প্ৰাকৃতিক সম্পদ , অধ্যায় - 14, বিজ্ঞান, নবম শ্ৰেণাী



 পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 189

1. পৃথিৱীত হোৱা প্ৰধান সম্পদসমূহ কি কি?

উঃ মাটি, পানী আৰু বায়ু৷

2. স্থলমণ্ডল (Lithosphere)  কাক বোলে?

উঃ পৃথিৱীৰ খোলাটোৰ ওপৰিভাগৰ কঠিন অংশটোক স্থলমণ্ডল বোলে৷

3. পৃথিৱীৰ ওপৰিভাগৰ শতকৰা কিমান ভাগ পানী?

উঃ শতকৰা 75 ভাগ৷

4. জলমণ্ডল কাক বোলে?

উঃ পৃথিৱীৰ ওপৰিভাগৰ শতকৰা 75 ভাগেই পানী৷ এই অংশটোক জলমণ্ডল (Hydrosphere) বুলি কোৱা হয়৷

5. বায়ুমণ্ডল (Atmosphere)  কাক বোলে?

উঃ জলমণ্ডল আৰু স্থলমণ্ডলৰ উপৰিভাগত বিস্তৃত হৈ থকা বায়ুৰ তৰপটোক বায়ুমণ্ডল (atmosphere) বোলে৷

6. জীৱমণ্ডল (Biosphere) বুলিলে কি বুজা?

উঃ স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল - পৃথিৱীৰ এই তিনিওটা স্তৰতে জীৱসমূহ বাস কৰে৷ জীৱসমূহ বসবাস কৰা এই সমগ্ৰ অঞ্চলটোকে জীৱমণ্ডল (Biosphere)  বুলি কোৱা হয়৷

7. জীৱমণ্ডলৰ জৈৱিক উপাদান (Biotic Component)  বুলিলে কি বুজা?

উঃ জীৱমণ্ডলত থকা সকলোবিলাক জীৱকে  একেলগে জৈৱিক উপাদান বুলি কোৱা হয়৷

8. জীৱমণ্ডলৰ অজৈৱিক উপাদান (Abiotic Component)  বুলিলে কি বুজা?

উঃ জীৱমণ্ডলৰ বায়ু, পানী, মাটি আদি উপাদানবোৰক জীৱমণ্ডলৰ অজৈৱিক উপাদান (Abiotic Component) বুলি কোৱা হয়৷

9. বায়ু এবিধ ______ পদাৰ্থ৷

উঃ মিশ্ৰ  

10. বায়ুত সাধাৰণতে কি কি মিহলি হৈ থাকে?

উঃ বায়ুত সাধাৰণতে নাইট্ৰ’জেন, অক্সিজেন, কাবৰ্ন ডাই-অক্সাইড, জলীয় বাষ্প, ধোঁৱা-ধূলিকণা আদি মিহলি হৈ থাকে৷

11. শুক্ৰ আৰু মংগল গ্ৰহত জীৱ থকাটো সম্ভৱ নোহোৱাৰ প্ৰধান কাৰণ কি?

উঃ শুক্ৰ আৰু মংগল গ্ৰহত কাবৰ্ন-ডাই অক্সাইডৰ পৰিমাণ শতকৰা 95-97 ভাগ৷ ইয়াৰ বায়ুত কাবৰ্ন-ডাই অক্সাইড গেছৰ পৰিমাণ যথেষ্ট বেছি হোৱা বাবেই ইয়াত জীৱ থকাটো সম্ভৱ হোৱা নাই৷

12. শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুত কাবৰ্ন ডাই-অক্সাইডৰ শতকৰা পৰিমাণ কিমান?

উঃ শতকৰা 95-97 ভাগ৷

13. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলতকৈ কিদৰে পৃথক?

(How is our atmosphere different from the atmosphere on Venus and Mars?)

উঃ আমাৰ পৃথিৱীৰ বায়ুমণ্ডল ইয়াৰ সংযুতিৰ ফালৰ পৰা শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলতকৈ পৃথক৷ উদাহৰণস্বৰূপে, পৃথিৱীৰ বায়ুমণ্ডল বিভিন্ন গেছৰ মিশ্ৰণ৷ ইয়াত নাইট্ৰ’জেন (78.08%), অক্সিজেন (20.94%), কাবৰ্ন ডাই অক্সাইড (0.03%) আৰু বিভিন্ন নিষ্ক্ৰিয় গেছ আৰু জ্বলীয় বাষ্প (বিভিন্ন মাত্ৰাত) পোৱা যায়৷ কিন্তু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুত প্ৰধানাকৈ কাবৰ্ন-ডাই অক্সাইড গেছহে  (95%-97%)  পোৱা যায়৷

14. খালী ঠাই পূৰ কৰা -

(i) সংকোষকেন্দ্ৰীয় কোষ আৰু প্ৰকোষকেন্দ্ৰীয় কোষত গ্লুক’জ অণু ভাগি শক্তি উৎপন্ন হ’বলৈ ______ ৰ প্ৰয়োজন৷

উঃ অক্সিজেন

(ii) সংকোষকেন্দ্ৰীয় কোষ আৰু প্ৰকোষকেন্দ্ৰীয় কোষত গ্লুক’জ অণু ভাগি শক্তি উৎপন্ন হোৱাৰ ফলত ______  নিৰ্গত হয়৷

উঃ কাবৰ্ন ডাই-অক্সাইড গেছ

(iii) বনাঞ্চল জ্বলোৱা আৰু ইন্ধন দহন কৰাৰ ফলত যথেষ্ট পৰিমাণে উৎপন্ন হোৱা গেছবিধ হ’ল ______ ৷

উঃ কাবৰ্ন ডাই-অক্সাইড

15. কোন দুটা কাৰকৰ বাবে আমাৰ বায়ুমণ্ডলত কাবৰ্ন ডাই-অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰিত হৈ থাকে? 

বা প্ৰতিদিনে যথেষ্ট পৰিমাণে কাবৰ্ন ডাই-অক্সাইড গেছ উৎপন্ন হোৱাৰ পাছতো বায়ুমণ্ডলত ইয়াৰ শতকৰা পৰিমাণ প্ৰায় একেই আছে কিয়? 

উঃ আমাৰ বায়ুমণ্ডলত কাবৰ্ন ডাই-অক্সাইডৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰখা কাৰক দুটা হ’ল -

(i) সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত কাবৰ্ন ডাই-অক্সাইডৰ পৰা গ্লুক’জ উৎপন্ন কৰে৷

(ii) কিছুমান সামুদ্ৰিক প্ৰাণীয়ে পানীত দ্ৰৱীভূত কাবৰ্নেট ব্যৱহাৰ কৰি সিহঁতৰ দেহৰ খোলা গঠন কৰে৷

16. বায়ুমণ্ডলে পৃথিৱীখনক এক সুস্থিৰ উষ্ণতাত থকাত কিদৰে সহায় কৰিছে?

উঃ বায়ু বিদ্যুতৰ কুপৰিবাহী৷ সূৰ্যৰ পৰা পোৱা তাপ বায়ুমণ্ডলে নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনক এক সুস্থিৰ উষ্ণতাত থকাত সহায় কৰিছে৷ বায়ুমণ্ডলে দিনৰ ভাগত পৃথিৱীৰ উষ্ণতা অকস্মাতে বাঢি. যোৱাত বাধা দিয়াৰ লগতে ৰাতিৰ ভাগত পৃথিৱীৰ তাপ বাহিৰলৈ ওলাই যোৱাৰ পৰিমাণ কমায়৷

17.  বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?

উঃ আমাৰ পৃথিৱীখনক বায়ুৱে আগুৰি আছে৷ এই বায়ু তাপৰ কুপৰিবাহী হোৱা বাবে দিনৰ ভাগত সূৰ্যৰ অত্যধিক তাপ অত্যধিক মাত্ৰাত পৃথিৱীপৃষ্ঠত আহি পৰাত ই বাধা দিয়ে৷ একেদৰে ৰাতিৰ ভাগত পৃথিৱীৰ  উপৰিভাগৰ পৰা তাপ ওলাই যোৱাৰ মাত্ৰা ধীৰ কৰি পৃথিৱীখন লাহে লাহে ঠাণ্ডা হোৱাত সহায় কৰে৷ এইদৰে বায়ুমণ্ডলে পৃথিৱীক এখন কম্বলৰ দৰে আগুৰি ৰাখি দিন আৰু ৰাতিৰ লগতে গোটেই বছৰ জুৰি পৃথিৱীৰ গড় উষ্ণতা সুস্থিৰ কৰি ৰখাত সহায় কৰে৷

18. চন্দ্ৰত উষ্ণতাৰ পৰিসৰ কিমান? 

উঃ চন্দ্ৰত উষ্ণতাৰ পৰিসৰ - 1900C ৰ পৰা  1100C৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 190

19. মাটিভাগ সোনকালে গৰম হয় নে সাগৰৰ পানী?

উঃ মাটি

20. বায়ুমণ্ডলত জলীয় বাষ্পৰ কিদৰে সৃষ্টি হয়?

উঃ বায়ুমণ্ডলত - 

(i) দিনৰ ভাগত সূৰ্যৰ তাপত বায়ু গৰম হৈ জলীয় বাষ্পৰ সৃষ্টি হয়৷

(ii) দিনৰ ভাগত জলভাগ গৰম হোৱাৰ ফলত জলীয় বাষ্পৰ সৃষ্টি হয়৷ আৰু

(iii) জীৱসমূহৰ বিভিন্ন ক্ৰিয়াকলাপৰ দ্বাৰাও জলীয় বাষ্পৰ সৃষ্টি হয়৷

21. স্থলভাগ জলভাগতকৈ _______ গৰম হয়৷

উঃ সোনকালে

22. দিনৰ ভাগত মাটিৰ উপৰিভাগৰ বায়ু পানীৰ উপৰিভাগৰ বায়ুতকৈ সোনকালে গৰম হয় কিয়?

উঃ   দিনৰ ভাগত স্থলভাগ জলভাগতকৈ সোনকালে গৰম হয়৷ ফলত স্থলভাগৰ পৰা হোৱা তাপ বিকিৰণৰ বাবে ইয়াৰ ওপৰৰ বায়ুৰ নিম্নস্তৰ পানীৰ উপৰিভাগৰ বায়ুতকৈ সোনকালে গৰম হয়৷

23. বায়ুৰ চলাচল তথা বতাহৰ কাৰণ কি?

বা বতাহ কিহে সৃষ্টি কৰে? (What causes winds?গ্)

উঃ পৃথিৱীৰ বিভিন্ন অঞ্চলত  বায়ু অসম পৰিমাণে উত্তাপিত হোৱাৰ কাৰণে চাপৰ তাৰতম্য ঘটি বায়ুৰ চলাচল হয় তথা বতাহৰ সৃষ্টি হয়৷

বা  সূৰ্যৰ অসম উত্তাপনৰ বাবে ভিন ভিন ঠাইৰ বায়ু ভিন ভিন মাত্ৰাত গৰম হয়৷ এনে বায়ুৰ তাপ আৰু চাপ সন্তুলনৰ বাবে বায়ুৰ চলাচল তথা বতাহৰ সৃষ্টি হয়৷

24. বৰষুণৰ আগজাননী কি হ’ব পাৰে?

উঃ সূৰ্যৰ তাপৰ প্ৰভাৱত কোনো ঠাইৰ বায়ু গৰম হোৱা আৰু জ্বলীয় বাষ্পৰ সৃষ্টি হোৱাৰ ফলত সেই ঠাইৰ বায়ুমণ্ডলত দেখা দিয়া পৰিৱৰ্তনখিনিয়েই বৰষুণৰ আগজাননী হ’ব পাৰে৷

(পাঠ্যপুথিৰ কাৰ্যকলাপ 14.2 ত ধূপডালৰ ধোঁৱাখিনি কেনে বায়ুৰ অঞ্চলত আছে, সেই অনুযায়ী ইয়াৰ গতি হ’ব৷ উদাহৰণস্বৰূপে জ্বলি থকা মমডালৰ ওপৰৰ পাতল বায়ুৰ মাজত ৰাখিলে ধোঁৱাবোৰ পাতল বায়ুৰ লগতে ওপৰলৈ উৰিব৷ অন্যথা মগটোৰ কাষৰ ঠাণ্ডা বায়ুৰ মাজত ৰাখিলে সেই বায়ুবোৰে যিহেতু মমডালৰ ওপৰৰ পাতল আৰু গৰম বায়ুৰ ঠাই পূৰাবলৈ আহিব, ধোঁৱাবোৰেও ঠাণ্ডা বায়ুৰ লগতে পাত্ৰটোৰ ওপৰ আৰু ভিতৰৰ অঞ্চললৈ সোমাই আহিব৷

ধূপকাঠিডাল বাহিৰৰ ঠাণ্ডা বায়ুৰ শিখা অভিমুখী গতিৰ প্ৰভাৱত ধূপডালৰ ধোঁৱাখিনি শিখাৰ ফালে ঢাল খোৱা দেখা যায়৷ ধূপৰ ধোঁৱাখনি গৰম বায়ুৰ দিশত আৰু ঠাণ্ডা বায়ুৰ বিপৰীত দিশত গতি কৰিব৷)

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 191

25. দিনৰ ভাগত সাগৰৰ পাৰৰ বায়ু সোনকালে গৰম হয় কিয়?

উঃ দিনৰ ভাগত স্থলভাগ জলভাগতকৈ সোনকালে গৰম হয়৷ ফলত স্থলভাগৰ পৰা হোৱা তাপ বিকিৰণৰ বাবে ইয়াৰ ওপৰৰ বায়ুৰ নিম্নস্তৰ সাগৰৰ পানীৰ  উপৰিভাগৰ বায়ুতকৈ সোনকালে গৰম হয়৷ ইয়েই দিনৰ ভাগত সাগৰৰ পাৰৰ বায়ু সোনকালে গৰম হোৱাৰ কাৰণ৷

26. দিনৰ ভাগত সাগৰৰ পাৰত বায়ু কোন দিশে প্ৰৱাহিত হয়?

উঃ দিনৰ ভাগত সাগৰৰ পাৰত জলভাগৰ পৰা স্থলভাগলৈ বায়ুৰ সোঁত বয়৷

27. ৰাতিৰ ভাগত সাগৰৰ পাৰত বায়ু কোন দিশে প্ৰৱাহিত হয়?

উঃ ৰাতিৰ ভাগত সাগৰৰ পাৰত স্থলভাগৰ পৰা জলভাগলৈ বায়ুৰ সোঁত বয়৷

28. ডাৱৰ কিদৰে সৃষ্টি হয়?

উঃ গৰম বায়ুৱে অধিক মাত্ৰাত জ্বলীয় বাষ্প ধৰি ৰাখিব পাৰে৷ দিনৰ ভাগত সূৰ্যৰ তাপত পৃথিৱীপৃষ্ঠৰ যথেষ্ট পানী গৰম হৈ বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়৷ বিভিন্ন জীৱৰ বিপাকীয় ক্ৰিয়াৰ বাবেও কিছু পৰিমাণে পানীৰ এইদৰে বাষ্পীভৱন ঘটে৷ সূৰ্যৰ তাপৰ বাবে লাহে লাহে গৰম হৈ পাতল হোৱা বায়ু ক্ৰমান্বয়ে ওপৰলৈ গতি কৰাৰ ফলত ইয়াৰ লগতে জ্বলীয় বাষ্পবোৰো ওপৰলৈ যায়৷ এইদৰে ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকোঁতে গৰম বায়ু প্ৰসাৰণ ঘটি এসময়ত লাহে লাহে ঠাণ্ডা হয় আৰু জলীয় বাষ্পবোৰে লাহে লাহে বায়ুমণ্ডলত থকা বিভিন্ন পদাৰ্থৰ সূক্ষ্ম সূক্ষ্ম কণিকাবোৰক কেন্দ্ৰ কৰি পানীৰ কণিকাৰ ৰূপত  গোট বান্ধিবলৈ আৰম্ভ কৰে৷ এইদৰে কম ঠাইত অধিক মাত্ৰাত পানীৰ টোপাল গোট বান্ধিলে  আকাৰত ডাঙৰ হৈ ডাৱৰৰ সৃষ্টি হয়৷

বা

    সূৰ্যৰ তাপত পৃথিৱীপৃষ্ঠৰ পানী গৰম হৈ বাষ্পীভূত হ'বলৈ আৰম্ভ কৰে। সূৰ্যৰ তাপত বায়ু গৰম হৈ পাতল হোৱা বাবে ক্ৰমান্বয়ে ওপৰলৈ গতি কৰে। ফলত ইয়াৰ লগতে জ্বলীয় বাষ্পবোৰো ওপৰলৈ যায়৷ এইদৰে ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকোঁতে গৰম বায়ু প্ৰসাৰণ ঘটি ঠাণ্ডা হ'লে জলীয় বাষ্পবোৰে লাহে লাহে বায়ুমণ্ডলত থকা বিভিন্ন পদাৰ্থৰ সূক্ষ্ম সূক্ষ্ম কণিকাবোৰক কেন্দ্ৰ কৰি পানীৰ কণিকাৰ ৰূপত  গোট বান্ধিবলৈ আৰম্ভ কৰে৷ এইদৰে কম ঠাইত অধিক মাত্ৰাত পানীৰ টোপাল গোট বান্ধিলে  আকাৰত ডাঙৰ হৈ ডাৱৰৰ সৃষ্টি হয়৷

29. বৰষুণ কিদৰে সৃষ্টি হয়?

উঃ দিনৰ ভাগত সূৰ্যৰ তাপত পৃথিৱীপৃষ্ঠৰ পানী গৰম হৈ বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়৷ বিভিন্ন জীৱৰ বিপকীয় ক্ৰিয়াৰ বাবেও কিছু পৰিমাণে পানীৰ এইদৰে বাষ্পীভৱন ঘটে৷  ফলত বায়ু গৰম হয়৷ গৰম বায়ুৱে জলীয় বাষ্প ধৰি ৰাখে যাদিও গৰম বায়ু প্ৰসাৰণ ঘটি লাহে লাহে ঠাণ্ডা হোৱাৰ ফলত জলীয় বাষ্পবোৰ লাহে লাহে পানীৰ কণিকাৰ ৰূপত গোট বান্ধি সৰু সৰু টোপালৰ আকাৰে ওলমি থাকে৷ পানীৰ টোপালবোৰ এইদৰে ডাঙৰ আৰু গধুৰ হ’লে বৰষুণ হিচাবে তললৈ নামি আহে৷

30. আকাশত বৰফ, শিলাবৃষ্টি বা হিমবৃষ্টিৰ কিদৰে সৃষ্টি হয়?

উঃ দিনৰ ভাগত সূৰ্যৰ তাপত পৃথিৱীপৃষ্ঠৰ পানী গৰম হৈ বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়৷ বিভিন্ন জীৱৰ বিপাকীয় ক্ৰিয়াৰ বাবেও কিছু পৰিমাণে পানীৰ এইদৰে বাষ্পীভৱন ঘটে৷  ফলত বায়ু গৰম হয়৷ গৰম বায়ুৱে জলীয় বাষ্প ধৰি ৰাখে যাদিও গৰম বায়ু প্ৰসাৰণ ঘটি লাহে লাহে ঠাণ্ডা হোৱাৰ ফলত জলীয় বাষ্পবোৰ লাহে লাহে পানীৰ কণিকাৰ ৰূপত গোট বান্ধি সৰু সৰু টোপালৰ আকাৰে ওলমি থাকে৷ পানীৰ টোপালবোৰ এইদৰে ডাঙৰ আৰু গধুৰ হ’লে বৰষুণ হিচাবে তললৈ নামি আহে৷ বায়ুৰ উষ্ণতা যথেষ্ট পৰিমাণে হ্ৰাস পালে একেই প্ৰক্ৰিয়াৰে বৰফ, শিলাবৃষ্টি বা হিমবৃষ্টিৰ সৃষ্টি কৰে৷

31. বতাহে কি সৃষ্টি কৰে?

উঃ বতাহে ডাৱৰ, বৰষুণ, শিলাবৃষ্টি বা হিমবৃষ্টি আদিৰ সৃষ্টি কৰে৷

(উল্লেখনীয় যে NCERT ৰ মূল ইংৰাজী পাঠ্যপুথিত ওপৰৰ প্ৰশ্নটো What causes winds বুলিহে উল্লেখ আছিল৷ অথাৰ্ৎ ইয়াৰ অনুবাদ হ’ব লাগিছিল, - “কিহে বতাহৰ সৃষ্টি কৰে?” বুলিহে৷ ভুল অনুবাদৰ বাবে বিভিন্নজনে এই প্ৰশ্নৰ উত্তৰ বিভিন্ন ধৰণেৰে দিয়া পৰিলক্ষিত হ’ব পাৰে৷)

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 192

35. কোন বায়ুৰ প্ৰভাৱৰ বাবে ভাৰতবৰ্ষৰ বেছিভাগ অংশত প্ৰচুৰ বৰষুণ হয়?

উঃ দক্ষিণ-পশ্চিম বা উত্তৰ-পূব মৌচুমী বায়ুৰ প্ৰভাৱৰ বাবে ভাৰতবৰ্ষৰ বেছিভাগ অংশত প্ৰচুৰ বৰষুণ হয়৷

36. কোন দুবিধ মৌলৰ অক্সাইড বায়ুমণ্ডলৰ অৱক্ষয়ৰ প্ৰধান কাৰক? ইয়াৰ দুটা কুফল লিখা৷

উঃ নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড৷ ইয়াৰ দুটা কুফল হ’ল -

(i) এনে অক্সাইডসমূহ উশাহত দেহৰ ভিতৰলৈ সোমোৱাৰ ফলত শ্বাস-প্ৰশ্বাসত বিঘিনি জন্মে আৰু ইয়াৰ দ্বাৰা এলাৰ্জি, কৰ্কটৰোগ, হাওঁফাওঁৰ ৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে৷

(ii) এনে ধৰণৰ কিছু সংখ্যক অক্সাইড বৰষুণৰ পানীৰ লগত মিহলি হৈ এছিড বৰষুণৰ সৃষ্টি কৰে৷ ইয়াৰ দ্বাৰা ঘৰ-দুৱাৰ, ঐতিহাসিক কীৰ্তিচিহ্ন আদিবোৰৰ ক্ষতি হয়৷

37. এছিড বৰষুণ কি?

উঃ বায়ুমণ্ডলৰ কিছুসংখ্যক অক্সাইড বৰষুণৰ পানীৰ লগত মিহলি হৈ এছিডৰ সৃষ্টি কৰে আৰু সেইদৰেই পৃথিৱীত পৰেহি৷ ইয়াকে এছিড বৰষুণ বুলি কোৱা হয়৷

38. ‘স্ম’গ’ (Smog) কি?

উঃ জীৱাশ্মজাত ইন্ধন যেনে কয়লা, পেট্ৰ’লিয়াম আদিৰ দহনৰ ফলত উৎপন্ন হোৱা নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড, অদাহ্য কাবৰ্ন কণা, হাইড্ৰ’কাবৰ্নজাতীয় পদাৰ্থ আদিৰ দৰে প্ৰদূষকবিলাকৰ পৰিমাণ বায়ুত বৃদ্ধি পালে সন্ধ্যাৰ আকাশ, বিশেষকৈ ঠাণ্ডা বতৰত, ধোঁৱাৰে পূৰ্ণ হৈ থাকে৷ ইয়াকে ‘স্ম’গ’ (Smog) বুলি কোৱা হয়৷

39. বায়ু প্ৰদূষণৰ দৃশ্যমান নিদৰ্শক বুলিলে কি বুজা?

উঃ বায়ুত অদাহ্য কাবৰ্ন কণা, হাইড্ৰ’কাবৰ্নজাতীয় পদাৰ্থ আদিৰ দৰে প্ৰদূষকবিলাকৰ পৰিমাণ বৃদ্ধি পালে সন্ধ্যাৰ আকাশ ধোঁৱাময় হ’ব পাৰে, যাক আমি স্মগ বুলি কওঁ৷ ই বায়ু প্ৰদূষণৰ দৃশ্যমান নিদৰ্শক৷

40. বায়ু প্ৰদূষণ বুলিলে কি বুজা? ইয়াৰ ফলত ফলত মানুহৰ কেনে ক্ষতি হয়?

উঃ জীৱাশ্মজাত ইন্ধন যেনে কয়লা, পেট্ৰ’লিয়াম আদিৰ দহনৰ ফলত বা আন কোনো কাৰণত উৎপন্ন হোৱা নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড, অদাহ্য কাবৰ্ন কণা, হাইড্ৰ’কাবৰ্নজাতীয় পদাৰ্থ আদিৰ দৰে প্ৰদূষকবিলাকৰ পৰিমাণ বায়ুত বৃদ্ধি পোৱাকে বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয়৷

প্ৰদূষিত বায়ু সেৱনৰ ফলত মানুহৰ এলাৰ্জি, কৰ্কট ৰোগ, হাওঁফাওঁৰ ৰোগ আদি হোৱাৰ সম্ভাৱনা বাঢে.৷ বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য অনুসৰি প্ৰদূষিত বায়ু সেৱনৰ ফলত প্ৰতি বছৰে পৃথিৱীত 4.2 মিলিয়ন লোকৰ মৃত্যু ঘটিছে৷

41. বায়ু প্ৰদূষণৰ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা৷

উঃ তলত বায়ু প্ৰদূষণৰ সৃষ্টি কৰা তিনিটা কাৰ্যকলাপ উল্লেখ কৰা হ’ল - 

(i) জীৱাশ্মজাত ইন্ধনৰ অত্যধিক দহন৷ ইয়াৰ ফলত অত্যধিক মাত্ৰাত নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড সৃষ্টি হৈ বায়ুমণ্ডলত মিহলি হয়৷

(ii) ঔদ্যোগিকৰণ৷ ইয়াৰ ফলত বিভিন্ন কল-কাৰাখানাৰ পৰা দিনৌ ওলোৱা বিষাক্ত গেছবোৰে বায়ু প্ৰদূষণৰ পৰিমাণ বৃদ্ধি কৰিছে৷

(iii) নিবৰ্নানিকৰণ৷ মানুহে ঘৰ-দূৱাৰ, কল-কাৰাখানা আদি সাজিবলৈ অত্যধিক মাত্ৰাত গছ-গছনি কটাৰ ফলত প্ৰদূষিত বায়ু শুদ্ধ হোৱাৰ স্বাভাৱিক প্ৰক্ৰিয়া বিঘ্নিত হৈ বায়ু প্ৰদূষণৰ পৰিমাণ বাঢ়েছে৷

 পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 193

42. পৃথিৱীৰ উপৰিভাগত পানীৰ প্ৰধান উৎসসমূহ কি কি?

উঃ পৃথিৱীৰ উপৰিভাগত পানীৰ প্ৰধান উৎসসমূহ হ’ল - সাগৰ, মহাসাগৰ, নদ-নদী, হ্ৰদ, পুখুৰী আদি৷

43. পৃথিৱীৰ উপৰিভাগত লুণীয়া পানীৰ দুটা উৎসৰ নাম লিখা৷

উঃ সাগৰ আৰু মহাসাগৰ৷

44. পৃথিৱীৰ উপৰিভাগৰ তথা নগৰ, মহানগৰ, গাঁও আদিৰ নিৰ্মল তথা অলুণীয়া পানীৰ কেইটামান উৎসৰ নাম লিখা৷

উঃ পৃথিৱীৰ উপৰিভাগৰ তথা নগৰ, মহানগৰ, গাঁও আদিৰ নিৰ্মল বা অলুণীয়া পানীৰ কেইটামান উৎসৰ নাম হ’ল - ভূগৰ্ভ, নদ-নদী, হ্ৰদ, পুখুৰী আদি৷

45. পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়?

উঃ জীৱৰ কাৰণে পানী প্ৰয়োজনীয়¸ কিয়নো,

(i) জীৱৰ সকলো কোষীয় প্ৰক্ৰিয়া পানীৰ দ্বাৰাই সংঘটিত হয়৷

(ii) জীৱদেহত সংঘটিত সকলো জৈৱ-ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে৷

(iii) পানীত দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয়৷

46. স্থলজ প্ৰাণীক নিৰ্মল পানী বা অলুণীয়া পানীৰ প্ৰয়োজন কিয়?

উঃ স্থলজ প্ৰাণীক নিৰ্মল পানী বা অলুণীয়া পানীৰ প্ৰয়োজন৷ কিয়নো, ইহঁতে লুণীয়া পানীত দ্ৰৱীভূত অত্যধিক পৰিমাণৰ লৱণ গ্ৰহণ কৰিবলৈ সমৰ্থ নহয়৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 194

47. জীৱ জীয়াই থাকিবৰ বাবে তিনিটা কাৰকৰ নাম লিখা৷

উঃ জীৱ জীয়াই থাকিবৰ বাবে তিনিটা কাৰক হ’ল ক্ৰমে - মাটি, পানী আৰু বায়ু৷

48. পানী প্ৰদূষণ বুলিলে কি বুজা? পানী প্ৰদূষণৰ কেইটামান কাৰণ লিখাঁ৷

বা কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ’ব পাৰে?                                   

উঃ বিভিন্ন কাৰণত পানী দূষিত হোৱাকে পানী প্ৰদূষণ বুলি কোৱা হয়৷

পানী প্ৰদূষণৰ কেইটামান কাৰণ তলত দিয়া ধৰণৰ -

(i) শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক আদি বৰষুণৰ পানীৰ লগত মিহলি হৈ বা আন কোনো কাৰণত নদী, জলাশয় আদিত পৰিলে তেনে ঠাইৰ পানী দূষিত হয়৷

(ii) চহৰ বা নগৰৰ মানুহৰ ঘৰত সৃষ্টি হোৱা আৱৰ্জনাবোৰ, সৰু ডাঙৰ উদে্যাগ, কল-কাৰাখানা আদিৰ পৰা নিৰ্গত বৰ্জিত পদাৰ্থবোৰ নদী, হ্ৰদ আদিৰ পানীত নিক্ষেপ কৰাৰ ফলত পানী দূষিত হয়৷

(iii) জলাশয়বিলাকৰ উপৰিভাগৰ পানী সূৰ্যৰ তাপত সহজে গৰম হয়৷ কিন্তু, নদী বান্ধৰ পৰা উলিয়াই দিয়া পানীয়ে জলাশয়বিলাক দ কৰাৰ ফলত তেনে ঠাইৰ পানী বেছি সময় শীতল হৈ থাকে আৰু দূষিত হয়৷

49. পানী প্ৰদূষণে জীৱসম্প্ৰদায়ৰ ওপৰত পেলাব পৰা তিনিটা প্ৰভাৱৰ বিষয়ে লিখা৷

উঃ পানী প্ৰদূষণে জীৱসম্প্ৰদায়ৰ ওপৰত পেলাব পৰা তিনিটা প্ৰভাৱ তলত দিয়া ধৰণৰ -

(i) উদে্যাগৰ পৰা নিৰ্গত পাৰাযুক্ত লোণকে ধৰি বিভিন্ন ৰাসায়নিক পদাৰ্থ, কীটনাশক  দ্ৰৱ্য আদিৰ দৰে অবাঞ্চিত পদাৰ্থ মিহলি হৈ পানী বিষাক্ত হয়৷ ই জীৱকুলৰ বাবে ক্ষতিকাৰক৷

(ii) পানী প্ৰদূষণৰ ফলত লাগতিয়াল পদাৰ্থৰ বিনাশ ঘটে৷ পানীত অলাগতিয়াল দ্ৰৱ্য মিহলি হোৱাৰ ফলত অক্সিজেন তথা বিভিন্ন পোষক দ্ৰৱ্যৰ পৰিমাণ কমি যায়, আৰু ইয়াৰ দ্বাৰা জলজ উদ্ভিদ আৰু প্ৰাণীসমূহৰ যথেষ্ট ক্ষতি হয়৷

(iii) পানীৰ প্ৰদূষণৰ বাবে পানীৰ উষ্ণতা বাঢে.৷ উষ্ণতাৰ তাৰতম্যৰ বাবে জীৱসমূহ জীয়াই থকাত ব্যাঘাত জন্মে৷ অধিক উষ্ণতা জলচৰ প্ৰাণীবিলাকৰ কণী আৰু পলুৰ বাবে হানিকাৰক৷

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 195

50. জৈৱ-বৈচিত্ৰ্যতাৰ এটা মূল কাৰকৰ নাম লিখাঁ৷

উঃ মাটিৰ গুণাগুণ জৈৱ-বৈচিত্ৰ্যতাৰ এটা মূল কাৰক৷

51. পৃথিৱীৰ একেবাৰে বাহিৰৰ স্তৰটোক ______ বোলে৷

উঃ ভূ-ত্বক

52. মাটি কাক বোলে?

উঃ পৃথিৱীৰ উপৰিভাগকে মাটি বোলে৷

53. মাটি কিদৰে সৃষ্টি হয়?

উঃ বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কঠিন শিলাস্তৰ ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ মাটিৰ সৃষ্টি হয়৷

54. কি কি কাৰক বা প্ৰক্ৰিয়াৰ দ্বাৰা মাটিৰ সৃষ্টি হয়৷

উঃ তলত উল্লেখ কৰা কাৰক বা প্ৰক্ৰিয়াসমূহৰ দ্বাৰা মাটিৰ সৃষ্টি হয়৷

(i) সূৰ্য - দিনৰ ভাগত সূৰ্যৰ তাপত শিলাস্তৰ প্ৰসাৰণ হয় আৰু ৰাতি ঠাণ্ডা হোৱাৰ ফলত সংকোচন হয়৷ শিলাখণ্ডৰ সকলো অংশ একে সময়তে আৰু সমানে সংকোচন বা প্ৰসাৰণ নহয়৷ ফলত ইয়াত ফাঁক সৃষ্টি হয় আৰু এসময়ত ডাঙৰ শিলাস্তৰ সৰু সৰু খণ্ডত বিভক্ত হয়৷

(ii) পানী - পানীয়ে দুই ধৰণে মাটি গঠনত সহায় কৰে৷ প্ৰথমে সূৰ্যৰ তাপত শিলাস্তৰত ফাঁক মেলিলে তাত পানী সোমাব পাৰে আৰু তেনে পানী গোট মাৰি বৰফ হ’লে ফঁাকবোৰ বহল হয় আৰু পিছত ইয়ো মাটি গঠন হোৱাত অৰিহণা যোগায়৷ দ্বিতীয়তে, বহুদিন ধৰি শিলাস্তৰৰ ওপৰেৰে পানী বৈ থকাৰ ফলত পানীয়ে ডাঙৰ ডাঙৰ শিলবোৰ তললৈ খহাই আনে৷ ইটো-সিটো শিল খুণাডা খাই সৰু সৰু কণিকাত পৰিণত হয় আৰু পানীৰ লগত তললৈ আহি তৰপে তৰপে গোট খাই মাটিলৈ পৰিণত হয়৷

(iii) বতাহ - পানীৰ দৰে বতাহৰ প্ৰভাৱতো ডাঙৰ ডাঙৰ শিল তললৈ খহি আহোঁতে খুন্দা খাই সৰু সৰু টুকুৰাত পৰিণত হয় আৰু এইদৰে বালিৰ কণিকাবোৰ ক’ৰবাত ক্ৰমে ক্ৰমে গোট খাই মাটিলৈ পৰিণত হয়৷

(iv) লাইকেন জাতীয় জীৱ - লাইকেন জাতীয় জীৱবোৰে বিভিন্ন শিলাস্তৰৰ ওপৰত পাউদাৰ জাতীয় পদাৰ্থৰ তৰপ গঠন কৰে আৰু পাছলৈ ই মাটিত পৰিণত হয়৷ ইয়াত মচ্‌ জাতীয় জীৱ গজিবলৈ ধৰে আৰু শিলাখণ্ডক ভাঙি সৰু সৰু ফঁাকৰ সৃষ্টি কৰে৷ লাহে লাহে তাত ডাঙৰ উদ্ভিদ গজে আৰু সেইবোৰৰ শিপাই শিলাস্তৰৰ ফঁাকত সোমাই প্ৰথমে সৰু সৰু শিল আৰু তাৰ পৰাই পিছত মাটি গঠন হোৱাত অৰিহণা যোগায়৷

55. মাটি কি?

উঃ মাটি এবিধ মিশ্ৰ পদাৰ্থ৷ ইয়াত শিলৰ সৰু সৰু কণিকাৰ লগতে মৃত জীৱৰ পচন হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ উপাদানবোৰ মিহলি হৈ থাকে৷

56. হিউমাচ কি?

উঃ মৃত জীৱৰ পচন দ্ৰৱ্যক হিউমাচ বুলি কোৱা হয়৷

57. ______ ৰ ওপৰত ভিত্তি কৰি মাটিৰ প্ৰকাৰ আৰু ______ ৰ ওপৰত ভিত্তি কৰি মাটিৰ গুণাগুণ নিৰূপণ কৰা হয়৷

উঃ মাটিৰ কণিকাবোৰৰ আকাৰ; হিউমাছৰ পৰিমাণ৷

58. মাটি গঠনৰ মুখ্য কাৰক কি?

উঃ হিউমাচ

পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 196

59. মাটিৰ বহিঃস্তৰ (top soil) বুলিলে কি বুজা?

উঃ মাটিৰ একেবাৰে ওপৰৰ স্তৰ, য’ত হিউমাচ আৰু জীৱসমূহ থাকে, তাকে মাটিৰ বহিঃস্তৰ (top soil) বুলি কোৱা হয়৷

60. মাটি প্ৰদূষণ বা ভূমি প্ৰদূষণ বুলিলে কি বুজা?

উঃ কৃষি উৎপাদনৰ বাবে মাটিত  দীৰ্ঘ দিন ধৰি প্ৰচুৰ পৰিমাণে ৰাসায়নিক সাৰ, কীটনাশ দ্ৰৱ্য আদি যোগ কৰাৰ ফলত তাত থকা বিভিন্ন অণুজীৱসমূহকে ধৰি কেঁচুৰ দৰে উপকাৰী জীৱবোৰ নোহোৱা হয়৷ যিহেতু ইহঁতে মাটিত থকা বিভিন্ন মৃত জৈৱিক পদাৰ্থৰ পচন ঘটাই হিউমাচ সৃষ্টি কৰাত অৰিহণা যোগায়, এইবোৰৰ অনুপস্থিতিত মাটিৰ  স্বাভাৱিক উবৰ্ৰতাৰ নাশ হয়৷ মানুহৰ বিভিন্ন কাৰ্যকলাপ বা আন কোনো প্ৰাকৃতিক কাৰণত এনে হোৱাকে মাটি প্ৰদূষণ বা ভূমি প্ৰদূষণ বুলি কোৱা হয়৷

61. মাটি ক্ষয়ীভৱনৰ এটা কাৰণ লিখাঁ৷

উঃ মাটি ক্ষয়ীভৱনৰ এটা কাৰণ হ’শ্ৰ বনাঞ্চল ধ্বংস কৰা৷

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী