যতি চিহ্নৰ ব্যৱহাৰ (হাইফেনৰ ব্যৱহাৰ)

প্রসংগ : হাইফেন
মূল উদাহৰণ - 'সাহিত্য-বঁটা'
‘সাহিত্য-বঁটা’ (literary award) : এই সংযুক্ত শব্দটো
‘সাহিত্য (literature) আৰু বঁটা’ (award)—এই দুটি শব্দ
পৰস্পৰে যােগ হৈ এটি অর্থ (‘বঁটা’ সম্পর্কীয়) প্রকাশ কৰি
‘সাহিত্যৰ বঁটা’ক বুজায়। সেয়ে হাইফেন নিদিয়াকৈ সাহিত্য
বঁটা’ (literature award) বুলি শব্দ দুটাক পৃথক কৰি
লিখাটো শুদ্ধ নহয়।
এনে যুক্তি-বিচাৰেৰে, নিম্নেল্লেখিত শব্দকেইটাৰ ৰূপহে
শুদ্ধ ? যেনে- পদ্মবঁটা, সাংবাদিকতা বঁটা, কবি-সন্মিলন (বা,
কবিৰ সন্মিলন, poet's meet), কবি-সমাজ, কবি-চক্র, কবি-
কানন, কবি-মঞ্চ, সহযােগী-মঞ্চ, সাহিত্য-সভা, কাব্য কানন
(বা, কাব্যৰ কানন) ইত্যাদি।
তেনেদৰে কবিতা-সংকলন’ বা ‘কবিতাৰ সংকলন,
প্ৰেছ ক্লাব, শিশু-খাদ্য, গণৰাজ্য-দিৱস, শিশু-দিৱস। ‘শিশু
দিৱস’ বুলি লিখিলে ‘দিৱস’টোকহে শিশু বুজাব; আৰু
তেতিয়া, ‘ডেকা দিৱস’, ‘বৃদ্ধ দিৱস'কো মানি ল'ব লাগিব।
যিদৰে হাতী-দাঁত’ বা ‘হাতীৰ দাঁত’ (কিন্তু, ‘হাতিতীয়া)
বুলি লিখাটোহে সমীচীন।

উদয় কুমাৰ শৰ্মা, গুৱাহাটী-১৯

Comments

Popular posts from this blog

ণত্ব বিধি আৰু ষত্ব বিধি

দশমিক সংখ্যাৰ পূৰণ।

DMIT Report কি?