ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন, সপ্তম শ্ৰেণী

1. ৰাসায়নিক পৰিৱৰ্তন কাক বোলে? ৰাসায়নিক পৰিৱৰ্তনৰ দুটা উদাহৰণ দিয়াঁ।

উত্তৰ - কোনো পদাৰ্থৰ যি পৰিৱৰ্তনত পদাৰ্থৰ গুণধৰ্মৰ পৰিৱৰ্তন ঘটে আৰু নতুন পদাৰ্থৰ সৃষ্টি হয়, তেনে পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলে।

     ৰাসায়নিক পৰিৱৰ্তনৰ দুটা উদাহৰণ হ'ল -

          (ক) লোত মামৰে ধৰা। আৰু 

          (খ) কাৰ্বন ডাই-অক্সাইড গেছে চূণ-পানী ঘোলা কৰা।

2. তলত দিয়াবোৰ ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰা

(ক) মমবাতি জ্বলোৱা  ৰাসায়নিক পৰিবৰ্তন।

(খ) কাঁহৰ বাচনত সোউজীয়া ৰং ধৰা  ৰাসায়নিক পৰিবৰ্তন।

(গ) বৰফ গলি যোৱাটো  ভৌতিক পৰিবৰ্তন।

(ঘ) চূণপানী ঘোলা হোৱা  ৰাসায়নিক পৰিবৰ্তন।

(ঙ) আহাৰ হজম হোৱা  ৰাসায়নিক পৰিবৰ্তন।

3. ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰিব পৰা পাঁচটা‌ লক্ষণ লিখাঁ।

উত্তৰ - ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰিব পৰা পাঁচটা‌ লক্ষণ হ'ল - ‌‌

 (ক) তাপ, পোহৰ বা আন যিকোনো বিকিৰণ নিৰ্গত বা শোষিত হ'ব পাৰে।

 (খ) শব্দ উৎপন্ন হ'ব পাৰে।

 (গ) গোন্ধৰ পৰিৱৰ্তন হ'ব পাৰে বা নতুন গোন্ধৰ সৃষ্টি হ'ব পাৰে।

 (ঘ) ৰঙৰ পৰিবৰ্তন হ'ব পাৰে।

 (ঙ) গেছ উৎপন্ন হ'ব পাৰে।

4. লোত মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ তিনিটা উপায় লিখাঁ।

উত্তৰ - লোত মামৰে ধৰা প্ৰতিৰোধ কৰিবলৈ তিনিটা উপায় হ'ল - ৰং কৰা, গ্ৰীজ সনা আৰু দস্তালেপন ‌কৰা।

5. ভৌতিক পৰিবৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ দুটা পাৰ্থক্য লিখাঁ।

উত্তৰ - ভৌতিক পৰিবৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ দুটা পাৰ্থক্য হ'ল -

   (ক) ভৌতিক পৰিবৰ্তনত পদাৰ্থৰ গুণধৰ্ম একে থাকে। কিন্তু ৰাসায়নিক পৰিৱৰ্তনত পদাৰ্থৰ গুণধৰ্মৰ ‌পৰিৱৰ্তন হয়।

   (খ) ভৌতিক পৰিবৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি নহয়। কিন্তু, ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়।

6. তলত দিয়াবােৰ ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰা

(ক) মমবাতি জ্বলােৱা

(খ) কাঁহৰ বাচনত সেউজীয়া ৰং ধৰা।

(গ) বৰফ গলি যােৱাটো

(ঘ) চূণপানী ঘােলা হােৱা

(ঙ) আহাৰ হজম হােৱা ।

উত্তৰ - 

(ক) মমবাতি জ্বলােৱা - ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন।

(খ) কাঁহৰ বাচনত সেউজীয়া ৰং ধৰা - ৰাসায়নিক পৰিৱৰ্তন।

(গ) বৰফ গলি যােৱাটো - ভৌতিক পৰিৱৰ্তন।

(ঘ) চূণপানী ঘােলা হােৱা - ৰাসায়নিক পৰিৱৰ্তন।

(ঙ) আহাৰ হজম হােৱা - ৰাসায়নিক পৰিৱৰ্তন।

7. সঁচা নে মিছা উল্লেখ কৰা

(ক) মামৰ এবিধ মৌলিক পদার্থ।

উত্তৰ - মিছা

(খ) তুতিয়া পানীত দ্ৰৱীভূত কৰাটো এটা ৰাসায়নিক পৰিৱর্তন।

উত্তৰ - মিছা।

Note: তুতিয়াৰ ৰাসায়নিক নাম কপাৰ ছালফেট। ৰাসায়নিক সংকেত CuSO4। ইয়াৰ লগত পানী মিহলালে কোনো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় বা কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। সেয়েহে ই ভৌতিক পৰিৱৰ্তনৰহে উদাহৰণ।

(গ) গছৰ গুটিৰ পৰা পুলি গজাটো এটা ভৌতিক পৰিৱৰ্তন।

উত্তৰ - মিছা

Noteগছৰ গুটিৰ পৰা পুলি গজাটো এটা ৰাসায়নিক পৰিৱৰ্তনহে কিয়নো, এই প্ৰক্ৰিয়াটো ঘূৰি গৈ বীজটো ঘূৰাই পাব পৰা নাযায়। বীজত থকা বিভিন্ন পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি নতুন পদাৰ্থৰ সৃষ্টি হোৱা বাবে এনে হয়।

(ঘ) ব্লিচিং পাউডাৰৰ পৰা ক্ল'ৰিন গেছ ওলােৱাটো এটা ৰাসায়নিক পৰিৱর্তন।

উত্তৰ - সঁচা

(ঙ) ফটকা ফুটোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।

উত্তৰ - সঁচা

8. স্ফটিকীকৰণ কি? কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰ ছালফেটৰ স্ফটিক কেনেদৰে প্ৰস্তুত কৰিবা বর্ণনা কৰা।

উত্তৰ - যি প্ৰক্ৰিয়াৰে কোনো দ্ৰৱৰ গোটা দ্ৰাব্য পদাৰ্থক স্ফটিকলৈ পৰিণত কৰিব পাৰি, তাকে স্ফটিকীকৰণ বোলে।

     কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰ ছালফেটৰ স্ফটিক স্ফটিকীকৰণ পদ্ধতিৰে প্ৰস্তুত  কৰিব পাৰি।

9. দস্তালেপন কাক বােলে? ইয়াৰ ব্যৱহাৰ কি?

উত্তৰ - লোৰ সঁজুলিবোৰৰ ওপৰত যিংক (Zn) বা দস্তাৰ প্ৰলেপ দিয়াকে দস্তালেপন বোলে।

     ইয়াৰ এটা ব্যৱহাৰ হ'ল লোক মামৰে ধৰাৰ পৰা ৰক্ষা কৰা। 

10. মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লােৰ সামগ্রী বেছি সােনকালে মামৰে ধৰে কিয়?

ব্যাখ্যা কৰাঁ।

উত্তৰ - মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত জলীয় বাষ্্প পৰিমাণ বেছিকৈ থাকে, ইয়াৰ উপস্্থিতিত ....

11. একে সময়তে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটা পৰিঘটনা এটাৰ উদাহৰণ দিয়াঁ।

উত্তৰ - খাদ্য হজম হোৱা।

12. কেঁচা আম টেঙা কিন্তু পকিলে মিঠা হয়। এয়া ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱর্তন।

উত্তৰ - ৰাসায়নিক পৰিৱৰ্তন

Prepared and Published by

Satyajeet Saikia, Beltola, Guwahati, Assam

What's up - 9085566779

Comments

  1. পদাৰ্থ পৰিৱৰ্তন কেই প্ৰকাৰৰ আৰু কি কি ?

    ReplyDelete

Post a Comment

Thanks for your response.

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী