃ  মৰুভূমিত পানীৰ পৰিমাণ কম। মৰুভূমিৰ উদ্ভিদে যি সামান্য পানী পায়, সেইবোৰ যাতে প্ৰস্বেদনৰ বাবে অনাহকতে বাহিৰলৈ ওলাই যাব নোৱাৰে, তাৰ বাবে মৰুভূমিত থকা উদ্ভিদৰ গাত কাঁইট থাকে।
প্ৰ.8 কেকটাছ বা মৰুজ উদ্ভিদ কাক বোলে?
উঃ মৰুভূমিত হোৱা এবিধ প্ৰধান উদ্ভিদ সাগৰফেনাৰ ডাল-পাত নাথাকে। ইহঁতৰ মঙহাল আৰু সেউজীয়া দেহত অসংখ্য কাঁইট থাকে। ইহঁতে মৰুভূমিত যি সামান্য পানী পায় সেইখিনিকেই গা-গছত জমা কৰি ৰাখে আৰু খাদ্য প্ৰস্তুত কৰা কামত ব্যহাৰ কৰে। মৰুভূমিত ইহঁতে যি সামান্য পানী পায়, সেইবোৰ যাতে প্ৰস্বেদনৰ বাবে অনাহকতে বাহিৰলৈ ওলাই যাব নোৱাৰে, তাৰ বাবে ইহঁতৰ পাতবোৰ কাঁটলৈ ৰূপান্তৰ হয়। মৰুভূমিৰ আন উদ্ভিদবোৰৰ গঠনো সাগৰফেনাৰ দৰেই। এনে গঠনৰ উদ্ভিদবোৰক কেকটাছ বা মৰুজ উদ্ভিদ বোলে।
প্ৰ.9 মৰুভূমিৰ উদ্ভিদবোৰে পানীৰ অভাৱতো কেনেকৈ বহুদিনলৈ জীয়াই থাকিব পাৰে?
উঃ মৰুভূমিৰ উদ্ভিদবোৰৰ গা-গছ সেউজীয়া আৰু মঙহাল। ইহঁতৰ শিপা মাটিৰ বহু তললৈকে যায়, আৰু তলৰ পৰা পানী সংগ্ৰহ কৰি মঙহাল গা-গছত জমা কৰি ৰাখে। ইয়াৰ সহায়ত মৰুভূমিৰ উদ্ভিদবোৰে পানীৰ অভাৱতো কেনেকৈ বহুদিনলৈ জীয়াই থাকিব পাৰে।
প্ৰ.10 পৃথিৱীত কিমান বিধৰ কেকটাছ আছে?
উঃ পৃথিৱীত প্ৰায় এহেজাৰ বিধৰ কেকটাছ্ আছে।

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 73

প্ৰ.11 পৃথিৱীৰ দক্ষিণ আৰু উত্তৰৰ প্ৰধান প্ৰাণীবিধৰ নাম কি? ইহঁতে কি খাই জীয়াই থাকে?
উঃ বগা ভালুক। ইহঁতে মাছ, ছীল, বগা হৰিণ আৰু সাগৰৰ চৰাই আদি খাই জীয়াই থাকে।
প্ৰ.12 বেচিকৈ জাৰ পৰিলে বৰফাবৃত অঞ্চলত থকা মাইকী ভালুকে কেনেকৈ একো নোখোৱাকৈ বৰফত গাত খান্দি কেইবামাহো সোমাই থাকিব পাৰে?
উঃ বেচিকৈ জাৰ পৰিলে বৰফাবৃত অঞ্চলত থকা মাইকী ভালুকে একো নোখোৱাকৈ বৰফত গাত খান্দি কেইবামাহো সোমাই থাকিব পাৰে, কিয়নো, এনে সময়ত সিহঁতক সিহঁতৰ শৰীৰত থকা চৰ্বীয়ে জীয়াই থকাত সহায় কৰে।
প্ৰ.13 পেংগুইন কি? ইয়াৰ বিষয়ে চমুকৈ লিখা।
উঃ পেংগুইন হল শীতল ঠাইত পানীত থকা এবিধ চৰাই।ইহঁতৰ পাখিবোৰ সৰু হোৱা বাবে উৰিব নোৱাৰে। কিন্তু পানীত সাতোঁৰাৰ বাবে খুব পাকৈত।ইহঁতে খোজ কাঢ়ি ফুৰিবও পাৰে আৰু সাগৰৰ সৰু সৰু মাছ খাই জীয়াই থাকে। উল্লেখনীয় যে দক্ষিণ মেৰু অঞ্চলত পেংগুইনবোৰে দল বান্ধি থাকে।
প্ৰ.14 পেংগুইনবোৰে কিয় উৰিব নোৱাৰে?
উঃ পেংগুইনৰ পাখিবোৰ সৰু সৰু। সেয়েহে, সিহঁতে উৰিব নোৱাৰে।
প্ৰ.15 বল্গা হৰিণ ক'ত পোৱা যায়?
উঃ বল্গা হৰিণ উত্তৰ মেৰু অঞ্চল আৰু উত্তৰ আমেৰিকাত পোৱা যায়।
পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 73
প্ৰ.16 বৰফৰ ওপৰত চলা এবিধ গাড়ীৰ নাম লিখাঁ।
উত্তৰ - শ্লেজ
প্ৰ.17 ছীলৰ প্ৰধান খাদ্য কি?
উত্তৰ - মাছ
18. কেনে জলবায়ুৰ পৰিৱেশত বিস্তীৰ্ণ তৃণভূমি অঞ্চল থাকে?
উত্তৰ - গৰম জলবায়ুৰ পৰিৱেশত বিস্তীৰ্ণ তৃণভূমি অঞ্চল থাকে।
19. তৃণভূমি অঞ্চলৰ কেইবিধমান প্ৰাণীৰ নাম লিখাঁ।
উত্তৰ - তৃণভূমি অঞ্চলৰ কেইবিধমান প্ৰাণীৰ নাম হ'ল সিংহ, জিৰাফ, জেব্ৰা, হাতী আদি।
20. আফ্ৰিকাৰ তৃণভূমিত ______ থকা গঁড় পোৱা যায়।
উত্তৰ - দুটা খড়্গ
21. দুবিবিধ মাংসভোজী প্ৰাণীৰ নাম লিখাঁ।
উত্তৰ - বাঘ আৰু সিংহ
22. কেইবিধমান তৃণভোজী প্ৰাণীৰ নাম লিখাঁ।
উত্তৰ - কেইবিধমান তৃণভোজী প্ৰাণীৰ নাম হ'ল - হাতী, গঁড়, জিৰাফ, জেব্ৰা, হৰিণ আদি।
23. অসমৰ অৰণ্যত ________ গঁড় পোৱা যায়।
উত্তৰ - একখৰ্গীয়া
24. পানীত থকা কেইবিধমান প্ৰাণীৰ নাম লিখাঁ।
উত্তৰ - পোক-পৰুৱা, মাছ, সাপ, ভেকুলী আদি।

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী