Posts

পাই নেটৱৰ্ক(Pi Network)আচলতে কি?

সাম্প্ৰতিক সময়ত বহুলভাৱে চৰ্চিত পাই নেটৱৰ্ক(Pi Network)আচলতে কি, ই কেনেদৰে কাম কৰে আৰু ই কিয় ইমান আশাব্যঞ্জক ? **************************************** পাই নেটৱৰ্ক  কি? পাই নেটৱৰ্ক প্ৰকৃততে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট সন্মানীয় নিকোলাছ ককালিছৰ দ্বাৰা আৱিষ্কৃত এটা নতুন ক্ৰিপ্টোকাৰেন্সী। এই বৈপ্লৱিক নতুন ক্ৰিপ্টোকাৰেন্সী পৃথিৱীত বহুত জনপ্ৰিয় হৈ পৰিছে আৰু ই আপোনাকো ধনী কৰিব পাৰে! এইটো এটা দীৰ্ঘম্যাদী প্ৰকল্প যাৰ সফলতা ইয়াৰ গ্ৰাহকসকলৰ মিলিত অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰিপ্টোকাৰেন্সীৰ দৰে, ই হৈছে ডিজিটেল ধনৰ এক নতুন প্ৰকাৰ যাক চৰকাৰ বা বেংকৰ সলনি এক নিৰ্দিষ্ট গোটৰ দ্বাৰা নিয়ন্ত্ৰণ, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষিত কৰা হয়। সাধাৰণতে বিটকইন, ইথেৰিয়াম আদি crypto বোৰ মাইনিং বা উপাৰ্জন কৰাটো অতি টান কাম, বহুত প্ৰযুক্তিগত জ্ঞান লাগে, এইবোৰ crypto ৱালেটত সংৰক্ষণ কৰা , crypto এক্সচেঞ্জতত বিক্ৰী কৰা আদি সহজ নাছিল, যাৰ বাবে এই ক্ৰিপ্টোকাৰেন্সীবোৰ সাধাৰণ মানুহৰ পৰা বহুযোজন দূৰত আছিল। সেয়ে এই প্ৰথম প্ৰজন্মৰ ক্ৰিপ্টোকাৰেন্সীত থকা অসুবিধাসমূহ দূৰ কৰিবলৈ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ...

এটা চৌবাচ্চাত দুডাল নলী আছে। প্ৰথম নলীডালে 20 মিনিট আৰু দ্বিতীয় নলীডালে 30 মিনিটত খালী চৌবাচ্চাটো পূৰ কৰিব পাৰে। দুয়োডাল নলীয়ে একেলগে কিমান সময়ত খালী চৌবাচ্চাটো পানীৰে পূৰ কৰিব পাৰিব?

Image
ঐকিক প্ৰণালী অনুশীলনী - 15(D) প্ৰশ্নঃ - এটা চৌবাচ্চাত দুডাল নলী আছে। প্ৰথম নলীডালে 20 মিনিট আৰু দ্বিতীয় নলীডালে 30 মিনিটত খালী চৌবাচ্চাটো পূৰ কৰিব পাৰে। দুয়োডাল নলীয়ে একেলগে কিমান সময়ত খালী চৌবাচ্চাটো পানীৰে পূৰ কৰিব পাৰিব? সমাধানঃ 

প্ৰাণীৰ পৰিবহণ তন্ত্ৰ, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু বিদ্যা নিকেতন।

প্ৰাণীৰ পৰিবহন তন্ত্ৰ পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 102 1.      খালী ঠাই পূৰ কৰা৷          ( ক) জীয়াই থাকিবৰ বাবে আমাক _______ , _______ আৰু _______ ৰ প্ৰয়োজন৷           উঃ আহাৰ; পানী; অক্সিজেন           (খ) এককোষী প্ৰাণীৰ দেহত  _______ ৰ চলনৰ দ্বাৰা পদাৰ্থৰ পৰিবহণ হয়৷           উঃ প্ৰট’প্লাজম         ( গ) স্পঞ্জৰ পৰিবহণ তন্ত্ৰক ________ বোলে।          উত্তৰ - নলীতন্ত্ৰ  (Canal System) 2. নলীতন্ত্ৰ (Canal System) কাক বোলে? উঃ স্পঞ্জৰ দৰে কিছুমান প্ৰাণীয়ে দেহত বাহিৰৰ পৰা সোমোৱা  খাদ্যদ্ৰৱ্য ভিতৰলৈ নিয়ে আৰু ওলাই যাওঁতে বৰ্জিত দ্ৰৱ্যসমূহ বাহিৰলৈ লৈ যায়৷ এনে পৰিবহন তন্ত্ৰক  নলীতন্ত্ৰ (Canal System) বোলে। 3. তেজৰ উপাদানসমূহ কি কি? এইবোৰৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা৷ উঃ তোজ এবিধ জুলীয়া সংযোজক কলা। ইয়াৰ 55% জুলীয়া প্লাজমা আৰু 45% ৰক্তকণিকাৰে গঠিত৷         ...

প্ৰাকৃতিক সম্পদ , অধ্যায় - 14, বিজ্ঞান, নবম শ্ৰেণাী

Image
  পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 189 1. পৃথিৱীত হোৱা প্ৰধান সম্পদসমূহ কি কি? উঃ মাটি, পানী আৰু বায়ু৷ 2. স্থলমণ্ডল (Lithosphere)  কাক বোলে? উঃ পৃথিৱীৰ খোলাটোৰ ওপৰিভাগৰ কঠিন অংশটোক স্থলমণ্ডল বোলে৷ 3. পৃথিৱীৰ ওপৰিভাগৰ শতকৰা কিমান ভাগ পানী? উঃ শতকৰা 75 ভাগ৷ 4. জলমণ্ডল কাক বোলে? উঃ পৃথিৱীৰ ওপৰিভাগৰ শতকৰা 75 ভাগেই পানী৷ এই অংশটোক জলমণ্ডল (Hydrosphere) বুলি কোৱা হয়৷ 5. বায়ুমণ্ডল (Atmosphere)  কাক বোলে? উঃ জলমণ্ডল আৰু স্থলমণ্ডলৰ উপৰিভাগত বিস্তৃত হৈ থকা বায়ুৰ তৰপটোক বায়ুমণ্ডল (atmosphere) বোলে৷ 6. জীৱমণ্ডল (Biosphere) বুলিলে কি বুজা? উঃ স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল - পৃথিৱীৰ এই তিনিওটা স্তৰতে জীৱসমূহ বাস কৰে৷ জীৱসমূহ বসবাস কৰা এই সমগ্ৰ অঞ্চলটোকে জীৱমণ্ডল (Biosphere)  বুলি কোৱা হয়৷ 7. জীৱমণ্ডলৰ জৈৱিক উপাদান (Biotic Component)  বুলিলে কি বুজা? উঃ জীৱমণ্ডলত থকা সকলোবিলাক জীৱকে  একেলগে জৈৱিক উপাদান বুলি কোৱা হয়৷ 8. জীৱমণ্ডলৰ অজৈৱিক উপাদান (Abiotic Component)  বুলিলে কি বুজা? উঃ জীৱমণ্ডলৰ বায়ু, পানী, মাটি আদি উপাদানবোৰক জীৱমণ্ডলৰ ...

যতি চিহ্নৰ ব্যৱহাৰ (হাইফেনৰ ব্যৱহাৰ)

প্রসংগ : হাইফেন মূল উদাহৰণ - 'সাহিত্য-বঁটা' ‘সাহিত্য-বঁটা’ (literary award) : এই সংযুক্ত শব্দটো ‘সাহিত্য (literature) আৰু বঁটা’ (award)—এই দুটি শব্দ পৰস্পৰে যােগ হৈ এটি অর্থ (‘বঁটা’ সম্পর্কীয়) প্রকাশ কৰি ‘সাহিত্যৰ বঁটা’ক বুজায়। সেয়ে হাইফেন নিদিয়াকৈ সাহিত্য বঁটা’ (literature award) বুলি শব্দ দুটাক পৃথক কৰি লিখাটো শুদ্ধ নহয়। এনে যুক্তি-বিচাৰেৰে, নিম্নেল্লেখিত শব্দকেইটাৰ ৰূপহে শুদ্ধ ? যেনে- পদ্মবঁটা, সাংবাদিকতা বঁটা, কবি-সন্মিলন (বা, কবিৰ সন্মিলন, poet's meet), কবি-সমাজ, কবি-চক্র, কবি- কানন, কবি-মঞ্চ, সহযােগী-মঞ্চ, সাহিত্য-সভা, কাব্য কানন (বা, কাব্যৰ কানন) ইত্যাদি। তেনেদৰে কবিতা-সংকলন’ বা ‘কবিতাৰ সংকলন, প্ৰেছ ক্লাব, শিশু-খাদ্য, গণৰাজ্য-দিৱস, শিশু-দিৱস। ‘শিশু দিৱস’ বুলি লিখিলে ‘দিৱস’টোকহে শিশু বুজাব; আৰু তেতিয়া, ‘ডেকা দিৱস’, ‘বৃদ্ধ দিৱস'কো মানি ল'ব লাগিব। যিদৰে হাতী-দাঁত’ বা ‘হাতীৰ দাঁত’ (কিন্তু, ‘হাতিতীয়া) বুলি লিখাটোহে সমীচীন। উদয় কুমাৰ শৰ্মা, গুৱাহাটী-১৯

সমগণীয় শ্ৰেণী কাক বোলে? উদাহৰণ সহ ব্যাখ্যা কৰাঁ৷

Image
প্ৰশ্নঃ সমগণীয় শ্ৰেণীৰ চাৰিটা বৈশিষ্ট্য লিখাঁ৷ প্ৰশ্নঃ কাৰ্যকৰী মূলক বুলিলে কি বুজা?              Test Paper. 14, 15, 16, 17, 18 #বিজ্ঞান বিবিধ প্ৰশ্নোত্তৰ। #দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ।

Assamese to Sanskrit Translation, (Part - 3) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

  Part -2 1. প্ৰণৱৰ লগত মানস বিদ্যালয়লৈ গৈছে। उत्तरम् - प्रणवेण सह मानसः विद्यालयं गच्छति। ইংগিত -   *  কাৰোবাৰ "লগত"  বুলি বুজাবলৈ সংস্কৃততত  "सह"  পদটো ব্যৱহাৰ কৰা হয়।  "सह योगे तृतीया"  (অৰ্থ - सह থকা পদত তৃতীয়া বিভক্তি হ'ব) সূত্ৰৰ দ্বাৰা  "প্ৰণৱ"  শব্দৰ তৃতীয়া একবচনৰ ৰূপ  "प्रणवेन"  হ'ব। ( প্ৰণৱৰ লগত = प्रणवेन सह ) । * ইয়াত  যোৱা কামটোৰ মূল কৰ্তা মানস। ই প্ৰথমা একবচনৰ হোৱা বাবে ৰূপটো मानसः হ'ব। * " मानसः"  পদটো প্ৰথমা একবচনৰ হোৱা বাবে যোৱা ক্ৰিয়াটোৰ ৰূপ প্ৰথম পুৰুষৰ একবচনৰ "गच्छति" হ'ব। * "বিদ্যালয়" পদটো ইয়াত কৰ্মপদ। ই দ্বিতীয়া একবচনৰ হোৱা বাবে ইয়াৰ ৰূপ  " विद्यालयम्"  হ'ব। * গতিকে " প্ৰণৱৰ লগত মানস বিদ্যালয়লৈ গৈছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ " प्रणवेण सह मानसः विद्यालयं गच्छति " । 2.  শিক্ষকৰ লগত ছাত্ৰ দুজন বিদ্যালয়লৈ গৈছে। उत्तरम् - शिक्षकेन सह छात्रौ विद्यालयं गच्छतः। ইংগিত -   *  কাৰোবাৰ  "লগত"  বুলি বুজাবলৈ সংস্কৃততত  "...