পাই নেটৱৰ্ক(Pi Network)আচলতে কি?

সাম্প্ৰতিক সময়ত বহুলভাৱে চৰ্চিত পাই নেটৱৰ্ক(Pi Network)আচলতে কি, ই কেনেদৰে কাম কৰে আৰু ই কিয় ইমান আশাব্যঞ্জক ?
****************************************

পাই নেটৱৰ্ক  কি?
পাই নেটৱৰ্ক প্ৰকৃততে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট সন্মানীয় নিকোলাছ ককালিছৰ দ্বাৰা আৱিষ্কৃত এটা নতুন ক্ৰিপ্টোকাৰেন্সী। এই বৈপ্লৱিক নতুন ক্ৰিপ্টোকাৰেন্সী পৃথিৱীত বহুত জনপ্ৰিয় হৈ পৰিছে আৰু ই আপোনাকো ধনী কৰিব পাৰে! এইটো এটা দীৰ্ঘম্যাদী প্ৰকল্প যাৰ সফলতা ইয়াৰ গ্ৰাহকসকলৰ মিলিত অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰিপ্টোকাৰেন্সীৰ দৰে, ই হৈছে ডিজিটেল ধনৰ এক নতুন প্ৰকাৰ যাক চৰকাৰ বা বেংকৰ সলনি এক নিৰ্দিষ্ট গোটৰ দ্বাৰা নিয়ন্ত্ৰণ, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষিত কৰা হয়। সাধাৰণতে বিটকইন, ইথেৰিয়াম আদি crypto বোৰ মাইনিং বা উপাৰ্জন কৰাটো অতি টান কাম, বহুত প্ৰযুক্তিগত জ্ঞান লাগে, এইবোৰ crypto ৱালেটত সংৰক্ষণ কৰা , crypto এক্সচেঞ্জতত বিক্ৰী কৰা আদি সহজ নাছিল, যাৰ বাবে এই ক্ৰিপ্টোকাৰেন্সীবোৰ সাধাৰণ মানুহৰ পৰা বহুযোজন দূৰত আছিল। সেয়ে এই প্ৰথম প্ৰজন্মৰ ক্ৰিপ্টোকাৰেন্সীত থকা অসুবিধাসমূহ দূৰ কৰিবলৈ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট নিকোলাছ ককালিছে  launch কৰিলে প্ৰথমটো দ্বিতীয় প্ৰজন্মৰ crypto currency , যাক সাধাৰণ মানুহ এজনে মোবাইলত মাইনিং বা উপাৰ্জন কৰিব পাৰে। এইটো প্ৰথম ডিজিটেল মুদ্ৰা যাক আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে মাইনিং বা উপাৰ্জন কৰিব পাৰে। এই ক্ৰিপ্টোকাৰেন্সী সুৰক্ষিত কৰি আৰু ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰিত কৰি আপুনি পাই খনন কৰিব পাৰে। ব্যৱহাৰকাৰীসকলে ইতিমধ্যে ইয়াক তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ মাজত বিয়পাই দিছে, যাৰ ফলত ই অতি কম সময়ৰ ভিতৰত বিশ্বজুৰি 30 মিলিয়নৰো অধিক ব্যৱহাৰকাৰী একত্ৰিত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ এটা কাৰণ হ'ল বেছিভাগ ক্ৰিপ্টোকাৰেন্সী (যেনে: বিটকইন, ইথেৰিয়াম) মানুহৰ বাবে দৈনিক আধাৰত ব্যৱহাৰ আৰু প্ৰৱেশাধিকাৰ কৰা কঠিন যদিও পাই নেটৱৰ্ক আপোনাৰ হাতৰ তলুৱাত আছে।

ক্ৰিপ্টোকাৰেঞ্চী কি?
ক্ৰিপ্টোকাৰেন্সী হৈছে এক ডিজিটেল মুদ্ৰা যাক কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে বিনিময়ৰ মাধ্যম হিচাপে কাম কৰাৰ বাবে ডিজাইন কৰা হৈছে যি কোনো কেন্দ্ৰীয় কৰ্তৃপক্ষ, যেনে চৰকাৰ বা বেঙ্কৰ ওপৰত নিৰ্ভৰশীল নহয়, ইয়াক বজাই ৰাখিবলৈ বা ৰক্ষণাবেক্ষণ কৰিবলৈ। ই হৈছে এক virtual আৰু স্বতন্ত্ৰ মুদ্ৰা ব্যৱস্থা অৰ্থাৎ প্ৰচলিত পইচাৰ দৰে ক্ৰিপ্টোকাৰেঞ্চীৰ কোনো ৰূপ নাই অৰ্থাত ইয়াক স্পৰ্শ কৰিব নোৱাৰি, ই হ’ল এক আভাসী মুদ্ৰা যাক মাত্ৰ computer বা আন আন ডিজিটেল মাধ্যমৰ সহায়তহে লেন-দেন কৰিব পাৰি। সৰল ভাষাত ক’বলৈ গ’লে ই হ’ল ডিজিটেল ৰূপত থকা মুদ্ৰা। ই হৈছে ডিজিটেল ধনৰ নতুন প্ৰকাৰ যাক চৰকাৰ বা বেংকৰ সলনি এটা সম্প্ৰদায়ৰ দ্বাৰা ৰক্ষণাবেক্ষণ আৰু সুৰক্ষিত কৰা হয়। ক্ৰিপ্টোকাৰেন্সীৰ সৈতে আপুনি অনলাইন ক্ৰয় কৰিব পাৰে বা ইয়াৰ সৈতে মুদ্ৰা বিনিময় কৰিব পাৰে। বিটকইন হৈছে এক প্ৰকাৰৰ ক্ৰিপ্টোকাৰেন্সী।

পাই আৰু বিটকইনৰ মাজত পাৰ্থক্য কি?
বৰ্তমান সময়ত বিটকইন আটাইতকৈ মূল্যৱান ক্ৰিপ্টোকাৰেঞ্চী গতিকে ইয়াৰ সৈতে কাৰো তুলনা কৰাটো ভুল হ'ব। কিন্তু বৰ্তমান সময়ত মানুহে নতুন block chain technology বিচৰা আৰম্ভ কৰিছে যাৰ বাবে হয়তো বিটকইন ৰ এই মূল্য দিনক দিনে কমি আহিব। বহু বিশেষজ্ঞ সকলে মত পোষণ কৰিছে যে বিটকইন ৰ স্থান ল'বলৈ সকলো সুবিধা থকা একমাত্ৰ নতুন block chain technology হিচাপে পাই নিশ্চিতভাৱে ভৱিষ্যতে এক বিশ্বব্যাপী মূল্যৱান ক্ৰিপ্টোকাৰেন্সী হোৱাৰ দিশে আগবাঢ়িছে। তেওঁলোকে অনুমান কৰিছে যে বিটকইন আৰু ইথেৰিয়াম ৰ পাছতে পাই নেটৱৰ্ক এ স্থান পাব। যদি crypto মাৰ্কেট দিনে দিনে ডাঙৰ হৈ গৈ থাকে আৰু পাই Blockchain ত ভাল ভাল Metaverse project আহে তেতিয়া এদিন ক্ৰিপ্টোকাৰেঞ্চী হিচাপে পাই নেটৱৰ্ক এ প্ৰথম স্থান অধিকাৰ কৰিব পাৰিব বুলি মত পোষণ কৰিছে। অৱশ্যে ভাল Project আৰু utility বৃদ্ধি পোৱাৰ ওপৰতে নিৰ্ভৰ কৰিব Ranking কি হ'ব। বৰ্তমান 1 টা বিটকইন উপাৰ্জন কৰিবলৈ লাখ লাখ টকাৰ প্ৰয়োজন কিন্তু পাই এতিয়া বিনামূলীয়াকৈ মাইনিং বা উপাৰ্জন কৰিব পাৰিছে। সাধাৰণতে বিটকইন মাইনিং বা উপাৰ্জন কৰিবলৈ বহুত Energy লাগে কিন্তু পাই নেটৱৰ্ক মাইনিং কৰিবলৈ খুব কম Energy প্ৰয়োজন হয়। গতিকে পৰিৱেশৰ বাবে পাই নেটৱৰ্ক উপযোগী। বিটকইন ৰ transaction কৰিবলৈ 10 মিনিটৰ পৰা 3 ঘন্টা পৰ্যন্ত সময় লাগে। আনহাতে পাই নেটৱৰ্ক ৰ transaction সময় মাত্র 8 চেকেণ্ড। মুঠ উৎপাদনৰ 80% বিটকইন মাত্র 1% মানুহৰ হাতত। সাধাৰণ মানুহৰ হাতত বিটকইন নাই বুলিব পাৰি। আনহাতে পাই নেটৱৰ্ক ৰ সৰহভাগ coin সাধাৰণ মানুহৰ হাতত। আমি জানো যে বিটকইন মাইনিং কৰিবলৈ super computer ৰ লাগে। আনহাতে পাই নেটৱৰ্ক স্মাৰ্ট ফোনৰ জৰিয়তে  মাইনিং বা উপাৰ্জন কৰিব পাৰি।

পাই কিয় মাইনিং বা উপাৰ্জন কৰিব?
বিভিন্ন বিশেষজ্ঞৰ মতে, ই ভৱিষ্যতে সৰ্বাধিক বিনিময় কৰা ডিজিটেল মুদ্ৰাৰ ভিতৰত এটা হ'বলৈ সাজু হৈছে। আমি বহুতেই জানো যে 2008 চনৰ আৰম্ভণিতে বিটকইনৰ মূল্য শূন্য আছিল কিন্তু এতিয়া ইয়াৰ মূল্য লাখ টকালৈ পৰিৱৰ্তিত হৈছে। গতিকে আপুনি এতিয়া পাই বিনামূলীয়াকৈ খনন কৰিব পাৰে আৰু আপোনাৰ উপাৰ্জিত পাই ভৱিষ্যতে মুকলি হ'লে ব্যৱহাৰ কৰিব পাৰে।

আপুনি পাই কেনেকৈ মাইনিং বা উপাৰ্জন কৰিব?
পাই অৰ্জন কৰাটো অতি সহজ। পাই অ্যাপ(App) অত একাউণ্ট থাকিলে, 24 ঘণ্টাৰ মূৰে মূৰে tap to earn button টোত অৰ্থাৎ ঘূৰণীয়া সেউজীয়া অংশত ক্লিক কৰক, তাৰ পিছত প্ৰস্থান কৰক। তেতিয়া আপোনাৰ পাই স্বয়ংক্রিয় ভাৱে মাইনিং বা উপাৰ্জন হ'ব। আপুনি ৰেফাৰেলৰ জৰিয়তে খৰতকীয়াভাৱে পাই মাইনিং বা উপাৰ্জন কৰিব পাৰে অৱশ্যে ৰেফাৰ নকৰিলেও একো অসুবিধা নাই। পাই নেটৱৰ্ক মাইনিং বা উপাৰ্জন কৰিবলৈ আপুনি সকলো সময়তে ডাটা(Internet data)অন কৰি ৰখাৰ প্ৰয়োজন নাই আৰু ম'বাইলৰ বেটাৰী চার্জ কৰি সতেজ কৰি ৰাখিব নালাগে কিয়নো ই আপোনাৰ ফোনৰ বেটাৰী চাৰ্জ সমাপ্ত নকৰে। এইটো যিহেতু আপুনি বিনামূলীয়াকৈ উপাৰ্জন কৰিব পাৰে তেন্তে ইমান ডাঙৰ সুযোগ কিয় হেৰুৱাব?

পাই ৰ ভৱিষ্যত:
1. পাই নেটৱৰ্ক প্ৰকল্পটো দুবছৰ আগতে আৰম্ভ হৈছে আৰু ইতিমধ্যে 30 মিলিয়নতকৈ অধিক ব্যৱহাৰকাৰীয়ে এই পাই মাইনিং বা উপাৰ্জন কৰি আছে, এয়া যিকোনো ক্ৰিপ্টোকাৰেন্সী সম্প্ৰদায়ৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি। ইমান ডাঙৰ সম্প্ৰদায়ৰ ক্ৰিপ্টোকাৰেন্সী মাইনিং বা উপাৰ্জন প্লেটফৰ্ম খুব কম আছে। 
2. প্ৰায় 185 খন দেশৰ বিভিন্ন সংস্কৃতি আৰু ভাষাৰ লোকসকলে প্ৰতিদিনে তেওঁলোকৰ স্মাৰ্টফোনৰ সৈতে সহজে পাই মুদ্ৰা খনন কৰি আছে আৰু ভৱিষ্যতে ভাল লাভ হোৱাৰ আশাৰে ইয়াক জমা কৰি ৰাখিছে।
3. ইথেৰিয়াম, যি বিটকইনৰ পিছত দ্বিতীয় সৰ্বাধিক জনপ্ৰিয় ক্ৰিপ্টোকাৰেন্সী আৰু ইয়াত কেৱল 7,000 "নেটৱৰ্ক নোড" আছে। য'ত পাই নেটৱৰ্কৰ দৰে যুৱ ক্ৰিপ্টোকাৰেন্সী, যি এতিয়ালৈকে কোনো এক্সচেঞ্জত তালিকাভুক্ত হোৱা নাই, মুঠ 60,000 তকৈ অধিক "নেটৱৰ্ক নোড" আছে! 
4. পাই নেটৱৰ্ক ৰ সৃষ্টিকৰ্তা ষ্টেনফৰ্ড ইউনিভাৰ্ছিটি ৰ কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট  নিকোলাছ ককালিছ "decentralized applications class” ৰ  ইন্সট্রাক্টৰ।
5. ইয়াৰোপৰি, ষ্টেনফৰ্ড ইউনিভাৰ্ছিটি ৰ কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট  নিকোলাছ ককালিছ অৱশ্যে বিটকইন জন্মৰ আগতেই কম্পিউটাৰ blockchain ৰ research paper publish কৰিছিল। স্মৰ্তব্য যে এই ষ্টেনফৰ্ড ইউনিভাৰ্ছিটি ৰ পৰাই এটা সময়ত Google, facebook, microsoft, etherum আদি সৃষ্টি হৈছিল।
6. কোনো প্ৰত্যাখ্যান অবিহনে, ইয়াক ইতিমধ্যে প্লে ষ্টোৰ আৰু এপ ষ্টোৰৰ দৰে দুটা  জায়ান্ট ষ্টোৰত আপলোড কৰা হৈছে। পাই নেটৱৰ্ক  অ্যাপ(App) প্লে ষ্টোৰত মুঠ ডাউনলোডৰ সংখ্যা 50 মিলিয়ন অতিক্ৰম কৰিছে। 
ইয়াৰ উপৰিও, বিভিন্ন বিজ্ঞাপনৰ পৰা ৰাজহৰ বিশেষত্ব বা সফলতাই একমাত্ৰ ইংগিত দিয়ে যে পাই কইন নিশ্চিতভাৱে ভৱিষ্যতে এক বিশ্বব্যাপী ক্ৰিপ্টোকাৰেন্সী হোৱাৰ দিশে আগবাঢ়িছে আৰু ইয়াৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে।

পাই কেতিয়া মাৰ্কেটত আহিব?
পাই প্ৰকল্পটো বৰ্তমান বিকাশশীল পৰ্যায়ত আছে যদিও ই প্ৰায় চূড়ান্ত পৰ্যায়ত অৰ্থাৎ ফেজ-3 ত আছে। পাই প্ৰকল্পটো 2022 ৰ 14 মাৰ্চৰ পৰা 28 জুনৰ ভিতৰত Open Mainnet ত আহিব। অচিৰেই পাই নেটৱৰ্কৰ KYC আৰম্ভ হ'ব। KYC সম্পূৰ্ণ হোৱাৰ পিছতেই পাই নেটৱৰ্ক coin এক্সচেঞ্জত তালিকাভূক্ত বা monetization হ'ব আৰু তেতিয়া বিক্ৰী কৰিব পাৰিব।

পাই একাউণ্ট খোলাৰ নিয়ম:
আৰম্ভণিতে আপুনি গুগল প্লে ষ্টোৰ বা আন যিকোনো অ্যাপ (App) ষ্টোৰৰ পৰা "পাই নেটৱৰ্ক" অ্যাপ(App)টো ডাউনলোড কৰিব পাৰে। তাৰ পিছত অ্যাপ(App)টো খোলক আৰু তলৰ প্ৰক্ৰিয়াটো অনুসৰণ কৰক,
1. আপুনি আৰম্ভণিতে আপোনাৰ ফেচবুক আইডি (প্ৰকৃত আইডি হ'ব লাগিব) বা ফোন নম্বৰৰ সৈতে আপোনাৰ পৰিচয় প্ৰমাণিত কৰিব পাৰে।
2. তাৰ পিছত আপুনি আপোনাৰ দেশৰ নাম বাছনি কৰক। অৱশ্যে, ভাৰতীয় হিচাপে "India" বাছনি কৰক।
3.  তাৰ পিছত পাছৱৰ্ডটো প্ৰবিষ্ট কৰক আৰু আপোনাৰ পাছৱৰ্ডটো পুনৰ প্ৰমাণিত পাছৱৰ্ড বিকল্পত প্ৰবিষ্ট কৰক।
4. তাৰ পিছত প্ৰথম নাম, অন্তিম আৰু ব্যৱহাৰকাৰী নাম প্ৰবিষ্ট কৰক (অৱশ্যে ব্যৱহাৰকাৰী নাম ইয়াক আপুনি বিচৰা ধৰণে দিব পাৰে)। যেতিয়া আইডি প্ৰমাণীকৰণ কৰা হ'ব, তেতিয়া তেওঁলোকক এই তথ্যৰ প্ৰয়োজন হ'ব। যদি আপুনি ভুল নাম দিয়ে, ভৱিষ্যতে আপোনাৰ আইডি বাতিল কৰা হ'ব আৰু লগতে আপোনাৰ উপাৰ্জন কৰা পাই বাতিল কৰা হ'ব।
5. তাৰ পিছত  আপোনাক নিমন্ত্ৰণ (Invite) কৰা বেলেগ পাই ব্যৱহাৰকাৰীৰ নিমন্ত্ৰণ কোড (Invitation Code) বিচাৰিব। আপুনি তেতিয়া এজন পাই ব্যৱহাৰকাৰীৰ নিমন্ত্ৰণ কোড দিব। এইক্ষেত্ৰত আপুনি মোৰ নিমন্ত্ৰণ কোড(Invitation Code) ব্যৱহাৰ কৰিব পাৰে কিয়নো একাউণ্ট খোলাৰ সময়ত এজন সক্ৰিয় পাই ব্যৱহাৰকাৰীৰ নিমন্ত্ৰণ কোড (Invitation Code) ব্যৱহাৰ কৰিব লাগে। মোৰ নিমন্ত্ৰণ কোড(Invitation Code) হ'ল: (AHSK01)
নিমন্ত্ৰণ কোড (Invitation Code) অবিহনে আপোনাৰ একাউণ্ট সৃষ্টি নহ'ব। যদি আপুনি নিমন্ত্ৰণ কোড (Invitation Code) প্ৰবিষ্ট কৰে, আপুনি লগেলগে বিনামূলীয়াকৈ 1 পাই পাব। 
6. তাৰ পিছত 24 ঘন্টাৰ মূৰে মূৰে আপুনি tap to earn button টোত অৰ্থাৎ ঘূৰণীয়া সেউজীয়া অংশত ক্লিক কৰক। ই আপোনাৰ পাই মাইনিং বা উপাৰ্জন আৰম্ভ কৰিব। যদি আপুনি 24 ঘন্টাৰ মূৰে মূৰে সেই ঘূৰণীয়া অংশত ক্লিক নকৰে তেন্তে উপাৰ্জন বন্ধ হ'ব। 
এয়া হৈছে আপোনাৰ পাই একাউণ্ট খোলাৰ নিয়ম। গতিকে আপুনি এতিয়াই পাই  অ্যাপ(App) ডাউনলোড কৰি উপাৰ্জন আৰম্ভ কৰক আৰু ভৱিষ্যতৰ মুদ্ৰা হিচাপে জমা কৰক।

পাই নেটওয়ার্ক টোকেন কেনেকৈ কিনিব অথবা বিক্রি কৰিব?
পাই ক্ৰিপ্টোকাৰেন্সীৰ বাবে আটাইতকৈ আশাবাদী ভৱিষ্যতবাণীবোৰ তেওঁলোকে দিছে যিসকলে ইতিমধ্যে এপ্লিকেচনটো ডাউনলোড কৰিছে। কিছুমান বিশেষজ্ঞই পৰামৰ্শ দিছে যে এই পৰ্যায়ত এটা নতুন মুদ্ৰাৰ মূল্য 30 ৰ পৰা 100 ডলাৰ হ'ব পাৰে। ভৱিষ্যতে ইয়াৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি অনুমান কৰিছে। অৱশ্যে, ইয়াক সমৰ্থন কৰাৰ কোনো প্ৰমাণ নাই। প্ৰকল্প মুকলি কাৰী দলটোৱে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে, মন কৰিবলগীয়া যে 100 মিলিয়ন আগতীয়াকৈ টোকেন সৃষ্টি কৰা হ'ব আৰু তাৰ পিছত উৎপাদিত সম্পত্তিৰ কেৱল আভ্যন্তৰীণ টাৰ্ণঅ'ভাৰ হ'ব।

পাই নেটৱৰ্কৰ মূল্য কিমান?
যিহেতু পাই ক্ৰিপ্টোকাৰেন্সীৰ ৰ বজাৰত নতুনকৈ খোজ পেলাইছে সেয়েহে বৰ্তমানলৈকে ইয়াৰ প্ৰচলন আৰু ব্যৱহাৰ হোৱা নাই, সেয়ে বৰ্তমান সময়ত ইয়াৰ মূল্যও নাই ৷ যিহেতু বৰ্তমান Pi (coin) ৰ mining বা উপাৰ্জন ৰ কামহে হৈ আছে। ব্যৱহাৰ যোগ্য হ’লেহে ইয়াৰ মূল্য নিৰ্ধাৰণ হ’ব। কিন্তু ভবিষ্যতে ইয়াৰ মূল্য কিমান হ’ব, বাঢ়িব নে কমিব সেয়া কোনেও ক’ব নোৱাৰে ৷

কিন্তু এটা কথা মনত ৰাখিব লাগিব যে যিটো Bitcoin ৰ বৰ্তমানৰ মূল্য প্ৰায় 35 লাখ টকা, 10 বছৰৰ আগত তাৰ মূল্য আছিল মাত্ৰ 21 পইচা৷ গতিকে Pi যদি ভৱিষ্যতে আন Cryptocurrency ৰ দৰে বিশ্বত প্ৰচলিত হয় আৰু ইয়াৰ ভৱিষ্যত মূল্য যদি উৰ্ধগামী হয় তেন্তে ইও বিটকইন ৰ দৰে মহা মূল্যবান নহ’লেও আন আন ক্ৰিপ্টোকাৰেঞ্চিৰ দৰে নিশ্চয় এক মূল্যৱান Cryptocurrency ত পৰিণত হ’ব।

অৱশেষত এইটো ক'ব পাৰি :
অৱশেষত এটা কথা ক'ব পাৰি যে পাই নেটৱৰ্ক বৰ্তমান মোবাইল mining বা উপাৰ্জনৰ এটা পৰীক্ষা। যদি দলটোৱে প্ৰকল্পটো বিকশিত কৰা অব্যাহত ৰাখে, এপ্লিকেচনটো ক্ৰিপ্টোকাৰেন্সীৰ পৃথিৱীত বাস্তৱত পৰিণত হ'ব। গতিকে সকলো জানি বুজি পাই নেটৱৰ্ক অত ভৰি দিয়ক, যদিহে আশা কৰা ধৰণে পাই coin অৰ ভাল দিন আহে তেন্তে আপোনাৰো ভাগ্য উদয় হ'ব।

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী