Prepositions (Part - 1)

 Absent from (অনুপস্থিত থকা) - I was absent from my class yesterday. কালি মই ক্লাছত অনুপস্থিত আছিলোঁ।

Absorbed in (নিমগ্ন হোৱা) - He was absorbed in reading the news paper. তেওঁ বাতৰি কাকতখন পঢ়াত নিমগ্ন হৈ আছিল।

    She was absorbed in deep thought. তাই গভীৰ ভাৱণাত নিমগ্ন হৈ আছিল।

Accompanied by (সঙ্গ লোৱা) - He was accompanied by his brother. তেওঁৰ লগত তেওঁৰ ভায়েক আহিছিল।

According to (অনুসাৰে) Please do the work according to my advice. অনুগ্ৰহ কৰি মোৰ পৰামৰ্শ অনুসাৰে কামটো কৰাঁ।

Angry with (কাৰোবাৰ ওপৰত/কোনো person ৰ ওপৰত খং উঠা বুলি বুজাবলৈ Angry with ব্যৱহাৰ কৰা হয়।)

    I am angry with you. মোৰ তোমাৰ ওপৰত খং উঠিছে।

    I am angry with him. মোৰ তাৰ ওপৰত খং উঠিছে।

    My teacher is angry with me. মোৰ ভাইটীৰ মোৰ ওপৰত খং উঠিছে।

    The teacher is angry with the students. শিক্ষকজনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত খং উঠিছে।

    My father is angry with my younger brother. মোৰ দেউতাৰ মোৰ সৰু ভাইটীৰ ওপৰত খং উঠিছে।

        They are angry with my uncle. সিহঁতৰ মোৰ খুড়াৰ ওপৰত খং উঠিছে।     Please don’t be angry with me. Keep cool! অনুগ্ৰহ কৰি মোৰ ওপৰত খং নকৰিবাঁ। - শান্ত হোৱাঁ!

    Why are you so angry with me? তুমি মোৰ ওপৰত কিয় ইমান খং কৰিছাঁ?

    Are you angry with me, about something? তোমাৰ কোনো কাৰণত মোৰ ওপৰত খং উঠিছে নেকি?

     Are you still angry with me? তোমাৰ এতিয়াও মোৰ ওপৰত খং উঠি আছে নেকি?

    Why did he get angry with you? তাৰ তোমাৰ ওপৰত কিয় খং উঠিছিল?    

 Angry at (কোনো কথা বা বিষয়ত/somethingত খং উঠা বুলি বুজাবলৈ angry at ব্যৱহাৰ কৰা হয়।)

    My mother is angry at my failure. মোৰ মাৰ মোৰ পৰাজয়ত খং উঠিছে।

    Sunita is angry at Rihu's misbehaviour. ৰিহুৰ বেয়া আচৰণত সুনীতাৰ খং উঠিছে।    

    My mother is angry at my sister's behaviour. বাইদেউ আচৰণত মাৰ খং উঠিছে।

    My father is angry at my misconduct. মোৰ দেউতাৰ মোৰ বেয়া আচৰণত খং উঠিছে।

    Why are you angry at me for? তুমি মোৰ ওপৰত কি কথাত খং কৰি আছা?

     He is angry at your way of questioning. তাৰ তোমাৰ প্ৰশ্ন সোধাৰ ধৰণত খং উঠিছে।

Agree with (কাৰোবাৰ সৈতে/কোনো person ৰ সৈতে একমত বুলি বুজাবলৈ Agree with ব্যৱহাৰ কৰা হয়।)

    I am agree with you. মই তোমালোকৰ লগত একমত।

    The boy is agree with us. ল'ৰাজন আমাৰ লগত একমত |

    
        I am agree with my family. মই মোৰ পৰিয়ালৰ লগত একমত।

     
    Are you agree with me? তুমি মোৰ লগত একমত নে?

    Why is he not agree with us? সি আমাৰ লগত কিয় একমত নহয়?

Agree to (কোনো কথা বা বিষয়ত/somethingত সন্মত হোৱা বুলি বুজাবলৈ agree to ব্যৱহাৰ কৰা হয়।)

    She is agree to my point. তাই মোৰ পইন্টত একমত।

    I agree to your terms. মই তোমাৰ চুক্তিত একমত হৈছোঁ।

    I am sure you will agree to this. মই নিশ্চিত যে তুমি এইটোত একমত হ'বা।

Made of (তৈয়াৰ কৰা) 

    যেতিয়া কোনো বস্তু দেখিলে তাক কিহৰ পৰা তৈয়াৰ কৰা হৈছে দেখিয়েই বুজা যায়, তেতিয়া তৈয়াৰ কৰা অৰ্থত made of ব্যৱহাৰ কৰা হয়। যেনে কাঠৰ টেবুল এখন দেখিলেই সেইখন আমি কাঠৰ বুলি বুজি পাওঁ। ইয়াৰ ক্ষেত্ৰত made of ব্যৱহাৰ হ'ব। যেনে - 

The table is made of wood. টেবুলখন কাঠেৰে তৈয়াৰ কৰা হৈছে।

Shoes are made of leader. জোতা চাম্ৰাৰে তৈয়াৰ কৰা হয়।

The bottle is made of glass. বটলটো কাঁচেৰে তৈয়াৰী।

Made from (প্ৰস্তুত কৰা)

    যেতিয়া কোনো বস্তু দেখিলে তাক কিহৰ পৰা পোৱা হৈছে আনে নক'লে বুজা নাযায়, তেতিয়া বস্তুবিধ প্ৰস্তুত কৰা অৰ্থত made from ব্যৱহাৰ কৰা হয়। যেনে ঘিউ দেখিলে সেয়া গাখীৰৰ পৰা পোৱা বুলি আনে নক'লে বা প্ৰস্তুত কৰি নেদেখুৱালে বুজা নাযায়। এনে ক্ষেত্ৰত made from ব্যৱহাৰ হ'ব। যেনে - 

Butter is made from milk.

মাখন গাখীৰৰ পৰা প্ৰস্তুত কৰা হয়।

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী