প্ৰাণীৰ পৰিবহণ তন্ত্ৰ, বিজ্ঞান, সপ্তম শ্ৰেণী, শংকৰদেৱ শিশু বিদ্যা নিকেতন।

প্ৰাণীৰ পৰিবহন তন্ত্ৰ

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 102

1.    খালী ঠাই পূৰ কৰা৷

        (ক) জীয়াই থাকিবৰ বাবে আমাক _______ , _______ আৰু _______ ৰ প্ৰয়োজন৷

        উঃ আহাৰ; পানী; অক্সিজেন

        (খ) এককোষী প্ৰাণীৰ দেহত  _______ ৰ চলনৰ দ্বাৰা পদাৰ্থৰ পৰিবহণ হয়৷

        উঃ প্ৰট’প্লাজম

        (গ) স্পঞ্জৰ পৰিবহণ তন্ত্ৰক ________ বোলে।

        উত্তৰ - নলীতন্ত্ৰ (Canal System)

2. নলীতন্ত্ৰ (Canal System) কাক বোলে?

উঃ স্পঞ্জৰ দৰে কিছুমান প্ৰাণীয়ে দেহত বাহিৰৰ পৰা সোমোৱা  খাদ্যদ্ৰৱ্য ভিতৰলৈ নিয়ে আৰু ওলাই যাওঁতে বৰ্জিত দ্ৰৱ্যসমূহ বাহিৰলৈ লৈ যায়৷ এনে পৰিবহন তন্ত্ৰক নলীতন্ত্ৰ (Canal System) বোলে।

3. তেজৰ উপাদানসমূহ কি কি? এইবোৰৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা৷

উঃ তোজ এবিধ জুলীয়া সংযোজক কলা। ইয়াৰ 55% জুলীয়া প্লাজমা আৰু 45% ৰক্তকণিকাৰে গঠিত৷             ৰক্তকণিকাবোৰ তিনি প্ৰকাৰৰ - লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা৷

প্লাজমাৰ গঠনঃ 92% পানী আৰু বাকী 8% বিভিন্ন জৈৱ আৰু অজৈৱ পদাৰ্থৰে গঠিত৷

প্লাজমাৰ কামঃ ইয়াৰ প্ৰধান কাম দুটা -

(ক) খাদ্যৰ সৰল পদাৰ্থ, হৰম’ন আদি শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত কৰা৷

(খ) কোষত উৎপন্ন হোৱা কাবৰ্ন ডাই-অক্সাইড দেহৰ পৰা উলিয়াই দিয়াৰ উদ্দেশ্যে হাঁওফাঁলৈ কঢ়িয়াই অনা৷

লোহিত ৰক্তকণিকাৰ গঠন -

লোহিত ৰক্তকণিকাৰ কাম -

(ক) 

(খ) 

শ্বেত ৰক্তকণিকাৰ গঠন -

শ্বেত ৰক্তকণিকাৰ কাম - 

(ক)

(খ)

অনুচক্ৰিকাৰ গঠন -

অনুচক্ৰিকাৰ কাম  -

(ক)

(খ)

(গৃহকাৰ্য)

4. _____ ৰ কাৰণে তেজৰ ৰং ৰঙা।

উঃ হিম’গ্লবিন

5. শৰীৰৰ সকলো অংশৰ কাৰণে তেজৰ কিয় প্ৰয়োজন৷

উঃ জীৱৰ দেহ অসংখ্য কোষেৰে গঠিত৷ জীয়াই থাকিবলৈ এই প্ৰতিটো কোষেই খাদ্যৰ বিভিন্ন উপাদানৰ লগতে অক্সিজেন পাব লাগিব, আৰু কোষৰ বিভিন্ন বিপাক কাৰ্যত উৎপন্ন হোৱা বৰ্জনীয় পদাৰ্থবোৰো কোষৰ পৰা বাহিৰলৈ ওলাই আহি দেহৰ পৰাই নিষ্কাশিত হ’ব  লাগিব৷ এই সকলোবোৰ তেজৰ মাধ্যমতেই সংঘটিত হয়৷ সেয়েহে, শৰীৰৰ সকলো অংশৰ কাৰণে তেজৰ প্ৰয়োজন৷

6. হৃদযন্ত্ৰৰ মাজেদি তেজৰ চলাচল বৰ্ণনা কৰা৷

উঃ মানুহৰ হৃদযন্ত্ৰটো সোঁ অলিন্দ, সোঁ নিলয়, বাওঁ অলিন্দ আৰু বাওঁ নিলয়েৰে মুঠ চাৰিটা কোঠালিত বিভক্ত৷

উৰ্দ্ধ মহাসিৰা আৰু নিম্ন মহাসিৰা নামৰ দুডাল মহাসিৰাই শৰীৰৰ ক্ৰমে উৰ্দ্ধ আৰু নিম্ন অংশৰ পৰা অশুদ্ধ তেজ সোঁ অলিন্দলৈ কঢ়িয়াই আনে৷ সোঁ অলিন্দ আৰু সোঁ নিলয়ৰ মাজত থকা তিনিটা ক’পাটযুক্ত ট্ৰাইকাস্পিড্‌ ভালভ্‌ পাৰ হৈ এই তেজ সোঁ অলিন্দৰ পৰা সোঁ নিলয়ত প্ৰৱেশ কৰে৷

সোঁ নিলয়ৰ পৰা অশুদ্ধ তেজখিনি ক্লোমধমনীয়েদি ওলাই গৈ হাঁওফাঁওত বিশুদ্ধ হয়, আৰু চাৰিডাল ক্লোমসিৰাইদি আহি বাওঁ অলিন্দত সোমায়৷ বাওঁ অলিন্দত প্ৰৱেশ কৰা এই বিশুদ্ধ তেজ বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজত থকা বাইকাস্পিড্‌ ভালভ্‌ পাৰ হৈ বাওঁ নিলয়ত প্ৰৱেশ কৰে, আৰু পিছত মহা ধমনীয়েদি শৰীৰৰ বিভিন্ন অংশলৈ ওলাই যায়৷

7. তেজৰ দ্বৈত পৰিবহণ বা দ্বিচক্ৰী পৰিবহণ কি?

উঃ মেৰুদণ্ডী প্ৰাণীৰ তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ’বলৈ হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হ’ব লাগে৷ তেজৰ এনে পৰিবহণকে দ্বৈত পৰিবহণ বা দ্বিচক্ৰী পৰিবহণ বুলি কোৱা হয়৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 103

ৰ. অনুচক্ৰিকাৰ কাম তেজৰ _____৷

উঃ মখা বন্ধা

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 104

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 105

ৰ. সিৰা কাক বোলে?

উঃ যিবোৰ ৰক্তবাহী নলীয়ে শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢি.য়াই আনে সেইবোৰকে সিৰা বোলে৷

২. বিশুদ্ধ তেজ কঢি.ওৱা সিৰাডালৰ নাম কি?

উঃ পালম’নাৰী সিৰা৷

৩. কৈশিক নলীকা কাক বোলে?

উঃ কোনো অংগ নতুবা কলাত সোমাই পৰাৰ পাছত ধমনীসমূহ ভাগ ভাগ হৈ সৃষ্টি কৰা অতি মিহি মিহি  নলীকাবোৰকে ৰক্তকেশিকা (blood capilaries) বা কৈশিক নলীকা বোলে৷

জ্ঝ. হৃদযন্ত্ৰ কি?

উঃ হৃদযন্ত্ৰ হ’ল হাতৰ মুঠি সদৃশ এটা পেশীযুক্ত অংগ৷ ই শৰীৰৰ বিভিন্ন অংশলৈ তেজ পৰিবহণৰ কাৰণে এটা পাম্পৰ দৰে কাম কৰে৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 103

ৰ. ______ ৰক্ত কণিকাত হিম’গ্ল’বিন পোৱা যায়৷

উঃ লোহিত

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - ১০৪

ৰ. ______ ৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়৷ 

উঃ ধমনী

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 106

ৰ. হৃদযন্ত্ৰৰ সুসংহত সংকোচন আৰু প্ৰসাৰণক ______ বোলে?

উঃ হৃদস্পন্দন

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 108

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 109

ৰ. ৰেচন কাক বোলে?

উঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱদেহৰ বৰ্জ পদাৰ্থসমূহ শৰীৰৰ পৰা উলিয়াই দিয়া হয়, তাকে ৰেচন বোলে৷

ৰ. ৰেচন তন্ত্ৰ কাক বোলে?

উঃ ৰেচন কাৰ্যত ভাগ লোৱা অংগবোৰক একেলগে ৰেচন তন্ত্ৰ বোলে৷

ৰ. মানুহৰ ৰেচন তন্ত্ৰ কি কি অংগৰে গঠিত?

উঃ এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰাশয় আৰু এটা মূত্ৰছিদ্ৰৰে মানুহৰ ৰেচন তন্ত্ৰ গঠিত৷

ৰ. বৃক্ক দুটাৰ আকৃতি _______ গুটিৰ দৰে৷

উঃ লেচেৰা

ৰ. ৰেচন নলীকা বা নেফ্ৰন কাক বোলে?

উঃ বৃক্কৰ ভিতৰত কিছুমান অকোৱা-পকোৱা নলী থাকে৷ এইবোৰকে ৰেচন নলীকা বোলে৷

ৰ. বৃক্কীয় ধমনী কাক বোলে?

উঃ বৃক্কৰ ভিতৰলৈ তেজৰ যোগান ধৰা ডাঙৰ ৰক্তবাহী নলীকে বৃক্কীয় ধমনী বোলে৷

ৰ. মূত্ৰবাহী নলী কাক বোলে?

উঃ মূত্ৰ নিষ্কাশনৰ বাবে বৃক্কৰ পৰা ওলোৱা নলীক মূত্ৰবাহী নলী বোলে৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 110

ৰ. মূত্ৰ বা প্ৰস্ৰাৱ কাক বোলে?

উঃ বৃক্কৰ পৰা ওলাই যোৱা পানী আৰু ৰেচন পদাৰ্থসমূহক একেলগে মূত্ৰ বা প্ৰস্ৰাৱ কাক বোলে৷

ৰ. এজন প্ৰাপ্তবয়স্ক মানুহে দিনে কিমান প্ৰস্ৰাৱ ত্যাগ কৰে?

উঃ 1-1.8 লিটাৰ৷

ৰ. আমাৰ দেহৰ প্ৰধান ৰেচন পদাৰ্থবিধৰ নাম কি?

উঃ ইউৰিয়া৷

ৰ. আমাৰ প্ৰস্ৰাৱত কিমান শতাংশ ইউৰিয়া থাকে?

উঃ 2%

ৰ. পানীত থকা প্ৰাণীয়ে ৰেচন পদাৰ্থ কি হিচাপে ত্যাগ কৰে?

উঃ পানীত থকা প্ৰাণীয়ে এম’নিয়া অথাৰ্ৎ গেছ হিচাপে ৰেচন পদাৰ্থ ত্যাগ কৰে৷

ৰ. অপোহন (dialysis) কাক বোলে?

উঃ তেজৰ পৰা কৃত্ৰিম উপায়েৰে ৰেচন পদাৰ্থ পৃথক কৰা প্ৰক্ৰিয়াকে অপোহন (dialysis) বোলে৷

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী