Posts

সমগণীয় শ্ৰেণী কাক বোলে? উদাহৰণ সহ ব্যাখ্যা কৰাঁ৷

Image
প্ৰশ্নঃ সমগণীয় শ্ৰেণীৰ চাৰিটা বৈশিষ্ট্য লিখাঁ৷ প্ৰশ্নঃ কাৰ্যকৰী মূলক বুলিলে কি বুজা?              Test Paper. 14, 15, 16, 17, 18 #বিজ্ঞান বিবিধ প্ৰশ্নোত্তৰ। #দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ।

Assamese to Sanskrit Translation, (Part - 3) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

  Part -2 1. প্ৰণৱৰ লগত মানস বিদ্যালয়লৈ গৈছে। उत्तरम् - प्रणवेण सह मानसः विद्यालयं गच्छति। ইংগিত -   *  কাৰোবাৰ "লগত"  বুলি বুজাবলৈ সংস্কৃততত  "सह"  পদটো ব্যৱহাৰ কৰা হয়।  "सह योगे तृतीया"  (অৰ্থ - सह থকা পদত তৃতীয়া বিভক্তি হ'ব) সূত্ৰৰ দ্বাৰা  "প্ৰণৱ"  শব্দৰ তৃতীয়া একবচনৰ ৰূপ  "प्रणवेन"  হ'ব। ( প্ৰণৱৰ লগত = प्रणवेन सह ) । * ইয়াত  যোৱা কামটোৰ মূল কৰ্তা মানস। ই প্ৰথমা একবচনৰ হোৱা বাবে ৰূপটো मानसः হ'ব। * " मानसः"  পদটো প্ৰথমা একবচনৰ হোৱা বাবে যোৱা ক্ৰিয়াটোৰ ৰূপ প্ৰথম পুৰুষৰ একবচনৰ "गच्छति" হ'ব। * "বিদ্যালয়" পদটো ইয়াত কৰ্মপদ। ই দ্বিতীয়া একবচনৰ হোৱা বাবে ইয়াৰ ৰূপ  " विद्यालयम्"  হ'ব। * গতিকে " প্ৰণৱৰ লগত মানস বিদ্যালয়লৈ গৈছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ " प्रणवेण सह मानसः विद्यालयं गच्छति " । 2.  শিক্ষকৰ লগত ছাত্ৰ দুজন বিদ্যালয়লৈ গৈছে। उत्तरम् - शिक्षकेन सह छात्रौ विद्यालयं गच्छतः। ইংগিত -   *  কাৰোবাৰ  "লগত"  বুলি বুজাবলৈ সংস্কৃততত  "...

Assamese to Sanskrit Translation, (Part - 2) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

Part -2 1. ল'ৰাজনে শিক্ষজনক মাতিছে। उत्तरम् - बालकः शिक्षकम् आह्वयति। ইংগিত -   * "ল'ৰাজনে" পদটো প্ৰথমা একবচনৰ কৰ্তাপদ  "बालकः" । গতিকে ক্ৰিয়াপদটো প্ৰথম পুৰুষৰ একবচনৰ  "आह्वयति"  হ'ব।  * "শিক্ষকজনক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত একবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া একবচনৰ ৰূপ  "शिक्षकम्" পোৱা যাব। * গতিকে "ল'ৰাজনে শিক্ষজনক মাতিছে" বাক্যটোৰ শুদ্ধ সংস্কৃত অনুবাদ হ'বগৈ "बालकः शिक्षकम् आह्वयति" । 2. ল'ৰাজনে শিক্ষকদুজনক মাতিছে। उत्तरम् - बालकः शिक्षकौ आह्वयति। ইংগিত -   * ইয়াতো "ল'ৰাজনে" পদটো প্ৰথমা একবচনৰ কৰ্তাপদ  "बालकः" ।  গতিকে  ক্ৰিয়াপদটোও প্ৰথমা একবচনৰ  "आह्वयति"  হ'ব। * ইয়াত "শিক্ষকদুজনক" এই পদটো দ্বিতীয়া (ক) বিভক্তিযুক্ত আৰু ই সংস্কৃতত দ্বিবচনৰ কৰ্মপদ। গতিকে "बालक" শব্দৰ দৰে "शिक्षक" শব্দৰ ৰূপবোৰ মনত পেলালে দ্বিতীয়া দ্বিবচনৰ ৰূপ  "श...

Assamese to Sanskrit Translation, (Part - 1) অসমীয়াৰ পৰা সংস্কৃতলৈ অনুবাদ (Spoken Sanskrit)

Part - 1 1. ল'ৰাজনে মাতিছে। उत्तरम् - बालकः आह्वयति। ইংগিত -   * "ল'ৰাজনে" পদটোত "ল'ৰাজন" শব্দৰ লগত "এ" বিভক্তি যোগ হৈছে (ল'ৰাজন + এ = ল'ৰাজনে)। * "ই" আৰু "এ" প্ৰথমা বিভক্তিৰ চিন ( প্ৰথমা - ই, এ)। * "ল'ৰাজন" একবচনৰ শব্দ। * গতিকে "ল'ৰাজনে" বুজাবলৈ "बालक" শব্দৰ প্ৰথমা একবচনৰ "बालकः" ৰূপটোৰ ব্যৱহাৰ কৰা হৈছে। * "बालकः" প্ৰথমা একবচনৰ হোৱা বাবে  ति - तः - अन्तिৰ পৰা প্ৰথমা  একবচনৰ  "ति"যুক্ত ক্ৰিয়াপদ "आह्वयति"ৰ ব্যৱহাৰ কৰা হৈছে। 2.  ল'ৰাদুজনে মাতিছে। उत्तरम्  - बालकौ आह्वयतः। ইংগিত -   * "ল'ৰাদুজন" দ্বিবচনৰ শব্দ। * গতিকে "ল'ৰাদুজনে" বুজাবলৈ "बालक" শব্দৰ দ্বিবচনৰ "बालकौ" ৰূপটো ব্যৱহাৰ কৰা হৈছে। * "बालकौ" প্ৰথমা দ্বিবচনৰ হোৱা বাবে  ति - तः - अन्तिৰ পৰা দ্বিবচনৰ  "तः"যুক্ত ক্ৰিয়াপদ "आह्वयतः"ৰ ব্যৱহাৰ কৰা হৈছে। 3.  ল'ৰাসকলে মাতিছে। বা ল'ৰাবোৰে মাতিছে। उत्तरम्  ...

বতৰ, জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন, বিজ্ঞান, সপ্তম শ্ৰেণী।

1. বতৰ কাক বোলে? উত্তৰ - কোনাে এক নির্দিষ্ট অঞ্চলৰ কম সময়ৰ ভিতৰৰ বায়ুমণ্ডলৰ অৱস্থাক (উষ্ণতা,আদ্রর্তা, বৰষুণৰ পৰিমাণ ইত্যাদি) বতৰ বােলে। পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 66 2. বতৰৰ উপাদানবোৰ কি কি? উত্তৰ - বতৰৰ উপাদানবোৰ হ'ল হ'ল - উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি। 3. বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ - বৃষ্টিমান তন্ত্ৰ (Rain gauge)। পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 67 4. উচ্চতম আৰু নিম্নতম তাপমান যন্ত্ৰ বা তাপমেতা কি? উত্তৰ - বতৰ বিৱৰণীৰ বাবে দিনটোৰ নিম্নতম আৰু উচ্চতম উষ্ণতা লিপিবদ্ধ কৰিবৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰবিধকে উচ্চতম আৰু নিম্নতম তাপমান যন্ত্ৰ বা তাপমেতা বোলে। 4. দিনটোৰ উষ্ণতা কেতিয়া নিম্নতম আৰু কেতিয়া উচ্চতম হয়? উত্তৰ - দিনটোৰ উষ্ণতা পুৱাৰ ভাগত নিম্নতম আৰু পিছবেলা উচ্চতম হয়। 5. শক্তিৰ প্ৰাথমিক উৎসটো কি? উত্তৰ - সূৰ্য পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 6 6. জলবায়ু কাক বোলে? উত্তৰ - এখন ঠাইৰ দীৰ্ঘ সময়ৰ, ধৰা হওক 25 বছৰৰ গড় বতৰৰ নমুনাক সেই ঠাইৰ জলবায়ু বোলে। 7. অভিযোজন কাক বোলে? উত্তৰ - জীৱবোৰে চাৰিওফালৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লোৱা কৌশলকে অভিযোজন বোলে। 8. 

বিভিন্ন পৰিৱেশৰ প্ৰাণী, পঞ্চম শ্ৰেণী

বিভিন্ন পৰিৱেশৰ প্ৰাণী সপ্তম অধ্যায়, পঞ্চম শ্ৰেণী পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 71 প্ৰ.1 পৰিৱেশ কাক বোলে? উঃ উদ্ভিদ আৰু প্ৰাণীৰ থকা ঠাই আৰু ইহঁতৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বোলে। প্ৰ.2 মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য _______ থাকে। উঃ  কাঁইট প্ৰ.3 মৰুভূমিৰ এবিধ প্ৰাণীৰ উদাহৰণ দিয়াঁ। উ: উট প্ৰ.4 মৰুভূমিৰ প্ৰাণী উটৰ পিঠিত থকা কুঁজটোৱে ইয়াক কেনেদৰে সহায় কৰে? উঃ  মৰুভূমিৰ প্ৰাণী উটৰ পিঠিৰ কুঁজটোত ইহঁতে বহু পৰিমাণে চৰ্বী আৰু পানী জমা কৰি ৰাখিব পাৰে। ফলত মৰুভূমিত বহুদিনলৈ খাদ্য আৰু পানীৰ অভাৱ হলেও ইহঁতে শৰীৰৰত জমা হৈ থকা চৰ্বী আৰু পানীৰে বহুদিনলৈ চলিব পাৰে। পাঠ্যপুথিৰ পৃষ্ঠাসংখ্যা - 72 প্ৰ.4 উটৰ খুৰাবোৰ ফঁটা হোৱাৰ এটাৰ সুবিধা লিখা। উঃ  উটৰ খুড়াবোৰ ফঁটা হোৱা বাবে ইহঁতে গৰম বালিত খোজ কাঢ়িবলৈ সুবিধা হয়। ইহঁতে খোজ কাঢ়োঁতে খুড়াৰ ফাঁটেৰে বালিবোৰ সহজতে ওলাই যায়। প্ৰ.5 মৰুভূমিৰ প্ৰাণীয়ে গৰম কিদৰে সহ্য কৰিব পাৰে লিখাঁ। উঃ  মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল নোমাল আৰু ডাঠ হোৱা বাবে বাহিৰৰ গৰম সহজতে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে আৰু শৰীৰৰ পৰা গৰমত পানীও সহজতে বাহিৰলৈ ওলাব নোৱাৰে।  প্ৰ.6 অভিযোজ...

ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন, সপ্তম শ্ৰেণী

1.  ৰাসায়নিক পৰিৱৰ্তন কাক বোলে ? ৰাসায়নিক পৰিৱৰ্তনৰ দুটা উদাহৰণ দিয়াঁ। উত্তৰ - কোনো পদাৰ্থৰ যি পৰিৱৰ্তনত পদাৰ্থৰ গুণধৰ্মৰ পৰিৱৰ্তন ঘটে আৰু নতুন পদাৰ্থৰ সৃষ্টি হয় , তেনে পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলে।       ৰাসায়নিক পৰিৱৰ্তনৰ দুটা উদাহৰণ হ ' ল -           ( ক) লোত মামৰে ধৰা। আৰু             ( খ) কাৰ্বন ডাই-অক্সাইড গেছে চূণ-পানী ঘোলা কৰা। 2.   তলত দিয়াবোৰ ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰা — (ক) মমবাতি জ্বলোৱা   →   ৰাসায়নিক পৰিবৰ্তন। (খ) কাঁহৰ বাচনত সোউজীয়া ৰং ধৰা   →   ৰাসায়নিক পৰিবৰ্তন। (গ) বৰফ গলি যোৱাটো   →   ভৌতিক পৰিবৰ্তন। (ঘ) চূণপানী ঘোলা হোৱা   →   ৰাসায়নিক পৰিবৰ্তন। (ঙ) আহাৰ হজম হোৱা   →   ৰাসায়নিক পৰিবৰ্তন। 3. ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰিব পৰা পাঁচটা‌ লক্ষণ লিখাঁ। উত্তৰ - ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰিব পৰা পাঁচটা‌ লক্ষণ হ ' ল - ‌‌  ( ক) তাপ , পোহৰ বা আন যিকোনো বিকিৰণ নিৰ্গত বা শোষিত হ ' ব পাৰে।  (...