পাই নেটৱৰ্ক(Pi Network)আচলতে কি?
সাম্প্ৰতিক সময়ত বহুলভাৱে চৰ্চিত পাই নেটৱৰ্ক(Pi Network)আচলতে কি, ই কেনেদৰে কাম কৰে আৰু ই কিয় ইমান আশাব্যঞ্জক ? **************************************** পাই নেটৱৰ্ক কি? পাই নেটৱৰ্ক প্ৰকৃততে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট সন্মানীয় নিকোলাছ ককালিছৰ দ্বাৰা আৱিষ্কৃত এটা নতুন ক্ৰিপ্টোকাৰেন্সী। এই বৈপ্লৱিক নতুন ক্ৰিপ্টোকাৰেন্সী পৃথিৱীত বহুত জনপ্ৰিয় হৈ পৰিছে আৰু ই আপোনাকো ধনী কৰিব পাৰে! এইটো এটা দীৰ্ঘম্যাদী প্ৰকল্প যাৰ সফলতা ইয়াৰ গ্ৰাহকসকলৰ মিলিত অৱদানৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰিপ্টোকাৰেন্সীৰ দৰে, ই হৈছে ডিজিটেল ধনৰ এক নতুন প্ৰকাৰ যাক চৰকাৰ বা বেংকৰ সলনি এক নিৰ্দিষ্ট গোটৰ দ্বাৰা নিয়ন্ত্ৰণ, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষিত কৰা হয়। সাধাৰণতে বিটকইন, ইথেৰিয়াম আদি crypto বোৰ মাইনিং বা উপাৰ্জন কৰাটো অতি টান কাম, বহুত প্ৰযুক্তিগত জ্ঞান লাগে, এইবোৰ crypto ৱালেটত সংৰক্ষণ কৰা , crypto এক্সচেঞ্জতত বিক্ৰী কৰা আদি সহজ নাছিল, যাৰ বাবে এই ক্ৰিপ্টোকাৰেন্সীবোৰ সাধাৰণ মানুহৰ পৰা বহুযোজন দূৰত আছিল। সেয়ে এই প্ৰথম প্ৰজন্মৰ ক্ৰিপ্টোকাৰেন্সীত থকা অসুবিধাসমূহ দূৰ কৰিবলৈ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ...