বতৰ, জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন, বিজ্ঞান, সপ্তম শ্ৰেণী।

1. বতৰ কাক বোলে?
উত্তৰ - কোনাে এক নির্দিষ্ট অঞ্চলৰ কম সময়ৰ ভিতৰৰ বায়ুমণ্ডলৰ অৱস্থাক (উষ্ণতা,আদ্রর্তা, বৰষুণৰ পৰিমাণ ইত্যাদি) বতৰ বােলে।
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 66
2. বতৰৰ উপাদানবোৰ কি কি?
উত্তৰ - বতৰৰ উপাদানবোৰ হ'ল হ'ল - উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি।
3. বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি?
উত্তৰ - বৃষ্টিমান তন্ত্ৰ (Rain gauge)।
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 67
4. উচ্চতম আৰু নিম্নতম তাপমান যন্ত্ৰ বা তাপমেতা কি?
উত্তৰ - বতৰ বিৱৰণীৰ বাবে দিনটোৰ নিম্নতম আৰু উচ্চতম উষ্ণতা লিপিবদ্ধ কৰিবৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰবিধকে উচ্চতম আৰু নিম্নতম তাপমান যন্ত্ৰ বা তাপমেতা বোলে।
4. দিনটোৰ উষ্ণতা কেতিয়া নিম্নতম আৰু কেতিয়া উচ্চতম হয়?
উত্তৰ - দিনটোৰ উষ্ণতা পুৱাৰ ভাগত নিম্নতম আৰু পিছবেলা উচ্চতম হয়।
5. শক্তিৰ প্ৰাথমিক উৎসটো কি?
উত্তৰ - সূৰ্য
পাঠ্যপুথিৰ পৃষ্ঠা সংখ্যা - 6
6. জলবায়ু কাক বোলে?
উত্তৰ - এখন ঠাইৰ দীৰ্ঘ সময়ৰ, ধৰা হওক 25 বছৰৰ গড় বতৰৰ নমুনাক সেই ঠাইৰ জলবায়ু বোলে।
7. অভিযোজন কাক বোলে?
উত্তৰ - জীৱবোৰে চাৰিওফালৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লোৱা কৌশলকে অভিযোজন বোলে।
8. 

Comments

  1. https://youtu.be/UsVcVIqvASA

    ReplyDelete
  2. গাড়ীৰ এখনৰ দ্ৰুতি জোখাৰ যন্ত্ৰটো নাম কি

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী